< জাখারিয়া 8 >

1 তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
I dođe mi riječ Jahvina:
2 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ, মই তাইৰ অৰ্থে মহা ক্ৰোধেৰে জ্বলিছোঁ!’
“Ovako govori Jahve nad Vojskama: 'Ljubavlju ljubomornom za Sion izgaram i gnjevom velikim plamtim za nj! Vraćam se u Sion, prebivati hoću sred Jeruzalema.'
3 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মই চিয়োনলৈ উলটি আহিলোঁ আৰু যিৰূচালেমৰ মাজত বাস কৰিম, কাৰণ যিৰূচালেম সত্যপুৰী বুলি আৰু বাহিনীসকলৰ যিহোৱাৰ পৰ্ব্বতখন পবিত্ৰ বুলি প্ৰখ্যাত হ’ব’!”
Ovako govori Jahve nad Vojskama: 'Jeruzalem će se zvati Gradom vjernosti i Gorom Jahve nad Vojskama, Gorom svetosti.'
4 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: অতি বুঢ়া হোৱাৰ কাৰণে পুনৰায় যিৰূচালেমৰ চকবোৰত বহিব, প্ৰতিজন বুঢ়া-বুঢ়ীয়ে নিজ নিজ হাতত লাখুটি ল’ব।
Ovako govori Jahve nad Vojskama: 'Starci i starice opet će posjedati po trgovima jeruzalemskim, svatko sa štapom u ruci zbog starosti prevelike.
5 আৰু ল’ৰা-ছোৱালীবোৰৰ খেল ধেমালিৰে সেই নগৰৰ আলিবাটবোৰ পৰিপূৰ্ণ হ’ব!”
A gradski će se trgovi ispuniti dječacima i djevojčicama koji će se igrati na njegovim trgovima.'
6 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “সেই দিনত এই লোকসকলৰ যি অৱশিষ্ট ভাগ থাকিব, সেই লোকসকলৰ দৃষ্টিত সেয়ে আচৰিত বোধ হ’ব; মোৰ দৃষ্টিতো সেয়ে আচৰিত বোধ হ’ব নে?” ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।
Ovako govori Jahve nad Vojskama: 'Ako to bude čudo u očima Ostatka u dane one, zar će to biti čudo i u mojim očima' - riječ je Jahve nad Vojskama.
7 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চোৱা, মই পূৱ আৰু পশ্চিম দেশৰ পৰা মোৰ প্ৰজাসকলক নিস্তাৰ কৰি আনিম!
Ovako govori Jahve nad Vojskama: 'Evo spasit ću svoj narod iz zemlje istočne i iz zemlje sunčanog zapada.
8 কিয়নো যিৰূচালেমত বাস কৰিবলৈ মই তেওঁলোকক ঘূৰাই আনিম, যাতে তেওঁলোক পুনৰায় মোৰ প্ৰজা হ’ব, আৰু সত্যতাত আৰু ধাৰ্মিকতাত মই তেওঁলোকৰ ঈশ্বৰ হ’ম!”
Ja ću ih dovesti da se nastane usred Jeruzalema. I bit će mi narod a ja ću im biti Bog u vjernosti i pravdi.'
9 “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘তোমালোক সাহিয়াল হোৱা, যি কথা বর্তমান শুনি আছা সেই একেই বাক্য ভাববাদীসকলৰ মুখেৰে কোৱা হৈছিল, যেতিয়া তেওঁলোকে বাহিনীসকলৰ যিহোৱাৰ গৃহৰ ভিত্তিমূল স্থাপন কৰা হৈছিল, তেতিয়াই মন্দিৰ নিৰ্মান কৰা হৈছিল।
Ovako Govori Jahve nad Vojskama: 'Neka ojačaju ruke vama koji ovih dana slušate riječi ove iz usta proroka koji prorokuje od dana kada bjehu položeni temelji Domu Jahve nad Vojskama da bi se opet sagradilo Svetište.
10 ১০ কিয়নো সেই কালৰ পূৰ্বে কোনো লোকক মজুৰি দিবৰ বাবে বা কোনো পশুক কেৰেয়া ল’বৰ বাবে টকা নাছিল। আৰু বাহিৰলৈ যোৱাজনৰেই হওঁক বা কি ভিতৰলৈ অহা জনৰেই হওঁক শত্রুৰ পৰা কোনো শান্তি নাছিল। কিয়নো মই প্ৰতিজনক নিজ নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে উচটাই দিছিলোঁ।
Jer, prije ovih dana ne bijaše nadnice za čovjeka niti nadnice za živinče; niti bijaše mira od neprijatelja onome koji je izlazio ni onome koji je dolazio; puštao sam ljude jedne protiv drugih.
11 ১১ কিন্তু এতিয়া মই পূৰ্ব কালৰ দৰে এই লোকসকলৰ অৱশিষ্ট ভাগলৈ ব্যৱহাৰ নকৰিম!’” এইটোৱেই হ’ল বাহিনীসকলৰ যিহোৱাৰ ঘোষণা।
Ali sada, neću biti prema Ostatku ovog naroda kao minulih dana - riječ je Jahve nad Vojskama -
12 ১২ “কিয়নো কুশলযুক্ত কঠীয়া সিচাঁ হ’ব। দ্ৰাক্ষালতাই নিজ নিজ ফল ধৰিব, ভূমিয়ে নিজৰ শস্য উৎপন্ন কৰিব, আৰু আকাশ-মণ্ডলে নিজৰ নিয়ৰ বৰষাব, কাৰণ মই এই অৱশিষ্ট লোকসকলক সেই সকলোৰে অধিকাৰী কৰিম।
nego ću posijati mir: loza će roditi grožđem, zemlja će davati usjeve, a nebo će davati rosu svoju. Sve ću to dati Ostatku ovoga naroda.
