< 2 Samuel 10 >

1 Et il arriva, après cela, que le roi des fils d’Ammon mourut; et Hanun, son fils, régna à sa place.
পাছত অম্মোনৰ সন্তান সকলৰ ৰজা মৃত্যু হোৱাত, তেওঁৰ পুতেক হানুন তেওঁৰ পদত ৰজা হ’ল।
2 Et David dit: J’userai de bonté envers Hanun, fils de Nakhash, comme son père a usé de bonté envers moi. Et David l’envoya consoler par ses serviteurs au sujet de son père. Et les serviteurs de David arrivèrent dans le pays des fils d’Ammon.
তাতে দায়ুদে ক’লে, “হানুনৰ পিতৃ নাহচে মোক যিদৰে অনুগ্ৰহ কৰিছিল, সেই দৰে ময়ো হানুনক অনুগ্ৰহ কৰিম।” এই বুলি দায়ূদে তেওঁৰ পিতৃৰ বাবে সান্ত্বনা দিবলৈ নিজৰ দাসবোৰক পঠিয়ালে। তাতে দায়ুদৰ দাসবোৰে অম্মোনৰ সন্তান সকলৰ দেশ প্ৰবেশ কৰিলে৷
3 Et les chefs des fils d’Ammon dirent à Hanun, leur seigneur: Est-ce, à tes yeux, pour honorer ton père que David t’a envoyé des consolateurs? N’est-ce pas pour reconnaître la ville, et pour l’explorer, et pour la détruire, que David t’a envoyé ses serviteurs?
অম্মোনৰ সন্তান সকলৰ অধ্যক্ষসকলে নিজ প্ৰভু হানুনক ক’লে, “দায়ূদে আপোনাৰ পিতৃক আদৰ কৰে দেখি, আপোনাক সান্ত্বনা দিবলৈ আপোনাৰ ওচৰলৈ লোক পঠিয়াইছে বুলি আপুনি ভাবিছেনে?” দায়ূদে নগৰ চাবলৈ, তাৰ বুজ-বিচাৰ ল’বলৈ আৰু তাক নষ্ট কৰিবলৈ দাসবোৰক জানো পঠোৱা নাই?
4 Et Hanun prit les serviteurs de David, et fit raser la moitié de leur barbe, et fit couper leurs vêtements par le milieu jusqu’au bas des reins, et les renvoya.
তাতে হানুনে দায়ূদৰ দাসবোৰক ধৰি তেওঁলোকৰ এফাল এফাল ডাঢ়ি খুৰোওৱালে আৰু তেওঁলোকৰ পিন্ধা কাপোৰৰ আধা টিকাৰ গুৰিত কাটি তেওঁলোকক বিদায় দিলে।
5 Et on le rapporta à David; et il envoya à leur rencontre, car les hommes étaient très confus. Et le roi dit: Habitez à Jéricho jusqu’à ce que votre barbe ait poussé, alors vous reviendrez.
যেতিয়া তেওঁলোকে দায়ূদৰ আগত এই সকলো বাখ্যা কৰিলে, ৰজাই তেওঁলোকৰ সৈতে সাক্ষাৎ কৰিবলৈ মানুহ পঠিয়ালে, কাৰণ তেওঁলোকে অতিশয় লজ্জিত হৈছিল। ৰজাই তেওঁলোকক আজ্ঞা দিলে, বোলে “তোমালোকৰ ডাঢ়ি নহয় মানে তোমালোক যিৰীহোতে থাকাগৈ; পাছত উলটি আহিবা।”
6 Et les fils d’Ammon virent qu’ils s’étaient mis en mauvaise odeur auprès de David; et les fils d’Ammon envoyèrent, et prirent à leur solde des Syriens de Beth-Rehob et des Syriens de Tsoba, 20 000 hommes de pied, et le roi de Maaca [avec] 1 000 hommes, et ceux de Tob, 12 000 hommes.
পাছে অম্মোনৰ সন্তান সকল দায়ূদলৈ ঘিণলগীয়া হ’ল বুলি জানি, মানুহ পঠিয়াই বৈৎ-ৰহোবৰ আৰু চোবাৰ বিশ হাজাৰ অৰামীয়া পদাতিক সৈন্য আৰু মাখাৰ ৰজাক ও তেওঁৰ এক হাজাৰ লোক আৰু টোবৰ বাৰ হাজাৰ লোকক বেচ দি অনালে।
7 Et David l’apprit, et il envoya Joab et toute l’armée, les hommes forts.
পাছে দায়ূদে সেই সম্বাদ পাই যোৱাবক আৰু পৰাক্ৰমী গোটেই সৈন্যসামন্তক তালৈ পঠিয়াই দিলে।
8 Et les fils d’Ammon sortirent et se rangèrent en bataille à l’entrée de la porte; et les Syriens de Tsoba et de Rehob, et ceux de Tob et de Maaca, étaient à part dans la campagne.
তাতে অম্মোনৰ সন্তান সকলে বাহিৰলৈ আহি নগৰৰ দুৱাৰ মুখত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যৰ বেহু পাতিলে আৰু চোবাৰ ও ৰহোবৰ অৰামীয়া লোকসকল আৰু টোবৰ ও মাখাৰ লোকসকল পৃথকে পৃথকে মুকলি পথাৰত থাকিল।
9 Et Joab vit que le front de la bataille était contre lui, devant et derrière; et il choisit des hommes de toute l’élite d’Israël, et les rangea contre les Syriens;
এইদৰে শাৰীপাতি তেওঁৰ ফালে মুখ কৰি আগফালে আৰু পাছফালে অৰ্থাৎ দুয়োফালে যুদ্ধ হোৱাৰ আশঙ্কা দেখি, যোৱাবে ইস্ৰায়েলৰ আটাই মনোনীতলোকৰ মাজত মানুহ বাচি লৈ, অৰামীয়াসকলৰ বিৰুদ্ধে বেহু পাতিলে;
10 et il plaça le reste du peuple sous la main d’Abishaï, son frère, et le rangea contre les fils d’Ammon.
