< ଲୁକ 5 >
1 ଗଟ୍ ଦିନ୍ ଜିସୁ ଗିନେସ୍ରଃତ୍ ସଃମ୍ନ୍ଦ୍ କଃଣ୍ଡାୟ୍ ଟିଆ ଅୟ୍ରିଲା, ସଃଡେବଃଳ୍ ଲକ୍ମଃନ୍ଦାମଃନ୍ ତାର୍ ତଃୟ୍ହୁଣି ଇସ୍ୱରାର୍ କଃତା ସୁଣୁକ୍ ତାର୍ ଉହ୍ରେ ମାଡାମାଡି ଅଃଉତି ରିଲାୟ୍;
১এদিন যীচু গিনেচৰৎ হ্রদৰ পাৰত থিয় হৈ আছিল আৰু বহুলোকে তেওঁক চাৰিওকাষে বেৰি ধৰি ঈশ্বৰৰ বাক্য শুনি আছিল।
2 ଆର୍ ସେ ସଃମ୍ନ୍ଦ୍ କଃଣ୍ଡାୟ୍ ଜଳେକ୍ ଡଙ୍ଗା ରିଲାର୍ ଦଃକ୍ଲା; ମାଚୁଆମଃନ୍ ସେତିହୁଣି ଉତ୍ରି ଜାଲ୍ ଦଃଉତି ରିଲାୟ୍ ।
২এনে সময়তে তেওঁ দেখিলে হ্রদৰ দাঁতিত দুখন নাও ৰৈ আছে আৰু মাছমৰীয়া সকলে নাও দুখনৰ পৰা নামি জাল ধুই আছে।
3 ସେତିର୍ ଡଙ୍ଗାମଃନାର୍ ବିତ୍ରେ ଜୁୟ୍ ଡଙ୍ଗା ସିମନାର୍ ରିଲି, ସେତି ଜିସୁ ଚଃଗ୍ଲା ଆର୍ କଃଣ୍ଡାୟ୍ ହୁଣି କଃଣ୍ଡେକ୍ ଦୁରିକ୍ ଜଃଉଁକେ ଗଃଉଆରି କଃଲାୟ୍; ଆର୍ ସେ ଡଙ୍ଗାୟ୍ହୁଣି ଲକ୍ମଃନ୍ଦାମଃନ୍କେ ସିକ୍ୟା ଦେଉଁକେ ଦଃର୍ଲା ।
৩তাৰে এখন নাৱত যীচু উঠিল, সেই নাও খন চিমোনৰ আছিল। যীচুৱে তেওঁক নাও খন বামৰ পৰা অলপ দূৰৈত লৈ যাবৰ বাবে ক’লে; তাৰ পাছত তেওঁ নাৱত বহিল আৰু তাৰ পৰাই লোক সকলক শিক্ষা দিব ধৰিলে।
4 ଜିସୁ କଃତା ସଃରାୟ୍କଃରି ସିମନ୍କ୍ କୟ୍ଲା, “ଡେଙ୍ଗ୍ ହାଣି ଲଃଗେ ଜାୟ୍ ମାଚ୍ ଦଃରୁକ୍ ତୁମାର୍ ଜାଲ୍ ହଃକାଉଆ ।”
৪তেওঁৰ কথা শেষ হোৱাত চিমোনক ক’লে, “এতিয়া দ পানী লৈ নাও খন লৈ ব’লা আৰু তাত মাছ ধৰাৰ কাৰণে তোমালোকৰ জাল পেলোৱা।”
5 ଆର୍ ହଃଚେ ସିମନ୍ ଉତୁର୍ ଦିଲା, “ଏ ଗୁରୁ, ଅଃମିମଃନ୍ ରାତିସଃରା କଃସ୍ଟ୍କଃରି କାୟ୍ରି ହେଁ ନଃଦେରୁ; ମଃତର୍ ତର୍ କଃତା ମାନି କଃରି ମୁଁୟ୍ ଜାଲ୍ ହଃକାୟ୍ନ୍ଦ୍ ।”
৫চিমোনে উত্তৰ দি ক’লে, “হে মহাশয়, আমি ওৰে ৰাতি পৰিশ্ৰম কৰি একো নাপালোঁ; তথাপি আপোনাৰ কথাত মই জাল পেলাম।”
