< 1 Korintoarrei 9 >

1 Eznaiz Apostolu? eznaiz libre? eztut Iesus Christ gure Iauna ikussi? etzarete çuec ene lana gure Iaunean?
মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?
2 Baldin bercén Apostolu ezpanaiz, çuen berere banaiz: ecen ene Apostolutassunaren cigulua çuec çarete gure Iaunean.
মই অানলোকলৈ পাঁচনি নহ’লেও, একমাত্ৰ আপোনালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানে; কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ প্ৰমাণ আপোনালোকেই৷
3 Ene defensá examinatzen nautenac baithara, haur da:
আমাৰ সোধ-বিচাৰ কৰা সকলৰ বাবে, তেওঁলোকৰ ওচৰত আমাৰ উত্তৰ এয়ে।
4 Ala extugu bothere iateco eta edateco?
আমাৰ জানো ভোজন আৰু পান কৰাৰ ক্ষমতা নাই?
5 Ala eztugu bothere emazte arreba baten gucietan erabilteco, berce Apostoluéc, eta Iaunaren anayéc, eta Cephasec beçala?
অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?
6 Edo, nic neurorrec eta Barnabasec eztugu bothere lanic ez eguiteco?
বার্ণব্বা আৰু ময়েই কেৱল জীৱিকা নির্ব্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নেকি?
7 Norc guerlaric eguiten du bere despendioz behinere? norc landatzen du mahasti, eta haren fructutic eztu iaten? edo norc bazcatzen du arthaldea, eta arthaldearen eznetic eztu edaten?
কোন সৈনিকে নিজৰ খৰছত সৈন্য দলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে, কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে?
8 Ala guiçonaren arauez gauça hauc erraiten ditut? ala Legueac-ere eztitu gauça hauc erraiten?
মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছোঁ? কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয়?
9 Ecen Moysesen Leguean scribatua da, Eztraucac ahoa lothuren idi bihitzen ari denari. Ala artha du idiéz Iaincoac?
কাৰণ মোচিৰ বিধান-শাস্ত্ৰত লিখা আছে, “আপোনালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব”, ঈশ্বৰে মাত্র গৰুৰ কথা ভাবি এই কথা কৈছে নে?
10 Ala haur guciz guregatic erraiten du? segur haur guregatic scribatua da: ecen sperançatan behar du laboratzen duenac, laboratu: eta bihitzen duenac participant içateco sperançatan.
১০কিন্তু এনে নহয় আমাৰ কথা ভাৱিয়েই এই সকলো কথা কৈছে, নহয় নে? শাস্ত্ৰত আমাৰ কাৰণেই এই সকলো লিখা হৈছে, কাৰণ যি জনে হাল বায় তেওঁ শস্য পোৱা আশা কৰিয়েই হাল বায়; আৰু যি জনে মৰণা মাৰে, তেওঁ শস্যৰ পৰা খাদ্য পাবলৈ মৰণা মাৰে৷
11 Baldin guc çuey gauça spiritualac erein badrauzquiçuegu, gauça handia da çuen carnalac biltzen baditugu?
১১আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিচিঁ যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ, তেনেহলে সেয়া জানো অধিক বেচি পোৱা হয়?
12 Baldin berceac bothere hunetan çuen artean participant badirade, ceren ez cineçago gu? baina eztugu bothere hunez vsatu vkan: aitzitic gauça guciac suffritzen ditugu, Christen Euangelioari empatchuric batre eztemogunçát.
১২যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷
13 Eztaquiçue ecen sacrificioac eguiten dituztenéc, gauça sacrificatuetaric iaten dutela? eta aldarean emplegatzen diradenéc, aldarearequin perticipatzen dutela?
১৩আপোনালোকে জানে নে, যি সকলে পবিত্ৰ মন্দিৰত সেৱা কৰে, তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ যজ্ঞবেদিৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, তেওঁলোকে তাৰ ভাগ পায়৷
14 Hala gure Iaunac-ere ordenatu vkan draue Euangelioa predicatzen duteney, Euangeliotic vici diraden.
১৪এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে, তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ’ব।
15 Badaric-ere nic gauça hautaric batez-ere eztut vsatu vkan. Eta gauça hauc eztitut scribatu, hala niri eguin daquidançat: ecen hobe nuque hil nendin ecen ez nehorc ene glorificamendua ezdeusetara deçan.
১৫কিন্তু মই আপোনালোকলৈ এই অধিকাৰ প্ৰয়োগ কৰা নাই, আপোনালোকৰ পৰা তেনেধৰণৰ সহায় পাবলৈও লিখা নাই৷ এই বিষয়ত মই গর্ব কৰোঁ৷ কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল।
16 Ecen Euangelizatzen badut-ere, eztut ceren gloria nadin: ecen necessitateac eraguiten draut: eta maledictione niri-baldin euangeliza ezpadeçat.
১৬কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰোঁ; তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় ৷
17 Ecen baldin gogotic haur eguiten badut, sari dut: baina baldin gogoz garaitic eguiten badut, dispensationea eman içan çait.
১৭কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ, তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰোঁ৷
18 Cer sari dut beraz? Euangelioa predicatzen dudanean, Christen Euangelioa deus hartu gabe predica deçadan, ezteçadan gaizqui vsat neure bothereaz Euangelioan.
১৮তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷
19 Ecen gucietaric libre banaiz-ere, gucien suiectioneco neure buruä eguin vkan dut, gende guehiago irabaz deçadançát.
১৯যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷
20 Eta eguin içan natzaye Iuduey Iudu beçala, Iuduac irabaz ditzadançát: Leguearen azpico diradeney, Leguearen azpico baninz beçala, Leguearen azpian diradenac irabaz ditzadançát.
২০ইহুদী সকলক জয় কৰিবৰ কাৰণে, ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হ’লো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হ’লো৷
21 Legue gabey Legue gabe baninz beçala, (Legue gabe ezpanaiz-ere Iaincoagana, baina Christen Leguearen azpico) Legue gabeac irabaz ditzadançát.
২১বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হ’লোঁ৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ৷
22 Eguin içan natzaye infirmoey infirmo beçala, infirmoac irabaz ditzadançát: guciey eguin içan natzaye gauça gucia, guciz batzu salua ditzadançat.
২২দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ৷
23 Eta haur eguiten dut Euangelioagatic, çuequin batean participant hartan eguin nadinçát.
২৩মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে, অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হ’বলৈহে কৰোঁ।
24 Eztaquiçue ecen stadioan laster eguiten dutenéc, guciéc laster eguiten badutela, baina batec precioa hartzen duela? hala laster eguiçue non har baiteçaqueçue.
২৪আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷
25 Eta combatitzen den gucia, regimenduz gauça gucietan vici da: eta hec eguiten duté coroa corrumpituren den baten vkaiteagatic: baina guc corrumpituren eztenagatic.
২৫আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ।
26 Nic bada hala laster eguiten dut, ez eztaquidala nola: hala bataillatzen naiz, ez aireari baneraunsa beçala.
২৬এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নকৰাকৈ নহয়; মুষ্টিযুদ্ধ কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ;
27 Baina gaztigatzen dut neure gorputza, eta suiectionetara erekarten: eceinere maneraz bercey, predicatu ondoan, neuror reprobatu eriden eznadinçát.
২৭কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।

< 1 Korintoarrei 9 >