< Езекил 32 >

1 И в дванадесетата година, в дванадесетия месец, на първия ден от месеца, Господното слово дойде към мене и рече:
তেতিয়া আমাৰ নিৰ্বাসনৰ দ্বাদশ বছৰৰ দ্বাদশ মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 Сине човешки, дигни плач за египетския цар Фараон, и кажи му: Уподобил си се на млад лъв между народите, но си като чудовище в моретата; и устремил си се в реките си, и мътиш водите с нозете си, и тъпчеш реките им.
“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ বাবে বিলাপ কৰা, আৰু তেওঁক কোৱা, ‘তুমি নিজকে জাতিবোৰৰ মাজত ডেকা সিংহ বুলি ভাবিছা, কিন্তু তুমি সমুদ্ৰত থকা মকৰ মাথোন; তোমাৰ নদীবোৰত তুমি উৎপাত কৰিছা, তোমাৰ ভৰিৰে জল সমূহ আস্ফালন কৰিছা আৰু তাৰ সুঁতিবোৰ ঘোলা কৰিছা’!”
3 Така казва Господ Иеова: Затова, ще простра мрежата Си върху тебе със събрание от много племена, които ще те извлекат в мрежата Ми.
প্ৰভু যিহোৱাই এই কথা কৈছে: গতিকে মই অনেক লোক সকলে সৈতে, তোমাৰ ওপৰত মোৰ জাল পেলাম, আৰু তেওঁলোকে তোমাক মোৰ জালেৰে আনিব!
4 И ще те оставя на земята, ще те отхвърля на отвореното поле, ще направя да кацнат на тебе всичките небесни птици, и ще наситя с тебе зверовете на целия свят.
পাছত মই তোমাক বামত এৰি দিম! মই তোমাক পথাৰত পেলাই দিম আৰু আকাশৰ আটাই পক্ষীক তোমাৰ ওপৰত পৰিবলৈ দিম; আৰু গোটেই পৃথিৱীৰ ভোকত থকা জন্তুবোৰে তোমাক ভক্ষন কৰি সিহঁতৰ হেপাহ পলোৱাব।
5 Ще туря месата ти на планините, ще напълня долините с купове от твоите убити,
মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ মাংস পেলাম আৰু তোমাৰ দীঘল শৱেৰে উপত্যকাবোৰ পৰিপূৰ্ণ কৰিম!
6 и ще напоя с кръвта ти земята гдето плаваш, дори до планините; и реките ще се напълнят с тебе.
তেতিয়া মই পৰ্ব্বতবোৰৰ ওপৰত তোমাৰ তেজ বাকি দিম, আৰু জুৰি বৈ যোৱা উপত্যকাবোৰ তোমাৰে পূৰ হ’ব!
7 И когато те угася, ще покрия небето и ще помрача звездите му; ще покрия слънцето с облак, и луната няма да свети със светлината си.
আৰু তেতিয়া মই তোমাক নুমুউৱা সময়ত, মই আকাশ-মণ্ডলক ঢাকিম, আৰু তৰাবোৰৰ দীপ্তি নাইকিয়া কৰিম; মই এডোখৰ মেঘেৰে সূৰ্যক ঢাকিম আৰু চন্দ্ৰই পোহৰ নিদিব।
8 Ще помрача над тебе всичките небесни светила, и ще туря тъмнина на твоята земя, казва Господ Иеова.
আকাশ-মণ্ডলৰ উজ্জ্বল দীপ্তিবোৰ মই তোমাৰ ওপৰত অন্ধকাৰময় কৰিম, আৰু তোমাৰ দেশৰ ওপৰত অন্ধকাৰ ব্যাপ্ত কৰিম!” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
9 Ще досаждам сърцето на много племена, когато докарам между народите разорените останали от тебе, в страни, които ти не си познал.
“যেতিয়া মই জাতিবোৰৰ মাজলৈ, তুমি নজনা দেশবোৰলৈ তোমাৰ বিনাশৰ বাৰ্ত্তা আনিম, তেতিয়া মই দেশসমূহৰ লোকৰ হৃদয়ত বেজাৰ দিম।
10 Да! ще направя да се удивят поради тебе много племена; и царете им ще се ужасят много поради тебе, когато размахат меча Си пред тях, и ще треперят всяка минута, всеки за живота си, в деня на падането ти.