6 ଆର୍ ସେମଃନ୍ ଜାଲ୍ ହଃକାୟ୍କଃରି ଗାଦେକ୍ ମାଚ୍ ଦଃର୍ଲାୟ୍, ଆରେକ୍ ସେମଃନାର୍ ଜାଲ୍ ଚିଡୁକ୍ ଦଃର୍ଲି ।
৬পাছত তেওঁলোকে তাত জাল পেলাওতে, প্রচুৰ মাছ জালত লাগিল আৰু তেওঁলোকৰ জাল ফাটিবলৈ ধৰিলে।
7 ସେତାର୍ଗିନେ ସେମଃନାର୍ ଜୁୟ୍ ସଃଙ୍ଗୁଆଳିମଃନ୍ ବିନ୍ ଡଙ୍ଗାୟ୍ ରିଲାୟ୍, ସେମଃନ୍ ଜଃନ୍କଃରି ଆସିକଃରି ଉହ୍କାର୍ କଃର୍ତି, ସେତାର୍ ଗିନେ ସେମଃନ୍ ସେମଃନ୍କେ ଆତ୍ ମାରି କୁଦ୍ଲାୟ୍ । ତଃବେ ସେମଃନ୍ ଆସି ଜଳେକ୍ ଡଙ୍ଗା ଇବାନ୍ୟା ମାଚ୍ ବଃର୍ତି କଃଲାକ୍ ତାକାର୍ ଡଙ୍ଗାମଃନ୍ ବୁଡୁକ୍ ଦଃର୍ଲି ।
৭তেতিয়া তেওঁলোকে সহায়ৰ কাৰণে আন নাৱত থকা সঙ্গী সকলক হাত বাউল দি মাতিলে আৰু সঙ্গী সকলে আহি দুয়োখন নাৱত ইমান মাছ ভৰালে যে, নাও ডুবো ডুবো হ’ল।
8 ମଃତର୍ ସିମନ୍ ପିତର୍ ଇ ସଃବୁ ଦଃକି ଜିସୁର୍ ହାଦ୍ ତଃଳେ ହଃଳି କୟ୍ଲା, “ଏ ମାପ୍ରୁ, ମର୍ ତଃୟ୍ହୁଣି ଦୁରିକ୍ ଜାଆ, କାୟ୍ତାକ୍ବଃଲେକ୍ ମୁଁୟ୍ ଗଟେକ୍ ହାହି ମାନାୟ୍ ।”
৮ইয়াকে দেখি চিমোন পিতৰে যীচুৰ চৰণত পৰি ক’লে, “প্ৰভু মই এজন পাপী মানুহ, আপুনি মোৰ ওচৰৰ পৰা আতৰি যাওক।”
9 କାୟ୍ତାକ୍ବଃଲେକ୍ ସେମଃନ୍ ଅଃତେକ୍ ମାଚ୍ ଦଃରି ରିଲାୟ୍ ଜେ, ସେରି ଦଃକି ସିମନ୍ ଆର୍ ତାର୍ ସଃଙ୍ଗୁଆଳିମଃନ୍ କାବା ଅୟ୍ଲାୟ୍ ।
৯ইমানবোৰ মাছ দেখি চিমোন আৰু তেওঁৰ লগত মাছ ধৰোতে একেলগে থকা লোক সকল অবাক হৈ গ’ল।
10 ଆରେକ୍ ଜେବଦିର୍ ଜଳେକ୍ ହୟ୍ସି ଜାକୁବକ୍ ଆର୍ ଜହନ୍, ଜୁୟ୍ମଃନ୍ କି ସିମନାର୍ ସଃଙ୍ଗ୍ ରିଲାୟ୍, ସେମଃନ୍ ହେଁ ସେରଃକମ୍ କାବା ଅୟ୍ଲାୟ୍ । ଆରେକ୍ ଜିସୁ ସିମନ୍କେ କୟ୍ଲା, “ଡିର୍ନାୟ୍, ଆଜିହୁଣି ତୁୟ୍ ମାନାୟ୍ମଃନ୍କେ ଦଃର୍ସି ।”