১০আৰু অৱশিষ্ট লোকসকলক নিজ ভায়েক অবীচয়ৰ হাতত শোধাই দিলে, তেতিয়া তেওঁ অম্মোনৰ সন্তান সকলৰ বিৰুদ্ধে বেহু পাতিলে।
11 Et il dit: Si les Syriens sont plus forts que moi, tu me seras en aide; et si les fils d’Ammon sont plus forts que toi, j’irai pour t’aider.
১১যোৱাবে ক’লে, “যদি অৰামীয়াসকল মোতকৈ বলৱান হয়, তেন্তে তুমি আহি মোক সহায় কৰিবাহি৷ আৰু যদি তোমাতকৈ অম্মোনৰ সন্তান সকল অতি বলৱান হয়, তেন্তে মই গৈ তোমাক সহায় কৰিম।
12 Sois fort, et fortifions-nous à cause de notre peuple et à cause des villes de notre Dieu; et que l’Éternel fasse ce qui est bon à ses yeux.
১২তুমি সাহিয়াল হোৱা; আমি স্ব-জাতীয় লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ বাবে পুৰুষালি দেখুৱাওহঁক; আৰু যিহোৱাই নিজ দৃষ্টিত যিহকে ভাল দেখে, তাকেই কৰক।”
13 Et Joab s’approcha, et le peuple qui était avec lui, pour livrer bataille aux Syriens; et ils s’enfuirent devant lui.
১৩পাছে যোৱাব আৰু তেওঁৰ লগৰ লোকসকল অৰামীয়াসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওচৰ চাপোতেই তেওঁলোক ইস্ৰায়েলৰ সৈন্যসকলৰ আগৰ পৰা পলাল।
14 Et quand les fils d’Ammon virent que les Syriens s’étaient enfuis, ils s’enfuirent devant Abishaï, et rentrèrent dans la ville. Et Joab s’en retourna d’auprès des fils d’Ammon, et vint à Jérusalem.
১৪আৰু অৰামীয়াসকলক পলোৱা দেখি, অম্মোনৰ সন্তান সকলেও অবীচয়ৰ আগৰ পৰা পলাই নগৰত সোমালগৈ। তেতিয়া যোৱাব অম্মোনৰ সন্তান সকলৰ ওচৰৰ পৰা ঘুৰি যিৰূচালেমলৈ উভটি আহিল।
15 Et quand les Syriens virent qu’ils étaient battus devant Israël, ils se rassemblèrent;
১৫পাছত অৰামীয়াসকলে ইস্ৰায়েলৰ সন্মুখত নিজকে পৰাজিত হোৱা দেখি তেওঁলোক পুনৰ গোট খালে।
16 et Hadarézer envoya, et fit sortir les Syriens qui étaient au-delà du fleuve, et ils vinrent à Hélam; et Shobac, chef de l’armée d’Hadarézer, était à leur tête.
১৬তেতিয়া হদদেজৰে মানুহ পঠিয়াই ইউফ্ৰেটাচ্‌ নদীৰ সিপাৰে থকা অৰামীয়াসকলক বাহিৰ কৰি আনিলে৷ তেওঁলোক হেলমলৈ হদদেজৰৰ সেনাপতি চোবকৰ সৈতে তেওঁলোকৰ অগ্ৰগামী হৈ আহিল।
17 Et cela fut rapporté à David, et il assembla tout Israël, et passa le Jourdain, et vint à Hélam; et les Syriens se rangèrent [en bataille] contre David, et se battirent avec lui.
১৭পাছে দায়ূদৰ আগত এই বাতৰি দিয়া হোৱাত, তেওঁ গোটেই ইস্ৰায়েলক গোটাই লৈ যৰ্দ্দন পাৰহৈ হেলমলৈ গ’ল। তাতে অৰামীয়া লোকসকলে দায়ূদৰ বিৰুদ্ধে বেহু পাতি তেওঁৰ লগত যুদ্ধ কৰিলে।
18 Et les Syriens s’enfuirent devant Israël; et David tua aux Syriens 700 chars et 40 000 cavaliers, et il frappa Shobac, chef de leur armée, et il mourut là.
১৮কিন্তু অৰামীয়াসকল ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাল৷ আৰু দায়ূদে অৰামীয়াসকলৰ সাত শ ৰথী সৈন্য আৰু চল্লিশ হাজাৰ অশ্বাৰোহী বধ কৰিলে আৰু তেওঁলোকৰ সেনাপতি চোবককো এনেকৈ প্ৰহাৰ কৰিলে যে, তেওঁ তাতে মৰিল।
19 Et tous les rois qui étaient serviteurs d’Hadarézer virent qu’ils étaient battus devant Israël, et ils firent la paix avec Israël, et le servirent. Et les Syriens craignirent d’aider encore les fils d’Ammon.
১৯পাছত ইস্ৰায়েলৰ সন্মুখত নিজক পৰাজিত হোৱা দেখি, হদদেজৰৰ অধীনত থকা সকলো ৰজাই ইস্ৰায়েল সকলৰ সৈতে সন্ধি পাতি তেওঁলোকৰ অধীন হ’ল। তেতিয়াৰে পৰা অৰামীয়ালোকে অম্মোনৰ সন্তান সকলক আৰু সহায় কৰিবলৈ ভয় কৰিলে।

< 2 Samuel 10 >