< প্ৰকাশিত বাক্য 21 >

1 তাৰ পাছত মই নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱী দেখিলোঁ; কিয়নো প্ৰথম আকাশমণ্ডল আৰু প্ৰথম পৃথিৱী গুচি গ’ল; সমুদ্ৰও নাছিল।
Potem zobaczyłem nowe niebo i nową ziemię. Pierwsze niebo bowiem i pierwsza ziemia przeminęły i nie było już morza.
2 আৰু দৰাৰ কাৰণে বিভূষিতা কন্যা যেনে, তেনেকৈ যুগুত হোৱা, সেই পবিত্ৰ নগৰ নতুন যিৰূচালেমক, ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নমা দেখিলোঁ।
A ja, Jan, zobaczyłem święte miasto, nowe Jeruzalem, zstępujące z nieba od Boga, przygotowane jak oblubienica przyozdobiona dla swego męża.
3 পাছত মই সেই সিংহাসনৰ পৰা এই মহা আকাশ-বাণী শুনিলোঁ, “সৌৱা চোৱা!” লোক সকলৰ সহিত ঈশ্বৰৰ নিবাস আৰু তেওঁলোকৰ সহিত তেওঁ নিবাস কৰিব৷ তেওঁলোক তেওঁৰ নিজ লোক হব, আৰু ঈশ্বৰ নিজে সঙ্গী হৈ তেওঁলোকৰ ঈশ্বৰ হ’ব৷
I usłyszałem donośny głos z nieba: Oto przybytek Boga [jest] z ludźmi i będzie mieszkał z nimi. Oni będą jego ludem, a sam Bóg będzie z nimi i [będzie] ich Bogiem.
4 তেওঁলোকৰ চকুৰ পৰা আটাই চকুলো মচি গুচাব; তাতে মৃত্যু পুনৰ নহব; শোক বা ক্ৰন্দন বা বেদনাও পুনৰ নহব৷ আগৰবোৰ গুচি গ’ল।
I otrze Bóg wszelką łzę z ich oczu, i śmierci już nie będzie ani smutku, ani krzyku, ani bólu nie będzie, bo pierwsze rzeczy przeminęły.
5 পাছত সিংহাসনৰ ওপৰত বহা জনে কলে, “চোৱা! মই সকলোকে নতুন কৰোঁ।” তেওঁ পুনৰ কলে, “লিখা, কিয়নো এইবোৰ কথা বিশ্বাসযোগ্য আৰু সত্য।”
A zasiadający na tronie powiedział: Oto wszystko czynię nowe. I powiedział do mnie: Napisz, bo te słowa są wiarygodne i prawdziwe.
6 পাছত তেওঁ মোক কলে, “এই সকলো হ’ল! মই আলফা আৰু ওমেগা, আদি আৰু অন্ত। পিয়াহ লগা জনক মই জীৱন-জলৰ ভুমুকৰ পানী বিনামুল্যে দিম।
I powiedział do mnie: Stało się. Ja jestem Alfa i Omega, początek i koniec. Ja spragnionemu dam darmo ze źródła wody życia.
7 যি জনে জয় কৰে, তেওঁ এইবোৰৰ অধিকাৰী হ’ব; মই তেওঁৰ ঈশ্বৰ হ’ম আৰু তেওঁ মোৰ পুত্ৰ হ’ব।
Kto zwycięży, odziedziczy wszystko i będę dla niego Bogiem, a on będzie dla mnie synem.
8 কিন্তু যি সকল ভয়াতুৰ, অবিশ্বাসী, ঘিণলগীয়া, নৰবধী, ব্যভীচাৰি, মায়াবী, মূৰ্তিপূজক আৰু সকলো মিছলীয়া সকলে জ্বলি থকা গন্ধক আৰু জুইৰ সৰোবৰত নিজ নিজ ভাগ পাব৷ সেয়াই দ্বিতীয় মৃত্যু।” (Limnē Pyr g3041 g4442)
Ale bojaźliwi, niewierzący, obrzydliwi, mordercy, rozpustnicy, czarownicy, bałwochwalcy i wszyscy kłamcy [będą mieli] udział w jeziorze płonącym ogniem i siarką. To jest druga śmierć. (Limnē Pyr g3041 g4442)
9 তেতিয়া শেষৰ সাত উৎপাতেৰে পৰিপূৰ্ণ সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল, আৰু মোৰ ওচৰলৈ আহি কলে, “ইয়ালৈ আহা৷ মই তোমাক সেই কন্যা, অৰ্থাৎ মেৰ-পোৱালিৰ ভাৰ্যাক দেখুৱাম।”
I przyszedł do mnie jeden z siedmiu aniołów, którzy mieli siedem czasz napełnionych siedmioma ostatecznymi plagami, i odezwał się do mnie, mówiąc: Chodź tutaj, pokażę ci oblubienicę, małżonkę Baranka.
