< Galatians 4 >

1 But I say that so long as the heir is a child, he is no different from a bondservant, though he is lord of all,
কিন্তু মই কওঁ, উত্তৰাধিকাৰী শিশুহৈ থকালৈকে, সৰ্ব্বস্বৰ গৰাকী হ’লেও তাতে তেওঁ আৰু দাসৰ মাজত একো প্ৰভেদ নাথাকে;
2 but is under guardians and stewards until the day appointed by the father.
কিন্তু পিতৃৰ নিৰূপিত সময়লৈকে তেওঁ ন্যায় ৰক্ষক আৰু তত্ৱাৱধায়ক সকলৰ অধীনত থাকে।
3 So we also, when we were children, were held in bondage under the elemental principles of the world.
এনেকৈ আমি যেতিয়া শিশু অৱস্থাত আছিলোঁ, আমিও তেনেকৈ জগতৰ মৌলিক বিধিৰ অধীনত দাস আছিলোঁ;
4 But when the fullness of the time came, God sent out his Son, born to a woman, born under the law,
কিন্তু যেতিয়া কাল সম্পূৰ্ণ হ’ল, তেতিয়া ঈশ্বৰে তেওঁৰ নিজ পুত্ৰক পঠাই দিলে, যি জন মহিলাৰ পৰা জন্ম পোৱা আৰু ব্যৱস্থা বিধানৰ অধীনত উৎপন্ন হোৱা,
5 that he might redeem those who were under the law, that we might receive the adoption as children.
তেওঁ যাতে বিধানৰ অধীনত থকা সকলোকে মুক্ত কৰিব পাৰে, তাতে আমি সকলোৱে যেন তেওঁৰ সন্তান ৰূপে স্বীকৃতি হওঁ৷
6 And because you are children, God sent out the Spirit of his Son into your hearts, crying, “Abba, Father!”
কাৰণ অাপোনালোক আটায়ে ঈশ্বৰৰ পুত্ৰ, ঈশ্বৰে তেওঁৰ পুত্ৰৰ আত্মা নিজৰ ওচৰৰ পৰা আমাৰ হৃদয়লৈ পঠায় দিলে; সেই আত্মাই, “আব্বা, পিতৃ”, এই বুলি মাতে।
7 So you are no longer a bondservant, but a son; and if a son, then an heir of God through Christ.
এই কাৰণে আপুনি পুনৰ আগৰ দৰে দাস নহয় কিন্তু পুত্ৰ হৈছে; যিহেতু পুত্ৰ হৈছে, সেয়েহে ঈশ্বৰৰ দ্বাৰাই উত্তৰাধিকাৰীও হৈছে৷
8 However at that time, not knowing God, you were in bondage to those who by nature are not gods.
পূৰ্বতে আপোনালোকে যেতিয়া ঈশ্বৰক জনা নাছিল, তেতিয়া যিবোৰ স্বাভাৱিকৰূপে ঈশ্বৰ নহয়, সেইবোৰৰ সেৱাকৰ্ম কৰিছিল।
9 But now that you have come to know God, or rather to be known by God, why do you turn back again to the weak and miserable elemental principles, to which you desire to be in bondage all over again?
কিন্তু এতিয়া আপোনালোকে ঈশ্বৰৰ পৰিচয় পালে, ইয়াৰ উপৰি ঈশ্বৰৰ দ্বাৰাই পৰিচিত হ’ল; এনে স্থলত কেনেকৈ পুনৰ সেই দূৰ্বল আৰু দীনহীন প্ৰাথমিক বিধিলৈ উলটি যাব? কেনেকৈ পুনৰ সেই বিধিবোৰৰ সেৱাকৰ্ম কৰিব পাৰিব?
