< Ezekiel 25 >

1 The LORD’s word came to me, saying,
তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
2 “Son of man, set your face towards the children of Ammon, and prophesy against them.
“হে মনুষ্য সন্তান, তুমি অম্মোনৰ সন্তান সকলৰ ফালে মুখ কৰি তেওঁলোকৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা।
3 Tell the children of Ammon, ‘Hear the word of the Lord GOD! The Lord GOD says, “Because you said, ‘Aha!’ against my sanctuary when it was profaned, and against Eretz-Israel when it was made desolate, and against the house of Judah when they went into captivity,
তুমি অম্মোনৰ সন্তান সকলক কোৱা, ‘তোমালোকে প্ৰভু যিহোৱাৰ বাক্য শুনা। প্ৰভু যিহোৱাই এই কথা ঘোষণা কৰিছে: মোৰ ধৰ্মধাম যেতিয়া অপবিত্ৰ হৈছিল তেতিয়া তাৰ অহিতে আৰু ইস্ৰায়েল-ভূমি ধ্বংস হোৱাত তাৰ অহিতে আৰু যিহূদা বংশ দেশান্তৰলৈ যোৱাৰ সময়ত সেই বংশৰ অহিতে “ভাল হৈছে!” এইবুলি তোমালোকে কৈছিলা।
4 therefore, behold, I will deliver you to the children of the east for a possession. They will set their encampments in you and make their dwellings in you. They will eat your fruit and they will drink your milk.
এই হেতুকে চোৱা! অধিকাৰৰ অৰ্থে মই তোমাক পূৱদেশীয় লোকসকলৰ হাতত শোধাই দিম; তেওঁলোকে তোমাৰ মাজত নিজ নিজ ছাউনি পাতিব আৰু তোমাৰ মাজত নিজৰ নিজৰ বসতিস্থান কৰিব। তেওঁলোকে তোমাৰ ফল খাব আৰু তোমাৰ গাখীৰ পান কৰিব।
5 I will make Rabbah a stable for camels and the children of Ammon a resting place for flocks. Then you will know that I am the LORD.”
আৰু মই ৰব্বাক উটৰ শাল বনাম আৰু অম্মোনৰ লোকসকলৰ দেশখন মেৰ শোৱা গঁৰাল কৰিম, তাতে, মই যে, যিহোৱা তাক তোমালোকে জানিবা!
6 For the Lord GOD says: “Because you have clapped your hands, stamped with the feet, and rejoiced with all the contempt of your soul against Eretz-Israel,
কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: তুমি হাত তালি দিলা, মাটিত ভৰি মাৰিলা আৰু ইস্ৰায়েল দেশৰ অহিতে তোমাৰ প্ৰাণ জুৰাই হিংসাৰে আনন্দ কৰিলা।
7 therefore, behold, I have stretched out my hand on you, and will deliver you for a plunder to the nations. I will cut you off from the peoples, and I will cause you to perish out of the countries. I will destroy you. Then you will know that I am the LORD.”
এই হেতুকে চোৱা! মই তোমাৰ বিৰুদ্ধে মোৰ হাত মেলি জাতিবোৰৰ গুৰিত লুটদ্ৰব্যস্বৰূপে তোমাক শোধাই দিম। মই জাতিবোৰৰ পৰা তোমাক উচ্ছন্ন কৰিম আৰু দেশবোৰৰ মাজৰ পৰা তোমাক লুপ্ত কৰিম! দেশখনৰ পৰা মই তোমাক বিনষ্ট কৰিম, আৰু মই যে যিহোৱা, ইয়াকে তুমি জানিবা’!”
8 “‘The Lord GOD says: “Because Moab and Seir say, ‘Behold, the house of Judah is like all the nations,’
প্ৰভু যিহোৱাই এই কথা কৈছে: “চোৱা! যিহূদা-বংশ আন সকলো জাতিৰ দৰেই হ’ল!”
