< 路加福音 2 >

1 當那些日子,凱撒奧古斯都有旨意下來,叫天下人民都報名上冊。
সেই সময়ত চীজাৰ আগষ্টচে নিৰ্দেশ জাৰি কৰিলে যে, ৰোম সাম্রাজ্যত বাস কৰা সকলো লোকৰ নাম লিখাই গণনা কৰা হওক।
2 這是居里扭作觜利亞巡撫的時候,頭一次行報名上冊的事。
চিৰিয়াৰ ৰাজ্যপাল কুৰীণীয়ৰ সময়ত এয়ে প্ৰথম লোক পিয়ল হৈছিল।
3 眾人各歸各城,報名上冊。
সেয়ে, নাম লিখাবৰ বাবে প্রত্যেকে নিজৰ নিজৰ নগৰলৈ গ’ল।
4 約瑟也從加利利的拿撒勒城上猶太去,到了大衛的城,名叫伯利恆,因他本是大衛一族一家的人,
ৰজা দায়ুদৰ বংশধৰ হোৱা হেতুকে যোচেফেও গালীল প্রদেশৰ নাচৰত নগৰৰ পৰা দায়ুদৰ নগৰ নামেৰে খ্যাত যিহূদাৰ বৈৎলেহম নগৰলৈ গ’ল।
5 要和他所聘之妻馬利亞一同報名上冊。那時馬利亞的身孕已經重了。
যোচেফে তেওঁলৈ বাগ্দান কৰা মৰিয়মকো লগত লৈ নাম লিখাবৰ বাবে গ’ল। সেই সময়ত মৰিয়ম গর্ভৱতী আছিল।
6 他們在那裏的時候,馬利亞的產期到了,
পাছত তেওঁলোক তাতে থাকোতে, মৰিয়মৰ প্ৰসৱৰ কাল পূৰ্ণ হ’ল।
7 就生了頭胎的兒子,用布包起來,放在馬槽裏,因為客店裏沒有地方。
তেওঁ নিজৰ প্রথম পুত্ৰ সন্তান প্ৰসৱ কৰিলে আৰু তেওঁক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থলে; কাৰণ অতিথিশালাত তেওঁলোকৰ কাৰণে থকা ঠাই নাছিল।
8 在伯利恆之野地裏有牧羊的人,夜間按着更次看守羊群。
সেই অঞ্চলত কিছুমান মেষৰখীয়াই ৰাতি পথাৰত নিজৰ নিজৰ জাকবোৰ পহৰা দি আছিল।
9 有主的使者站在他們旁邊,主的榮光四面照着他們;牧羊的人就甚懼怕。
হঠাতে প্ৰভুৰ দূত এজন আহি তেওঁলোকৰ ওচৰত উপস্থিত হ’ল আৰু তেতিয়াই প্রভুৰ মহিমা তেওঁলোকৰ চাৰিওফালে উজ্জ্বল হৈ প্ৰকাশিত হ’ল; তাতে তেওঁলোকৰ অতিশয় ভয় লাগিল।
10 那天使對他們說:「不要懼怕!我報給你們大喜的信息,是關乎萬民的;
১০তেতিয়া দূতে তেওঁলোকক কলে, “ভয় নকৰিবা; কিয়নো চোৱা, যি শুভবার্তা সকলো লোকৰ কাৰণে হব, সেই মহা আনন্দৰ শুভবার্তা মই তোমালোকৰ আগত ঘোষণা কৰোঁ যে,
11 因今天在大衛的城裏,為你們生了救主,就是主基督。
১১আজি দায়ুদৰ নগৰত তোমালোকৰ কাৰণে ত্ৰাণকর্তা জন্মিল; তেওঁ অভিষিক্ত প্ৰভু খ্ৰীষ্ট।
12 你們要看見一個嬰孩,包着布,臥在馬槽裏,那就是記號了。」
১২তোমালোকলৈ এয়ে চিন হব যে, ল’ৰা জনক কাপোৰেৰে মেৰিয়াই দানা পাত্ৰত শুৱাই থোৱা দেখা পাবা।”
13 忽然,有一大隊天兵同那天使讚美上帝說:
১৩তেতিয়া অকস্মাতে স্বর্গবাহিনীৰ এক বৃহৎ দলে সেই দূতৰ লগ ল’লে আৰু ঈশ্বৰৰ প্রশংসা কৰি কবলৈ ধৰিলে,
14 在至高之處榮耀歸與上帝! 在地上平安歸與他所喜悅的人 !