10 You observe days, months, seasons, and years.
১০আপোনালোকে বিশেষ বিশেষ দিন, মাহ, ঋতু আৰু বছৰ এইবোৰ পালন কৰি আছে।
11 I am afraid for you, that I might have wasted my labor for you.
১১আপোনালোকৰ কাৰণে মোৰ এই ভয় হয়; জানোচা মই যি পৰিশ্ৰম কৰিলোঁ, সেয়ে কিজানিবা কেনেবাকৈ ব্যর্থ হয়।
12 I beg you, brothers, become as I am, for I also have become as you are. You did me no wrong,
১২হে ভাই সকল, বিনয় কৰি কৈছোঁ, অাপোনালোক মোৰ নিচিনা হওক; কিয়নো ময়ো আপোনালোকৰ নিচিনা হৈছোঁ। আপোনালোকে মোৰ একো অন্যায় কৰা নাছিল।
13 but you know that because of weakness in the flesh I preached the Good News to you the first time.
১৩মোৰ শৰীৰৰ দূৰ্ব্বলতাৰ কাৰণে, মই যে প্ৰথম বাৰ আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিলোঁ, সেই বিষয়ে আপোনালোকে জানে।
14 That which was a temptation to you in my flesh, you did not despise nor reject; but you received me as an angel of God, even as Christ Jesus.
১৪মোৰ মাংসত আপোনালোকৰ যি পৰীক্ষা হৈছিল, সেই বিষয়ত আপোনালোকে হেয়জ্ঞান আৰু ঘৃণাবোধ কৰা নাছিল; বৰং ঈশ্বৰৰ এজন দূত, এনে কি খ্ৰীষ্ট যীচুৰ নিচিনাকৈ মোক গ্ৰহন কৰিছিল।
15 What was the blessing you enjoyed? For I testify to you that, if possible, you would have plucked out your eyes and given them to me.
১৫এতিয়া আপোনালোকৰ সেই আনন্দ ক’ত? কিয়নো আপোনালোকৰ পক্ষে মই সাক্ষ্য দিছিলোঁ যে, সাধ্য হোৱা হ’লে আপোনালোকে নিজ নিজ চকুকো কাঢ়ি মোক দিলেহেঁতেন।
16 So then, have I become your enemy by telling you the truth?
১৬এতিয়া আপোনালোকক সত্য কথা কোৱাত মই আপোনালোকৰ ওচৰত শত্ৰু হ’লোঁ নে?
17 They zealously seek you in no good way. No, they desire to alienate you, that you may seek them.
১৭সেই লোক সকল আপোনালোকৰ প্ৰতি আগ্ৰহী কিন্তু কোনো ভাল উদ্দেশ্যৰ বাবে আগ্ৰহী নহয়৷ তেওঁলোকে আপোনালোকক মোৰ কাষৰ পৰা অাতৰাই অানিবলৈ বিচাৰে, যাতে আপোনালোকে তেওঁলোকৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে৷
18 But it is always good to be zealous in a good cause, and not only when I am present with you.
১৮অৱশ্যে আগ্ৰহ দেখুওৱা ভাল, যদিহে সৎ উদ্দেশ্যেৰে তাক কৰা হয়৷ অকল মই আপোনালোকৰ তাত উপস্থিত থাকোতে যে ভাল, এনে নহয়, কিন্তু সকলো সময়তে থকা ভাল।
19 My little children, of whom I am again in travail until Christ is formed in you—
১৯হে মোৰ প্ৰিয় সন্তান সকল, আপোনালোকৰ কাৰণে পুনৰ এবাৰ প্ৰসৱ যন্ত্ৰণা ভোগ কৰিছোঁ; যেতিয়ালৈকে আপোনালোকত খ্ৰীষ্টৰ আকাৰ উৎপন্ন নহয়, তেতিয়ালৈকে ভোগ কৰি আছোঁ৷
20 but I could wish to be present with you now, and to change my tone, for I am perplexed about you.
২০এতিয়া আপোনালোকৰ ওচৰত যাবৰ বাবে মোৰ মন গৈ আছে আৰু তাত বেলেগ ভাবে এই সকলো কথা আপোনালোকৰ লগত আলোচনা কৰিব পাৰিলোঁ হয়৷ আপোনালোকৰ বাবে মই বিবুদ্ধিত পৰি আছোঁ।
21 Tell me, you that desire to be under the law, do not you listen to the law?
২১হে বিধান-শাস্ত্ৰৰ অধীন হ’ব খোজা সকল, মোক কওকচোন, আপোনালোকৰ মাজৰ কোনে বিধানৰ কথা শুনিবলৈ নিবিচাৰে?
