< 1 Mbiri 7 >

1 Ana a Isakara anali awa: Tola, Puwa, Yasubu ndi Simironi ndipo onse analipo anayi.
ইচাখৰৰ চাৰি জন পুত্র আছিল; তেওঁলোক হ’ল, তোলা, পূৱা, যাচূব, আৰু চিম্ৰোণ।
2 Ana a Tola ndi awa: Uzi, Refaya, Yerieli, Yahimai, Ibisamu ndi Samueli. Awa anali atsogoleri a mabanja awo. Pa nthawi ya ulamuliro wa Davide zidzukulu za Tola zomwe zinali anthu odziwa kumenya nkhondo zinalipo 22,600.
তোলাৰ পুত্র সকল হ’ল, উজ্জী, ৰফায়া, যিৰিয়েল, যহময়, যিবচম, আৰু চমূৱেল। এওঁলোক পূৰ্বপূৰুষৰ পৰা অহা বংশৰ মূল মানুহ। এয়াই হ’ল, তোলাৰ বংশ। তেওঁলোক শক্তিশালী আৰু সাহিয়াল আছিল, দায়ূদৰ সময়ত তেওঁলোকৰ সংখ্যা বাইশ হাজাৰ ছশ জন আছিল।
3 Mwana wa Uzi anali Izirahiya. Ana a Izirahiya anali: Mikayeli, Obadiya, Yoweli ndi Isiya. Onse asanu anali atsogoleri a mabanja.
উজ্জীৰ পুত্র যিজ্ৰহিয়া, যিজ্ৰহিয়াৰ পুত্র মীখায়েল, ওবদিয়া, যোৱেল, আৰু যিচিয়া, এই পাঁচ জনৰ সকলোৱেই নিজ গোষ্ঠীৰ নেতা আছিল।
4 Monga mwa chiwerengero cha mabanja awo, panali anthu 36,000 odziwa kumenya nkhondo, pakuti iwo anali ndi akazi ndi ana ambiri.
তেওঁলোকৰ সৈতে পিতৃ-বংশৰ জাতি অনুসাৰে যুদ্ধৰ বাবে ছয়ত্ৰিশ হাজাৰ সৈন্য আছিল। তেওঁলোকৰ বহুতো ভাৰ্যা আৰু সন্তান আছিল।
5 Abale awo onse a mʼbanja la Isakara amene anali odziwa kumenya nkhondo analipo 87,000, olembedwa potsata mibado yawo.
পূৰ্বপূৰুষৰ জাতিৰ তালিকা অনুযায়ী ইচাখৰৰ জাতিৰ ভিতৰত তেওঁলোকৰ সাতাশী হাজাৰ যুদ্ধাৰু আছিল।
6 Ana atatu a Benjamini anali awa: Bela, Bekeri ndi Yediaeli.
বেলা, বেখৰ, আৰু যিদীয়েল; এই তিনি জন আছিল বিন্যামীনৰ পুত্র।
7 Ana a Bela anali awa: Eziboni, Uzi, Uzieli, Yerimoti ndi Iri. Iwowa anali atsogoleri a mabanja awo ndipo onse pamodzi analipo asanu. Pa mndandanda wa mʼbado wawo panali anthu 22,034 odziwa kumenya nkhondo.
বেলাৰ পাঁচ জন পুত্র হ’ল, ইচবোন, উজ্জী, উজ্জীয়েল, যিৰীমোৎ, আৰু ঈৰী। তেওঁলোক নিজৰ গোষ্ঠীৰ মূল ব্যক্তি আৰু সৈনিক আছিল। পূৰ্বপূৰুষৰ তালিকা অনুযায়ী তেওঁলোকৰ যুদ্ধাৰুৰ সংখ্যা বাইশ হাজাৰ চৌত্ৰিশ জন আছিল।
8 Ana a Bekeri anali awa: Zemira, Yowasi, Eliezara, Eliyoenai, Omiri, Yeremoti, Abiya, Anatoti ndi Alemeti. Onsewa anali ana a Bekeri.
