< জাখারিয়া 14 >

1 চোৱা! যি দিনা তুমি লুট কৰি লোৱা দ্ৰব্য শত্ৰুৱে তোমাৰ মাজত ভাগ কৰি ল’ব, যিহোৱাৰ এনে এটা সোধ-বিচাৰৰ দিন আহি আছে।
»Poglej, dan Gospodov prihaja in tvoj plen bo razdeljen v tvoji sredi.
2 কিয়নো মই যুঁজৰ অৰ্থে যিৰূচালেমৰ অহিতে আটাই জাতিক গোটাম; তাতে নগৰখন আটক কৰা হ’ব! ঘৰবোৰ লুট কৰা হ’ব আৰু মহিলাসকলক বলাৎকাৰ কৰা হ’ব! নগৰখনৰ এভাগ লোক বন্দী অৱস্থালৈ ওলাই যাব, কিন্তু অৱশিষ্ট লোকসকলক নগৰখনৰ পৰা উচ্ছন্ন কৰা নহ’ব।
Kajti vse narode bom zbral, da se borijo zoper Jeruzalem. Mesto bo zavzeto, hiše oplenjene in ženske posiljene. Polovica mesta bo odšla v ujetništvo, preostanek ljudstva pa ne bo iztrebljen iz mesta.«
3 কিন্তু যিহোৱাই যুদ্ধ কৰিবলৈ ওলাই যাব আৰু সেই নগৰবোৰৰ বিৰুদ্ধে তেওঁ যুঁজ কৰাৰ দৰেই যুঁজ কৰিব।
Takrat bo prišel Gospod in se boril zoper te narode, kakor ko se je boril na dan bitke.
4 সেই দিনা পূৱফালে যিৰূচালেমৰ সন্মুখত থকা জৈতুন পৰ্ব্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হ’ব; আৰু জৈতুন পৰ্বত মাজেৰে ফাটি পূব আৰু পশ্চিম ফালে ভাগ হৈ বৰ ডাঙৰ উপত্যকা হ’ব আৰু পৰ্বতৰ এফাল উত্তৰ দিশে আৰু আন ফাল দক্ষিণ দিশে হুঁহকি যাব।
Na tisti dan bodo njegova stopala stopila na Oljsko goro, ki je na vzhodu, pred Jeruzalemom in Oljska gora se bo razklala po sredi proti vzhodu in proti zahodu in tam bo zelo velika dolina. Polovica gore bo odstranjena proti severu, polovica pa proti jugu.
5 তেতিয়া তোমালোকে মোৰ পৰ্ব্বত দুখনৰ উপত্যকাইদি পলাবা; কিয়নো পৰ্ব্বত দুখনৰ সেই উপত্যকা আঁচললৈকে বিস্তৃত হ’ব। এনে কি, যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা; তেতিয়া মোৰ ঈশ্বৰ যিহোৱা আহিব আৰু তোমালোকৰ সৈতে সকলো পবিত্ৰ লোক থাকিব।
Bežali boste k dolini [med] gorama, kajti dolina [med] gorama bo segala do Azela. Da, bežali boste, podobno kakor ste bežali pred potresom v dneh Judovega kralja Uzíjaha. In Gospod, moj Bog, bo prišel in vsi sveti [bodo] s teboj.
6 আৰু সেই দিনা পোহৰ নাইকিয়া হব, তৰাবোৰ ম্লান হৈ যাব।
In zgodilo se bo na tisti dan, da svetloba ne bo razločna, niti tema,
7 কিন্তু সেয়ে যিহোৱাই জনা অনুপম দিন হ’ব, সেয়ে দিনো নহয় ৰাতিও নহয়, কিন্তু সন্ধিয়া সময়ত পোহৰ হ’ব।
temveč bo en dan, ki bo poznan Gospodu, niti dan, niti noč, temveč se bo zgodilo, da bo ob večernem času svetloba.
