< Κατα Ιωαννην 14 >

1 Μὴ ταρασσέσθω ὑμῶν ἡ καρδία· πιστεύετε εἰς τὸν θεόν, καὶ εἰς ἐμὲ πιστεύετε.
“তোমালোকৰ হৃদয় ব্যাকুল নহওক৷ ঈশ্বৰত বিশ্বাস কৰা আৰু মোকো বিশ্বাস কৰা।
2 ἐν τῇ οἰκίᾳ τοῦ πατρός μου μοναὶ πολλαί εἰσιν· εἰ δὲ μή, εἶπον ἂν ὑμῖν· ὅτι πορεύομαι ἑτοιμάσαι τόπον ὑμῖν.
মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে; আৰু নথকা হ’লে তোমালোকক ক’লোহেঁতেন; কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ।
3 καὶ ἐὰν πορευθῶ καὶ ἑτοιμάσω τόπον ὑμῖν, πάλιν ἔρχομαι καὶ παραλήμψομαι ὑμᾶς πρὸς ἐμαυτόν· ἵνα ὅπου εἰμὶ ἐγὼ καὶ ὑμεῖς ἦτε.
যদি মই যাওঁ আৰু তোমালোকলৈ ঠাই যুগুত কৰোঁ, তেনেহলে মই যি ঠাইত থাকোঁ, তোমালোকো সেই ঠাইতে থাকিবলৈ পাবা, এই কাৰণে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম।
4 καὶ ὅπου ἐγὼ ὑπάγω οἴδατε τὴν ὁδόν.
মই যি ঠাইলৈ যাওঁ, তোমালোকে তাৰ বাট জানা।”
5 λέγει αὐτῷ Θωμᾶς, Κύριε, οὐκ οἴδαμεν ποῦ ὑπάγεις· πῶς οἴδαμεν τὴν ὁδόν;
থোমাই যীচুক ক’লে, “হে প্ৰভু, আপুনি ক’লৈ যায়, তাকেই আমি নাজানো; তেনেহলে বাট নো আমি কেনেকৈ জানিম?”
6 Λέγει αὐτῷ ὁ Ἰησοῦς, Ἐγώ εἰμι ἡ ὁδὸς καὶ ἡ ἀλήθεια καὶ ἡ ζωή· οὐδεὶς ἔρχεται πρὸς τὸν πατέρα, εἰ μὴ δι᾽ ἐμοῦ.
যীচুৱে তেওঁক ক’লে, “ময়েই বাট, সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ কোনো নাযাব নোৱাৰে।
7 εἰ ἐγνώκειτέ με, καὶ τὸν πατέρα μου ἂν ᾔδειτε· ἀπ᾽ ἄρτι γινώσκετε αὐ τὸν καὶ ἑωράκατε [αὐτόν].
তোমালোকে মোক জনা হ’লে, মোৰ পিতৃকো জানিলাহেঁতেন; এতিয়াৰ পৰা তোমালোকে তেওঁক জানিছা আৰু দেখিছাও।”
8 Λέγει αὐτῷ Φίλιππος, Κύριε, δεῖξον ἡμῖν τὸν πατέρα, καὶ ἀρκεῖ ἡμῖν.
ফিলিপে যীচুক ক’লে, “হে প্ৰভু, পিতৃক আমাক দেখুৱাওঁক, সেয়ে আমালৈ যথেষ্ট হ’ব”।
9 λέγει αὐτῷ ὁ Ἰησοῦς, Τοσοῦτον χρόνον μεθ᾽ ὑμῶν εἰμι, καὶ οὐκ ἔγνωκάς με, Φίλιππε; ὁ ἑωρακὼς ἐμὲ ἑώρακεν τὸν πατέρα· [καὶ] πῶς σὺ λέγεις, Δεῖξον ἡμῖν τὸν πατέρα;
যীচুৱে ক’লে, “হে ফিলিপ, তোমালোকৰ সৈতে ইমান দিন থকাতো তুমি মোক চিনি পোৱা নাই নে? যি জনে মোক দেখিলে, তেওঁ মোৰ পিতৃকেই দেখিলে; ইয়াৰ পাছতো পিতৃক দেখুৱাওঁক বুলি কেনেকৈ কব পাৰিলা?”