১০চিমোনৰ ব্যৱসায়ৰ সঙ্গী চিবদিয়ৰ পুতেক যাকোব আৰু যোহনও আচৰিত হ’ল। তেতিয়া যীচুৱে চিমোনক ক’লে, “ভয় নকৰিবা, এতিয়াৰ পৰা তুমি মনুষ্য ধৰিবা।”
11 ସେତାର୍ ହଃଚେ ସେମଃନ୍ ଡଙ୍ଗାମଃନ୍ କଃଣ୍ଡାୟ୍ ଆଣି ସଃବୁ ଚାଡି କଃରି ଜିସୁର୍ ହଃଚେ ଗଃଲାୟ୍ ।
১১পাছে তেওঁলোকে নাও কেইখন বামলৈ আনি সকলো ত্যাগ কৰি যীচুৰ অনুগামী হ’ল।
12 ଗଟ୍ତର୍ ଜିସୁ ଗଟ୍ ଗଃଳେ ରିଲା ବଃଳ୍, ଦଃକା, ସେତି ଗଟେକ୍ ବଃଡ୍ ରଗି ରିଲା; ସେ ଜିସୁକେ ଦଃକି ମୁଣ୍ଡିଆ ମାରିକଃରି କାନିକଃର୍ମ୍ ଅୟ୍ କୟ୍ଲା, “ଏ ମାପ୍ରୁ, ତୁୟ୍ ଜଦି ମଃନ୍ କଃର୍ସି, ତଃବେ ମକ୍ ଉଜ୍ କଃରୁ ହାର୍ସି ।”
১২এবাৰ যীচু অন্য এখন নগৰত আছিল। তাত সর্ব শৰীৰ কুষ্ঠ ৰোগেৰে ভৰা এজন মানুহে যীচুক দেখি উবুৰি হৈ পৰিল আৰু মিনতি কৰি তেওঁক ক’লে, “প্ৰভু, আপুনি যদি ইচ্ছা কৰে, তেনেহলে মোক শুচি কৰিব পাৰে।”
13 ସେତାର୍ ଗିନେ ଜିସୁ ଆତ୍ ଲାମାୟ୍ ତାକ୍ ଚୁୟ୍କଃରି କୟ୍ଲା, “ମୁଁୟ୍ ମଃନ୍ କଃରୁଲେ, ତୁୟ୍ ଉଜ୍ ଅଃଉ ।” ସେଦାହ୍ରେ ବଃଡ୍ ରଗ୍ ତାର୍ ତଃୟ୍ହୁଣି ଦୁର୍ ଅୟ୍ଲି ।
১৩তেতিয়া যীচুৱে হাত মেলি তেওঁক চুই ক’লে, “মই এতিয়াই ইচ্ছা কৰিছোঁ, তুমি শুচি হোৱা।” আৰু তেতিয়াই তেওঁৰ শৰীৰৰ পৰা কুষ্ঠৰোগ আতৰিল।
14 ଆର୍ ଜିସୁ ତାକ୍ କୟ୍ଲା, “କାକେ ହେଁ କଃଉ ନାୟ୍, ମଃତର୍ ସଃଳ୍କେ ଜାଜକ୍ ଲଃଗେ ଜାଆ, ଆର୍ ସେ ତକେ ପରିକ୍ୟା କଃରି ଦଃକ, ତାର୍ହଃଚେ ତୁୟ୍ ନିର୍ମୁଳ୍ ଅୟ୍ ଆଚ୍ସି ବଃଲି ବିନ୍ ଲକ୍ମଃନାର୍ ତଃୟ୍ ସାକି ଦେଉଁକ୍ ମସାର୍ ବିଦି ହଃର୍କାରେ ଦାନ୍ ଦେସ୍ ।”
১৪তাৰ পাছত যীচুৱে তেওঁক এই আদেশ দিলে “এই কথা কাকো নকবা। কিন্তু যোৱা, পুৰোহিতৰ ওচৰত নিজকে দেখুওৱাগৈ আৰু লোক সকলৰ আগত সাক্ষ্য হবলৈ শুচি হোৱাৰ কাৰণে মোচিৰ নির্দেশ অনুসৰি বলি উৎসৰ্গ কৰাগৈ।”
