< Colossians 1 >

1 Paul, an apostle of Christ Jesus through the will of God, and Timothy our brother,
ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি পৌল আৰু তীমথিয় ভাই,
2 to the saints and faithful brothers in Christ at Colossae: Grace to you and peace from God our Father and the Lord Jesus Christ.
কলচীত থকা খ্ৰীষ্টত বিশ্বাসী ভাই আৰু পবিত্ৰ লোক সকলৰ সমীপলৈ। আমাৰ পিতৃ ঈশ্বৰৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক।
3 We give thanks to God the Father of our Lord Jesus Christ, praying always for you,
আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰক ধন্যবাদ জনায় আপোনালোকৰ কাৰণে সদায় আমি প্ৰাৰ্থনা কৰি আছোঁ৷
4 having heard of your faith in Christ Jesus and of the love which you have toward all the saints,
আমি শুনিবলৈ পালোঁ যে, খ্ৰীষ্ট যীচুত আপোনালোকৰ যি বিশ্বাস আৰু ঈশ্বৰৰ কাৰণে পৃথক কৰি ৰখা পবিত্ৰ লোক সকলৰ প্ৰতি যি প্ৰেম আছে,
5 because of the hope which is laid up for you in the heavens, of which you heard before in the word of the truth of the Good News
সেইদৰে আপোনালোকৰ কাৰণেও আশা-ধনৰ বিষয় স্বৰ্গত সাঁচি থোৱা হৈছে৷ আপোনালোকৰ মাজত উপস্থিত হোৱা শুভবাৰ্তাৰূপ সত্যতাৰ বাক্য প্ৰথমে শুনিলে;
6 which has come to you, even as it is in all the world and is bearing fruit and growing, as it does in you also, since the day you heard and knew the grace of God in truth,
আৰু যিদিনা আপোনালোকে সত্যৰূপে ঈশ্বৰৰ অনুগ্ৰহৰ কথা শুনিলে আৰু জানিলে, সেই দিনাৰ পৰাই সেই শুভবাৰ্তা আপোনালোকৰ মাজত যেনেকৈ, গোটেই জগততো তেনেকৈ উপস্থিত হৈ ফল ধৰি বাঢ়ি আছে৷
7 even as you learned from Epaphras our beloved fellow servant, who is a faithful servant of Christ on your behalf,
সেইবোৰ আপোনালোকে আমাৰ প্ৰিয় সহদাস ইপাফ্ৰাৰ পৰাই শিকিলে; তেখেত আমাৰ কাৰণে খ্ৰীষ্টৰ বিশ্বাসী পৰিচাৰক;
8 who also declared to us your love in the Spirit.
আৰু পবিত্ৰ আত্মাৰ গুণত আপোনালোকৰ যি প্ৰেম আছে, তাক তেখেতেই আমাৰ আগত প্ৰকাশ কৰিলে৷
9 For this cause, we also, since the day we heard this, don’t cease praying and making requests for you, that you may be filled with the knowledge of his will in all spiritual wisdom and understanding,
এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে আত্মিক জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷
10 that you may walk worthily of the Lord, to please him in all respects, bearing fruit in every good work and increasing in the knowledge of God,
১০আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে সন্তুষ্ট কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়৷
11 strengthened with all power, according to the might of his glory, for all endurance and perseverance with joy,
১১আমি নিবেদন কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷
12 giving thanks to the Father, who made us fit to be partakers of the inheritance of the saints in light,
১২আমি নিবেদন কৰোঁ আৰু আনন্দেৰে সৈতে তেওঁৰ ধন্যবাদ কৰোঁ, কাৰণ পিতৃয়ে আমাক পবিত্ৰ লোক সকলৰ যি অধিকাৰ পোহৰত আছে, সেই অধিকাৰৰ অংশীদাৰ হ’বলৈ যোগ্য কৰিলে৷
13 who delivered us out of the power of darkness, and translated us into the Kingdom of the Son of his love,
১৩তেৱেঁই আমাক আন্ধাৰৰ পৰাক্ৰমৰ পৰা উদ্ধাৰ কৰি নিজ প্ৰেমৰ পুত্ৰৰ ৰাজ্যত স্থানান্তৰ কৰি থ’লে৷
14 in whom we have our redemption, the forgiveness of our sins.