13 ১৩ জাতিবোৰৰ মাজত তোমালোক যেনেকৈ শাওৰ উদাহৰণস্বৰূপ হৈছিলা, হে যিহূদা বংশ আৰু হে ইস্ৰায়েল বংশ, তেনেকৈ এতিয়া মই তোমালোকক উদ্ধাৰ কৰিম আৰু তোমালোক আশীৰ্ব্বাদৰ বিষয় হ’বা। ভয় নকৰিবা, তোমালোকৰ হাত সবল হওঁক!”
I kao što bijaste prokletstvo među narodima, dome Judin i dome Izraelov, tako ću vas spasiti da budete blagoslovom! Ne bojte se, nek' vam jake budu ruke!'
14 ১৪ কিয়নো বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “তোমালোকৰ পূৰ্ব-পুৰুষসকলে মোৰ ক্ৰোধ তোলা সময়ত মই যেনেকৈ তোমালোকৰ অমঙ্গল কৰিবলৈ সঙ্কল্প কৰিছিলোঁ,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে, ‘আৰু মই মন পালটোৱা নাছিলোঁ,
Jer ovako govori Jahve nad Vojskama: 'Kao što bijah namislio unesrećiti vas kada su me razgnjevili oci vaši - govori Jahve nad Vojskama - i nisam se pokajao,
15 ১৫ তেনেকৈ আকৌ এই কালত যিৰূচালেমৰ আৰু যিহূদা-বংশৰ মঙ্গল কৰিবলৈ সঙ্কল্প কৰিছোঁ! তোমালোকে ভয় নকৰিবা!
tako, promijenivši naum, u ove dane mislim usrećiti Jeruzalem i dom Judin. Ne bojte se!
16 ১৬ তোমালোকে কৰিবলগীয়া কাৰ্য এইবোৰ: প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াৰ সৈতে সত্য আলাপ কৰিবা, তোমালোকে নগৰৰ দুৱাৰত যথাৰ্থ আৰু শান্তিজনক বিচাৰ সিদ্ধ কৰিবা।
A ovo vam je činiti: Govorite istinu jedan drugom; sudite istinito i miroljubivo na vratima gradskim!
17 ১৭ তোমালোক কোনেও নিজ মনত নিজ ওচৰ-চুবুৰীয়াৰ বিৰুদ্ধে কু-কল্পনা নকৰিবা আৰু মিছা শপত নিদিবা; কিয়নো এই আটাইবোৰ মই ঘিণ কৰোঁ!” এই কথা যিহোৱাই কৈছে।
Ne snujte jedan drugome zlo u srcu; ne ljubite lažnu kletvu. Jer sve to ja mrzim' - riječ je Jahvina!”
18 ১৮ পাছে বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল আৰু ক’লে,
Dođe mi riječ Jahve nad Vojskama:
19 ১৯ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘চতুৰ্থ, পঞ্চম, সপ্তম আৰু দশম মাহৰ উপবাস যিহূদা-বংশৰ কাৰণে আনন্দ ও উল্লাসৰ বিষয় আৰু সন্তোষজনক উৎসৱ হ’ব! এই হেতুকে তোমালোকে সত্যক আৰু শান্তিক ভাল পোৱা!”
“Ovako govori Jahve nad Vojskama: Post četvrtoga, post petoga, post sedmoga i post desetoga mjeseca postat će za Dom Jahvin radost, veselje i veseli blagdani. Ali ljubite istinu i mir!”
20 ২০ “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘লোকসকল আকৌ আহিব, আনকি ভিন ভিন নগৰত নিবাস কৰা লোকসকলো আহিব।
“Ovako govori Jahve nad Vojskama: Još će dolaziti narodi i stanovnici mnogih gradova.
21 ২১ আৰু এখন নগৰৰ নিবাসীসকলে আন এখন নগৰলৈ গৈ ক’ব, ‘ব’লা, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আৰু বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আমি বেগাই যাওঁহঁক! ময়ো যাম’!
Stanovnici jednoga grada ići će u drugi govoreći: 'Hajde da idemo moliti lice Jahvino i tražiti Jahvu nad Vojskama!' Ići ću i ja!
22 ২২ হয়, অনেক দেশৰ লোক আৰু পৰাক্ৰমী জাতি সমূহ যিৰূচালেমত বাহিনীসকলৰ যিহোৱাক বিচাৰিবলৈ আৰু যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ আহিব’!”
I doći će mnogi puk i moćni će narodi tražiti Jahvu nad Vojskama u Jeruzalemu i moliti lice Jahvino.
23 ২৩ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘সেই দিনা জাতি সমূহৰ মাজৰ আটাই ভাষা ক’ব পৰা দহ জন লোকে এজন যিহুদী লোকৰ কাপোৰৰ আঁচল ধৰি ক’ব, “আমি তোমালোকৰ লগত যাম, কিয়নো আমি শুনিছোঁ, ঈশ্বৰ তোমালোকৰ লগত আছে!”
Ovako govori Jahve nad Vojskama! U one će dane deset ljudi od naroda svih jezika hvatati jednog Židova za skut govoreći: 'Idemo s vama, jer čusmo da je s vama Bog.'”

< জাখারিয়া 8 >