< ৰূথ 1 >

1 বিচাৰকৰ্ত্তা সকলে শাসন কৰা সময়ত, দেশত এবাৰ আকাল হৈছিল৷ সেয়ে যিহূদাৰ বৈৎলেহেমৰ এজন ব্যক্তিয়ে তেওঁৰ ভাৰ্যা আৰু তেওঁৰ পুতেক দুজনৰ সৈতে মোৱাব দেশত বাস কৰিবলৈ গৈছিল।
In the time when the judges ruled, there was once a famine in the land. A man from Bethlehem in Judah took his wife and two sons to live in the territory of Moab.
2 সেই ব্যক্তিৰ নাম ইলীমেলক আছিল। তেওঁৰ ভাৰ্যাৰ নাম নয়মী, অাৰু তেওঁৰ পুতেক দুজনৰ নাম মহলোন আৰু কিলিয়োন আছিল৷ তেওঁলোক যিহূদাৰ বৈৎলেহেম নিবাসী ইফ্ৰাথীয়া মানুহ আছিল। তেওঁলোকে মোৱাব দেশলৈ গ’ল আৰু সেই দেশ পোৱাৰ পাছত তেওঁলোকে তাতে বাস কৰিবলৈ ল’লে।
His name was Elimelech and his wife’s was Naomi, and his two sons were Mahlon and Chilion. They were Ephrathites from Bethlehem in Judah. After they had been living in Moab for some time,
3 পাছত নয়মীৰ স্বামী ইলীমেলকৰ মৃত্যু হ’ল আৰু তেওঁ পুত্র দুজনৰ সৈতে তাতে নিবাস কৰিবলৈ ল’লে।
Elimelech died, and Naomi was left with her two sons,
4 তেওঁৰ পুত্র দুজনে তাতে দুজনী মোৱাবীয়া ছোৱালী বিয়া কৰালে; তাৰে এজনীৰ নাম অর্পা আৰু আন এজনীৰ নাম ৰূথ। তেওঁলোকে সেই ঠাইত প্ৰায় দহ বছৰ বসবাস কৰি থাকিল।
who married Moabite women named Orpah and Ruth. After they had lived there about ten years,
5 তাৰ পাছত মহলোন আৰু কিলিয়োন নামৰ এই পুত্র দুজনৰো মৃত্যু হ’ল; নয়মী পুত্ৰহাৰা আৰু স্বামীহীনা হ’ল।
Mahlon and Chilion both died, and Naomi was left alone, without husband or sons.
6 পাছত নয়মীয়ে দুজনী বোৱাৰীয়েকৰে সৈতে মোৱাব দেশ ত্যাগ কৰি যিহূদা দেশলৈ উভটি যোৱাৰ সিদ্ধান্ত ল’লে৷ তেওঁ মোৱাব দেশতে শুনিবলৈ পাইছিল যে, যিহূদা দেশত থকা নিজৰ লোকসকলক যিহোৱাই প্রয়োজনৰ সময়ত সহায় কৰে আৰু খোৱা বস্তু যোগায়।
So she set out with her daughters-in-law to return from the land of Moab, for she had heard that the Lord had remembered his people and given them food.
7 সেয়ে নয়মীয়ে বোৱাৰী দুজনীৰ সৈতে সেই দেশ পৰিত্যাগ কৰি যিহূদা দেশলৈ খোজকাঢ়ি উভতি আহিবলৈ সিদ্ধান্ত ল’লে৷
As they were setting out together on the journey to Judah,
8 সেয়ে নয়মীয়ে বোৱাৰীয়েক দুজনীক ক’লে, “তোমালোকে নিজ নিজ মাতৃৰ ঘৰলৈ উভটি যোৱা, তোমালোকে যি দৰে মৃতবোৰলৈ আৰু মোলৈকো দয়া কৰিছিলা, সেইদৰে যিহোৱাই তোমালোককো দয়া কৰক।
Naomi said to her daughters-in-law, ‘Go, return both of you to the home of your mother. May the Lord be kind to you as you have been kind to the dead and to me.
9 তোমালোকে যেন পুনৰ স্বামী গ্ৰহণ কৰি তেওঁলোকৰ ঘৰত বিশ্ৰাম কৰিব পোৱা, যিহোৱাই তোমালোকক এনে বৰ দিয়ক।” তাৰ পাছত তেওঁ দুয়োকে চুমা খোৱাত, তেওঁলাকে চিঞঁৰি কান্দিবলৈ ধৰিলে।
The Lord grant that each of you may find peace and happiness in the house of a new husband.’ Then she kissed them; but they began to weep aloud
10 ১০ আৰু তেওঁক তেওঁলোকে ক’লে, “নহয় নহয়; আমি হ’লে আপোনাৰ লগত আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।”
and said to her, ‘No, we will return with you to your people.’
11 ১১ তেতিয়া নয়মীয়ে ক’লে, “হে মোৰ আইটিহঁত উভটি যোৱা; তোমালোকে মোৰ লগত কিয় যাব ওলাইছা? তোমালোকৰ স্বামী হ’বৰ বাবে এতিয়া জানো মই গৰ্ভত পুত্ৰ ধাৰণ কৰিব পাৰিম?
But Naomi said, ‘Go back, my daughters. Why should you go with me? Can I still bear sons who might become your husbands?
