< প্ৰকাশিত বাক্য 17 >

1 পাছত সেই সাতোটা বাটি লোৱা সাত জন দূতৰ এজন আহিল আৰু মোক ক’লে, “আহা, মই তোমাক অনেক পানীৰ ওপৰত বহি থকা সেই মহা-বেশ্যাৰ দণ্ড দেখুৱাওঁ,
και ηλθεν εις εκ των επτα αγγελων των εχοντων τας επτα φιαλας και ελαλησεν μετ εμου λεγων δευρο δειξω σοι το κριμα της πορνης της μεγαλης της καθημενης επι των υδατων των πολλων
2 তাইৰ সৈতে পৃথিৱীৰ ৰজা সকলে ব্যভিচাৰ কৰিলে আৰু তাইৰ ব্যভিচাৰৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পৃথিৱী নিবাসী সকলক মতলীয়া কৰা হ’ল।”
μεθ ης επορνευσαν οι βασιλεις της γης και εμεθυσθησαν οι κατοικουντες την γην εκ του οινου της πορνειας αυτης
3 তেতিয়া দূত জনে মোক আত্মাত মৰুভূমিলৈ লৈ গ’ল; তাতে ঈশ্বৰক নিন্দা কৰা নামেৰে পৰিপূৰ্ণ হোৱা আৰু সাতোটা মূৰ, দহোটা শিং থকা এটা উজ্বল ৰঙা বৰণীয়া পশুৰ ওপৰত বহি থকা এজনী মহিলা দেখিলোঁ।
και απηνεγκεν με εις ερημον εν πνευματι και ειδον γυναικα καθημενην επι θηριον κοκκινον γεμον ονοματα βλασφημιας εχον κεφαλας επτα και κερατα δεκα
4 সেই মহিলা গৰাকী বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণৰ বস্ত্ৰ পিন্ধা, সোণ আৰু বহুমূল্য মণি-মুকুতাৰ অলঙ্কাৰ পৰিধান কৰা; তাইৰ হাতত ঘিণলগীয়া বস্তু আৰু তাইৰ ব্যভিচাৰৰূপ মলিৰে পৰিপূৰ্ণ এক পান-পাত্ৰ আছিল;
και η γυνη ην περιβεβλημενη πορφυρουν και κοκκινον κεχρυσωμενη χρυσιω και λιθω τιμιω και μαργαριταις εχουσα ποτηριον χρυσουν εν τη χειρι αυτης γεμον βδελυγματων και τα ακαθαρτα της πορνειας αυτης
5 আৰু তাইৰ কপালত এই নাম লিখা আছিল, সেয়ে নিগূঢ়-তত্ত্ব, “মহান বাবিল, পৃথিৱীৰ বেশ্যা সকলৰ আৰু ঘিণলগীয়া বস্তুৰ মাতৃ।”
και επι το μετωπον αυτης ονομα γεγραμμενον μυστηριον βαβυλων η μεγαλη η μητηρ των πορνων και των βδελυγματων της γης
6 সেই মহিলাক পবিত্ৰ লোক সকলৰ তেজত আৰু যীচুৰ সাক্ষী সকলৰ তেজত মতলীয়া হোৱা দেখিলোঁ৷ মই তাইক দেখি অতি বিস্ময় মানিলোঁ।
και ειδον την γυναικα μεθυουσαν εκ του αιματος των αγιων [και] εκ του αιματος των μαρτυρων ιησου και εθαυμασα ιδων αυτην θαυμα μεγα
7 তাতে সেই দূতে মোক ক’লে, “তুমি কিয় বিস্ময় মানিলা? সেই তিৰোতা আৰু তাইক লৈ ফুৰি থকা সেই সাতোটা মুৰ আৰু দহোটা শিং থকা পশুৰ নিগূঢ়-তত্ত্ব মই তোমাক বুজাই কম৷
και ειπεν μοι ο αγγελος δια τι εθαυμασας εγω ερω σοι το μυστηριον της γυναικος και του θηριου του βασταζοντος αυτην του εχοντος τας επτα κεφαλας και τα δεκα κερατα
8 তুমি যি পশুক দেখিলা, সি আছিল, কিন্তু সম্প্ৰতি নাই; সি অগাধ ঠাইৰ পৰা উঠি পাছত বিনাশৰ ঠাইলৈ যাবৰ বাবে উদ্যত হৈছে; আৰু জগত স্থাপনৰে পৰা জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, এনে পৃথিৱী নিবাসী সকলে যেতিয়া সেই পশুক দেখিব, তেতিয়া যিটো আছিল, সম্প্ৰতি নাই কিন্তু উপস্থিত হ’বলগীয়া, সেইটোক দেখি তেওঁলোকে বিস্ময় মানিব। (Abyssos g12)
το θηριον ο ειδες ην και ουκ εστιν και μελλει αναβαινειν εκ της αβυσσου και εις απωλειαν υπαγειν και θαυμασονται οι κατοικουντες επι της γης ων ου γεγραπται τα ονοματα επι το βιβλιον της ζωης απο καταβολης κοσμου βλεποντων οτι ην το θηριον και ουκ εστιν και παρεσται (Abyssos g12)