10 οὐ πιστεύεις ὅτι ἐγὼ ἐν τῷ πατρὶ καὶ ὁ πατὴρ ἐν ἐμοί ἐστιν; τὰ ῥήματα ἃ ἐγὼ λέγω ὑμῖν ἀπ᾽ ἐμαυτοῦ οὐ λαλῶ· ὁ δὲ πατὴρ [ὁ] ἐν ἐμοὶ μένων ποιεῖ τὰ ἔργα αὐτοῦ.
১০“মই যে পিতৃত আছোঁ আৰু পিতৃও যে মোৰ লগত আছে, ইয়াক তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমালোকক কওঁ, সেইবোৰ নিজৰ পৰা নকওঁ; কিন্তু পিতৃয়ে মোৰ লগত থাকি তেওঁৰ কাৰ্যবোৰ সম্পন্ন কৰে।
11 πιστεύετέ μοι ὅτι ἐγὼ ἐν τῷ πατρὶ καὶ ὁ πατὴρ ἐν ἐμοί· εἰ δὲ μή, διὰ τὰ ἔργα αὐτὰ πιστεύετέ [μοι].
১১মই যে পিতৃত আছোঁ, আৰু পিতৃও যে মোৰ লগত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা মই কৰা কাৰ্যবোৰৰ কাৰণে মোক বিশ্বাস কৰা।
12 Ἀμὴν ἀμὴν λέγω ὑμῖν, ὁ πιστεύων εἰς ἐμέ, τὰ ἔργα ἃ ἐγὼ ποιῶ κἀκεῖνος ποιήσει, καὶ μείζονα τούτων ποιήσει, ὅτι ἐγὼ πρὸς τὸν πατέρα πορεύομαι.
১২মই তোমালোকক অতি স্বৰূপকৈ কওঁ, মই যি যি কাৰ্য কৰোঁ, মোক বিশ্বাস কৰা জনেও তেনেকুৱা কাৰ্য কৰিব আৰু তাতকৈয়ো মহৎ মহৎ কাৰ্য কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ।
13 καὶ ὅ τι ἂν αἰτήσητε ἐν τῷ ὀνόματί μου, τοῦτο ποιήσω, ἵνα δοξασθῇ ὁ πατὴρ ἐν τῷ υἱῷ.
১৩তোমালোকে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে পূর্ণ কৰিম; তাতে পিতা, পুত্ৰৰ দ্বাৰাই যেন মহিমান্বিত হয়।
14 ἐάν τι αἰτήσητε ἐν τῷ ὀνόματί μου, ἐγὼ ποιήσω.
১৪তোমালোকে মোৰ নামেৰে যদি কিবা খোজা, তেনেহলে সেয়া মই পূর্ণ কৰিম।
15 ἐὰν ἀγαπᾶτέ με, τὰς ἐντολὰς τὰς ἐμὰς τηρήσετε.
১৫তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহলে মোৰ আজ্ঞাবোৰ পালন কৰিবা।
16 κἀγὼ ἐρωτήσω τὸν πατέρα, καὶ ἄλλον παράκλητον δώσει ὑμῖν, ἵνα ᾖ μεθ᾽ ὑμῶν εἰς τὸν αἰῶνα, (aiōn g165)
১৬আৰু মই পিতৃৰ ওচৰত প্ৰাৰ্থনা কৰিম, তেওঁ যাতে তোমালোকক আন এজন সহায়কর্তা দিয়ে আৰু তেওঁ যেন চিৰকাল তোমালোকৰ লগত থাকে৷ (aiōn g165)
17 τὸ πνεῦμα τῆς ἀληθείας, ὃ ὁ κόσμος οὐ δύναται λαβεῖν, ὅτι οὐ θεωρεῖ αὐτὸ οὐδὲ γινώσκει αὐτό· ὑμεῖς [δὲ] γινώσκετε αὐτό, ὅτι παρ᾽ ὑμῖν μένει, καὶ ἐν ὑμῖν ἐστίν.
