< তীত 1 >

1 মই পৌল, ঈশ্বৰৰ দাস আৰু যীচু খ্ৰীষ্টৰ নিযুক্ত পাঁচনি; ঈশ্বৰৰ মনোনীত লোকৰ বিশ্বাস সুদৃঢ় কৰিবলৈ আৰু ঐশ্বৰিক আচৰণৰ সত্যৰ জ্ঞান প্ৰতিষ্ঠা কৰিবলৈ মই সহায় কৰোঁ৷
παυλοσ δουλοσ θεου αποστολοσ δε ιησου χριστου κατα πιστιν εκλεκτων θεου και επιγνωσιν αληθειασ τησ κατ ευσεβειαν
2 সেই অনন্ত জীৱনৰ আশাত আমাৰ এই বিশ্বাস আৰু জ্ঞান লাভ হয়৷ অনাদি কালৰ পূৰ্বেই মিছা নোকোৱা ঈশ্বৰে এই জীৱন দিয়াৰ প্ৰতিজ্ঞা কৰিছিল৷ (aiōnios g166)
επ ελπιδι ζωησ αιωνιου ην επηγγειλατο ο αψευδησ θεοσ προ χρονων αιωνιων (aiōnios g166)
3 ঈশ্বৰে তেওঁৰ বাক্য ঠিক ঠিক সময়ত প্রচাৰ কৰাৰ দ্বাৰাই প্ৰকাশ কৰিলে৷ ঈশ্বৰে সেই কাৰ্যৰ ভাৰ মোৰ হাতত তুলি দিলে আৰু আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰৰ আজ্ঞা অনুসাৰে মই সেই বাক্য প্ৰচাৰ কৰোঁ৷
εφανερωσεν δε καιροισ ιδιοισ τον λογον αυτου εν κηρυγματι ο επιστευθην εγω κατ επιταγην του σωτηροσ ημων θεου
4 সাধৰণ বিশ্বাসৰ দৰে যথার্থ পুত্ৰ তীতৰ সমীপলৈ। পিতৃ ঈশ্বৰ আৰু আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
τιτω γνησιω τεκνω κατα κοινην πιστιν χαρισ ελεοσ ειρηνη απο θεου πατροσ και κυριου ιησου χριστου του σωτηροσ ημων
5 অসম্পূৰ্ণ কার্যবোৰ সম্পূর্ণ কৰিবলৈ আৰু মোৰ আদেশ অনুসাৰে নগৰে নগৰে পৰিচাৰকক নিযুক্ত কৰিবলৈকো, ক্ৰীতী দ্বীপত মই তোমাক থৈ আহিলোঁ।
τουτου χαριν κατελιπον σε εν κρητη ινα τα λειποντα επιδιορθωση και καταστησησ κατα πολιν πρεσβυτερουσ ωσ εγω σοι διεταξαμην
6 যি জন নিৰ্দোষী, এগৰাকী মহিলাৰ স্বামী, যি জনৰ সন্তান সকল বিশ্বাসী আৰু দুষ্ট বা অবাধ্য বুলি পৰিচিত নহয়, তেনে ব্যক্তিক পৰিচাৰকৰূপে গণ্য কৰিবা।
ει τισ εστιν ανεγκλητοσ μιασ γυναικοσ ανηρ τεκνα εχων πιστα μη εν κατηγορια ασωτιασ η ανυποτακτα
7 অধ্যক্ষকৰ বাবে এয়ে প্ৰয়োজনীয়, যিহেতু তেওঁ ঈশ্বৰৰ লোক সকলৰ পৰিচাৰক; সেয়েহে, তেওঁ নিষ্কলংক হোৱা উচিত৷ তেওঁ অহংকাৰী, অলপতে ক্ৰোধী, মদপী, প্ৰহাৰক আৰু কুচ্ছিত, লাভ বিচৰা হব নালাগে৷
δει γαρ τον επισκοπον ανεγκλητον ειναι ωσ θεου οικονομον μη αυθαδη μη οργιλον μη παροινον μη πληκτην μη αισχροκερδη
