< 2 Tarihi 34 >

1 Yosiya yana da shekara goma sha takwas sa’ad da ya zama sarki, ya kuma yi mulki a Urushalima shekara talatin da ɗaya.
যোচিয়াই ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল আঠ বছৰ; তেওঁ যিৰূচালেমত একত্ৰিশ বছৰ কাল ৰাজত্ত্ব কৰিছিল।
2 Ya yi abin da yake daidai a gaban Ubangiji ya kuma yi tafiya a hanyoyin kakansa Dawuda, ba tare da juye dama ko hagu ba.
যিহোৱাৰ দৃষ্টিত যি ন্যায়, তেওঁ তাকে কৰিলে; তেওঁ নিজ ওপৰ পিতৃ দায়ুদৰ পথত চলিলে, তাৰ পৰা সোঁ কি বাওঁফালে নুঘুৰিলে।
3 A shekara ta takwas ta mulkinsa, yayinda yake matashi, sai ya fara neman Allah na kakansa Dawuda. A shekara ta goma sha biyunsa ya fara tsabtacce Yahuda da Urushalima daga masujadan kan tudu, ginshiƙan Ashera, sassaƙaƙƙun gumaka da kuma siffofin da aka yi zubi.
কিয়নো তেওঁৰ ৰাজত্ত্বৰ অষ্টম বছৰত তেওঁ অলপ বয়সীয়া হৈয়ো, তেওঁৰ ওপৰ পিতৃ দায়ুদৰ ঈশ্বৰক বিচাৰিবলৈ ধৰিলে৷ দ্বাদশ বছৰত, ওখ ঠাইবোৰ, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ গুচাই যিহূদা আৰু যিৰূচালেম শুচি কৰিবলৈ ধৰিলে।
4 A ƙarƙashin umarninsa aka rurrushe bagadan Ba’al, ya kuma tumɓuke bagadan ƙona turare waɗanda suke a bisansu, ya farfashe ginshiƙan Ashera da kuma sassaƙaƙƙun siffofi. Ya ragargaza waɗannan kucu-kucu, ya barbaɗa su a kan kaburburan waɗanda suka miƙa musu hadayu.
আৰু তেওঁৰ সাক্ষাতে লোকসকলে বাল দেৱতাৰ যজ্ঞবেদিবোৰ ভাঙি পেলালে; সেইবোৰতকৈ ওখ ঠাইত স্থাপন কৰা সূৰ্য্য-প্ৰতিমাবোৰকো তেওঁ কাটি পেলালে; আচেৰা মুৰ্ত্তিবোৰ আৰু কটা আৰু সাঁচত ঢলা প্ৰতিমাবোৰ ভাঙি গুড়ি কৰি, সেইবোৰৰ উদ্দেশ্যে বলিদান কৰাসকলৰ মৈদামৰ ওপৰত সেই ধুলিবোৰ ছটিয়াই পেলালে।
5 Ya ƙone ƙasusuwan firistocin gumaka a kan bagaden da a dā suke miƙa hadayunsu, ta haka ya tsabtacce Yahuda da Urushalima.
আৰু তেওঁ পুৰোহিতসকলৰ হাড়বোৰ তেওঁলোকৰ যজ্ঞবেদিৰ ওপৰত দগ্ধ কৰিলে আৰু যিহূদা আৰু যিৰূচালেম শুচি কৰিলে।
6 Ya yi haka cikin garuruwan Manasse, Efraim da Simeyon, har zuwa Naftali, da kuma cikin kangwayen kewayensu,
আৰু তেওঁ মনচিৰ, ইফ্ৰয়িমৰ আৰু চিমিয়োনৰ নগৰে নগৰে নপ্তালীলৈকে সকলো ফালে তেওঁলোকৰ উচ্ছন্ন হোৱা ঠাইত সেইদৰে কৰিলে।
7 ya farfashe bagadai da ginshiƙan Ashera; ya niƙa gumaka suka zama gari, ya kuma yayyanka dukan bagadan turare kucu-kucu ko’ina a Isra’ila. Sa’an nan ya koma Urushalima.
তেওঁ যজ্ঞবেদিবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ আৰু কটা-প্ৰতিমাবোৰ গুড়ি কৰিলে আৰু ইস্ৰায়েল দেশৰ সকলো ঠাইৰ আটাইবোৰ সূৰ্য্য-প্ৰতিমাবোৰ কাটি পেলালে৷ তাৰ পাছত যিৰূচালেমলৈ উলটি আহিল।
8 A shekara ta goma sha takwas ta mulkin Yosiya, ya tsarkake ƙasar da haikalin, ya aiki Shafan ɗan Azaliya da Ma’asehiya mai mulkin birni, tare da Yowa ɗan Yowahaz, marubuci, su gyara haikalin Ubangiji Allah.