15 ମଃତର୍ ଜିସୁର୍ କଃତା ଆରେକ୍ ଅଃଦିକ୍ ଉର୍ଜି ଅୟ୍ଲି, ଆରେକ୍ ଅଲେକାର୍ ଲକ୍ ତାର୍ ସିକ୍ୟା ସୁଣୁକ୍ ଆର୍ ନିଜାର୍ ନିଜାର୍ ରଗେ ହୁଣି ଉଜ୍ ଅଃଉଁକେ ତାର୍ ହାକ୍ ଆୟ୍ଲାୟ୍ ।
১৫তথাপি যীচুৰ বিষয়ে নানা খবৰ অধিক ৰূপত বিয়পি গ’ল আৰু তেওঁৰ কথা শুনিবলৈ আৰু ৰোগৰ পৰা সুস্থ হবৰ বাবে বহুলোকে তেওঁৰ ওচৰলৈ আহি ভিৰ কৰিব ধৰিলে।
16 ମଃତର୍ ସେ ଲକ୍ବାକ୍ ନୟ୍ଲା ସିଣିନ୍ଦ୍ ଜଃଗାୟ୍ମଃନ୍ ରଃୟ୍ ପାର୍ତ୍ନା କଃର୍ତିରିଲା ।
১৬কিন্তু যীচুৱে প্রায়ে আতৰি গৈ নির্জন ঠাইত প্ৰাৰ্থনা কৰি আছিল।
17 ଗଟ୍ଦିନ୍ ଜିସୁ ସିକ୍ୟା ଦେତିରିଲା, ଆର୍ ଗାଲିଲିର୍ ସଃବୁ ଗାଉଁ, ଆରେକ୍ ଜିଉଦା ରାଜି ଆର୍ ଜିରୁସାଲମେ ହୁଣି ଆସିରିଲା ପାରୁସି ଆର୍ ଦଃର୍ମ୍ ଗୁରୁମଃନ୍ ଲଃଗେ ବଃସି ରିଲାୟ୍ । ଆର୍ ଜିସୁ ଜଃନ୍କଃରି ରଗ୍ ଉଜ୍ କଃରେଦ୍, ଇତାର୍ ଗିନେ ମାପ୍ରୁର୍ ସଃକ୍ତି ସେତି ଆୟ୍ଲି ।
১৭এদিন তেওঁ শিক্ষা দি থকা সময়ত কেইজনমান ফৰীচী আৰু বিধানৰ অধ্যাপক তাত বহি আছিল। তেওঁলোক গালীল আৰু যিহূদা অঞ্চলৰ বিভিন্ন গাওঁ আৰু যিৰূচালেম নগৰৰ পৰাও আহিছিল। ৰোগী সুস্থ কৰিবলৈ প্ৰভুৰ শক্তি যীচুৰ লগত আছিল।
18 ଆରେକ୍ ଦଃକା, କଃତେକ୍ ଲକ୍ ଗଟେକ୍ ଏକ୍ଅଃଙ୍ଗି ରଗିକେ କଃଟେ ବୟ୍ଆଣି ତାକ୍ ବିତ୍ରେ ନେଉଁକେ ଆର୍ ଜିସୁର୍ ମୁଏଁ ସଃଙ୍ଗାଉଁକ୍ ଉପାୟ୍ କଃର୍ତି ରିଲାୟ୍ ।
১৮তেনে সময়তে কেইজনমান মানুহে এজন পক্ষাঘাতগ্ৰস্ত ব্যক্তিক শয্যাৰে সৈতে কঢ়িয়াই আনিলে; তেওঁলোকে ৰোগীজনক যীচুৰ সন্মুখত থবলৈ ইচ্ছা কৰি ভিতৰত আনিবৰ বাবে চেষ্টা কৰিছিল।