জমীৰা, যোৱাচ, ইলীয়েজৰ, ইলিয়োঐনয়, অম্ৰী, যিৰোমোৎ, অবিয়া, অনাথোৎ, আৰু আলেমৎ; এই সকলো বেখৰৰ সন্তান।
9 Pa mndandanda wa mʼbado wawo panali atsogoleri a mabanja ndi anthu 20,200 odziwa kumenya nkhondo.
তালিকাত দিয়া গোষ্ঠীৰ সংখ্যা অনুযায়ী বিশ হাজাৰ দুশ পৰিয়ালৰ নেতা আৰু যুদ্ধাৰু লোক আছিল।
10 Mwana wa Yediaeli anali Bilihani. Ana a Bilihani anali awa: Yeusi, Benjamini, Ehudi, Kenaana, Zetani, Tarisisi ndi Ahisahara.
১০যিদীয়েলৰ পুত্র বিলহন। বিলহনৰ পুত্র যিয়ূচ, বিন্যামীন, অহূদ, কনানা, জেথন, তৰ্চীচ, আৰু অহীচহৰ।
11 Ana onsewa a Yediaeli anali atsogoleri a mabanja. Analipo anthu 17,200 amene anali okonzeka kupita ku nkhondo.
১১এই সকলো যিদীয়েলৰ সন্তান। তেওঁলোকৰ গোষ্ঠীৰ তালিকা অনুযায়ী সোঁতৰ হাজাৰ দুশ নেতা আৰু সৈনিকৰ কাৰ্যৰ বাবে উপযুক্ত যুদ্ধাৰু লোক আছিল।
12 Asupi ndi Ahupi anali zidzukulu za Iri, ndipo Ahusimu anali zidzukulu za Aheri.
১২চুপ্পীম আৰু হুপ্পীম ঈৰৰ বংশৰ আছিল আৰু অহেৰৰ বংশৰ আছিল হূচীম
13 Ana a Nafutali anali awa: Yahazieli, Guni, Yezeri ndi Salumu, zidzukulu za Biliha.
১৩নপ্তালীৰ পুত্র যহচীয়েল, গূনী, যেচৰ, আৰু চল্লুম। এই লোকসকল আছিল বিলহাৰ নাতি ল’ৰা।
14 Ana a Manase anali awa: Asirieli ndi mwana amene anabereka kwa mzikazi wake wa ku Aramu. Mzikazi yemweyo anaberekanso Makiri abambo ake a Giliyadi.
১৪অস্ৰীয়েলৰ পুত্র আছিল মনচি। অস্রীয়েলৰ অৰামীয়া উপপত্নীয়ে তেওঁক জন্ম দিছিল। তেওঁ গিলিয়দৰ পিতৃ মাখীৰকো জন্ম দিছিল।
15 Makiri anatenga mkazi wa banja la Ahupi ndi Asupi. Mlongo wake anali Maaka. Mwana wake wina anali Zelofehadi, amene anabereka ana aakazi okhaokha.
১৫মাখীৰে হুপ্পীম আৰু চুপ্পীমৰ বংশৰ পৰা এগৰাকী যুৱতীক ভাৰ্যা ৰূপে গ্রহণ কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকৰ নাম আছিল মাখা। মনচিৰ আন বংশধৰ আছিল চলফাদ, চলফাদৰ কেৱল জীয়েকহে আছিল।
16 Maaka mkazi wa Makiri anabereka mwana wamwamuna ndipo anamutcha Perezi. Mʼbale wake anamutcha Seresi, ndipo ana ake anali Ulamu ndi Rakemu.