8 আৰু সেইদিনা যিৰূচালেমৰ পৰা জীৱন্ত জল সমূহ ওলাব, তাৰ আধা পূৱ সমুদ্ৰৰ ফালে, আধা পশ্চিম সমুদ্ৰৰ ফালে যাব; সেয়ে গৰম বা জাৰকালতো থাকিব।
In to bo na tisti dan, da bodo žive vode izšle iz Jeruzalema. Polovica izmed njih proti prvemu morju in polovica proti zadnjemu morju. To bo poleti in pozimi.
9 যিহোৱা গোটেই পৃথিৱীৰ ওপৰত ৰজা হ’ব! সেইদিনা যিহোৱা অদ্বিতীয় হ’ব আৰু তেওঁৰ নামো অদ্বিতীয় হ’ব।
In Gospod bo kralj nad vso zemljo. Na tisti dan bo en Gospod in njegovo ime eno.
10 ১০ গেবাৰে পৰা তাৰ মাজত দক্ষিণফালে থকা ৰিম্মোনলৈকে গোটেই দেশ পৰিবৰ্ত্তন হৈ অৰাবা যেন হ’ব আৰু নগৰখন বিন্যামীনৰ দুৱাৰৰ পৰা প্ৰথম দুৱাৰৰ ঠাইলৈকে, চুকৰ দুৱাৰলৈকে আৰু হননেলৰ ওখ কোঁঠৰ পৰা ৰজাৰ দ্ৰাক্ষাকুণ্ডলৈকে ওখ হৈ নিজ ঠাইত স্থাপিত হ’ব।
Vsa dežela bo narejena kakor ravnina od Gebe do Rimóna, južno od Jeruzalema, in ta bo dvignjen in naseljen na svojem kraju, od Benjaminovih velikih vrat, do mesta prvih velikih vrat, do Vogalnih velikih vrat in od Hananélovega stolpa do kraljevih vinskih stiskalnic.
11 ১১ লোকসকলে যিৰূচালেমত বাস কৰিব; কোনো শত্রুৱে তেওঁলোকক ধ্বংস কৰিবলৈ তালৈ নাহিব। যিৰূচালেম নিৰাপদে বাস কৰিব।
V njem bodo prebivali ljudje in tam ne bo več skrajnega uničenja, temveč bo Jeruzalem varno naseljen.
12 ১২ যিৰূচালেমৰ বিৰুদ্ধে যুঁজ কৰা আটাই জাতিক যিহোৱাই এই মহামাৰীৰে আঘাত কৰিব: ভৰিৰ ওপৰত ভৰ দি থিয় হৈ থাকোঁতে তেওঁলোকৰ মাংস ক্ষয় পাব, চকুৰ গাতত তেওঁলোকৰ চকু ক্ষয় পাব আৰু তেওঁলোকৰ মুখত তেওঁলোকৰ জিভা ক্ষয় পাব।
To pa bo kuga, s katero bo Gospod udaril vsa ljudstva, ki so se borila zoper Jeruzalem. Njihovo meso bo zgnilo, medtem ko stojijo na svojih stopalih in njihove oči bodo zgnile v njihovih jamicah in njihov jezik bo zgnil v njihovih ustih.
13 ১৩ আৰু সেই দিনা তেওঁলোকৰ মাজত যিহোৱাৰ পৰা মহাকোলাহল উপস্থিত হ’ব; তেতিয়া প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ হাতত ধৰিব আৰু প্ৰতিজনে নিজ ওচৰ-চুবুৰীয়াৰ অহিতে হাত তুলিব।
Na tisti dan se bo zgodilo, da bo med njimi velika zmešnjava od Gospoda, in vsakdo bo zgrabil roko svojega soseda in svojo roko bo vzdignil zoper roko svojega soseda.