১৭সেই সত্যৰ আত্মাক জগতে গ্ৰহণ কৰিব নোৱাৰে; কিয়নো জগতে তেওঁক নেদেখে আৰু নাজানেও; তোমালোকে হ’লে তেওঁক জানা; কিয়নো তেওঁ তোমালোকৰ সঙ্গে সঙ্গে থাকে আৰু তেওঁ তোমালোকৰ মাজত থাকিব।
18 οὐκ ἀφήσω ὑμᾶς ὀρφανούς, ἔρχομαι πρὸς ὑμᾶς.
১৮মই তোমালোকক অনাথকৈ এৰি নাযাওঁ; মই তোমালোকৰ ওচৰলৈ আকৌ আহিম।
19 ἔτι μικρὸν καὶ ὁ κόσμος με οὐκ ἔτι θεωρεῖ, ὑμεῖς δὲ θεωρεῖτέ με· ὅτι ἐγὼ ζῶ, καὶ ὑμεῖς ζήσετε.
১৯অলপ সময়ৰ পাছত জগতে মোক পূণৰ দেখিবলৈ নাপায়, কিন্তু তোমালোকে হ’লে মোক দেখা পাবা; কাৰণ মই জীয়াই আছোঁ বাবে তোমালোকো জীয়াই থাকিবা।
20 ἐν ἐκείνῃ τῇ ἡμέρᾳ ὑμεῖς γνώσεσθε ὅτι ἐγὼ ἐν τῷ πατρί μου καὶ ὑμεῖς ἐν ἐμοὶ κἀγὼ ἐν ὑμῖν.
২০সেইদিনা তোমালোকে জানিবা যে, মই পিতৃত আছোঁ আৰু তোমালোকো মোত আছা, ময়ো তোমালোকত আছোঁ।
21 ὁ ἔχων τὰς ἐντολάς μου καὶ τηρῶν αὐτάς, ἐκεῖνός ἐστιν ὁ ἀγαπῶν με· ὁ δὲ ἀγαπῶν με, ἀγαπηθήσεται ὑπὸ τοῦ πατρός μου· κἀγὼ ἀγαπήσω αὐτὸν καὶ ἐμφανίσω αὐτῷ ἐμαυτόν.
২১যি জনে মোৰ আজ্ঞা পাই পালন কৰে, সেই জনে মোক প্ৰেম কৰে; আৰু যি জনে মোক প্ৰেম কৰে, সেই জন মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হ’ব আৰু ময়ো সেই জনক প্ৰেম কৰি, তেওঁৰ আগত নিজকে প্ৰকাশ কৰিম।”
22 Λέγει αὐτῷ Ἰούδας, οὐχ ὁ Ἰσκαριώτης, Κύριε, τί γέγονεν ὅτι ἡμῖν μέλλεις ἐμφανίζειν σεαυτόν, καὶ οὐχὶ τῷ κόσμῳ;
২২তেতিয়া ঈষ্কৰিয়োতীয়া নহয়, আন যিহুদাই তেওঁক ক’লে, “হে প্ৰভু, কিনো হ’ল যে, আপুনি জগতৰ আগত প্ৰকাশিত নহয়, কিন্তু আমাৰ আগত নিজকে প্ৰকাশ কৰিব?”
23 ἀπεκρίθη Ἰησοῦς καὶ εἶπεν αὐτῷ, Ἐάν τις ἀγαπᾷ με, τὸν λόγον μου τηρήσει, καὶ ὁ πατήρ μου ἀγαπήσει αὐτόν, καὶ πρὸς αὐτὸν ἐλευσόμεθα, καὶ μονὴν παρ᾽ αὐτῷ ποιησόμεθα.
২৩যীচুৱে উত্তৰ দি তেওঁক ক’লে, “কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব; মোৰ পিতৃয়ে তেওঁক প্ৰেম কৰিব, আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম।
24 ὁ μὴ ἀγαπῶν με τοὺς λόγους μου οὐ τηρεῖ· καὶ ὁ λόγος ὃν ἀκούετε οὐκ ἔστιν ἐμός, ἀλλὰ τοῦ πέμψαντός με πατρός.