১৪“উৰ্দ্ধলোকত ঈশ্বৰৰ মহিমা, আৰু পৃথিৱীত তেওঁৰ প্ৰীতিৰ পাত্ৰ মানুহবোৰৰ মাজত শান্তি।”
15 眾天使離開他們,升天去了。牧羊的人彼此說:「我們往伯利恆去,看看所成的事,就是主所指示我們的。」
১৫পাছত স্বর্গৰ দূত সকল তেওঁলোকৰ ওচৰৰ পৰা স্বৰ্গলৈ উলটি যোৱাত মেষৰখীয়াবোৰে পৰস্পৰে কোৱা-কুই কৰিলে, “ব’লা, এতিয়া আমি বৈৎলেহমলৈ যাওঁহক; যি ঘটনাৰ কথা প্রভুৱে আমাৰ আগত ঘোষণা কৰিলে, তাকে চাবলৈ যাওঁ ব’লা।”
16 他們急忙去了,就尋見馬利亞和約瑟,又有那嬰孩臥在馬槽裏;
১৬তাৰ পাছত তেওঁলোকে বেগাই বিচাৰি গ’ল, তাতে বিচাৰি যোৱাত মৰিয়ম, যোচেফ, আৰু দানা পাত্ৰত শুৱাই থোৱা ল’ৰা জনক দেখা পালে।
17 既然看見,就把天使論這孩子的話傳開了。
১৭এইদৰে দেখাৰ পাছত শিশুটিৰ বিষয়ে তেওঁলোকক যি যি কথা দূতে কৈছিল, সেই সকলো কথা তেওঁলোকে লোক সকলক জনালে।
18 凡聽見的,就詫異牧羊之人對他們所說的話。
১৮তাতে মেষৰখীয়া সকলৰ কথা শুনি সকলোৱে বিস্ময় মানিলে।
19 馬利亞卻把這一切的事存在心裏,反覆思想。
১৯কিন্তু মৰিয়মে হলে সেইবোৰ কথা মনতে সাঁচি থলে আৰু সেই বিষয়ে চিন্তা কৰিবলৈ ধৰিলে।
20 牧羊的人回去了,因所聽見所看見的一切事,正如天使向他們所說的,就歸榮耀與上帝,讚美他。
২০ইয়াৰ পাছত মেষৰখীয়াবোৰে তেওঁলোকক যি দৰে কোৱা হৈছিল, সেই অনুসাৰে সকলো দেখি আৰু শুনি তেওঁলোকে ঈশ্বৰৰ প্রশংসা স্তুতি কৰি ঘৰলৈ উলটি গ’ল।
21 滿了八天,就給孩子行割禮,與他起名叫耶穌;這就是沒有成胎以前,天使所起的名。
২১পাছে আঠ দিনৰ পাছত, যেতিয়া তেওঁৰ চুন্নৎ কৰিবৰ সময় হ’ল, তেতিয়া তেওঁলোকে শিশুটিৰ নাম যীচু ৰাখিলে; তেওঁ মাতৃগর্ভত স্থিতি হোৱাৰ আগেয়ে স্বর্গৰ দূতে এই নাম দিছিল।
22 按摩西律法滿了潔淨的日子,他們帶着孩子上耶路撒冷去,要把他獻與主,(
২২মোচিৰ বিধান অনুসাৰে শুচিকৰণৰ দিন উপস্থিত হোৱাত যোচেফ আৰু মৰিয়মে শিশু যীচুক প্রভুৰ ওচৰত উপস্থিত কৰিবৰ কাৰণে তেওঁলোক যিৰূচালেমত থকা মন্দিৰলৈ আনিলে।
23 正如主的律法上所記:「凡頭生的男子必稱聖歸主。」)