১৪তেওঁৰ সেই পুত্ৰত আমাৰ মুক্তি, পাপৰ ক্ষমা আছে।
15 He is the image of the invisible God, the firstborn of all creation.
১৫সেই পুত্ৰ অদৃশ্য ঈশ্বৰৰ প্ৰতিমূৰ্তি৷ তেওঁ গোটেই সৃষ্টিৰ প্ৰথমজাত;
16 For by him all things were created in the heavens and on the earth, visible things and invisible things, whether thrones or dominions or principalities or powers. All things have been created through him and for him.
১৬কিয়নো যি যি স্বৰ্গত আৰু পৃথিৱীত, দৃশ্য আৰু অদৃশ্য বস্তু আছে, সেই সকলোবোৰ তেওঁতেই সৃষ্ট হ’ল৷ সিংহাসন হওক বা প্ৰভুত্ব হওক, আধিপত্য হওক বা ক্ষমতা হওক, এই সকলোবোৰ তেওঁৰ দ্বাৰাই আৰু তেওঁৰ কাৰণে সৃষ্টি কৰা হ’ল৷
17 He is before all things, and in him all things are held together.
১৭তেওঁ সকলোৰে পূৰ্বৰ পৰা আছে আৰু সকলোবোৰ তেওঁৰেই নিয়ন্ত্ৰণত আছে৷
18 He is the head of the body, the assembly, who is the beginning, the firstborn from the dead, that in all things he might have the preeminence.
১৮তেৱেঁই হৈছে, তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ মূৰ৷ তেৱেঁই প্ৰাথমিক প্ৰাধিকাৰী, তেওঁ আদি আৰু মৃত লোকৰ মাজৰ পৰা প্ৰথমজাত এই কাৰণে সকলো বিষয়তে তেওঁ অগ্ৰগণ্য হয়।
19 For all the fullness was pleased to dwell in him,
১৯সেই কাৰণে ঈশ্বৰে আনন্দেৰে সিদ্ধান্ত ল’লে যে, তেওঁত সকলো সম্পূৰ্ণতা বাস কৰা উচিত;
20 and through him to reconcile all things to himself by him, whether things on the earth or things in the heavens, having made peace through the blood of his cross.
২০আৰু তেওঁৰ দ্বাৰাই সকলোবোৰ তেওঁৰে সৈতে মিলন সাধন কৰিলে৷ পৃথিৱীত থকা হওক বা স্বৰ্গত থকা হওক, তেওঁৰ ক্ৰুচৰ পুত্ৰৰ তেজৰ দ্বাৰাই শান্তি স্থাপন কৰিবলৈ ঈশ্বৰে সকলোতে ভাল দেখিলে।
21 You, being in past times alienated and enemies in your mind in your evil deeds,
২১আপোনালোকেও পূৰ্বতে ঈশ্বৰৰ পৰা অসম্পৰ্কীয় আৰু দুষ্কৰ্মত থাকি মনেৰে শত্ৰু হোৱা লোক আছিল৷
22 yet now he has reconciled in the body of his flesh through death, to present you holy and without defect and blameless before him,
২২তথাপি ঈশ্বৰে তেওঁৰ দৃষ্টিত আপোনালোকক পবিত্ৰ, নিষ্কলঙ্ক আৰু নিৰ্দোষীৰূপে উপস্থিত কৰিবৰ বাবে খ্ৰীষ্টৰ মাংসময় শৰীৰত মৃত্যুৰ দ্বাৰাই এতিয়া মিলন সাধন কৰিলে৷
23 if it is so that you continue in the faith, grounded and steadfast, and not moved away from the hope of the Good News which you heard, which is being proclaimed in all creation under heaven, of which I, Paul, was made a servant.