তেওঁৰ ৰাজত্বৰ অষ্টাদশ বছৰত, দেশ আৰু গৃহ শুচি কৰাৰ পাছত, তেওঁ নিজ ঈশ্বৰ যিহোৱাৰ গৃহ মেৰামত কৰিবৰ বাবে অচলিয়াৰ পুত্ৰ চাফনক, নগৰৰ অধ্যক্ষ মাচেয়াক আৰু যোৱাহজৰ পুত্ৰ যোৱাহ ইতিহাস লিখকক পঠিয়ালে।
9 Suka tafi wurin Hilkiya babban firist suka ba shi kuɗin da aka kawo cikin haikalin Allah, wanda Lawiyawa masu tsaron ƙofofi sun tattara daga mutanen Manasse, Efraim da dukan raguwar Isra’ila da kuma daga dukan mutanen Yahuda da Benyamin da kuma mazaunan Urushalima.
এই হেতুকে তেওঁলোকে প্ৰধান পুৰোহিত হিল্কিয়াৰ ওচৰলৈ গ’ল আৰু ঈশ্বৰৰ গৃহলৈ অনা ৰূপ অৰ্থাৎ লেবীয়া দুৱৰীসকলে মনচি ইফ্ৰয়িম আদি ইস্ৰায়েলৰ অৱশিষ্ট লোকৰ পৰা, গোটেই যিহূদা আৰু বিন্যামীনৰ পৰা আৰু যিৰূচালেম নিবাসীসকলৰ পৰাও গোটোৱা সকলো ৰূপ তেওঁলোকে তেওঁলোকক শোধাই দিলে।
10 Sa’an nan suka danƙa su ga mutanen da aka naɗa su lura da aiki a kan haikalin Ubangiji. Waɗannan mutane ne suke biyan ma’aikatan da suka gyara suka kuma mai da haikalin.
১০তেওঁলোকে যিহোৱাৰ গৃহত নিযুক্ত থকা কাৰ্য চলাওঁতা সকলৰ হাতত তাক দিলে; পাছত কাৰ্য চলাওঁতা সকলে অৰ্থাৎ যিহোৱাৰ গৃহত কাম কৰাওঁতা লোকসকলে সেই গৃহ মেৰামত কৰিবৰ আৰু সুসজ্জিত কৰিবৰ বাবে তাক দিলে,
11 Suka kuma ba da kuɗi ga kafintoci da magina don su sayi sassaƙaƙƙun duwatsu, da katakai don yin tsaiko da tankar ginin da sarakunan Yahuda suka bari yă fāɗi ya zama kango.
১১অৰ্থাৎ মিস্ত্ৰি আদি ঘৰ সাজোঁতাসকলক কটা-শিল আৰু বৰগাৰ কাঠ কিনিবলৈ আৰু যিহূদাৰ ৰজাসকলে নষ্ট কৰা ঘৰ বোৰৰ বাবে চতি বনাবলৈ সেই ধন দিলে।
12 Mutanen fa suka yi aiki da aminci. Shugabanninsu, su ne Yahat da Obadiya, Lawiyawa zuriyar Merari da Zakariya da Meshullam, zuriyar Kohat. Dukan Lawiyawa waɗanda suke gwanaye a kayan kiɗi,
১২আৰু সেই লোকসকলে বিশ্বাসীৰূপে কাৰ্য কৰিলে৷ আৰু মৰাৰীৰ সন্তান সকলৰ মাজৰ যহৎ আৰু ওবদিয়া এই দুজন লেবীয়া মানুহ তেওঁলোকৰ অধ্যক্ষ আছিল; আৰু কহাতৰ সন্তান সকলৰ মাজৰ জখৰিয়া, মচুল্লম আৰু বাদ্য বজোৱাত নিপুণ আন আন লেবীয়াসকল কাম চলাবৰ বাবে নিযুক্ত হৈছিল।
13 sun lura da ma’aikata, suka kuma lura da dukan masu aiki daga aiki zuwa aiki. Waɗansu Lawiyawan su ne marubuta, magatakarda da kuma masu tsaron ƙofofi.