২৪যি জনে মোক প্ৰেম নকৰে, সেই জনে মোৰ বাক্যও পালন নকৰে; আৰু যি বাক্য তোমালোকে শুনিবলৈ পাইছা, সেই বাক্য মোৰ নহয়, কিন্তু মোক পঠোৱা পিতৃৰহে।
25 Ταῦτα λελάληκα ὑμῖν παρ᾽ ὑμῖν μένων·
২৫মই তোমালোকৰ লগত থাকোতেই, এইবোৰ কথা তোমালোকক ক’লো;
26 ὁ δὲ παράκλητος, τὸ πνεῦμα τὸ ἅγιον ὃ πέμψει ὁ πατὴρ ἐν τῷ ὀνόματί μου, ἐκεῖνος ὑμᾶς διδάξει πάντα, καὶ ὑπομνήσει ὑμᾶς πάντα ἃ εἶπον ὑμῖν.
২৬কিন্তু সেই সহায়কর্তা পবিত্ৰ আত্মা, যি জনক পিতৃয়ে মোৰ নামেৰে পঠিয়াব, তেওঁ তোমালোকক সকলো শিক্ষা দিব আৰু মই তোমালোকক যি যি কৈছোঁ, এই আটাই কথা তোমালোকক সোঁৱৰাব।
27 Εἰρήνην ἀφίημι ὑμῖν, εἰρήνην τὴν ἐμὴν δίδωμι ὑμῖν· οὐ καθὼς ὁ κόσμος δίδωσιν, ἐγὼ δίδωμι ὑμῖν. μὴ ταρασσέσθω ὑμῶν ἡ καρδία, μηδὲ δειλιάτω.
২৭মই তোমালোকলৈ শান্তি এৰি যাওঁ, মোৰ শান্তি তোমালোকক দিওঁ; জগতে যেনেকৈ দিয়ে মই তেনেকৈ নিদিওঁ। তোমালোকৰ হৃদয় ব্যাকুল নহওক, আৰু ভয়াতুৰো নহওক।
28 ἠκούσατε ὅτι ἐγὼ εἶπον ὑμῖν Ὑπάγω καὶ ἔρχομαι πρὸς ὑμᾶς. εἰ ἠγαπᾶτέ με, ἐχάρητε ἂν ὅτι πορεύομαι πρὸς τὸν πατέρα· ὅτι ὁ πατὴρ μείζων μού ἐστιν.
২৮মই তোমালোকক যি দৰে ক’লো, সেই বিষয়ে তোমালোকে শুনিলা, মই গৈ তোমালোকৰ ওচৰলৈ পুনৰ আহিম৷ তোমালোকে যদি মোক প্ৰেম কৰা, তেনেহ’লে মই পিতৃ ওচৰলৈ যাব ওলোৱাৰ কাৰণে তোমালোকে আনন্দ কৰিলাহেঁতেন; কিয়নো পিতৃ মোতকৈ মহান।
29 καὶ νῦν εἴρηκα ὑμῖν πρὶν γενέσθαι, ἵνα ὅταν γένηται, πιστεύσητε.
২৯এইবোৰ ঘটা কালত তোমালোকে যেন বিশ্বাস কৰা, এই কাৰণে ঘটাৰ আগেয়ে, মই তোমালোকক এইবোৰ কথা ক’লোঁ।
30 οὐκ ἔτι πολλὰ λαλήσω μεθ᾽ ὑμῶν· ἔρχεται γὰρ ὁ τοῦ κόσμου ἄρχων, καὶ ἐν ἐμοὶ οὐκ ἔχει οὐδέν,
৩০তোমালোকৰ সৈতে মই অধিক কথা এতিয়া নহ’ম, কিয়নো জগতৰ অধিকাৰী আহিছে; আৰু মোৰ ওচৰত তাৰ একো নাই।
31 ἀλλ᾽ ἵνα γνῷ ὁ κόσμος ὅτι ἀγαπῶ τὸν πατέρα, καὶ καθὼς ἐντολὴν ἔδωκέν μοι ὁ πατήρ, οὕτως ποιῶ. Ἐγείρεσθε, ἄγωμεν ἐντεῦθεν.
৩১কিন্তু মই যে পিতৃক প্ৰেম কৰোঁ, আৰু পিতৃয়ে মোক দিয়া আজ্ঞাবোৰ মই যে পালন কৰোঁ, এই বিষয়ে জগতে জানিবলৈ; এতিয়া উঠা, আমি ইয়াৰ পৰা যাওঁহক।”

< Κατα Ιωαννην 14 >