১৬মাখীৰৰ ভাৰ্যা মাখাই এটি পুত্ৰ প্ৰসৱ কৰি তেওঁৰ নাম পেৰচ ৰাখিলে, পেৰচৰ ভায়েকৰ নাম চেৰচ, আৰু চেৰচৰ পুত্র সকলৰ নাম উলম আৰু ৰেকম।
17 Mwana wa Ulamu anali Bedani. Awa anali ana a Giliyadi mwana wa Makiri, mwana wa Manase.
১৭উলমৰ পুত্র বদান। এওঁলোক মনচিৰ নাতি মাখীৰৰ পুত্র গিলিয়দৰ সন্তান আছিল।
18 Mlongo wake Hamoleketi anabereka Isihodi, Abiezeri ndi Mahila.
১৮গিলিয়দৰ ভনীয়েক হম্মোলেকতে ইচহোদ, অবীয়াচৰ, আৰু মহলাক প্ৰসৱ কৰিলে।
19 Ana a Semida anali: Ahiyani, Sekemu, Likihi ndi Aniyamu.
১৯আৰু চমীদাৰ পুত্র অহিয়ন, চেখম, লিকহী, আৰু অনীয়াম।
20 Ana a Efereimu anali awa: Sutela, Beredi, Tahati, Eliada, Tahati,
২০তলত উল্লেখিত সকল ইফ্ৰয়িমৰ বংশৰ লোকসকল: ইফ্ৰয়িমৰ পুত্র চুথেলহ, চুথেলহৰ পুত্র বেৰদ, বেৰদৰ পুত্র তহৎ, তহতৰ পুত্র ইলিয়াদা, ইলিয়াদৰ পুত্র তহৎ,
21 Zabadi, Sutela. Ezeri ndi Eladi anaphedwa ndi anthu a ku Gati, pamene anabwera kudzalanda zoweta zawo.
২১তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
22 Efereimu, abambo awo, anawalira masiku ambiri, ndipo abale ake anabwera kudzamutonthoza.
২২তেওঁলোকৰ পিতৃ ইফ্ৰয়িমে বহুত দিনলৈকে তেওঁলোকৰ বাবে শোক কৰিছিল, আৰু তেওঁৰ ভাই সকলে তেওঁক শান্ত্বনা দিবলৈ আহিছিল।
23 Kenaka anagona ndi mkazi wake, ndipo anakhala woyembekezera nabala mwana wamwamuna. Anamutcha dzina lake Beriya, chifukwa tsoka linagwera banja lake.
২৩তেওঁ নিজৰ ভাৰ্য্যাৰ লগত শয়ন কৰিলে। তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁলোকৰ ঘৰত সেই সময়ত অমঙ্গল ঘটিছিল কাৰণে ইফ্ৰয়িমে তাৰ নাম ৰবীয়া ৰাখিলে।
24 Mwana wake wamkazi anali Seera, amene anamanga mzinda wa Beti-Horoni Wakumunsi, Wakumtunda kudzanso Uzeni-Seera.
২৪তেওঁৰ জীয়েকৰ নাম আছিল চেৰা। চেৰাই ওপৰ আৰু তল বৈৎ-হোৰোণ আৰু উজ্জেন চেৰা নিৰ্ম্মাণ কৰিছিল।
25 Mwana wina wa Efereimu anali Refa amene zidzukulu zake zinali Resefu, Tela, Tahani,
২৫ৰবীয়াৰ পুত্র আছিল ৰেফহ। ৰেফহৰ পুত্র আছিল ৰেচফ। ৰেচফৰ পুত্র আছিল তেলহ। তেলহৰ পুত্র আছিল তহন।
26 Ladani, Amihudi, Elisama,
২৬তহনৰ পুত্র আছিল লদ্দন। লদ্দনৰ পুত্র আছিল অম্মীহূদ। অম্মীহূদৰ পুত্র আছিল ইলীচামা।
27 Nuni ndi Yoswa.
২৭ইলীচামাৰ পুত্ৰ আছিল নূন। নুনৰ পুত্ৰ আছিল যিহোচূৱা।
28 Malo amene ankakhala anali Beteli ndi midzi yozungulira, cha kummawa kunali Naarani, Gezeri ndi midzi yake ya kumadzulo ndi Sekemu ndi midzi yake mpaka ku Aya ndi midzi yake.