২৩কাৰণ প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে যে “প্ৰথমে জন্মা প্ৰতিজন পুত্র সন্তানক প্রভুৰ উদ্দেশ্যে ‘পবিত্ৰ’ বুলি কোৱা হব।”
24 又要照主的律法上所說,或用一對斑鳩,或用兩隻雛鴿獻祭。
২৪আৰু “এযোৰ কপৌ বা দুটা পাৰ পোৱালি” বলিদান কৰাৰ কথা যি দৰে প্রভুৰ বিধান-শাস্ত্ৰত লিখা আছে, তাক উৎসর্গ কৰিবলৈকো তেওঁলোক যিৰূচালেমলৈ আহিল।
25 在耶路撒冷有一個人,名叫西面;這人又公義又虔誠,素常盼望以色列的安慰者來到,又有聖靈在他身上。
২৫তেতিয়া যিৰূচালেমত চিমিয়োন নামেৰে এজন ধাৰ্মিক আৰু ঈশ্বৰভক্ত লোক আছিল আৰু তেওঁ ইস্ৰায়েলৰ সান্ত্বনাৰ কাৰণে অপেক্ষা কৰি আছিল। পবিত্ৰ আত্মা তেওঁৰ সৈতে আছিল।
26 他得了聖靈的啟示,知道自己未死以前,必看見主所立的基督。
২৬প্ৰভুৰ অভিষিক্ত জনক দেখা নাপায় মানে, তেওঁ মৃত্যুভোগ নকৰিব, এই কথা পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলৈ প্ৰকাশ কৰা হৈছিল।
27 他受了聖靈的感動,進入聖殿,正遇見耶穌的父母抱着孩子進來,要照律法的規矩辦理。
২৭সেইদিনা পবিত্র আত্মাৰ দ্বাৰা চালিত হৈ চিমিয়োন মন্দিৰলৈ আহিছিল। বিধানৰ বিধান পালন কৰিবলৈ মাক-বাপেকে শিশু যীচুক ভিতৰলৈ আনিলে।
28 西面就用手接過他來,稱頌上帝說:
২৮তেতিয়া চিমিয়োনে যীচুক কোলাত লৈ ঈশ্বৰৰ প্ৰশংসা কৰি ক’লে,
29 主啊!如今可以照你的話, 釋放僕人安然去世;
২৯“হে প্ৰভু, এতিয়া আপুনি নিজৰ প্রতিশ্রুতি অনুসাৰে আপোনাৰ দাসক শান্তিৰে বিদায় দিয়ক।
30 因為我的眼睛已經看見你的救恩-
৩০কিয়নো মোৰ চকুৱে আপোনাৰ পৰিত্রাণ দেখা পালে,
31 就是你在萬民面前所預備的:
৩১যি পৰিত্রাণ আপুনি সকলো লোকৰ সাক্ষাতে প্রস্তুত কৰিলে।
32 是照亮外邦人的光, 又是你民以色列的榮耀。
৩২তেওঁ অনা-ইহুদী সকলৰ আগত সত্য প্রকাশ কৰাৰ এক পোহৰ হব আৰু তেৱেঁই আপোনাৰ প্রজা ইস্ৰায়েল লোকৰ গৌৰৱ হব।”
33 孩子的父母因這論耶穌的話就希奇。
৩৩শিশুটিৰ বিষয়ে চিমিয়োনে যি সকলো কথা ক’লে, সেই বিষয় শুনি মাক-বাপেক বিস্মিত হৈ গ’ল।
34 西面給他們祝福,又對孩子的母親馬利亞說:「這孩子被立,是要叫以色列中許多人跌倒,許多人興起;又要作毀謗的話柄,叫許多人心裏的意念顯露出來;你自己的心也要被刀刺透。」