22 For it is written that Abraham had two sons, one by the servant, and one by the free woman.
২২কিয়নো লিখা আছে যে, অব্ৰাহামৰ দুজন পুত্ৰ আছিল; বেটীৰ গৰ্ভত ওপজা এজন, স্বাধীন জনীৰ গৰ্ভত ওপজা এজন।
23 However, the son by the servant was born according to the flesh, but the son by the free woman was born through promise.
২৩কিন্তু বেটীৰ যি জন, সি মাংস অনুসাৰে জন্মিছিল; কিন্তু স্বাধীন জনীৰ যি জন, সেই জন প্ৰতিজ্ঞাৰ গুণেহে জন্মিছিল।
24 These things contain an allegory, for these are two covenants. One is from Mount Sinai, bearing children to bondage, which is Hagar.
২৪এইবোৰ কথাৰ এটা আন প্ৰকাৰ ভাবাৰ্থ আছে; কিয়নো এই দুজনীয়েই দুই বিধান হৈছে; এক নিয়ম চীনয় পৰ্বতৰ পৰা দাসত্বৰূপ অৱস্থাত প্ৰসৱ কৰোঁতা; সেয়ে হৈছে হাগাৰ৷
25 For this Hagar is Mount Sinai in Arabia, and answers to the Jerusalem that exists now, for she is in bondage with her children.
২৫কিয়নো আৰব দেশত হাগাৰ শব্দৰ অৰ্থ, চীনয় পৰ্বত; আৰু বৰ্তমানে থকা যিৰূচালেমকো বুজায়; কিয়নো তাই নিজ সন্তানে সৈতে বন্দী অৱস্থাত আছিল।
26 But the Jerusalem that is above is free, which is the mother of us all.
২৬কিন্তু উৰ্দ্ধলোকত থকা যিৰূচালেম স্বাধীন; তেওঁ হৈছে, আমাৰ মাতৃ।
27 For it is written, “Rejoice, you barren who do not bear. Break out and shout, you who do not travail. For the desolate women have more children than her who has a husband.”
২৭কিয়নো লিখা আছে, “হে প্ৰসৱ নকৰা বন্ধ্যা আনন্দ কৰা, তোমালোকৰ মাজৰ যি গৰাকীয়ে সন্তান প্ৰসৱ কৰা নাই; বৰ মাতেৰে উল্লাস আৰু হৰ্ষনাদ কৰা; কিয়নো গিৰিয়েক থকা জনীতকৈ অনাথিনী জনীৰ সন্তান অধিক হব।”
28 Now we, brothers, as Isaac was, are children of promise.
২৮এতিয়া হে ভাই সকল, ইচহাকৰ দৰে আমিও প্ৰতিজ্ঞাৰ সন্তান হৈছোঁ৷
29 But as then, he who was born according to the flesh persecuted him who was born according to the Spirit, so also it is now.
২৯কিন্তু তেতিয়া যেনেকৈ মাংস অনুসাৰে জন্ম পোৱা জনে আত্মা অনুসাৰে জন্ম পোৱা জনক তাড়না কৰিছিল, তেনেকৈ এতিয়াও হৈছে।
30 However, what does the Scripture say? “Throw out the servant and her son, for the son of the servant will not inherit with the son of the free woman.”
৩০কিন্তু শাস্ত্ৰই কি কয়? ‘বেটী আৰু তাইৰ পুতেকক খেদি দিয়া; কিয়নো স্বাধীন জনীৰ পুতেকৰ সৈতে, বেটীৰ পুতেকে উত্তৰাধিকাৰী নাপাব’।
31 So then, brothers, we are not children of a servant, but of the free woman.
৩১এতেকে হে ভাই সকল, আমি বেটীৰ সন্তান নহওঁ; সেই স্বাধীন গৰাকীৰহে সন্তান হওঁ।

< Galatians 4 >