২৮তেওঁলোকে বৈৎএল আৰু তাৰ চাৰিওফালৰ গাওঁ অধিকাৰ কৰি তাতে বসবাস কৰিছিল। তেওঁলোকে পূবদিশে নাৰণ, পশ্চিমদিশে গেজৰ আৰু তাৰ গাওঁসমূহ, চিখিম আৰু তাৰ গাওঁসমূহ, অহিয়া আৰু তাৰ গাওঁসমূহলৈকে বিস্তাৰিত হৈছিল।
29 Mʼmbali mwa malire a Manase munali Beti-Seani, Taanaki, Megido ndi Dori, pamodzi ndi midzi yake. Zidzukulu za Yosefe mwana wa Israeli zimakhala mʼmizinda imeneyi.
২৯মনচিৰ সীমাত বৈৎ-চান আৰু তাৰ গাওঁসমূহ, তানক আৰু তাৰ গাওঁসমূহ, মগিদ্দো আৰু তাৰ গাওঁসমূহৰ লগতে দোৰ আৰু তাৰ গাওঁসমূহ। এইবোৰ ঠাইত ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ বংশৰ লোকসকলে বাস কৰিছিল।
30 Ana a Aseri anali awa: Imuna, Isiva, Isivi ndi Beriya. Mlongo wawo anali Sera.
৩০আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া আৰু তেওঁলোকৰ ভনীয়েক চেৰহ আছিল।
31 Ana a Beriya anali awa: Heberi ndi Malikieli amene anabereka Birizaiti.
৩১বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। এওঁ বিৰ্জয়িতৰ পিতৃ আছিল।
32 Heberi anabereka Yafuleti, Someri, Hotamu ndi Suwa, mlongo wawo.
৩২হেবৰৰ পুত্র যফলেট, চোমেৰ, আৰু হোথম। এওঁলোকৰ চূৱা নামেৰে ভনী আছিল।
33 Ana a Yafuleti anali awa: Pasaki, Bimuhali ndi Asivati. Awa anali ana a Yafuleti.
৩৩যফলেটৰ পুত্র পাচক, বিমহল, আৰু অশ্বৎ। এওঁলোক যফলেটৰ সন্তান।
34 Ana a Someri anali awa: Ahi, Rohiga, Yehuba ndi Aramu.
৩৪যফলেটৰ ভায়েক চেমৰৰ পুত্রসকল: ৰহগা, যিহুব্বা, আৰু আৰাম।
35 Ana a mʼbale wake Helemu anali awa: Zofa, Imuna, Selesi ndi Amali.
৩৫চেমৰৰ ভায়েক হেলমৰ পুত্রসকল: চোফহ, যিম্না চেলচ, আৰু আমল।
36 Ana a Zofa anali awa: Suwa, Harineferi, Suwali, Beri, Imula,
৩৬চোফহৰ পুত্র চূহ, হৰ্ণেফৰ, চূৱাল, বেৰী, আৰু যিম্ৰা,
37 Bezeri, Hodi, Sama, Silisa, Itirani ndi Bera.
৩৭বেৰচ, হোদ, চম্মা, চিলচা, ষিত্ৰণ, আৰু বেৰা।
38 Ana a Yeteri anali awa: Yefune, Pisipa ndi Ara.
৩৮যেথৰৰ পুতেক যিফুন্নি, পিস্পা, আৰু অৰা।
39 Ana a Ula anali awa: Ara, Hanieli ndi Riziya.
৩৯উল্লাৰ বংশধৰসকল হ’ল আৰহ, হন্নীয়েল, আৰু ৰিচিয়া।
40 Onsewa anali zidzukulu za Aseri, atsogoleri a mabanja, anthu omveka, ankhondo olimba mtima, ndi akuluakulu pakati pa atsogoleri anzawo. Chiwerengero cha anthu odziwa kumenya nkhondo chomwe chinalembedwa chinali 26,000.
৪০এই সকলো আচেৰৰ বংশধৰ আছিল। এওঁলোক গোষ্ঠীৰ মূল ব্যক্তি, পৰিয়ালৰ নেতা, বিশিষ্ট লোক, যুদ্ধাৰু, আৰু নেতাসকলৰ মাজত প্ৰধান আছিল। তেওঁলোকৰ গণনাৰ তালিকা অনুসৰি যুদ্ধৰ বাবে ছাবিশ হাজাৰ উপযুক্ত সৈনিক আছিল।

< 1 Mbiri 7 >