৩৪তাৰ পাছত চিমিয়োনে তেওঁলোকক আশীৰ্বাদ কৰি যীচুৰ মাক মৰিয়মক ক’লে, “মনোযোগেৰে শুনা! এই শিশুটিয়েই ইস্ৰায়েলৰ মাজত অনেকৰ পতন আৰু উত্থানৰ কাৰণ হব আৰু তেওঁ এনে এক চিন হ’ব যাৰ বিৰুদ্ধে অনেকেই কথা কব;
৩৫তাতে বহু লোকৰ মনৰ ভাৱনা প্রকাশ হৈ পৰিব আৰু তোমাৰ নিজৰ হৃদয় শূলে বিন্ধিব।”
36 又有女先知,名叫亞拿,是亞設支派法內力的女兒,年紀已經老邁,從作童女出嫁的時候,同丈夫住了七年就寡居了,
৩৬সেই ঠাইতে হান্না নামৰ এগৰাকী ভাববাদিনী আছিল। তেওঁ আচেৰ ফৈদৰ পনুৱেলৰ জীয়েক। তেওঁৰ অনেক বয়স হৈছিল। বিবাহৰ পাছত তেওঁ স্বামীৰ সৈতে সাত বছৰ থাকিল
37 現在已經八十四歲,並不離開聖殿,禁食祈求,晝夜事奉上帝。
৩৭আৰু পাছত চৌৰাশী বছৰ বয়সলৈকে তেওঁ বিধৱাৰ জীৱন কটালে। তেওঁ মন্দিৰ এৰি কলৈকো যোৱা নাছিল; দিনে ৰাতিয়ে উপবাস আৰু প্রার্থনাৰে ঈশ্বৰৰ আৰাধনা কৰিছিল।
38 正當那時,她進前來稱謝上帝,將孩子的事對一切盼望耶路撒冷得救贖的人講說。
৩৮ঠিক সেই সময়তে, তেওঁ তেওঁলোকৰ ফালে আগবাঢ়ি আহি ঈশ্বৰক ধন্যবাদ দিবলৈ আৰম্ভ কৰিলে আৰু যিৰূচালেমৰ মুক্তিৰ অপেক্ষাত থকা সকলোকে সেই শিশুটিৰ বিষয়ে ক’বলৈ ধৰিলে।
39 約瑟和馬利亞照主的律法辦完了一切的事,就回加利利,到自己的城拿撒勒去了。
৩৯প্ৰভুৰ বিধানৰ মতে কৰিবলগীয়া সকলো নিয়ম সম্পূর্ণ কৰি যোচেফ আৰু মৰিয়ম নিজৰ নগৰ গালীল প্ৰদেশৰ নাচৰতলৈ উলটি আহিল।
40 孩子漸漸長大,強健起來,充滿智慧,又有上帝的恩在他身上。
৪০পাছে শিশুটি ক্রমে ক্রমে বৃদ্ধি পাই শক্তিমান হব ধৰিলে আৰু জ্ঞানেৰেও পূর্ণ হব ধৰিলে; ঈশ্বৰৰ অনুগ্ৰহ তেওঁৰ ওপৰত আছিল।
41 每年到逾越節,他父母就上耶路撒冷去。
৪১নিস্তাৰ-পৰ্ব পালন কৰিবলৈ প্রত্যেক বছৰে যীচুৰ মাক আৰু বাপেক যিৰূচালেমলৈ যায়।
42 當他十二歲的時候,他們按着節期的規矩上去。
৪২যীচুৰ বয়স যেতিয়া বাৰ বছৰ, তেতিয়া তেওঁলোকে যথা ৰীতি মতে সেই পর্বলৈ গৈছিল।
43 守滿了節期,他們回去,孩童耶穌仍舊在耶路撒冷。他的父母並不知道,
