< Judges 13 >

1 And the children of Israel did evil again in the sight of Yhwh; And Yhwh delivered them into the hand of the Philistines forty years.
পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক পলেষ্টীয়াসকলৰ হাতত শোধাই দিলে।
2 And there was a certain man of Zorah, of the family of the Danites, whose name was Manoah; and his wife was barren, and bare not.
সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
3 And the angel of Yhwh appeared unto the woman, and said unto her, Behold now, thou art barren, and bearest not: but thou shalt conceive, and bear a son.
পাছত যিহোৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক’লে, “চোৱা, তুমি বাঁজী আৰু সন্তান প্ৰসৱ কৰা নাই; তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা।
4 Now therefore beware, I pray thee, and drink not wine nor strong drink, and eat not any unclean thing:
এই হেতুকে তুমি সাৱধান হোৱা; দ্ৰাক্ষাৰস কি সুৰা পান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা।
5 For, lo, thou shalt conceive, and bear a son; and no razor shall come on his head: for the child shall be a Nazarite unto God from the womb: and he shall begin to deliver Israel out of the hand of the Philistines.
কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব; আৰু পলেষ্টীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।”
6 Then the woman came and told her husband, saying, A man of God came unto me, and his countenance was like the countenance of an angel of God, very terrible: but I asked him not whence he was, neither told he me his name:
তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।
7 But he said unto me, Behold, thou shalt conceive, and bear a son; and now drink no wine nor strong drink, neither eat any unclean thing: for the child shall be a Nazarite to God from the womb to the day of his death.
কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’।
8 Then Manoah intreated Yhwh, and said, O my Lord, let the man of God which thou didst send come again unto us, and teach us what we shall do unto the child that shall be born.
তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।”
9 And God hearkened to the voice of Manoah; and the angel of God came again unto the woman as she sat in the field: but Manoah her husband was not with her.
তেতিয়া ঈশ্বৰে মানোহৰ কথা শুনাৰ পাছত, ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামী মানোহ তাইৰ লগত নাছিল।
10 And the woman made haste, and ran, and shewed her husband, and said unto him, Behold, the man hath appeared unto me, that came unto me the other day.
১০পাছত সেই মহিলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে, “চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ পুনৰ মোক দৰ্শন দিছে।”
11 And Manoah arose, and went after his wife, and came to the man, and said unto him, Art thou the man that spakest unto the woman? And he said, I am.
১১তেতিয়া মানোহে উঠি নিজৰ পত্নীৰ পাছে পাছে সেই পুৰুষজনৰ ওচৰলৈ গৈ তেওঁক সুধিলে, “এই মহিলাৰ সৈতে যিজনাই কথা কৈছিল, সেইজনা আপুনিয়েই নে?” তেওঁ ক’লে, “হয়, ময়েই হওঁ।”
12 And Manoah said, Now let thy words come to pass. How shall we order the child, and how shall we do unto him?
১২তেতিয়া মানোহে ক’লে, “আশা কৰোঁ আপোনাৰ কথা সত্য হওঁক; কিন্তু সেই ল’ৰাজনে কিদৰে জীৱন কটাব আৰু কি কর্ম কৰিব?”
13 And the angel of Yhwh said unto Manoah, Of all that I said unto the woman let her beware.
১৩তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “মই এই মহিলাক যিবোৰ কথা ক’লো, সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক।
14 She may not eat of any thing that cometh of the vine, neither let her drink wine or strong drink, nor eat any unclean thing: all that I commanded her let her observe.
১৪তেওঁ দ্ৰাক্ষালতাৰ পৰা উৎপন্ন হোৱা কোনো বস্তু ভোজন নকৰক আৰু দ্ৰাক্ষাৰস কি সুৰা পান নকৰক আৰু কোনো অশুচি বস্তু নাখাওঁক; মই তেওঁক যি যি আজ্ঞা কৰিলোঁ, তেওঁ সেই সকলোকে পালন কৰক।”
15 And Manoah said unto the angel of Yhwh, I pray thee, let us detain thee, until we shall have made ready a kid for thee.
১৫পাছত মানোহে যিহোৱাৰ দূতক ক’লে, “আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰোঁ।”
16 And the angel of Yhwh said unto Manoah, Though thou detain me, I will not eat of thy bread: and if thou wilt offer a burnt offering, thou must offer it unto Yhwh. For Manoah knew not that he was an angel of Yhwh.
১৬তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “যদিও মই ইয়াত থাকো তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম; কিন্তু তুমি যদি হোম-বলি যুগুত কৰা, তেনেহলে সেয়া যিহোৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা।” কিয়নো তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে মনোহে নাজানিছিল।
17 And Manoah said unto the angel of Yhwh, What is thy name, that when thy sayings come to pass we may do thee honour?
১৭তেতিয়া মানোহে যিহোৱাৰ দূতক সুধিলে, “আপোনাৰ বাক্য সিদ্ধ হ’লে আমি আপোনাক মৰ্যদা কৰিবলৈ, আপোনাৰ নাম কি কওকচোন?”
18 And the angel of Yhwh said unto him, Why askest thou thus after my name, seeing it is secret?
১৮তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্যকৰ!”
19 So Manoah took a kid with a grain offering, and offered it upon a rock unto Yhwh: and the angel did wondrously; and Manoah and his wife looked on.
১৯পাছত মানোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে।
20 For it came to pass, when the flame went up toward heaven from off the altar, that the angel of Yhwh ascended in the flame of the altar. And Manoah and his wife looked on it, and fell on their faces to the ground.
২০কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।
21 But the angel of Yhwh did no more appear to Manoah and to his wife. Then Manoah knew that he was an angel of Yhwh.
২১তাৰ পাছত যিহোৱাৰ দূতে মানোহ আৰু তেওঁৰ পত্নিক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে তেতিয়াহে মানোহে জানিলে।
22 And Manoah said unto his wife, We shall surely die, because we have seen God.
২২পাছত মানোহে তেওঁৰ পত্নিক ক’লে, “আমি নিশ্চয়ে মৰিম; কিয়নো আমি ঈশ্বৰক দেখা পালোঁ।”
23 But his wife said unto him, If Yhwh were pleased to kill us, he would not have received a burnt offering and a grain offering at our hands, neither would he have shewed us all these things, nor would as at this time have told us such things as these.
২৩কিন্তু তেওঁৰ পত্নিয়ে তেওঁক ক’লে, “আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ’লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম-বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন।”
24 And the woman bare a son, and called his name Samson: and the child grew, And Yhwh blessed him.
২৪পাছত মহিলা গৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমচোন ৰাখিলে। তাৰ পাছত সেই ল’ৰা বাঢ়ি ডাঙৰ হ’ল আৰু যিহোৱাই তাক আশীৰ্ব্বাদ কৰিলে।
25 And the Spirit of Yhwh began to move him at times in the camp of Dan between Zorah and Eshtaol.
২৫প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।

< Judges 13 >