10 ১০ তাতে তেওঁ মোক আত্মাত এখন ডাঙৰ ওখ পৰ্বতলৈ নিলে, আৰু ঈশ্বৰৰ পৰা, অৰ্থাৎ স্বৰ্গৰ পৰা নামি অহা ঈশ্বৰৰ প্ৰভাৱ-যুক্ত সেই পবিত্ৰ যিৰূচালেম নগৰ দেখুৱালে।
I przeniósł mnie w duchu na górę wielką i wysoką, i pokazał mi wielkie miasto, święte Jeruzalem, zstępujące z nieba od Boga;
11 ১১ সেই নতুন যিৰূচালেম ঈশ্ৱৰৰ মহিমাৰে পূৰ্ণ আছিল আৰু তাৰ জ্যোতি বহুমূলীয়া মণি, অৰ্থাৎ স্ফটিকৰ দৰে নিৰ্ম্মল সূৰ্য্যকান্ত মণিৰ নিচিনা আছিল৷
Mające chwałę Boga. Jego blask podobny [był] do drogocennego kamienia, jakby jaspisu, przezroczystego jak kryształ.
12 ১২ তাত ওখ আৰু ডাঙৰ গড় আৰু বাৰ খন দ্ৱাৰ আছিল; সেই বাৰ খন দ্ৱাৰত বাৰ জন দূত থাকে আৰু সেই দ্ৱাৰত ইস্ৰায়েলৰ সন্তান সকলৰ বাৰ ফৈদৰ নাম লিখা আছিল৷
Miało ono wielki i wysoki mur, miało dwanaście bram, a na bramach dwunastu aniołów i wypisane imiona, które są [imionami] dwunastu pokoleń synów Izraela.
13 ১৩ তাৰে তিনি খনৰ দ্ৱাৰ পূব ফালে, তিনি খন দ্ৱাৰ উত্তৰ ফালে, তিনি খন দ্ৱাৰ দক্ষিণ ফালে আৰু তিনি খন দুৱাৰ পশ্চিম ফালে।
Od wschodu trzy bramy, od północy trzy bramy, od południa trzy bramy i od zachodu trzy bramy.
14 ১৪ আৰু নগৰৰ গড়ৰ বাৰটা ভিত্তিমূল; তাত মেৰ-পোৱালিৰ বাৰ জন পাঁচনিৰ বাৰটা নাম আছে।
A mur miasta miał dwanaście fundamentów, a na nich dwanaście imion dwunastu apostołów Baranka.
15 ১৫ আৰু সেই নগৰ আৰু তাৰ দুৱাৰবোৰ আৰু তাৰ গড় জুখিবৰ কাৰণে, মোৰে সৈতে কথা হোৱা জনৰ সোণৰ নলৰ এডাল জোখ আছিল।
A ten, który rozmawiał ze mną, miał złotą trzcinę, aby zmierzyć miasto, jego bramy i jego mur.
16 ১৬ সেই নগৰ চাৰি-চুকীয়া, তাৰ দীঘে-পথালিয়ে সমান। পাছত তেওঁ নলেৰে নগৰ খনৰ জোখ লৈ পোন্ধৰ শ মাইল পালে; দীঘে-পথালিয়ে আৰু উচ্চতাত সমান।
Miasto ma kształt czworoboku, a jego długość jest taka sama jak i szerokość. I wymierzył miasto trzciną na dwanaście tysięcy stadiów. Jego długość, szerokość i wysokość są równe.
17 ১৭ পাছত গড় জুখি, মানুহৰ অৰ্থাৎ দূতৰ জোখ ডালেৰে এশ চৌৱাল্লিশ হাত হ’ল।
I wymierzył jego mur na sto czterdzieści cztery łokcie [według] miary człowieka, która jest [miarą] anioła.
18 ১৮ সেই গড়ৰ গাঁঠনি সূৰ্য্যকান্ত মণিৰ আৰু নগৰ খন শুদ্ধ সোণৰ পৰিষ্কাৰ দৰ্পণৰ নিচিনা।
Jego mur jest zbudowany z jaspisu, miasto zaś ze szczerego złota podobnego do czystego szkła.
