< Hoseas 11 >

1 Jeg fik Israel kær i hans Ungdom, fra Ægypten kaldte jeg min søn
ইস্ৰায়েল যেতিয়া শিশু আছিল তেতিয়া মই তেওঁক প্ৰেম কৰিছিলোঁ, মই মিচৰৰ পৰা মোৰ পুত্ৰক মাতি আনিছিলোঁ।
2 Jo mer jeg kaldte dem, des mere fjerned de sig fra mig; de ofrer til Baalerne, tænder for Billederne Offerild,
মই তেওঁলোকক যিমানে মাতিছিলোঁ, সিমানেই তেওঁলোক মোৰ ওচৰৰ পৰা দূৰলৈ আঁতৰি গ’ল; তেওঁলোকে বাল দেৱতাবোৰৰ উদ্দেশ্যে বলি উৎসর্গ কৰিছিল, আৰু কটা মূৰ্ত্তিবোৰৰ কাৰণে ধূপ জ্বলাইছিল।
3 Jeg lærte dog Efraim at gå og tog ham på Armen; de vidste ej, det var mig, der lægte dem.
তথাপিও ময়েই ইফ্ৰয়িমক খোজ কাঢ়িবলৈ শিকালোঁ। ময়েই তেওঁক মোৰ কোলাত লৈ ফুৰিলোঁ; কিন্তু তেওঁলোকে নাজানিলে যে মই তেওঁলোকৰ কাৰণে চিন্তা কৰোঁ।
4 Jeg drog dem med Menneskesnore, med Kærligheds Reb; jeg var dem som den, der løfter et Åg over Kæben, jeg bøjed mig ned til ham og rakte ham Føde.
মই তেওঁলোকক প্ৰেমজৰী আৰু প্রেমৰ বান্ধোনেৰে চলাই আনিলোঁ; মই তেওঁলোকৰ বাবে কান্ধৰ ওপৰৰ পৰা যুৱলিখন তুলি ধৰা লোকৰ নিচিনা হলোঁ; পাছত কুজাঁ হৈ তেওঁলোকক আহাৰ খোৱাই প্রতিপালন কৰিলোঁ।
5 Han skal til Ægypten igen, have Assur til Konge, thi omvende sig vil de ikke.
যিহেতু ইস্রায়েলীয়াসকল মোলৈ উলটি আহিবলৈ অসন্মত হ’ল, সেয়ে তেওঁলোক মিচৰলৈ উলটি নাযাব। আৰু অচূৰীয়াই তেওঁলোকৰ ওপৰত শাসন কৰিব।
6 Sværdet skal rase i hans Byer, fortære hans Slåer og hærge i hans Fæstninger.
তেওঁলোকৰ নগৰবোৰৰ ওপৰত যুদ্ধৰ তৰোৱাল পৰিব; তাতে তেওঁলোকৰ দুৱাৰবোৰৰ ডাংবোৰ নষ্ট হ’ব; নিজৰ পৰিকল্পনাৰ দ্বাৰাই তেওঁলোক বিনষ্ট হ’ব।
7 Mit Folk, det hælder til Frafald fra mig, og råber man til det: "Op, op!" står ingen op.
মোৰ লোকসকল মোৰ পৰা ঘূৰি যাবলৈ স্থিৰ কৰিছে; যদিও তেওঁলোকে মোক অর্থাৎ অতি উর্দ্ধত থকা জনাক মাতিলেও, তেওঁ তেওঁলোকক মুঠেই উর্দ্ধত তুলি নলব।
8 Hvor kan jeg ofre dig, Efraim, lade dig, Israel, fare, ofre dig ligesom Adma, gøre dig, som Zebojim? Mit Hjerte vender sig i mig, al min Medynk er vakt.
হে ইফ্ৰয়িম, মই তোমাক কেনেকৈ ত্যাগ কৰিম? হে ইস্ৰায়েল, মই তোমাক কেনেকৈ আনৰ হাতত শোধাই দিম? মই তোমাক কেনেকৈ অদ্মাৰ নিচিনা কৰিম? মই তোমাৰ অৱস্থা কেনেকৈ চবোয়ীমৰ নিচিনা কৰিম? মোৰ হৃদয় ব্যাকুল হৈছে; মোৰ সকলো মমতা জাগি উঠিছে।
9 Jeg fuldbyrder ikke min Harmglød, gør ej Efraim til intet igen. Thi Gud er jeg, ikke et Menneske, hellig udi din Midte, med Vredesglød kommer jeg ikke.
মোৰ প্ৰচণ্ড ক্ৰোধ মই তোমালোকৰ বিৰুদ্ধে প্রকাশ নকৰিম; মই ইফ্ৰয়িমক পুনৰ বিনষ্ট নকৰিম; কিয়নো মই ঈশ্বৰ, মানুহ নহওঁ; মই তোমালোকৰ মাজত থকা পবিত্ৰ জনা; মই ক্ৰোধেৰে উপস্থিত নহম।
10 HERREN skal de holde sig til, han brøler som Løven, ja brøler, og bævende kommer Sønner fra Havet,
১০তোমাৰ লোকসকল মোৰ (যিহোৱাৰ) পাছত চলিব; মই সিংহৰ নিচিনাকৈ গৰ্জ্জন কৰি মাতিম; মই গৰ্জ্জন কৰি মাতিলে মোৰ সন্তান সকল পশ্চিম ফালৰ পৰা কঁপি কঁপি আহিব।
11 bævende som Fugle fra Ægypten, som Duer fra Assurs Land; jeg fører dem hjem til deres Huse lyder det fra HERREN.
১১মিচৰ দেশৰ পৰা চৰাইৰ নিচিনাকৈ, অচূৰীয়াৰ পৰা কপৌৰ নিচিনাকৈ তেওঁলোক কপিঁ কপিঁ আহিব; মই তেওঁলোকক নিজ নিজ ঘৰত বাস কৰাম। মই যিহোৱাই এই কথা কৈছো।
12 Efraim omgiver mig med løgn, hus med svig, Juda kender ej Gud med Skøger slår han sig sammen.
১২যিহোৱাই কৈছে, “ইফ্ৰয়িমৰ মিছা কথা, ইস্ৰায়েল বংশৰ ছলনাই মোক চাৰিওফালে বেৰি ৰাখিছে; কিন্তু যিহূদাই এতিয়াও মোৰ অর্থাৎ ঈশ্বৰৰ লগত অহা-যোৱা কৰিছে আৰু মোলৈ অর্থাৎ পবিত্ৰ জনালৈ বিশ্বস্ত হৈ আছে।

< Hoseas 11 >