< Genesis 13 >

1 Choncho Abramu pamodzi ndi mkazi wake ndi zonse anali nazo, anachoka ku Igupto kupita ku Negevi. Loti naye anapita nawo.
তেতিয়া অব্ৰামে তেওঁৰ ভাৰ্যা আৰু তেওঁলোকৰ সকলো বয়-বস্তুৰে সৈতে মিচৰ দেশ এৰি নেগেভলৈ গ’ল; সেই সময়ত লোটও তেওঁলোকৰ লগত আছিল।
2 Abramu anali wolemera kwambiri; anali ndi ziweto ndiponso siliva ndi golide.
এই সময়ত অব্ৰাম অতিশয় ধনী আছিল। তেওঁৰ অনেক পশু, সোণ আৰু ৰূপ আছিল।
3 Atachoka ku Negevi, anayenda malo osiyanasiyana mpaka anafika ku Beteli, ku malo a pakati pa Beteli ndi Ai, kuja kumene anamanga tenti poyamba,
পাছত তেওঁ নেগেভৰ পৰা যাত্রা কৰি কৰি বৈৎএল পর্যন্ত গ’ল। এই বৈৎএল আৰু অয় নগৰৰ মধ্যৱর্তী স্থানতে পূৰ্বতে তেওঁৰ তম্বু আছিল।
4 ndiponso kumene Abramu anamangira Yehova guwa lansembe kwa nthawi yoyamba ndi kupemphera mʼdzina la Yehova.
এই ঠাইতে তেওঁ আগেয়ে নির্ম্মাণ কৰা যজ্ঞবেদীটো আছিল আৰু তাত তেওঁ যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিছিল।
5 Loti amene ankayendayenda ndi Abramu nayenso anali ndi ziweto zosiyanasiyana ndi matenti.
অব্ৰামৰ যাত্রাত একেলগে থকা যি লোট, তেওঁৰ নিজৰো বহুত মেৰ-ছাগ, পশুৰ জাক, আৰু তম্বু আছিল।
6 Motero dziko linayamba kuwachepera kuti onse nʼkukhala pamodzi, popeza katundu wawo anali wochuluka kwambiri moti sakanatha kukhala pamodzi.
অব্রাম আৰু লোট উভয়ৰ কাৰণে একেলগে কাষত থাকি বাস কৰিবলৈ সেই ঠাই যথেষ্ট নাছিল, কাৰণ তেওঁলোকৰ সা-সম্পদ বহুত বেছি আছিল।
7 Mikangano inayambika pakati pa abusa a Abramu ndi abusa a Loti. Nthawi imeneyo nʼkuti Akanaani ndi Aperezi akukhalanso mʼdziko lomwelo.
তাৰ উপৰি অব্ৰাম আৰু লোটৰ পশু-ৰখীয়াৰ মাজতো বিবাদ আৰম্ভ হৈছিল। সেই সময়ত কনানীয়া আৰু পৰিজ্জীয়াসকলো সেই দেশত বাস কৰিছিল।
8 Tsono Abramu anati kwa Loti, “Pasakhale mikangano pakati pa iwe ndi ine kapena pakati pa abusa ako ndi anga, popeza ndife abale.
তেতিয়া অব্ৰামে লোটক ক’লে, “চোৱা, আমি আত্মীয় হওঁ আৰু সেয়ে, মোৰে তোমাৰে মাজত, মোৰ পশু-ৰখীয়া আৰু তোমাৰ পশু-ৰখীয়াৰ মাজত বিবাদ হোৱাটো উচিত নহব;
9 Kodi dziko lonseli silili pamaso pako? Tiye tisiyane. Iwe ukalowera kumanzere, ine ndilowera kumanja; ukalowera kumanja, ine ndipita kumanzere.”
গোটেই দেশখনেই জানো তোমাৰ আগত নাই? সেয়ে তুমি মোৰ পৰা বেলেগ হোৱা উচিত; তুমি বাওঁহাতে গ’লে, মই সোঁহাতে যাম; নাইবা তুমি সোঁহাতে গ’লে মই বাওঁহাতে যাম।”
10 Loti atamwazamwaza maso anaona kuti chigwa chonse cha mtsinje wa Yorodani chinali chothiriridwa bwino ngati munda wa Yehova, kapena ngati dziko la ku Igupto mpaka ku Zowari. (Nthawi iyi nʼkuti Yehova asanawononge Sodomu ndi Gomora).