৪৩পর্বৰ সকলো ৰীতি শেষ কৰি তেওঁলোক যেতিয়া ঘৰলৈ উলটি আহিছিল, তেতিয়া ল’ৰা যীচু যিৰূচালেমতে ৰৈ গ’ল; কিন্তু তেওঁৰ মাক-বাপেকে এই কথা জনা নাছিল।
44 以為他在同行的人中間,走了一天的路程,就在親族和熟識的人中找他,
৪৪তেওঁলোকৰ সৈতে যাত্রা কৰা দলৰ লগতে যীচু আছে বুলি ভাবি, তেওঁলোক এদিনৰ বাট গ’ল। পাছত তেওঁলোকে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱৰ মাজত তেওঁক বিচাৰিবলৈ ধৰিলে।
45 既找不着,就回耶路撒冷去找他。
৪৫কিন্তু মানুহৰ মাজত বিচাৰি নাপায় যিৰূচালেমলৈ পুণৰ ঘূৰি আহি তেওঁলোকে যীচুক তাত বিচাৰি ফুৰিব ধৰিলে।
46 過了三天,就遇見他在殿裏,坐在教師中間,一面聽,一面問。
৪৬তিনি দিনৰ পাছত তেওঁলোকে যীচুক মন্দিৰত পালে। তেওঁ অধ্যাপক সকলৰ মাজত বহি তেওঁলোকৰ কথা শুনি আছিল আৰু নানা প্ৰশ্ন সুধি আছিল।
47 凡聽見他的,都希奇他的聰明和他的應對。
৪৭আৰু যি সকলে তেওঁৰ কথা শুনিলে, তেওঁলোক সকলোৱে তেওঁৰ বুদ্ধি আৰু উত্তৰত বিস্ময় মানিলে।
48 他父母看見就很希奇。他母親對他說:「我兒!為甚麼向我們這樣行呢?看哪,你父親和我傷心來找你!」
৪৮মাক-বাপেকেও তেওঁক দেখি আচৰিত হ’ল৷ মাকে তেওঁক ক’লে, “বোপা, তুমি আমালৈ কিয় এইদৰে কৰিলা? তোমাৰ দেউতাৰা আৰু মই তোমাক বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ।”
49 耶穌說:「為甚麼找我呢?豈不知我應當以我父的事為念嗎 ?」
৪৯তেতিয়া তেওঁলোকক তেওঁ ক’লে, “তোমালোকে কি কাৰণে মোক বিচাৰি ফুৰিছা? মই মোৰ পিতৃৰ ঘৰত থকা যে উচিত, ইয়াক জানো তোমালোকে নাজানা?”
50 他所說的這話,他們不明白。
৫০কিন্তু তেওঁ কি কথা কব বিচাৰিছিল, সেই কথাৰ অৰ্থ তেওঁলোকে বুজি নাপালে।
51 他就同他們下去,回到拿撒勒,並且順從他們。他母親把這一切的事都存在心裏。
৫১তাৰ পাছত তেওঁলোকৰ লগত তেওঁ নাচৰতলৈ উভটি গ’ল আৰু তেওঁলোকৰ বাধ্য হৈ থাকিল। তেওঁৰ মাকে এই সকলো কথা মনত ৰাখিলে।
52 耶穌的智慧和身量,並上帝和人喜愛他的心,都一齊增長。
৫২কিন্তু এইদৰে যীচু জ্ঞান আৰু বয়সত বৃদ্ধি পাব ধৰিলে; আৰু ঈশ্বৰৰ অনুগ্ৰহ সৈতে, মানুহৰ প্রেমত অধিককৈ বাঢ়ি যাব ধৰিলে।

< 路加福音 2 >