< 诗篇 29 >

1 大卫的诗。 神的众子啊,你们要将荣耀、能力归给耶和华, 归给耶和华!
হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
2 要将耶和华的名所当得的荣耀归给他, 以圣洁的妆饰敬拜耶和华。
যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।
3 耶和华的声音发在水上; 荣耀的 神打雷, 耶和华打雷在大水之上。
জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।
4 耶和华的声音大有能力; 耶和华的声音满有威严。
যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
5 耶和华的声音震破香柏树; 耶和华震碎黎巴嫩的香柏树。
যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
6 他也使之跳跃如牛犊, 使黎巴嫩和西连跳跃如野牛犊。
তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।
7 耶和华的声音使火焰分岔。
যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
8 耶和华的声音震动旷野; 耶和华震动加低斯的旷野。
যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
9 耶和华的声音惊动母鹿落胎, 树木也脱落净光。 凡在他殿中的,都称说他的荣耀。
যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”
10 洪水泛滥之时,耶和华坐着为王; 耶和华坐着为王,直到永远。
১০যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।
11 耶和华必赐力量给他的百姓; 耶和华必赐平安的福给他的百姓。
১১যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!

< 诗篇 29 >