< সামসঙ্গীত 80 >

1 হে ইস্ৰায়েলৰ ৰখীয়া, কাণ পাতা; তুমি যোচেফৰ বংশক মেৰ-ছাগৰ জাকৰ দৰে চলাই আনিছা! তুমি কৰূববোৰৰ ওপৰত বহি, আমাৰ ওপৰত তোমাৰ দীপ্তি প্ৰকাশ কৰিছা!
[For the Chief Musician. To the tune of "The Lilies of the Covenant." A Psalm by Asaph.] Hear us, Shepherd of Israel, you who lead Joseph like a flock, you who sit above the cherubim, shine forth.
2 তুমি ইফ্ৰয়িম, বিন্যামীন আৰু মনচি ফৈদৰ সন্মুখত তোমাৰ পৰাক্ৰম জগাই তোলা, আমাক উদ্ধাৰ কৰিবলৈ আহাঁ।
Before Ephraim and Benjamin and Manasseh, stir up your might. Come to save us.
3 হে ঈশ্বৰ, তুমি আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
Restore us, God. Cause your face to shine, and we will be saved.
4 হে বাহিনীবোৰৰ ঈশ্বৰ যিহোৱা, তোমাৰ লোকসকলৰ প্ৰাৰ্থনাত, তুমি কিমান কাললৈ ক্ৰোধ কৰি থাকিবা?
YHWH, the God of hosts, How long will you be angry against the prayer of your people?
5 তুমি তেওঁলোকক চকুলোৰ আহাৰ খাবলৈ দিলা, আৰু প্রচুৰ পৰিমাণে চকুৰ পানী পান কৰিবলৈ দিলা।
You have fed them with the bread of tears, and given them tears to drink in large measure.
6 তুমি আমাক এনে কাৰণ কৰিলা যাতে আমাৰ প্রতিবেশী জাতিবোৰে আমাক লৈ বিবাদ কৰে। আমাৰ শত্রুবোৰে আমাক লৈ নিজৰ মাজত হাঁহি-তামাচা কৰে।
You make us a source of contention to our neighbors. Our enemies have mocked us.
7 হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
Restore us, God of hosts. Cause your face to shine, and we will be saved.
8 তুমি মিচৰৰ পৰা এজোপা দ্ৰাক্ষালতাৰ দৰে আমাক তুলি আনিলা; আন জাতিবোৰক খেদাই দি তুমি তাক ৰোপন কৰিলা।
You brought a vine out of Egypt. You drove out the nations, and planted it.
9 তুমি তাৰ কাৰণে ভূমি পৰিস্কাৰ কৰিলা; তাতে দ্রাক্ষালতাই দকৈ শিপা ধৰি দেশখনকে জুৰিলে।
You cleared the ground for it. It took deep root, and filled the land.
10 ১০ তাৰ ছাঁয়াত পাহাৰ-পৰ্ব্বতবোৰ ঢাক খাই গ’ল; তাৰ ডালবোৰে বৃহৎ এৰচ গছবোৰ ঢাকি পেলালে;
The mountains were covered with its shadow. Its boughs were like God's cedars.
11 ১১ সমুদ্ৰলৈকে ইয়াৰ শাখাবোৰ আৰু ফৰাৎ নদী পর্যন্ত ইয়াৰ অঙ্কুৰবোৰ বিস্তাৰিত হ’ল।
It sent out its branches to the sea, Its shoots to the River.
12 ১২ তেন্তে কিয় তুমি তাৰ দেৱাল ভাঙি পেলালা? সেয়ে আটাই বাটৰুৱাই তাৰ ফল ছিঙে।
Why have you broken down its walls, so that all those who pass by the way pluck it?
13 ১৩ বনৰ বৰাহে আহি তাক নষ্ট কৰে; পথাৰৰ পশুবোৰেও তাক খায়।
The boar out of the wood ravages it. The wild animals of the field feed on it.
14 ১৪ হে বাহিনীবোৰৰ ঈশ্বৰ, তুমি উলটি আহাঁ; স্বৰ্গৰ পৰা তুমি তললৈ দৃষ্টি কৰা আৰু এই দ্ৰাক্ষালতাৰ দেখ-ভাল কৰা,
Return, we beg you, God of hosts. Look down from heaven, and see, and visit this vine,
15 ১৫ যি পুলি গছক তুমি নিজৰ সোঁ হাতেৰে ৰোপন কৰিলা; যাৰ অঙ্কুৰবোৰক তুমি বৃদ্ধি কৰিলা।
the stock which your right hand planted, the branch that you made strong for yourself.
16 ১৬ সেই গছ জুইত পোৰা হ’ল, তাক কাটি পেলোৱা হৈছে; তোমাৰ শত্রুবোৰ তোমাৰ মুখৰ ধমকিত বিনষ্ট হওঁক।
It's burned with fire. It's cut down. They perish at your rebuke.
17 ১৭ কিন্তু তোমাৰ সোঁ হাতৰ লোকৰ ওপৰত তুমি নিজৰ হাত ৰাখা; হাত ৰাখা সেই মনুষ্য পুত্রৰ ওপৰত যাক তুমি নিজৰ কাৰণে শক্তিশালী কৰিলা।
Let your hand be on the man of your right hand, on the son of man whom you made strong for yourself.
18 ১৮ তাতে আমি কেতিয়াও তোমাৰ ওচৰৰ পৰা উলটি নাযাম; তুমি আমাক পুনৰ জীৱন দিয়া, আমি তোমাৰ নামত নিবেদন কৰিম।
So we will not turn away from you. Revive us, and we will call on your name.
19 ১৯ হে বাহিনীবোৰৰ ঈশ্বৰ, আমাৰ অৱস্থাৰ পৰিৱৰ্ত্তন কৰা; আমাৰ ওপৰত তোমাৰ মুখ উজ্জ্বল কৰা, যাতে আমি উদ্ধাৰ পাব পাৰোঁ।
Restore us, YHWH, the God of hosts. Cause your face to shine, and we will be saved.

< সামসঙ্গীত 80 >