১০তেতিয়া লোটে চাৰিওফালে চাই দেখিলে যে যৰ্দ্দন নদীৰ পাৰৰ গোটেই সমতল ভূমিত চোৱৰলৈকে প্রচুৰ পানী আছে; সেই ঠাইখিনি যিহোৱাৰ বাগিছাৰ নিচিনা আৰু মিচৰ দেশৰ নিচিনা; যিহোৱাই চদোম আৰু ঘমোৰা নগৰ ধ্বংস কৰাৰ পূৰ্বতে এই সমতল ভূমি তেনেকুৱা আছিল।
11 Choncho Loti anadzisankhira yekha chigwa chonse cha Yorodani nanyamuka kulowera cha kummawa. Choncho anthu awiriwa anasiyana.
১১তেতিয়া লোটে যৰ্দ্দন নদীৰ গোটেই সমভূমিলৈ নিজৰ কাৰণে বাচি লৈ পূব ফাললৈ যাত্ৰা কৰিলে; এইদৰে তেওঁলোক এজন আন জনৰ কাষৰ পৰা বেলেগ হৈ গ’ল।
12 Abramu anakhala mʼdziko la Kanaani, pamene Loti anakakhala pakati pa mizinda ikuluikulu ya mʼchigwamo. Anamanga tenti yake pafupi ndi Sodomu.
১২অব্ৰামে কনান দেশত আৰু লোটে সেই সমভূমিৰ নগৰবোৰত বাস কৰিবলৈ ধৰিলে। লোটে চদোমৰ ওচৰত তম্বু তৰিলে।
13 Tsono anthu a ku Sodomu anali oyipa ndiponso ankachimwira Yehova kwambiri.
১৩চদোমত বাস কৰা অধিবাসীসকল অতিশয় দুষ্ট আছিল আৰু যিহোৱাৰ বিৰুদ্ধে তেওঁলোকে ভীষণ পাপ কৰিছিল।
14 Loti atachoka, Yehova anati kwa Abramu, “Kuchokera pamene ulipo tayangʼanayangʼana cha kumpoto, kummwera, kummawa ndi kumadzulo.
১৪অব্ৰামৰ পৰা লোট বেলেগ হৈ যোৱাৰ পাছত যিহোৱাই অব্ৰামক ক’লে, “তুমি যি ঠাইত থিয় হৈ আছা, তাৰ পৰা উত্তৰ-দক্ষিণ আৰু পূব-পশ্চিমলৈ এবাৰ চোৱা;
15 Dziko lonse ukulionalo ndidzalipereka kwa iwe ndi zidzukulu zako mpaka muyaya.
১৫যি সকলো ঠাই তুমি দেখিছা, তাক মই তোমাক আৰু তোমাৰ বংশক চিৰকালৰ কাৰণে দিম।
16 Ndidzakupatsa zidzukulu zochuluka ngati fumbi lapansi moti amene angathe kuwerenga fumbilo ndiye kuti angathenso kuwerenga zidzukulu zako.
১৬মই তোমাৰ বংশৰ লোকসকলক পৃথিবীৰ ধূলিৰ নিচিনা অসংখ্য কৰিম; কোনোৱে যদি পৃথিবীৰ ধূলি গণিব পাৰে, তেন্তে তোমাৰ বংশকো গণিব পাৰিব।
17 Dzuka ndipo uyendere dziko lonseli mulitali ndi mulifupi pakuti ndalipereka kwa iwe.”
১৭উঠা, এই ভূমিৰ দীঘে পথালিয়ে ঘূৰি ফুৰা; কিয়নো মই তোমাক এই দেশখনকে দিম।”
18 Choncho Abramu anasamutsa tenti yake napita kukakhala pafupi ndi mitengo ikuluikulu ija ya thundu ya ku Mamre ku Hebroni, kumene anamangira Yehova guwa lansembe.
১৮তেতিয়া অব্ৰামে তেওঁৰ তম্বু তুলি ল’লে আৰু হিব্ৰোণ এলেকালৈ আহি মম্ৰিৰ ওক গছবোৰৰ ওচৰত নিবাস কৰিলে। সেই ঠাইত তেওঁ যিহোৱাৰ উদ্দেশে এটা যজ্ঞ-বেদী নিৰ্ম্মাণ কৰিলে।

< Genesis 13 >