< পরম গীত 6 >

1 যিৰূচালেমৰ ৰমণীসকলৰ কথা: হে নাৰীসকলৰ মাজত পৰম সুন্দৰী, তোমাৰ প্ৰিয় ক’লৈ গ’ল? তোমাৰ প্রিয়তম কোন দিশে গ’ল? আমাক কোৱা, যাতে আমিও তোমাৰ লগতে তেওঁক বিচাৰি যাব পাৰোঁ।
Whither is thy beloved gone, Thou fairest among women? Whither is thy beloved turned aside? And we will seek him with thee.
2 প্রিয়াৰ কথা: মোৰ প্ৰিয়তম তেওঁৰ উদ্যানলৈ নামি গৈছে, সুগন্ধি মছলাৰ দলিচাখনলৈ; তেওঁ উদ্যানত ঘূৰি ফুৰিবলৈ, আৰু লিলি ফুল গোটাবলৈ গৈছে।
My beloved is gone down into his garden, to the beds of spices, To feed in the gardens and to gather lilies.
3 মই মোৰ প্ৰিয়ৰ, আৰু মোৰ প্ৰিয়ও মোৰেই; তেওঁ লিলি ফুলৰ বনত আনন্দেৰে চৰে।
I am my beloved's, and my beloved is mine: He feedeth [his flock] among the lilies.
4 চলোমন আৰু তেওঁৰ কইনাই পৰস্পৰত আনন্দিত হোৱা প্রিয়ৰ কথা: হে মোৰ প্ৰিয়া, তুমি তিৰ্চা নগৰৰ নিচিনা সুন্দৰী, যিৰূচালেমৰ নিচিনা মনোৰম, মোক সম্পূর্ণকৈ বিমুগ্ধ কৰিছা।
Thou art fair, my love, as Tirzah, Comely as Jerusalem, Terrible as troops with banners:
5 তুমি মোৰ পৰা তোমাৰ চকু দুটি আঁতৰ কৰা; কিয়নো সেয়ে মোক ব্যাকুল কৰি তোলে। তোমাৰ চুলিকোছা গিলিয়দ পাহাৰৰ পৰা তললৈ নামি অহা ছাগলীৰ জাকৰ নিচিনা।
Turn away thine eyes from me, For they overcome me. Thy hair is as a flock of goats On the slopes of Gilead.
6 এইমাত্র গা ধুই অহা মাইকী মেৰ-ছাগৰ জাকৰ নিচিনা তোমাৰ দাঁতবোৰ। সিহঁতৰ প্রত্যেকৰে যমজ পোৱালি আছে, আৰু সিহঁতৰ কোনেও নিজৰ পোৱালিক হেৰুৱা নাই।
Thy teeth are like a flock of sheep Which go up from the washing; Which have all borne twins, And none is barren among them.
7 ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।
As a piece of a pomegranate are thy temples Behind thy veil.
8 ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;
There are threescore queens, and fourscore concubines, And virgins without number:
9 কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।
My dove, mine undefiled, is but one; She is the only one of her mother, She is the choice one of her that bore her. The daughters saw her, and they called her blessed; The queens and the concubines, and they praised her.
10 ১০ “পুৱাৰ অৰুণৰ দৰে দেখা দিয়া, কোন এইগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূর্ণ মোহময়ী?”
Who is she that looketh forth as the dawn, Fair as the moon, clear as the sun, Terrible as troops with banners?
11 ১১ প্রিয়াৰ কথা: মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ।
I went down into the garden of nuts, To see the verdure of the valley, To see whether the vine budded, Whether the pomegranates blossomed.
12 ১২ মই আনন্দত উত্রাৱল হ’লো, মই বুজি পোৱাৰ আগেয়েই যেন মোৰ ভালপোৱাই মোক মোৰ স্বজন, যুৱৰাজৰ এখন ৰথত বহালে আৰু মই গৈ আছিলোঁ।
Before I was aware, My soul set me upon the chariots of my willing people.
13 ১৩ আন ৰমণীসকলৰ কথা: হে চূলম্মীৎ, উলটি আহাঁ, উলটি আহাঁ; আমি যেন তোমাক দেখা পাওঁ, উলটি আহাঁ। প্রিয়ৰ কথা: মহনয়িমৰ নৃত্য চোৱাৰ দৰে, নিখুঁত যুৱতীজনীক আপোনালোকে কিয় চাবলৈ বিচাৰিছে?
Return, return, O Shulamite; Return, return, that we may look upon thee. — What would ye look upon in the Shulamite? — As it were the dance of two camps.

< পরম গীত 6 >