9 ইয়াত বুজি পাবৰ বাবে জ্ঞানী মনৰ প্ৰয়োজন। যিবোৰৰ ওপৰত সেই মহিলা গৰাকী বহি আছে, সেই সাতোটা মুৰ হৈছে সাতোটা পৰ্বত; আৰু সেইবোৰেই সাত জন ৰজাও৷
ωδε ο νους ο εχων σοφιαν αι επτα κεφαλαι επτα ορη εισιν οπου η γυνη καθηται επ αυτων
10 ১০ তেওঁলোকৰ পাঁচ জন পতিত হ’ল, এজন বৰ্তমান আছে, আৰু আন জন এতিয়াও অহা নাই; কিন্তু আহিলেও তেওঁ অলপ কালহে থাকিব।
και βασιλεις επτα εισιν οι πεντε επεσον ο εις εστιν ο αλλος ουπω ηλθεν και οταν ελθη ολιγον δει αυτον μειναι
11 ১১ আৰু যি পশু আছিল কিন্তু সম্প্ৰতি নাই, সি নিজেই অষ্টম ৰজা আৰু সেই শ্ৰেণীৰে সাত জনৰ এজন; সি বিনাশৰ ঠাইলৈ যাব।
και το θηριον ο ην και ουκ εστιν και αυτος ογδοος εστιν και εκ των επτα εστιν και εις απωλειαν υπαγει
12 ১২ আৰু তুমি দেখা সেই দহোটা শিঙেই, দহ জন ৰজা; তেওঁলোকে এতিয়াও ৰাজ্য পোৱা নাই; কিন্তু এক ঘণ্টাৰ কাৰণে সেই পশুৰে সৈতে সেই কেইজনেও ৰাজ অধিকাৰ পাব।
και τα δεκα κερατα α ειδες δεκα βασιλεις εισιν οιτινες βασιλειαν ουπω ελαβον αλλ εξουσιαν ως βασιλεις μιαν ωραν λαμβανουσιν μετα του θηριου
13 ১৩ তেওঁলোকে এক পৰামৰ্শ হৈ নিজৰ শক্তি আৰু অধিকাৰ সেই পশুক দিব।
ουτοι μιαν εχουσιν γνωμην και την δυναμιν και την εξουσιαν αυτων τω θηριω διδοασιν
14 ১৪ তেওঁলোকে মেৰ-পোৱালিৰ সৈতে যুদ্ধ কৰিব; কিন্তু মেৰ-পোৱালিয়ে তেওঁলোকৰ ওপৰত জয় কৰিব; কিয়নো তেওঁ প্ৰভুৰো প্ৰভু, ৰজাৰো ৰজা আৰু তেওঁৰ সৈতে থকা সকলো আমন্ত্ৰিত, মনোনীত আৰু বিশ্বাসী।”
ουτοι μετα του αρνιου πολεμησουσιν και το αρνιον νικησει αυτους οτι κυριος κυριων εστιν και βασιλευς βασιλεων και οι μετ αυτου κλητοι και εκλεκτοι και πιστοι
15 ১৫ সেই দূত জনে মোক আকৌ ক’লে, “তুমি যি পানী দেখিলা, অৰ্থাৎ য’ত সেই বেশ্যা বহি আছে, সেই পানীবোৰেই অনেক প্ৰজা, সাধাৰণ লোক, সকলো জাতি আৰু ভাষাৰ লোক সকল।
και λεγει μοι τα υδατα α ειδες ου η πορνη καθηται λαοι και οχλοι εισιν και εθνη και γλωσσαι
16 ১৬ তুমি দেখা সেই দহোটা শিং আৰু পশুৱে সেই বেশ্যাক ঘিণ কৰিব৷ তাইক অনাথ আৰু উলঙ্গ কৰি তাইৰ মঙহ খাব আৰু তাইক সম্পূৰ্ণৰূপে জুইত পুৰি পেলাব।
και τα δεκα κερατα α ειδες και το θηριον ουτοι μισησουσιν την πορνην και ηρημωμενην ποιησουσιν αυτην και γυμνην [ποιησουσιν αυτην] και τας σαρκας αυτης φαγονται και αυτην κατακαυσουσιν εν πυρι
17 ১৭ কিয়নো ঈশ্বৰৰ বাক্য সিদ্ধ নোহোৱালৈ তেওঁৰ মনস্থ পুৰ কৰিবলৈ আৰু এক মনৰ হৈ তেওঁলোকৰ নিজ নিজ ৰাজ্য পশুক দিবৰ বাবে, ঈশ্বৰে তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
ο γαρ θεος εδωκεν εις τας καρδιας αυτων ποιησαι την γνωμην αυτου και ποιησαι γνωμην μιαν και δουναι την βασιλειαν αυτων τω θηριω αχρι τελεσθωσιν οι λογοι του θεου
18 ১৮ তুমি যি মহিলাক দেখিলা, তাই পৃথিৱীৰ ৰজা সকলৰ ওপৰত ৰাজত্ব পোৱা সেই মহা-নগৰ।
και η γυνη ην ειδες εστιν η πολις η μεγαλη η εχουσα βασιλειαν επι των βασιλεων της γης

< প্ৰকাশিত বাক্য 17 >