19 ମଃତର୍ ଲକ୍ ମଃନ୍ଦାର୍ ଗିନେ ତାକ୍ ବିତ୍ରେ ନେଉଁକେ ବାଟ ନଃମିଳ୍ଲାକ୍ ସେମଃନ୍ ଗଃରାର୍ ଚାନି ଉହ୍ରେ ଜାୟ୍, ଚାନି କାଣା କଃରି କଃଟ୍ ସଃଙ୍ଗ୍ ତାକ୍ ମଃଜାୟ୍ ଜିସୁର୍ ଲଃଗେ ଉତ୍ରାୟ୍ଲାୟ୍ ।
১৯কিন্তু লোক সকলৰ ভিৰৰ কাৰণে ভিতৰলৈ যাবৰ বাবে বাট নাপালে। সেই কাৰণে তেওঁলোকে ঘৰৰ ওপৰত উঠি চালি আতৰাই শয্যাৰ সৈতে ৰোগীজনক লোক সকলৰ মাজত থকা যীচুৰ সন্মুখতে একেবাৰে নমাই দিলে।
20 ଜିସୁ ସେମଃନାର୍ ବିସ୍ୱାସ୍ ଦଃକି କୟ୍ଲା, “ଏ ବାୟ୍, ତର୍ ହାହ୍ ସଃବୁ କେମା କଃରାଅୟ୍ ଆଚେ ।”
২০তেওঁলোকৰ বিশ্বাস দেখি যীচুৱে ক’লে, “ভাই, তোমাৰ পাপ ক্ষমা কৰা হ’ল।”
21 ସେତାର୍ ଗିନେ ଦଃର୍ମ୍ଗୁରୁ ଆର୍ ପାରୁସିମଃନ୍ ନିଜାର୍ ନିଜାର୍ ବିତ୍ରେ କଃତାବାର୍ତା ଅୟ୍ ଇବାନ୍ୟା ବଃଲି କଃଉଁକେ ଦଃର୍ଲାୟ୍, “ଇ ମାନାୟ୍ ତ ଇସ୍ୱରାର୍ ଲିନ୍ଦା କଃରୁଲା, ଇ ମାନାୟ୍ କେ? ଅଃବ୍କା ମାପ୍ରୁକ୍ ଚାଡି ଆର୍ କେ ହାହ୍ କେମା କଃରୁହାରେ?”
২১তাতে বিধানৰ অধ্যাপক আৰু ফৰীচী সকলে এই আলোচনা কৰিবলৈ ধৰিলে, “ঈশ্বৰক নিন্দা কৰি কথা কোৱা এই জন কোন হয়? একমাত্র ঈশ্বৰৰ বাহিৰে আন কোনে পাপ ক্ষমা কৰিব পাৰে?”
22 ମଃତର୍ ଜିସୁ ସେମଃନାର୍ କଃତାବାର୍ତା ବୁଜିକଃରି ସେମଃନ୍କେ ଉତୁର୍ ଦିଲା, “ତୁମିମଃନ୍ ନିଜାର୍ ନିଜାର୍ ମଃନ୍ ବିତ୍ରେ କାୟ୍ରି କଃତାବାର୍ତା ଅଃଉଁଲାସ୍?
২২কিন্তু যীচুৱে তেওঁলোকৰ মনৰ চিন্তা বুজি পাই ক’লে, “আপোনালোকে মনলৈ কিয় এই প্রশ্ন আনিছে?
23 କାୟ୍ରି ଉପାସ୍? ତର୍ ହାହ୍ ସଃବୁ କେମା କଃରା ଅୟ୍ଲି ବଃଲି କଃଉତାର୍, କି ଉଟ୍ ଇଣ୍ଡି ଜାଆ ବଃଲି କଃଉତାର୍?
২৩কোনটো কবলৈ সহজ, ‘তোমাৰ পাপ ক্ষমা কৰা হল’ নে ‘তুমি উঠি খোজকাঢ়ি ফুৰা’?