১৩তেওঁলোক ভাৰ বওঁতাসকলৰ অধ্যক্ষ আছিল আৰু সকলো বিধৰ কাম কৰোঁতা সকলক চলাইছিল; আৰু লেবীয়া সকলৰ মাজত কোনো কোনো লিখক, কোনো কোনো শাসনকৰ্ত্তা আৰু কোনো কোনো দুৱৰী আছিল।
14 Yayinda suke fitar da kuɗin da aka kai cikin haikalin Ubangiji, sai Hilkiya firist ya sami Littafin Dokar Ubangiji da aka bayar ta wurin Musa.
১৪যিহোৱাৰ গৃহলৈ অনা ৰূপ তেওঁলোকে উলিওৱা সময়ত, হিল্কিয়া পুৰোহিতে মোচিয়ে দিয়া যিহোৱাৰ ব্যৱস্থা পুস্তকখন পালে।
15 Hilkiya ya ce wa Shafan magatakarda, “Na sami Littafin Doka a cikin haikalin Ubangiji.” Sai ya ba wa Shafan.
১৫আৰু হিল্কিয়াই লিখক চাফনক উত্তৰ দি ক’লে, “মই যিহোৱাৰ গৃহত ব্যৱস্থা পুস্তকখন পালোঁ।” পাছত হিল্কিয়াই সেই ব্যৱস্থা পুস্তকখন চাফনক দিলে।
16 Sa’an nan Shafan ya ɗauki littafin zuwa wurin sarki, ya faɗa masa, “Manyan ma’aikatanka suna yin kome da aka sa su.
১৬চাফনে আকৌ সেই ব্যৱস্থা পুস্তকখন ৰজাৰ গুৰিলৈ লৈ গ’ল আৰু ৰজাৰ আগত বাতৰি দি ক’লে, “আপোনাৰ এই দাসবোৰক আদেশ কৰা সকলো কাৰ্য তেওঁলোকে কৰি আছে৷
17 Mun ɗauke kuɗin da an ajiye a haikalin Ubangiji muka ba wa masu aiki da waɗanda suke lura da su.”
১৭আৰু আপোনাৰ এই দাসবোৰে যিহোৱাৰ গৃহত পোৱা সকলো ধন চন্দুকৰ পৰা ঢালি, কাৰ্য্যাধ্যক্ষ আৰু কাম কৰোঁতা সকলৰ হাতত দিলে।”
18 Sa’an nan Shafan magatakarda ya sanar da sarki ya ce, “Hilkiya firist ya ba ni wani littafi.” Sai Shafan ya karanta daga cikinsa a gaban sarki.
১৮পুনৰ লিখক চাফনে ৰজাক জনালে, বোলে, “পুৰোহিত হিল্কিয়াই মোক এখন পুস্তক দিলে।” তেতিয়া চাফনে ৰজাৰ আগত তাক পাঠ কৰিবলৈ ধৰিলে।
19 Da sarki ya ji kalmomin Doka, sai ya yage rigunansa.
১৯তেতিয়া ৰজাই ব্যৱস্থাৰ বাক্যবোৰ শুনা মাত্ৰকে নিজৰ কাপোৰ ফালিবলৈ ধৰিলে।
20 Ya ba da waɗannan umarnai ga Hilkiya, Ahikam ɗan Shafan, Abdon ɗan Mika, Shafan magatakarda da kuma Asahiya mai hidimar sarki.
২০আৰু ৰজাই হিল্কিয়াক, চাফনৰ পুত্ৰ অহীকামক, মীখাৰ পুত্ৰ আব্দোনক, লিখক চাফনক আৰু ৰজাৰ দাস অচায়াক এই আজ্ঞা কৰিলে বোলে,
21 Ya ce, “Ku tafi ku nemi nufin Ubangiji saboda ni da kuma saboda raguwa a Isra’ila da Yahuda game da abin da aka rubuta a wannan littafin da aka samu. Fushin Ubangiji mai girma ne da aka zuba a kanmu domin kakanninmu ba su kiyaye maganar Ubangiji ba; ba su aikata bisa ga dukan abin da yake a rubuce a wannan littafi ba.”