8 কিন্তু অতিথি সেৱক, সাধুক প্ৰেম কৰোঁতা, বিবেচক, ন্যায় কৰোঁতা, পবিত্ৰ আৰু আত্মসংযমী হ’ব লাগে৷
αλλα φιλοξενον φιλαγαθον σωφρονα δικαιον οσιον εγκρατη
9 আৰু নিৰাময় শিক্ষাত আশ্বাস দিবলৈ আৰু আপত্তি দৰ্শোৱা সকলক অনুযোগ কৰিবলৈ সমর্থ হ’বৰ কাৰণে, উপদেশৰ অনুৰূপ বিশ্বাসযোগ্য বাক্যত আসক্ত হব লাগে।
αντεχομενον του κατα την διδαχην πιστου λογου ινα δυνατοσ η και παρακαλειν εν τη διδασκαλια τη υγιαινουση και τουσ αντιλεγοντασ ελεγχειν
10 ১০ কিয়নো বিশেষকৈ চুন্নৎ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
εισιν γαρ πολλοι και ανυποτακτοι ματαιολογοι και φρεναπαται μαλιστα οι εκ περιτομησ
11 ১১ তেওঁলোকৰ মুখ বন্ধ কৰা আৱশ্যক; তেওঁলোক এনেকুৱা মানুহ যে, কুচ্ছিত লাভৰ কাৰণে তেওঁলোকে অনুচিত শিক্ষা দি কোনো কোনো পৰিয়ালৰ সকলোকে বিনষ্ট কৰে।
ουσ δει επιστομιζειν οιτινεσ ολουσ οικουσ ανατρεπουσιν διδασκοντεσ α μη δει αισχρου κερδουσ χαριν
12 ১২ তেওঁলোকৰ এজন স্বদেশীয় ভাববাদীয়ে কৈছে, যে “ক্ৰীতীৰ মানুহবোৰ মিছলীয়া, বেয়া, হিংসুক জন্তু আৰু এলেহুৱা ভাতভাৰী।”
ειπεν τισ εξ αυτων ιδιοσ αυτων προφητησ κρητεσ αει ψευσται κακα θηρια γαστερεσ αργαι
13 ১৩ এই সাক্ষ্য সঁচা। তেওঁলোক যেন বিশ্বাসত নিৰাময় হয়, এই কাৰণে তুমি তেওঁলোকক কঠোৰ অনুযোগ কৰিবা।
η μαρτυρια αυτη εστιν αληθησ δι ην αιτιαν ελεγχε αυτουσ αποτομωσ ινα υγιαινωσιν εν τη πιστει
14 ১৪ ইহুদী সকলৰ আখ্যানবোৰত আৰু সত্যৰ পৰা বিমুখ হোৱা মানুহবোৰৰ আদেশলৈ মন দি সময়ৰ অপব্যৱহাৰ নকৰিবা৷
μη προσεχοντεσ ιουδαικοισ μυθοισ και εντολαισ ανθρωπων αποστρεφομενων την αληθειαν
15 ১৫ নিৰ্মল সকলৰ বাবে সকলোৱেই শুচি; কিন্তু কলুষিত আৰু অবিশ্বাসী সকলৰ বাবে একোৱেই শুচি নহয়৷ বৰং তেওঁলোকৰ মন আৰু বিবেক, এই উভয়ে কলুষিত।
παντα μεν καθαρα τοισ καθαροισ τοισ δε μεμιασμενοισ και απιστοισ ουδεν καθαρον αλλα μεμιανται αυτων και ο νουσ και η συνειδησισ
16 ১৬ ঈশ্বৰক জানো বুলি তেওঁলোকে মুখেৰে স্বীকাৰ কৰে, কিন্তু কার্যত অস্বীকাৰ কৰে৷ তেওঁলোক ঘিণলগীয়া, আজ্ঞা নমনা আৰু সকলো সৎ কর্মৰ বাবে অনুপযোগী।
θεον ομολογουσιν ειδεναι τοισ δε εργοισ αρνουνται βδελυκτοι οντεσ και απειθεισ και προσ παν εργον αγαθον αδοκιμοι

< তীত 1 >