24 ମଃତର୍ ହୁର୍ତିବିଏ ହାହ୍ କେମା କଃରୁକେ ନଃରାର୍ ହୟ୍ସିର୍ ଜେ ଅଃଦିକାର୍ ଆଚେ,” ଇରି ଜଃନ୍କଃରି ତୁମିମଃନ୍ ଜାଣୁ ହାରାସ୍, ଇତାର୍ ଗିନେ ଜିସୁ ଏକ୍ଅଃଙ୍ଗି ରଗିକ୍ କୟ୍ଲା, “ମୁଁୟ୍ ତକେ କଃଉଁଲେ, ଉଟ୍ ଆର୍ ନିଜାର୍ କଃଟ୍ ଦଃରି ନିଜାର୍ ଗଃରେ ଜାଆ ।”
২৪কিন্তু আপোনালোকে যেন জানিব পাৰে যে পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰক্ষমতা আছে।” সেয়ে তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে, “মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।”
25 ସେତାର୍ ହଃଚେ ସେ ସେଦାହ୍ରେ ସେମଃନାର୍ ମୁଏଁ ଉଟି, ଜୁୟ୍ କଃଟ୍ ଉହ୍ରେ ସେ ସୟ୍ରିଲା, ସେରି ଦଃରି ଇସ୍ୱରାର୍ ଗୁଣ୍ଗାୟ୍କଃରି ନିଜାର୍ ଗଃରେ ଗଃଲା ।
২৫লগে লগে সকলোৰে সন্মুখত মানুহ জন থিয় হ’ল আৰু যি শয্যাৰ ওপৰত তেওঁ শুই আছিল, সেই শয্যা তুলি লৈ ঈশ্বৰৰ প্রশংসা কৰি কৰি নিজৰ ঘৰলৈ উলটি গ’ল।
26 ସେତାର୍ ଗିନେ ସଃବୁଲକ୍ କାବା ଅୟ୍ ଇସ୍ୱରାର୍ ଗୁଣ୍ କଃଉଁକେ ଦଃର୍ଲାୟ୍ ଆର୍ ବେସି ଡିରିକଃରି କୟ୍ଲାୟ୍, “ଆଜି ଅଃମିମଃନ୍ କଃଡେକ୍ କାବା ଅଃଉତା କାମ୍ ଦଃକ୍ଲୁ ।”
২৬তাতে সকলো লোক আচৰিত হ’ল আৰু ভয়েৰে ঈশ্বৰৰ স্তুতি কৰি ক’লে, “আজি আমি আশ্চর্যজনক ঘটনা দেখিলোঁ।”
27 ଆର୍ ହଃଚେ ଜିସୁ ବାରାୟ୍ ଜାୟ୍ ଲେବି ନାଉଁଆର୍ ଗଟେକ୍ ରିବ୍ନି ବଃଙ୍ଗ୍ଲାୟ୍ ସିସ୍ଟୁ ମାଗ୍ତା ଟାଣେ ବଃସିରିଲାର୍ ଦଃକି ତାକ୍ କୟ୍ଲା, “ମର୍ ହଃଚେ ହଃଚେ ଆଉ ।”
২৭এই ঘটনাৰ পাছত, যীচু তাৰ পৰা বাহিৰলৈ ওলাই গ’ল আৰু কৰ আদায় কৰা ঠাইত লেবী নামৰ এজন কৰ-সংগ্রহক বহি থকা দেখি তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
28 ସେତାକ୍ ଲେବି ସଃବୁ ଚାଡିକଃରି ଉଟ୍ଲା ଆର୍ ଜିସୁର୍ ହଃଚେ ହଃଚେ ଜଃଉଁକେ ଦଃର୍ଲା ।
২৮তাতে লেবী উঠিল আৰু সকলো এৰি যীচুৰ অনুগামী হ’ল।
29 ଆରେକ୍ ଲେବି ନିଜାର୍ ଗଃରେ ଜିସୁର୍ ଗିନେ ଗଟେକ୍ ବଃଡ୍ ବଜି କଃଲା, ଆର୍ ଗାଦେକ୍ ରିବ୍ନି ଆର୍ ବିନ୍ ବିନ୍ ଲକ୍ ସେମଃନାର୍ ସଃଙ୍ଗ୍ ବଜି କାଉଁକେ ବଃସ୍ଲାୟ୍ ।
২৯তাৰ পাছত লেবীয়ে নিজৰ ঘৰত যীচুৰ কাৰণে এক বৰ ভোজ পাতিলে; তেওঁলোকৰ লগত অনেক কৰ-সংগ্রহক আৰু আন আন কিছুমান লোকো ভোজ মেজত বহিছিল আৰু খাই আছিল।
30 ସେତାର୍ ଗିନେ ପାରୁସିମଃନ୍ ଆର୍ ସେମଃନାର୍ ଦଃଳାର୍ ଦଃର୍ମ୍ଗୁରୁମଃନ୍ ଜିସୁର୍ ଚେଲାମଃନାର୍ ବିରଦେ କଃତା କଃଉଁକେ ଦଃର୍ଲାୟ୍, “ତୁମିମଃନ୍ କାୟ୍ତାକ୍ ରିବ୍ନି ଆର୍ ହାହିମଃନାର୍ ସଃଙ୍ଗ୍ କାଉଆହିଉଆ କଃରୁଲାସ୍?”