14 ১৪ যিহূদায়ো যিৰূচালেমত যুঁজ কৰিব! তেওঁলোকে চাৰিওফালে থকা সকলো জাতিৰ সোণ ৰূপ, কাপোৰ আদি ধন-সম্পত্তি অধিকৰূপে গোটাব।
Tudi Juda se bo bojeval v Jeruzalemu in premoženje vseh poganov naokoli se bo zbralo skupaj, zlata, srebra in oblačil v velikem obilju.
15 ১৫ আৰু সেই ছাউনিবোৰত থকা ঘোঁৰা, খছৰ, গাধ আদি সকলো পশুৰ আঘাতবোৰ, সেই আঘাতৰ নিচিনাই হ’ব।
Kakor ta kuga, takšna bo kuga konja, mule, kamele, osla in vseh živali, ki bodo v teh šotoriščih.
16 ১৬ আৰু যিৰূচালেমৰ বিৰুদ্ধে অহা আটাই জাতিৰ অৱশিষ্ট থকা প্ৰতিজনে বছৰে বছৰে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি আহিব।
Zgodilo se bo, da kdor preostane izmed vseh narodov, ki so prišli zoper Jeruzalem, bo torej hodil gor iz leta v leto, da obožuje kralja, Gospoda nad bojevniki in da praznuje šotorski praznik.
17 ১৭ পৃথিবীৰ আটাই গোষ্ঠীবোৰৰ মাজত যিসকলে বাহিনীসকলৰ যিহোৱা ৰজাৰ আগত প্ৰণিপাত কৰিবলৈ যিৰূচালেমলৈ উঠি নাহিব, তেওঁলোকৰ ওপৰত বৃষ্টি নহ’ব।
In zgodilo se bo, da kdorkoli, izmed vseh družin zemlje, ne bo prišel gor v Jeruzalem, da obožuje Kralja, Gospoda nad bojevniki, celo nad njim ne bo dežja.
18 ১৮ আৰু মিচৰীয়া গোষ্ঠী যদি উঠি আহি উপস্থিত নহয়, তেন্তে তেওঁলোকৰ ওপৰতো বৰষুণ নহ’ব; পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা জাতিক যিহোৱাই মহামাৰীৰে আঘাত কৰিব।
In če družina iz Egipta ne gre gor in ne pride, da tam ni dežja, bo tam kuga, s katero bo Gospod udaril pogane, ki ne pridejo gor, da praznujejo šotorski praznik.
19 ১৯ এয়ে মিচৰৰ আৰু পঁজা-পৰ্ব্ব পালন কৰিবলৈ উঠি নহা আটাই জাতিৰ দণ্ড হ’ব।
To bo kazen Egiptu in kazen vsem narodom, ki ne pridejo gor, da praznujejo šotorski praznik.
20 ২০ কিন্তু সেই দিনা, “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ!” এই কথা ঘোঁৰাবোৰৰ টিলিঙাত থাকিব আৰু যিহোৱাৰ গৃহত থকা সকলো ৰন্ধন-পাত্ৰ যজ্ঞবেদীৰ আগত থকা তেজ ৰখা পাত্ৰবোৰৰ নিচিনা হ’ব;
Na tisti dan bo na konjskih zvončkih SVETO Gospodu in lonci v Gospodovi hiši bodo podobni skledicam pred oltarjem.
21 ২১ এনে কি, যিৰূচালেম আৰু যিহূদাৰ প্ৰত্যেক ৰন্ধন-পাত্ৰ বাহিনীসকলৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; আৰু বলিদান কৰোঁতা আটাইলোকে আহি তাৰ মাজত কোনো কোনো পাত্ৰ লৈ তাতে সিজাব। সেই দিনা বাহিনীসকলৰ যিহোৱাৰ গৃহত কনানীয়া লোক পুনৰ নাথাকিব।
Da, vsak lonec v Jeruzalemu in v Judeji bo svetost Gospodu nad bojevniki. Vsi tisti, ki žrtvujejo, bodo prišli in jemali iz njih in kuhali v njih. Na tisti dan ne bo več Kánaancev v hiši Gospoda nad bojevniki.

< জাখারিয়া 14 >