২৩আপোনালোকে যি শুভবাৰ্তা শুনিছে, তাতে যদি বিশ্বাস কৰি স্থিৰে থাকে আৰু শুভবাৰ্তাৰ পৰা উৎপন্ন হোৱা যি আশা আপোনালোকে পালে, সেই আশাৰ মূলৰ পৰা যদি আতৰি নাযায়, তেনেহলে খ্ৰীষ্টে সকলোবোৰ সম্পন্ন কৰিব আৰু স্বৰ্গৰ তলত থকা সকলো সৃষ্টিৰ মাজত সেই একে শুভবাৰ্তা প্ৰচাৰিত হৈ আছে; মই পৌল, এই শুভবাৰ্তাৰ এজন দাস৷
24 Now I rejoice in my sufferings for your sake, and fill up on my part that which is lacking of the afflictions of Christ in my flesh for his body’s sake, which is the assembly,
২৪এতিয়া আপোনালোকৰ কাৰণে মোৰ যি দুখভোগ, তাতেই মই আনন্দ কৰিছোঁ, আৰু খ্ৰীষ্টৰ নানা ক্লেশৰ যি অৱশিষ্টখিনি অপূৰ্ণ হৈ আছে, সেই খিনি মই তেওঁৰ শৰীৰ স্বৰূপ মণ্ডলীৰ কাৰণে মোৰ মাংসত পূৰ্ণ কৰিছোঁ।
25 of which I was made a servant according to the stewardship of God which was given me toward you to fulfill the word of God,
২৫সেই বাক্য সম্পূৰ্ণকৈ প্ৰচাৰ কৰিবলৈ, আপোনালোকৰ কাৰণে ঈশ্বৰে মোক দিয়া ঘৰগিৰীবাব অনুসাৰে মই সেই মণ্ডলীৰ পৰিচাৰক হৈছোঁ৷
26 the mystery which has been hidden for ages and generations. But now it has been revealed to his saints, (aiōn g165)
২৬সেই নিগূঢ়-তত্ত্ব যুগে যুগে আৰু পুৰুষে পুৰুষে গুপ্ত আছিল, কিন্তু এতিয়া তেওঁৰ পবিত্ৰ লোকৰ আগত প্ৰকাশিত হৈছে; (aiōn g165)
27 to whom God was pleased to make known what are the riches of the glory of this mystery among the Gentiles, which is Christ in you, the hope of glory.
২৭ঈশ্বৰে তেওঁৰ মূল্যবান মহিমাময় নিগূঢ় তত্ব অনা-ইহুদী সকলৰ ওচৰত প্ৰকাশ কৰিবলৈ মনস্থ কৰিলে, সেই নিগূঢ় তত্ব সকলো লোকৰ কাৰণে; আৰু সেই নিগূঢ় তত্ব হ’ল স্বয়ং খ্ৰীষ্ট, যি জন আপোনালোকৰ মাজত আছে৷ তেৱেঁই আমাৰ গৌৰৱৰ আশা৷
28 We proclaim him, admonishing every man and teaching every man in all wisdom, that we may present every man perfect in Christ Jesus;
২৮সেই জন তেৱেঁই, যি জনৰ বিষয়ে আমি প্ৰচাৰ কৰি আছোঁ৷ আমি প্ৰত্যেক জনকে সতৰ্ক কৰোঁ আৰু সকলো প্ৰজ্ঞাৰে প্ৰতিজনক শিক্ষা দি খ্ৰীষ্টক প্ৰচাৰ কৰোঁ যাতে খ্ৰীষ্টে সকলোকে ঈশ্বৰৰ ওচৰত সিদ্ধ লোক ৰূপে উপস্থিত কৰিব পাৰে৷
29 for which I also labor, striving according to his working, which works in me mightily.
২৯তেওঁৰ কাৰ্যসাধক শক্তিয়ে মোৰ জীৱনত পৰাক্ৰমেৰে কাৰ্য সাধন কৰি আছে, সেই শক্তি অনুসাৰে তেওঁৰ কাৰণে প্ৰাণপণ কৰি মই পৰিশ্ৰমো কৰি আছোঁ।

< Colossians 1 >