২১“তোমালোকে গৈ মোৰ আৰু ইস্ৰায়েল আৰু যিহূদাৰ মাজত অৱশিষ্ট থকা লোকসকলৰ বাবে পোৱা এই পুস্তকখনৰ বাক্যৰ বিষয়ে যিহোৱাৰ মোৰ বাবে থকা তেওঁৰ কি ইচ্ছা সেই বিষয়ে সোধাগৈ; কিয়নো আমাৰ ওপৰত যিহোৱাই বৰষোৱা ক্ৰোধ অতিশয় ডাঙৰ; কাৰণ ওপৰ-পিতৃসকলে এই পুস্তকত লিখা কোনো বাক্য অনুসাৰে কাম কৰিবৰ অৰ্থে যিহোৱাৰ বাক্য পালন নকৰিলে।”
22 Hilkiya tare da waɗanda sarki ya aika, suka tafi suka yi magana da annabiya Hulda, wadda take matar Shallum ɗan Tokhat ɗan Hasra, mai tsaron wurin ajiyar riguna. Tana zama a Urushalima, a Yanki na Biyu.
২২পাছত হিল্কিয়া আৰু ৰজাই আদেশ কৰা সেই লোকসকল হস্ৰাৰ নাতি তকহঁতৰ পুত্ৰ বস্ত্ৰ-ভঁৰালী চল্লুমৰ ভাববাদীনী হুল্দাৰ ওচৰলৈ গ’ল; সেই সময়ত তেওঁ যিৰূচালেমৰ দ্বিতীয় ভাগত নিবাস কৰিছিল; আৰু তেওঁলোকে সেই বিষয়ে তেওঁক ক’লে।
23 Sai ta ce musu, “Ga abin da Ubangiji, Allah na Isra’ila ya ce faɗa wa mutumin da ya aike ku gare ni,
২৩তাতে তেওঁ তেওঁলোকক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘মোৰ ওচৰলৈ তোমালোকক পঠোৱা জনক কোৱাগৈ,
24 ‘Ga abin da Ubangiji ya ce zai kawo masifa a wannan wuri da mutanensa, dukan la’anar da aka rubuta a cikin littafin da aka karanta a gaban sarkin Yahuda.
২৪“যিহোৱাই এই কথা কৈছে, ‘চোৱা, মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত অমঙ্গল ঘটাম, অৰ্থাৎ যিহূদাৰ ৰজাৰ আগত যি পুস্তক পঢ়া হ’ল, তাৰ মাজত লিখা সকলো শাও লৈ আনিম;
25 Domin sun yashe ni suka kuma ƙone turare wa waɗansu alloli, suka tsokane ni in yi fushi ta wurin dukan abin da hannuwansu suka yi, fushina zai zuba a kan wannan wuri, ba kuma za a kwantar da shi ba.’
২৫কাৰণ নিজ নিজ হাতেৰে কৰা সকলো কৰ্মৰ দ্বাৰাই মোক বেজাৰ দিবলৈ, তেওঁলোকে মোক ত্যাগ কৰি ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলালে, এতেকে এই ঠাইৰ ওপৰত মোৰ ক্ৰোধাগ্নি বৰষোৱ যাব, নুমুৱা নাযাব।’”
26 Ku faɗa wa sarkin Yahuda, wanda ya aike ku ku nemi nufin Ubangiji, ‘Ga abin da Ubangiji, Allah na Isra’ila yake cewa game da kalmomin da ka ji.
২৬কিন্তু যিহোৱাৰ ইচ্ছা সুধিবলৈ তোমালোকক পঠোৱা যিহূদাৰ ৰজাৰ আগত এই কথা ক’বা, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘তুমি যি যি বাক্য শুনিলা সেইবোৰৰ বিষয়ে মোৰ কথা এই,
27 Domin zuciyarka mai tuba ce, ka kuma ƙasƙantar da kanka a gaban Allah sa’ad da ka ji abin da ya yi magana a kan wannan wuri da mutanensa, domin kuma ka ƙasƙantar da kanka a gabana, ka yage rigunanka ka kuma yi kuka a gabana, na ji ka, in ji Ubangiji.
২৭এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ বিৰুদ্ধে তেওঁৰ যি বাক্য, তাক তুমি শুনা মাত্ৰকে ঈশ্বৰৰ আগত তোমাৰ মন কোমল কৰিলা, ঈশ্বৰৰ সাক্ষাতে নিজকে নম্ৰ কৰিলা আৰু নিজ কাপোৰ ফালি মোৰ আগত ক্ৰন্দন কৰিলা আৰু মইয়ো তোমাৰ কথা শুনিলো’ - এয়াই হৈছে যিহোৱাৰ ঘোষণা।
28 Yanzu zan tara ka da kakanninka, za a kuma binne ka cikin salama. Idanunka ba za su ga dukan masifar da zan kawo a kan wannan wuri da kuma a kan waɗanda suke zama a nan ba.’” Sai suka kai amsar wa sarki.