৩০তেতিয়া ফৰীচী আৰু তেওঁলোকৰ বিধানৰ অধ্যাপক সকলে যীচুৰ শিষ্য সকলৰ ওচৰত অভিযোগ কৰি ক’লে, “তোমালোকে কিয় কৰ-সংগ্রহক আৰু পাপী লোকৰ সৈতে ভোজন-পান কৰা?”
31 ଜିସୁ ସେମଃନ୍କେ ଉତୁର୍ ଦିଲା, “ନିକ ଲକ୍ମଃନାର୍ ଗିନେ ବୟ୍ଦ୍କାରି ଲଳା ନାୟ୍, ମଃତର୍ ରଗିମଃନାର୍ ଗିନେ ଲଳା ଆଚେ ।
৩১তেতিয়া যীচুৱে উত্তৰ দি ক’লে, “নিৰোগী মানুহৰ বেজত সকাম নাই; কিন্তু ৰোগীৰহে আছে।
32 ମୁଁୟ୍ ଦଃର୍ମି ଲକ୍ମଃନ୍କେ କୁଦୁକେ ନାସି, ମଃତର୍ ମଃନ୍ ବାଦ୍ଲାୟ୍ ଆସ୍ତା ହାହିମଃନ୍କେ କୁଦୁକେ ଆସିଆଚି ।”
৩২মই ধাৰ্মিক জনক নহয়; কিন্তু মন-পালটন কৰিবলৈ পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছোঁ।”
33 କଃତେକ୍ ଲକ୍ ଜିସୁକେ କୟ୍ଲାୟ୍, “ଜହନ୍ ଆର୍ ଚେଲାମଃନ୍ ତର୍କେ ତର୍ ଉହାସ୍ ଆର୍ ପାର୍ତନା କଃର୍ତି, ପାରୁସିମଃନାର୍ ଚେଲାମଃନ୍ ହେଁ ସେବାନ୍ୟା କଃର୍ତି, ମଃତର୍ ତର୍ ଚେଲାମଃନ୍ କାଉଆ ହିଉଆ କଃର୍ତି ।”
৩৩তেওঁলোকে যীচুক ক’লে, “যোহনৰ শিষ্য সকলে প্রায়ে প্রার্থনা কৰে আৰু লঘোন দিয়ে, ফৰীচী সকলৰ অনুগামী সকলেও সেইদৰে কৰে; কিন্তু আপোনাৰ শিষ্য সকলে সকলো সময়তে ভোজন-পান কৰে।”
34 ସେତାକ୍ ଜିସୁ ସେମଃନ୍କେ କୟ୍ଲା, “ବଃର ଗଚ୍ୟାମଃନାର୍ ସଃଙ୍ଗ୍ ବଃର ବିବା ଗଃରେ ରେତା ବଃଳ୍ ତୁମିମଃନ୍ କାୟ୍ ସେମଃନ୍କେ ଉହାସ୍ କଃରାଉଁ ହାରାସ୍? କଃବେ ହେଁ ନାୟ୍!
৩৪তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দৰা লগত থাকোতে বৰযাত্রী সকলক জানো কোনোৱে উপবাসে ৰাখিব পাৰে?