১০এনে কি, যেতিয়া মই অনেক জাতিৰ আৰু তেওঁলোকৰ ৰজাসকলৰ আগত মোৰ তৰোৱাল ঘূৰাম, তেতিয়া সেই জাতিবোৰক মই তোমাৰ বিষয়ে বিস্মিত কৰিম, আৰু সেই ৰজাসকলে তোমাক দেখি শিয়ৰি উঠিব; আৰু তোমাৰ পতনৰ দিনা তেওঁলোক প্ৰতিজনে নিজ নিজ প্ৰাণৰ বাবে প্ৰত্যেক মূহূৰ্ত্তত কঁপি উঠিব।”
11 Защото така казва Господ Иеова: Мечът на вавилонския цар ще дойде върху тебе.
১১কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: “বাবিলৰ ৰজাৰ তৰোৱালখনে তোমাৰ বিৰুদ্ধে আক্ৰমণ কৰিব।
12 С ножовете на силните ще сваля множеството ти; те всички са страшните между народите; те ще разорят гордостта на Египет, и цялото му множество ще погине.
১২ৰণুৱাসকলৰ তৰোৱালৰ দ্বাৰাই মই তোমাৰ লোক সমূহক নিপাত কৰিম; প্রত্যেক ৰণুৱাই জাতি সমূহৰ ভয়ানক লোক! এই ৰণুৱাসকলে মিচৰৰ গৰ্ব্বৰ বস্তু লুট কৰিব, আৰু তাৰ আটাই লোক সমূহক নষ্ট কৰিব।
13 И ще изтребя всичките му животни от при много води; няма вече да ги размъти човешка нога, и копито на животно няма да ги размъти.
১৩মই অনেক জল সমূহৰ কাষৰ পৰা তাৰ আটাই পশুক উচ্ছন্ন কৰিম; আৰু মানুহৰ ভৰিয়ে বা পশুৰ খুৰাই তাৰ পানীখিনি ঘোলা নলৰিব!
14 Тогава ще избистря водите им, и ще направя реките им да текат като масло, казва Господ Иеова.
১৪তেতিয়া মই তাৰ পানীবোৰ নিৰ্ম্মল কৰিম আৰু তাৰ নৈ বোৰ তেলৰ নিচিনাকৈ বোৱাম।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা!
15 Когато направя Египетската земя разорена и пуста, земя лишена от това, което я изпълваше, когато поразя всички, които живеят в нея, тогава ще познаят, че Аз към Господ.
১৫“যেতিয়া মই মিচৰ দেশ ধ্বংসস্থান আৰু উচ্ছন্ন কৰিম, তাত উৎপন্ন হোৱা আটাই বস্তু তাত নাইকিয়া কৰিম; যেতিয়া মই তাৰ নিবাসী আটাইকে প্ৰহাৰ কৰিম, তেতিয়া, মই যে যিহোৱা, ইয়াকে তেওঁলোকে জানিব!
16 Това е плачът, с който ще се оплакват; дъщерите на народите ще се оплакват с него. За Египет и за цялото му множество ще оплакват с него, казва Господ Иеова.
১৬এয়ে কৰিবলগীয়া তেওঁলোকৰ বিলাপ! জাতিবোৰৰ জীয়াৰীসকলে ইয়াৰে বিলাপ কৰিব, তেওঁলোকে গোটেই মিচৰত বিলাপ কৰিব। তেওঁলোকে আটাই দাসবোৰৰ বাবে বিলাপ কৰিব!” এয়েই প্ৰভু যিহোৱাৰ ঘোষণা!
17 Пак в дванадесетата година, в дванадесетия месец, на петнадесетия ден от месеца, Господното слово дойде към мене и рече:
১৭পাছে দ্বাদশ বছৰত মাহৰ পঞ্চদশ দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
18 Сине човешки, заридай за множеството на Египет, и яви свалянето им, да! него и дъщерите на знаменитите народи, в най-дълбоките места на света, с ония, които слизат в ямата.