19 ১৯ নগৰৰ গড়ৰ ভিত্তিমূলবোৰ আটাইবিধ বহুমূলীয়া মণিৰে বিভূষিত আছিল।
Fundamenty muru miasta ozdobione [były] wszelkimi drogimi kamieniami. Pierwszy fundament to jaspis, drugi – szafir, trzeci – chalcedon, czwarty – szmaragd;
20 ২০ প্ৰথম মূল সূৰ্য্যকান্তৰ, দ্বিতীয় নীলকান্তৰ, তৃতীয় তাম্ৰমণিৰ, চতুৰ্থ মৰকতৰ, পঞ্চম বৈদুৰ্য্যৰ, ষষ্ঠ চাৰ্দ্দীয় মণিৰ, সপ্তম স্বৰ্ণমণিৰ, অষ্টম গোমেদকৰ, নৱম পদ্মৰাগৰ, দশম লশুনীয়ৰ, একাদশ পেৰোজৰ, দ্বাদশ কটাহেলাৰ আছিল।
Piąty – sardoniks, szósty – karneol, siódmy – chryzolit, ósmy – beryl, dziewiąty – topaz, dziesiąty – chryzopraz, jedenasty – hiacynt, dwunasty – ametyst.
21 ২১ সেই বাৰটা দ্ৱাৰত বাৰটা মুকুতা আছিল, আৰু প্ৰত্যেকটো দ্ৱাৰে এটা এটা মুকুতাৰে সজা হৈছিল৷ নগৰৰ আলিবাট শুদ্ধ সোণৰ আৰু পৰিষ্কাৰ দৰ্পণৰ নিচিনা আছিল।
A dwanaście bram [to] dwanaście pereł. Każda brama była z jednej perły. A rynek miasta to szczere złoto, jak przezroczyste szkło.
22 ২২ তাৰ ভিতৰত মই কোনো মন্দিৰ নেদেখিলোঁ, কিয়নো সৰ্ব্বশক্তিমান প্ৰভু পৰমেশ্বৰ আৰু সেই মেৰ-পোৱালি জনে তাৰ মন্দিৰ।
Lecz świątyni w nim nie widziałem, bo jego świątynią jest Pan Bóg Wszechmogący oraz Baranek.
23 ২৩ সেই নগৰত দীপ্তিৰ বাবে সূৰ্য বা চন্দ্ৰৰ প্ৰয়োজন নাই; কিয়নো তাত ঈশ্বৰৰ প্ৰতাপে দীপ্তি দিয়ে, আৰু মেৰ-পোৱালি জন তাৰ প্ৰদীপ স্বৰূপ।
A miasto nie potrzebuje słońca ani księżyca, aby świeciły w nim, bo oświetla je chwała Boga, a jego lampą jest Baranek.
24 ২৪ জাতিবোৰে সেই দীপ্তিত অহা-যোৱা কৰিব; আৰু পৃথিৱীৰ ৰজা সকলে নিজৰ প্ৰতাপ তাৰ ভিতৰলৈ আনিব।
Narody, które będą zbawione, będą chodziły w jego świetle, a królowie ziemi wniosą do niego swoją chwałę i cześć.
25 ২৫ তাৰ দ্ৱাৰবোৰ দিনত কেতিয়াও বন্ধ নহব; কিয়নো তাত ৰাতি নহব;
W dzień jego bramy nie będą zamknięte, bo nocy tam nie będzie.
26 ২৬ তেওঁলোকে জাতি সকলৰ প্ৰতাপ আৰু মৰ্যদা তাৰ ভিতৰলৈ আনিব।
I wniosą do niego chwałę i cześć narodów.
27 ২৭ আৰু কোনো অশুচি বস্তু তাৰ ভিতৰত প্ৰৱেশ নকৰিব৷ সেয়েহে তাতে ঘিণলগীয়া কৰ্ম কৰা আৰু মিছা কথা কোৱা কোনেও তাৰ ভিতৰত কেতিয়াও প্ৰৱেশ নকৰিব, কিন্তু কেৱল যি সকলৰ নাম সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত লিখা আছে, তেওঁলোকেহে ভিতৰত প্ৰৱেশ কৰিব৷
I nie wejdzie do niego nic nieczystego ani ten, kto popełnia obrzydliwość i kłamstwo, tylko ci, którzy są zapisani w księdze życia Baranka.

< প্ৰকাশিত বাক্য 21 >