২৮‘চোৱা, মই তোমাৰ ওপৰ-পিতৃসকলৰ লগত তোমাক নিম আৰু তোমাক শান্তিৰে তোমাক মৈদামলৈ নিয়া হ’ব; আৰু মই এই ঠাই আৰু ইয়াৰ নিবাসীসকলৰ ওপৰত যিবোৰ অমঙ্গল ঘটাম, সেইবোৰৰ একোকে তোমাৰ চকুৱে নেদেখিব’।” পাছত তেওঁলোকে উলটি আহি ৰজাক এই বাতৰি দিলে।
29 Sai sarki ya kira dukan dattawan Yahuda da Urushalima.
২৯তাৰ পাছত ৰজাই মানুহ পঠিয়াই যিহূদা আৰু যিৰূচালেমৰ বৃদ্ধ লোকসকলক গোট খোৱালে।
30 Ya haura zuwa haikalin Ubangiji tare da mutanen Yahuda, mutanen Urushalima, firistoci da Lawiyawa, dukan mutane daga ƙarami zuwa babba. Ya karanta dukan kalmomin Littafin Alkawari wanda aka samu a cikin haikalin Ubangiji a kunnuwansu.
৩০তাতে ৰজাই যিহূদাৰ আটাইলোক, যিৰূচালেম নিবাসীসকলক, পুৰোহিতসকল, লেবীয়াসকল আৰু সৰু-বৰ সমুদায় প্ৰজাক লগত লৈ যিহোৱাৰ গৃহলৈ উঠি গ’ল; আৰু যিহোৱাৰ পৰা পোৱা নিয়ম-পুস্তকখনৰ সকলো বাক্য ৰজাই লোকসকলক পঢ়াই শুনুৱালে।
31 Sai sarkin ya miƙe tsaye a inda yake, ya sabunta alkawari a gaban Ubangiji, don yă bi Ubangiji yă kiyaye umarnansa, ƙa’idodinsa da kuma farillansa da dukan zuciyarsa da kuma dukan ransa, ya kuma yi biyayya da kalmomin alkawarin da aka rubuta a cikin wannan littafi.
৩১পাছত ৰজাই নিজৰ ঠাইত থিয় হৈ যিহোৱাৰ পাছত চলিবলৈ আৰু সকলো মনেৰে আৰু সকলো প্ৰাণেৰে, তেওঁৰ আজ্ঞা, সাক্ষ্য বাক্য আৰু বিধিবোৰ পালন কৰিবলৈ আৰু সেই পুস্তকখনত লিখা নিয়মটিৰ বাক্য অনুসাৰে কাম কৰিবলৈ যিহোৱাৰ সাক্ষাতে এটি নিয়ম কৰিলে।
32 Sa’an nan ya sa kowa a Urushalima da Benyamin ya yi alkawari ga wannan; mutanen Urushalima suka aikata wannan bisa ga alkawarin Allah, Allah na kakanninsu.
৩২আৰু যিৰূচালেম আৰু বিন্যামীনৰ যিমান লোক উপস্থিত আছিল, তেওঁ সেই সকলোকে নিয়মটি পালন কৰিবলৈ প্ৰতিজ্ঞা কৰালে; তাতে যিৰূচালেমৰ নিবাসীসকলে তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰৰ নিয়মটিৰ অনুসাৰে কাৰ্য কৰিলে।
33 Yosiya ya fitar da dukan gumakan banƙyama daga dukan yankunan Isra’ilawa, ya kuma sa dukan waɗanda suke a Isra’ila su bauta wa Ubangiji Allahnsu. Muddin ransa, ba su fasa bin Ubangiji Allah na kakanninsu ba.
৩৩যোচিয়াই ইস্ৰায়েলৰ সন্তান সকলে অধিকাৰ কৰা সকলো দেশৰ পৰা আটাই ঘিণ লগা বস্তুবোৰ দুৰ কৰিলে আৰু ইস্ৰায়েলৰ মাজত থকা সকলো লোকক ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰালে। তেওঁলোকে তেওঁৰ জীৱনৰ সকলো কালত তেওঁলোকৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ পাছত চলিবলৈ নেৰিলে।

< 2 Tarihi 34 >