35 ମଃତର୍ ବେଳ୍ ଆସେଦ୍, ଜଃଡେବଃଳ୍ ସେମଃନାର୍ ତଃୟ୍ହୁଣି ବଃରକେ ଅଃଲ୍ଗା କଃରା ଅୟ୍ଦ୍, ସଃଡେବଃଳ୍ ସେମଃନ୍ ଉହାସ୍ କଃର୍ତି ।”
৩৫কিন্তু এনে দিন আহিব, তেতিয়া তেওঁলোকৰ ওচৰৰ পৰা দৰাক লৈ যোৱা হব আৰু সেই দিনবোৰত তেওঁলোকেও লঘোন দিব।”
36 ଆରେକ୍ ଜିସୁ ସେମଃନ୍କେ ଗଟେକ୍ କଃତାନି କୟ୍ଲା, “କେହେଁ ନଃଉଆଁ ହଃଚ୍ୟାର୍ ହାଟ୍ଳି କଃଣ୍ଡେକ୍ ଚିରି ହଃର୍ନା ହଃଚ୍ୟାୟ୍ ନଃମିସାୟ୍; ମିସାୟ୍ଲେକ୍ ସେ ନଃଉଆଁ ହାଟ୍ଳି ହଃର୍ନା ହାଟ୍ଳିକ୍ ଅଃଦିକ୍ ଚିରେଦ୍, ଆରେକ୍ ନଃଉଆଁ ହଃଚ୍ୟାର୍ କଃଣ୍ଡେକ୍ ହାଟ୍ଳି ହେଁ ହଃର୍ନା ସଃଙ୍ଗ୍ ନଃମିସେ ।
৩৬তেতিয়া যীচুৱে তেওঁলোকক এটা দৃষ্টান্ত দি ক’লে, “নতুন বস্ত্ৰৰ পৰা এডোখৰ ফালি লৈ কোনেও পুৰণি বস্ত্ৰত টাপলি নামাৰে; যদি কোনোবাই সেইদৰে কৰে, তেনেহলে তেওঁ নতুন বস্ত্র খন ফালিব; তাৰ উপৰি নতুন বস্ত্রৰ পৰা লোৱা কাপোৰৰ টুকুৰা ডোখৰ পুৰণি বস্ত্রৰ কাপোৰ খনৰ লগত নিমিলিব।
37 ଆର୍ କେହେଁ ନଃଉଆଁ ଅଙ୍ଗୁର୍ ରଃସ୍ ହଃର୍ନା ଚାମ୍ ମଣାୟ୍ ନଃସେଙ୍ଗାୟ୍; ସଃଙ୍ଗାୟ୍ଲେକ୍ ନଃଉଆଁ ଅଙ୍ଗୁର୍ ରଃସ୍ ଚାମ୍ ମଣାକେ ହଃଟାୟ୍ ଗଃସ୍ରି ଜାୟ୍ଦ୍, ଆର୍ ଚାମ୍ମଣା ନଃସ୍ଟ୍ ଅୟ୍ଦ୍ ।
৩৭পুৰণি ছালৰ মোটত কোনেও নতুন দ্ৰাক্ষাৰস নথয়; থলে নতুন ৰসে সেই মোট ফালি পেলাব; তাতে ৰসও পৰি যাব আৰু মোটো নষ্ট হব।
38 ମଃତର୍ ନଃଉଆଁ ଅଙ୍ଗୁର୍ ରଃସ୍ ନଃଉଆଁ ଚାମ୍ ମଣାୟ୍ ସଃଙ୍ଗାଉଁ ଅୟ୍ଦ୍ ।
৩৮নতুন দ্ৰাক্ষাৰস নতুন ছালৰ মোটত ৰখা উচিত।
39 ଆର୍, କେ ହେଁ ହଃର୍ନା ଅଙ୍ଗୁର୍ ରଃସ୍ କାୟ୍କଃରି ନଃଉଆଁ ଅଙ୍ଗୁର୍ ରଃସ୍ କାଉଁକେ ମଃନ୍ ନଃକେରେ, କାୟ୍ତାକ୍ବଃଲେକ୍ ସେ କୟ୍ଦ୍, ହଃର୍ନାରି ତ ବେସି ନିକ ।”
৩৯পুৰণি দ্রাক্ষাৰস পান কৰাৰ পাছত কোনেও নতুন ৰস পান কৰিবলৈ নিবিচাৰে; কিয়নো তেওঁ কয়, ‘পুৰণিটোৱে ভাল’।”