9 therefore, behold, I will open the side of Moab from the cities, from his cities which are on its frontiers, the glory of the country, Beth Jeshimoth, Baal Meon, and Kiriathaim,
এই হেতুকে চোৱা! নগৰ কেইখনৰ পোনে, বৈৎ-যিচীমোৎ, বাল-মিয়োন আৰু কিৰিয়াথয়িম, দেশৰ গৌৰৱ স্বৰূপ মোৱাবৰ সীমাত থকা তাৰ এই নগৰ কেইখনৰ পোনে,
10 to the children of the east, to go against the children of Ammon; and I will give them for a possession, that the children of Ammon may not be remembered amongst the nations.
১০অম্মোনৰ লোকসকলৰ অহিতে যিসকললৈ পূৱদেশীয় সন্তান সকলৰ বাবে মই মোৱাবৰ দাঁতিত বাট উলিয়াম, আৰু অম্মোনৰ লোকসকলক জাতিবোৰৰ সোঁৱৰণত নাথাকিবৰ বাবে মই অধিকাৰৰ অৰ্থে সেইবোৰ তেওঁলোকক দিম।
11 I will execute judgements on Moab. Then they will know that I am the LORD.”
১১আৰু মই মোৱাবক দণ্ড দিম, তেতিয়া মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব।
12 “‘The Lord GOD says: “Because Edom has dealt against the house of Judah by taking vengeance, and has greatly offended, and taken revenge on them,”
১২প্ৰভু যিহোৱাই এই কথা কৈছে: “ইদোমে প্ৰতিকাৰ সাধিবৰ মনেৰে যিহূদা-বংশৰ অহিতে কাৰ্য কৰিলে আৰু তেওঁলোকৰ প্ৰতিকাৰ সাধি অতিশয় দোষ কৰিলে।”
13 therefore the Lord GOD says, “I will stretch out my hand on Edom, and will cut off man and animal from it; and I will make it desolate from Teman. They will fall by the sword even to Dedan.
১৩সেইবাবে, প্ৰভু যিহোৱাই এই কথা কৈছে: “মই ইদোমৰ অহিতে মোৰ হাত মেলি তাৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম। আৰু তৈমনৰে পৰা মই তাক ধ্বংসস্থান কৰিম, দদানলৈকে তেওঁলোক তৰোৱালৰ দ্বাৰাই পতিত হ’ব।
14 I will lay my vengeance on Edom by the hand of my people Israel. They will do in Edom according to my anger and according to my wrath. Then they will know my vengeance,” says the Lord GOD.
১৪মোৰ প্ৰজা ইস্ৰায়েলৰ দ্বাৰাই মই ইদোমৰ ওপৰত মোৰ প্ৰতিকাৰ সাধিম আৰু তেওঁলোকে মোৰ ক্ৰোধ ও কোপ অনুসাৰে ইদোমত কাৰ্য কৰিব! তেতিয়া, তেওঁলোকে মোৰ প্রতিশোধ বুজি পাব!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
15 “‘The Lord GOD says: “Because the Philistines have taken revenge, and have taken vengeance with contempt of soul to destroy with perpetual hostility,”
১৫প্ৰভু যিহোৱাই এই কথা কৈছে: “পলেষ্টীয়াসকলে প্ৰতিকাৰ সাধিবৰ মনেৰে কাৰ্য কৰিলে, আৰু চিৰস্থায়ী শত্ৰূতাৰে বিনষ্ট কৰিবলৈ মনৰ হিংসাৰে প্ৰতিশোধ ল’লে।”
16 therefore the Lord GOD says, “Behold, I will stretch out my hand on the Philistines, and I will cut off the Cherethites, and destroy the remnant of the sea coast.
১৬এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই পলেষ্টীয়াসকলৰ অহিতে মোৰ হাত মেলি কৰেথীয়াসকলক উচ্ছন্ন কৰিম আৰু সমুদ্ৰৰ কাষত থকা অৱশিষ্ট ভাগক সংহাৰ কৰিম!
17 I will execute great vengeance on them with wrathful rebukes. Then they will know that I am the LORD, when I lay my vengeance on them.”’”
১৭আৰু কোপযুক্ত নানা ধমকি দি মই তেওঁলোকৰ ওপৰত মহা প্ৰতিকাৰ সাধিম; আৰু মই তেওঁলোকৰ ওপৰত প্ৰতিকাৰ সাধিলে, মই যে যিহোৱা, ইয়াক তেওঁলোকে জানিব!

< Ezekiel 25 >