১৮“হে মনুষ্য সন্তান, তুমি মিচৰৰ দাসকলৰ বিষয়ে ক্রন্দন কৰা, আৰু তেওঁলোকক তললৈ পেলাই দিয়া - তাক আৰু বিখ্যাত জাতি সমূহৰ জীয়াৰীসকলে গাতলৈ নামিব লগাবোৰে সৈতে পৃথিৱীৰ অৰ্দ্ধভাগলৈ পেলাই দিয়া!
19 От кого си по-хубав? Слез и лежи с необрязаните.
১৯তুমি সকলোতকৈ সুন্দৰী নে? নামি যোৱা অচুন্নৎসকলৰ লগত শয়ন কৰা!
20 Ще паднат всред убитите от нож; ножът се приготви; отвлечете него и всичките му множества.
২০তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হোৱা লোকসকলৰ মাজত পতিত হ’ব! মিচৰক তৰোৱালত শোধাই দিয়া হৈছে; তাইৰ শত্রুসকলে তাইক আৰু তাইৰ দাসবোৰক টানি লৈ যাব!
21 Най-мощните между силните ще му говорят отсред преизподнята, заедно с ония, които му помагаха; слязоха, лежат необрязани, убити от нож. (Sheol h7585)
২১পৰাক্ৰমী বীৰসকলে চিয়োলত তাইৰ আৰু তাইৰ সহায়কাৰীসকলক কথা ক’ব: তৰোৱালৰ দ্বাৰাই হত হোৱা অচুন্নৎসকল তললৈ নামি গৈ পৰি আছে!’ (Sheol h7585)
22 Там е Асурс и цялата му дружина; гробовете му са около него; всички убити паднали от нож,
২২অচূৰ আৰু তাৰ আটাই লোক সমূহ তাত আছে; তাইৰ মৈদামবোৰ তাইৰ চাৰিওফালে আছে; তেওঁলোক আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল।
23 чиито гробове са поставени в дълбочината на ямата, и дружината му около гроба му; всички убити, паднали от нож, тия, които причиняваха ужас в земята на живите.
২৩তেওঁলোকৰ মৈদামবোৰ গাতৰ অন্তভাগত কৰা হ’ল আৰু তাৰ লোক সমূহ তাৰ মৈদামৰ চাৰিওফালে আছে। আটাইবোৰ হত হ’ল, তৰোৱালৰ দ্বাৰাই পতিত হ’ল আৰু তেওঁলোকৰ মৈদামবোৰ চাৰিওফালে আছে, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাসৰ সৃষ্টি কৰিছিল!
24 Там е Елам и цялото му множество около гроба му; всички убити, паднали от нож, слезли необрязани в най-дълбоките места на света; те причиняваха трепет в земята на живите, но понесоха срама си както всички други, които слизат в ямата.
২৪এলম, আৰু তাইৰ মৈদামৰ চাৰিওফালে তাইৰ লোক সমূহ তাত আছে; তেওঁলোক আটাইবোৰ হত হ’ল; তৰোৱলৰ দ্বাৰাই পতিত হ’ল! যিসকল তৰোৱালৰ দ্বাৰাই পতিত হ’ল, তেওঁলোক অচুন্নৎ অৱস্থাৰেই পৃথিৱীৰ অৰ্দ্ধভাগলৈ নামি গ’ল, যিসকলে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
25 Всред убитите поставиха легло за него с цялото му множество; гробовете му около него; те всички са необрязани, убити от нож, защото бяха причинявали ужас в земята на живите; но понесоха срама си както всички други, които слизат в ямата; той е поставен всред убитите.
২৫হত লোকসকলৰ মাজত, এলম, তাইৰ আটাই লোক সকলে সৈতে তাৰ বাবে এক শয্যা যুগুত কৰা হ’ল; তাইৰ চাৰিওফালে তাৰ মৈদামবোৰ আছে; তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল, কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে; এলম, হত লোকসকলৰ মাজত ৰখা হৈছে!
26 Там е Мосох, Тувал, и цялото му множество; гробовете му са около него; всички са необрязани, убити от нож; защото причиняваха ужас в земята на живите.