12 ১২ হে মোৰ আইটিহঁত, নিজ বাটে উভটি যোৱা, কিয়নো মই অতি বৃদ্ধা, আকৌ বিয়া হ’ব নোৱাৰো, আৰু যদিও মোৰ আশা আছে বুলি মই কওঁ, আৰু মই বিয়া হৈ আজি ৰাতিয়েই যদি পুত্ৰ প্ৰসৱ কৰোঁ,
Go back, my daughters, go your own way, because I am too old to have a husband. Even if I should say, “I have hope,” even if I should have a husband tonight and should bear sons,
13 ১৩ তথাপি তোমালোকে জানো সিহঁত ডাঙৰ হোৱালৈকে সিহঁতৰ কাৰণে বিয়া নোহোৱাকৈ অপেক্ষাত থাকিব পাৰিবা? হে মোৰ আইটিহঁত, মই তোমালোকতকৈয়ো অতি বেছি দুখিত, কাৰণ যিহোৱাৰ হাত মোৰ বিৰুদ্ধে উঠিল।”
would you wait for them until they were grown up? Would you remain single for them? No, my daughters! My heart grieves for you, for the Lord has sent me adversity.’
14 ১৪ তেতিয়া তেওঁলোকে পুনৰ চিঞঁৰি কান্দিবলৈ ধৰিলে, আনহাতে অর্পাই শাহুৱেকক চুমা খাই বিদায় ল’লে; কিন্তু ৰূথ তেওঁৰ লগতে থাকিল।
Then they again wept aloud, and Orpah kissed her mother-in-law goodbye, but Ruth stayed with her.
15 ১৫ তেতিয়া নয়মীয়ে ক’লে, “সৌৱা চোৱা, তোমাৰ জায়েৰাই নিজ লোকসকলৰ আৰু নিজ দেৱতাৰ ওচৰলৈ ঘূৰি গ’ল; তুমিও তোমাৰ জায়েৰাৰ সৈতে উভটি যোৱা।”
‘Look,’ said Naomi, ‘your sister-in-law is going back to her own people and to her own gods. Go along with her!’
16 ১৬ কিন্তু ৰূথে ক’লে, “আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নকব৷ কিয়নো, আপুনি য’লৈকে যাই, ময়ো তালৈকে যাম, আৰু আপুনি য’ত থাকিব, মইয়ো তাতে থাকিম, আপোনাৰ লোকসকলে মোৰ লোক হ’ব, আৰু আপোনাৰ ঈশ্বৰেই মোৰো ঈশ্বৰ হ’ব৷
But Ruth answered, ‘Do not urge me to leave you or to go back. I will go where you go, and I will stay wherever you stay. Your people will be my people, and your God my God;
17 ১৭ আপোনাৰ যি ঠাইত মৃত্যু হ’ব, মোৰো সেই ঠাইতে মত্যু হ’ব, আৰু তাতেই মোৰ মৈদামো হ’ব; কেৱল মৃত্যুৰ বাহিৰে আন কোনোৱে যদি মোক আপোনাৰ পৰা পৃথক কৰিব পাৰে, তেন্তে যিহোৱাইহে মোক অধিক দণ্ড দিয়ক।”
I will die where you die, and be buried there. May the Lord bring a curse upon me, if anything but death separate you and me.’
18 ১৮ যেতিয়া নয়মীয়ে দেখিলে যে, ৰূথ তেওঁৰ লগত যাবলৈ দৃঢ় প্ৰতিজ্ঞ, তেতিয়া তেওঁ তাইক পুনৰ বাধা নকৰিলে।
When Naomi saw that Ruth was determined to go with her, she ceased urging her to return.
19 ১৯ পাছত তেওঁলোক দুয়ো বৈৎলেহেম চহৰ নোপোৱালৈকে গৈ থাকিল আৰু তেওঁলোকে বৈৎলেহেম নগৰ পোৱাৰ পাছত, তেওঁলোকৰ বিষয় লৈ নগৰৰ লোকসকল উত্তেজিত হৈ পৰিল, আৰু মহিলাসকলে আহি সুধিলে, “এৱেঁই নয়মী নহয় নে?”
So they journeyed on until they came to Bethlehem. Their arrival stirred the whole town, and the women said, ‘Can this be Naomi?’
20 ২০ তেতিয়া তেওঁ তেওঁলোকক ক’লে, “মোক নয়মী বুলি নামাতিবা, কিন্তু মাৰা বুলি মাতিবা। কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰে মোৰ জীৱন তিক্ততাৰে পৰিপূৰ্ণ কৰিলে।
‘Do not call me Naomi,’ she said to them, ‘call me Mara, for the Almighty has given me a bitter lot.
21 ২১ মই পূৰ্ণ সংসাৰ লৈ ওলাই গৈছিলোঁ, কিন্তু যিহোৱাই মোৰ সংসাৰ শূন্য কৰি ঘৰলৈ উভটাই আনিলে। সেয়ে তোমালোকে মোক কিয় নয়মী বুলি মাতিছা? যিহোৱাই মোৰ বিৰুদ্ধে সাক্ষ্য দিছে, আৰু সৰ্ব্বশক্তিমান ঈশ্বৰে মোক যাতনাদায়ক কৰিলে।”
I had plenty when I left, but the Lord has brought me back empty handed. Why should you call me Naomi, now that the Lord has afflicted me, and the Almighty has brought misfortune on me?’
22 ২২ এইদৰে নয়মী আৰু তেওঁৰ মোৱাবীয়া বোৱাৰীয়েক ৰূথ মোৱাব দেশৰ পৰা উভটি আহিল আৰু তেওঁলোকে যৱ ধান দাৱলৈ আৰম্ভ কৰা কালত বৈৎলেহেম আহি পালে।
So Naomi and Ruth, her Moabite daughter-in-law, returned from Moab. They reached Bethlehem at the beginning of the barley harvest.

< ৰূথ 1 >