< জাখারিয়া 7 >

1 পাছত ৰজা দাৰিয়াবচৰ ৰাজত্বৰ চতুৰ্থ বছৰৰ কিশ্লেব নামেৰে নৱম মাহৰ চতুৰ্থ দিনা, জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
І сталося, у четвертому році царя Да́рія було Господнє слово до Заха́рія четвертого дня дев'ятого місяця, кіслева.
2 সেই সময়ত, যিহোৱাৰ অনুগ্ৰহ প্ৰাৰ্থনা কৰিবলৈ বৈৎএলৰ লোকসকলে চৰেচৰ, ৰেগক-মেলক আৰু তেওঁলোকৰ লোকসকলক পঠিয়াই দিলে।
І послав Бет-Ел Сар'ецера й Реґем-Ме́леха та людей його, щоб Господа вблага́ти,
3 তেওঁলোকে যিহোৱাৰ গৃহত উপস্থিত থকা বাহিনীসকল আৰু ভাববাদীসকলক ক’লে “মই ইমান বছৰ যি দৰে শোক কৰি আহিছোঁ, সেইদৰে নিজকে পৃথক ৰাখি পঞ্চম মাহত ব্রত ৰাখিম নে”?
щоб сказати священикам, які в домі Господа Саваота, та пророкам, говорячи: „Чи я маю плакати п'ятого місяця та по́стити, як я робив це багато ро́ків?“
4 তেতিয়া বাহিনীসকলৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
І було́ слово Господа Саваота таке:
5 “তুমি দেশৰ সকলো লোকসকলক আৰু পুৰোহিতসকলক এই কথা কোৱা, ‘যেতিয়া তোমালোকে যি পঞ্চম আৰু সপ্তম মাহত ব্ৰত আৰু শোক কৰিছিলা, তেতিয়া তোমালোকে সেই সত্তৰ বছৰত, মোৰে উদ্দেশ্যে প্রকৃততে ব্ৰত কৰিছিলা নে?
„Говори до всього наро́ду землі й до священиків, кажучи: Якщо ви по́стили та лементува́ли п'ятого й сьомого місяця, і то сімдеся́т років чи то ви по́стили для Мене?
6 আৰু যেতিয়া তোমালোকে ভোজন-পান কৰিছিলা, তেতিয়া তোমালোকে নিজৰ নিজৰ কাৰণে ভোজন-পান কৰা নাছিলা নে?
А коли ви їсте та коли ви п'єте́, чи ж то не собі ви їсте й не собі ви п'єте́?
7 এই কথাই পূৰ্বকালৰ ভাববাদীসকলৰ দ্বাৰাই যিহোৱাই ঘোষণা কৰি কোৱা সেই বাক্য নহয়নে, যি কালত যিৰূচালেম আৰু তাৰ চাৰিওফালে উন্নত অৱস্থাত থকা নগৰবোৰ আৰু তাৰে সৈতে দক্ষিণ অঞ্চল আৰু পশ্চিমাঞ্চলৰ নিম্নভুমিত তোমালোকে বাস কৰিছিলা’?”
Чи ж це не ті слова́, які Господь виголо́шував через да́вніх пророків, коли Єрусалим був насе́лений та спокійний, і його міста́ навколо нього, і пі́вдень, і рівни́на були насе́лені?“
8 পুনৰায় জখৰিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল,
І було до Заха́рія слово Господнє таке:
9 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে সত্যৰে, বিশ্ৱাসেৰে আৰু দয়াৰে বিচাৰ কৰা, আৰু প্ৰতিজনে নিজ নিজ ভাইৰে সৈতে দয়া আৰু কৰুণা ব্যৱহাৰ কৰা;
„Так говорить Господь Саваот, промовляючи: „Судіть суд по правді, і чиніть один о́дному милосердя та милість.
10 ১০ আৰু যি সকল বিধৱা, পিতৃহীন, বিদেশী আৰু দৰিদ্ৰ সেই লোকসকলক অত্যাচাৰ নকৰিবা; আৰু তোমালোক কোনেও নিজ নিজ ভাইৰ বিৰুদ্ধে নিজ মনত কু-কল্পনা নকৰিবা।’
А вдови́ й сироти́, чужи́нця та вбогого не гнобі́ть, і не ду́майте зла один о́дному в серці своєму!“
11 ১১ কিন্তু তেওঁলোকে শুনিবলৈ অসন্মত হ’ল; আৰু কান্ধ আঁতৰাবলৈ থিৰ কৰিলে; আৰু শুনাত সন্মত নহ’বলৈ নিজ নিজ কাণত সোপা দিলে।
Та вони не хотіли слу́хати, і відверну́ли своє раме́но від Мене, а ву́ха свої вчинили тяжки́ми, щоб не слу́хати,
12 ১২ এনে কি তেওঁলোকে বাহিনীসকলৰ যিহোৱাই নিজ আত্মাৰ দ্বাৰাই আগৰ কালৰ ভাববাদীসকলৰ যোগেদি পঠোৱা বাক্য নুশুনিবৰ কাৰণে তেওঁলোকে নিজ নিজ হৃদয় হীৰাৰদৰে টান কৰিলে; এই কাৰণে বাহিনীসকলৰ যিহোৱাৰ মহাক্ৰোধ হ’ল।
і серце своє зробили кре́менем, щоб не слу́хати Зако́ну, та тих слів, що послав Господь Саваот Своїм Духом через давніх пророків. І був великий гнів від Господа Саваота.
13 ১৩ যেতিয়া বাহিনীসকলৰ যিহোৱাই লোকসকলক মাতিছিল, তেতিয়া লোকসকলে নুশুনিলে। ‘সেই একেধৰণে’ বাহিনীসকলৰ যিহোৱাই ক’লে, “তেওঁলোকে চিঞৰি মাতিব, কিন্তু মই নুশুনিম।
„І сталося, як Я кликав, то вони не слу́халися, так вони будуть кликати, та не буду Я слухати, каже Господь Савао́т.
14 ১৪ কিন্তু মই তেওঁলোকে নজনাকৈ আটাই জাতিৰ মাজলৈ বা’মাৰলি বতাহেৰে তেওঁলোকক ছিন্ন-ভিন্ন কৰিম। এইদৰে তেওঁলোকৰ পাছত দেশখন এনেদৰে উচ্ছন্ন হ’ল, যে তাৰ মাজেদি কোনেও অহা-যোৱা নকৰিলে; কিয়নো তেওঁলোকৰ দ্বাৰাই মনোহৰ দেশখন উচ্ছন্ন হ’ল।’”
І розвіяв Я їх по всіх наро́дах, які не знали їх, а край був спусто́шений по них, так що не було́ такого, хто б перехо́див чи верта́вся, і вони зробили улю́блений край спусто́шенням“.

< জাখারিয়া 7 >