২৬মেচেক তুবল, আৰু তাৰ আটাই দাসবোৰ তাত আছে! তাৰ চাৰিওফালে তেওঁলোকৰ মৈদামবোৰ আছে! তেওঁলোক আটাইবোৰ অচুন্নৎ, তেওঁলোক তৰোৱালৰ দ্বাৰাই হত হ’ল; কিয়নো তেওঁলোকে জীৱিতসকলৰ দেশত ত্ৰাস জন্মাইছিল।
27 Те няма да лежат със силните паднали измежду необрязаните, които слязоха в преизподнята с бойните си оръжия, и туриха ножовете си под главите си; но техните беззакония ще са върху костите им, защото са причинявали ужас на силните в земята на живите. (Sheol h7585)
২৭যি বীৰসকল অচুন্নৎ অৱস্থাৰে পতিত হ’ল, যিসকলে নিজ নিজ যুদ্ধৰ অস্ত্ৰেৰে সৈতে চিয়োললৈ নামি গ’ল, যিসকলৰ তৰোৱাল তেওঁলোকৰ মূৰৰ তলত থোৱা হ’ল, আৰু জীৱিতসকলৰ দেশত বীৰসকলৰ ত্ৰাস জন্মোৱাৰ কাৰণে যিসকলৰ হাড়বোৰত তেওঁলোকৰ অপৰাধ লাগি আছে, সেই বীৰসকলৰ লগত, তেওঁলোক নুশুব। (Sheol h7585)
28 Но и ти ще бъдеш сломен всред необрязаните, и ще лежиш с убитите от нож.
২৮গতিকে তুমি মিচৰ, তুমিও অচুন্নৎসকলৰ মাজত ভগ্ন হ’বা! আৰু তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে শয়ন কৰিবা।
29 Там е Едом, царете му, и всичките му първенци, които, отсечени всред силата си, са положени между убитите от нож; те ще лежат с необрязаните и с ония, които слизат в ямата.
২৯ইদোম, তাইৰ ৰজাসকল, আৰু তাইৰ আটাই প্ৰধান লোক তাত আছে; তেওঁলোক পৰাক্ৰমী হ’লেও, তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ সৈতে তেওঁলোকক ৰখা হৈছে; তেওঁলোক অচুন্নৎসকলৰ সৈতে, গাতলৈ নামি যোৱাসকলৰ লগত শুব।
30 Там са всичките северни князе, и всичките сидонци, които слязоха с убитите; въпреки ужаса, който причиняваха от силата си, те се посрамиха; и лежат необрязани с убитите от нож, и понасят срама си както всички други, които слизат в ямата.
৩০হত হোৱাসকলেৰে সৈতে নামি যোৱা উত্তৰদেশীয় অধিপতি আটাইবোৰ, আৰু আটাই চীদোনীয়া লোক তাত আছে! তেওঁলোকে নিজ নিজ পৰাক্ৰমৰ দ্বাৰাই ত্ৰাস জন্মোৱাতো তেওঁলোকে লাজ পাইছে, আৰু তেওঁলোকে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎ অৱস্থাৰেই পৰি আছে, আৰু গাতলৈ নামি যোৱাসকলেৰে সৈতে নিজৰ লাজৰ ভাৰ বৈছে।
31 Фараон ще ги види, и ще се утеши за цялото си мнозинство, - Фараон и цялата му войска, убити от нож, казва Господ Иеова.
৩১ফৰৌণে তেওঁলোকক দেখি নিজৰ আটাই লোক সকলৰ বাবে শান্ত্বনা পাব।” এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।
32 Защото Аз нанесох трепет от Мене върху земята на живите; и той ще бъде положен всред необрязаните, с убитите от нож, - Фараон и цялото му множество, казва Господ Иеова.
৩২“কিয়নো মই জীৱিতসকলৰ দেশত তাৰ ত্ৰাস জন্মাইছিলোঁ, আৰু প্ৰভু যিহোৱাই কৈছে তৰোৱালৰ দ্বাৰাই হত হোৱাসকলৰ লগত অচুন্নৎসকলৰ মাজত তাক ৰখা হ’ব, ফৰৌণ আৰু তাৰ আটাই লোক সমূহক ৰখা হ’ব। এয়েই হৈছে প্ৰভু যিহোৱাৰ ঘোষণা।

< Езекил 32 >