< 2 Mbiri 1 >

1 Solomoni mwana wa Davide anakhazikika molimbika mu ufumu wake, pakuti Yehova Mulungu wake anali naye ndipo anamukweza kwambiri.
দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে।
2 Tsono Solomoni anayankhula kwa Aisraeli onse, olamulira a anthu 1,000, olamulira a anthu 100, oweruza ndiponso kwa atsogoleri onse a Israeli ndi atsogoleri amabanja.
পাছত চলোমনে গোটেই ইস্ৰায়েলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইস্ৰায়েলৰ মাজত থকা প্ৰতিজন মূখ্যলোকৰ সৈতে কথা ক’লে।
3 Solomoni pamodzi ndi gulu lonse la anthu anapita ku malo ofunika kwambiri pachipembedzo ku Gibiyoni. Tenti ya msonkhano ya Mulungu inali kumeneko, imene Mose mtumiki wa Yehova anayipanga mʼchipululu muja.
পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল।
4 Davide anabweretsa Bokosi la Mulungu kuchokera ku Kiriyati Yearimu, ndi kulikhazika kumalo kumene analikonzera popeza analimangira tenti mu Yerusalemu.
কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।
5 Koma guwa lansembe lamkuwa limene Bezaleli mwana wa Uri, mwana wa Huri analipanga linali ku Gibiyoni kutsogolo kwa tenti ya Yehova. Kotero kuti Solomoni ndi gulu lonse anakapembedza kumeneko.
আৰু হূৰৰ নাতিয়েক ঊৰীৰ পুত্ৰ বচলেলে নিৰ্ম্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়োনত যিহোৱাৰ আবাসৰ আগত আছিল; তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়।
6 Solomoni anapita pamene panali guwa lansembe lamkuwa pamaso pa Yehova mu tenti ya msonkhano ndipo anapereka nsembe zopsereza 1,000.
পাছত চলোমনে তালৈ উঠি গৈ, সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত যিহোৱাৰ আগত এক হাজাৰ হোম-বলি উৎসৰ্গ কৰিলে।
7 Usiku umenewo Mulungu anaonekera kwa Solomoni ndipo anati kwa iye, “Pempha chilichonse chimene ukufuna ndipo ndidzakupatsa.”
সেই ৰাতিয়েই ঈশ্বৰে চলোমনক দৰ্শন দি ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা?”
8 Solomoni anayankha Mulungu kuti, “Inu munaonetsa kukoma mtima kwakukulu kwa Davide abambo anga ndipo mwayika ine kukhala mfumu mʼmalo mwake.
তাতে চলোমনে ঈশ্বৰক ক’লে, “তুমি মোৰ পিতৃ দায়ূদক মহা অনুগ্ৰহ কৰিলা, আনকি তেওঁৰ পদত মোক ৰজা পাতিলা।
9 Tsopano Inu Yehova Mulungu, lolani kuti lonjezo lanu kwa abambo anga Davide likwaniritsidwe, pakuti mwandiyika kukhala mfumu ya anthu anu amene ndi ochuluka ngati fumbi la pa dziko lapansi.
এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ূদৰ আগত কোৱা বাক্য সিদ্ধ হওঁক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোক সকলৰ ওপৰত মোক ৰজা পাতিলা৷
10 Mundipatse nzeru ndi luntha zolamulira anthu awa, pakuti ndani amene angathe kulamulira anthu anu ochulukawa?”
১০এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
11 Mulungu anati kwa Solomoni, “Popeza izi ndi zokhumba za mtima wako ndipo sunapemphe katundu, chuma kapena ulemu, kapena imfa ya adani ako, ndiponso poti sunapemphe moyo wautali koma nzeru ndi luntha kuti ulamulire anthu anga amene Ine ndakuyika kukhala mfumu yawo,
১১তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা।
12 Ine ndidzakupatsa nzeru ndi chidziwitso. Ndipo ndidzakupatsanso katundu, chuma ndi ulemu, zinthu zoti palibe mfumu imene inali nazo iwe usanakhalepo ndipo palibe wina amene adzakhale nazo iweyo ukadzafa.”
১২এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
13 Kotero Solomoni anabwerera ku Yerusalemu kuchoka kumalo opembedzerako a ku Gibiyoni, ku tenti ya msonkhano ndipo analamulira Israeli.
১৩পাছে চলোমনে গিবিয়োনৰ ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা যিৰূচালেমলৈ আহিল আৰু ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি থাকিল।
14 Solomoni anasonkhanitsa magaleta ndi akavalo; anali ndi magaleta 1,400 ndi akavalo 12,000, amene anawayika mʼmizinda yosungira magaleta ndipo ena anali ndi iye mu Yerusalemu.
১৪পাছে চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক গোটালে: তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ সিহঁতক নানা ৰথ-নগৰত আৰু আনকি ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
15 Mfumu inasandutsa siliva ndi golide kukhala ngati miyala wamba mu Yerusalemu. Inasandutsanso mkungudza kukhala wochuluka ngati mitengo ya mkuyu ya ku zigwa.
১৫ৰজাই যিৰূচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
16 Solomoni amagula akavalo ku Igupto ndi Kuwe pakuti anthu amalonda a mfumu amakawagula ku Kuwe.
১৬আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিচৰৰ পৰা অনা; আৰু সেই ঘোঁৰাবোৰ ৰজা-ঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনে।
17 Anthu ankagula galeta ku Igupto pa mtengo wa masekeli asiliva 600 ndipo kavalo pa mtengo wa ndalama zasiliva 150. Iwo ankazigulitsanso kwa mafumu onse a Ahiti ndi a Aramu.
১৭আৰু মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হয়।

< 2 Mbiri 1 >