< সামসঙ্গীত 35 >

1 হে যিহোৱা, যিসকলে মোৰে সৈতে বিবাদ কৰে, তুমিও তেওঁলোকৰে সৈতে বিবাদ কৰা; যিসকলে মোৰ বিৰুদ্ধে যুদ্ধ কৰে, তুমিও তেওঁলোকৰে বিৰুদ্ধে যুদ্ধ কৰা।
[By David.] Contend, LORD, with those who contend with me. Fight against those who fight against me.
2 তুমি ঢাল আৰু ফলক ধাৰণ কৰা, মোৰ সহায়ৰ অর্থে উঠা।
Take hold of shield and buckler, and stand up for my help.
3 মোৰ পাছে পাছে যিসকলে খেদি আহিছে, তুমি বৰছা আৰু যাঁঠি লৈ তেওঁলোকৰ পথ ৰুদ্ধ কৰা; তুমি মোৰ প্রাণক কোৱা, “ময়েই তোমাৰ পৰিত্ৰাণ।”
Brandish the spear and block those who pursue me. Tell my soul, "I am your salvation."
4 যিসকলে মোৰ প্ৰাণ বিচাৰে, তেওঁলোক লজ্জিত আৰু অপমানিত হওঁক; যিসকলে মোৰ সর্বনাশলৈ পৰিকল্পনা কৰে, তেওঁলোক উলটি যাওঁক, হতাশ হওঁক।
Let those who seek after my soul be disappointed and brought to dishonor. Let those who plot my ruin be turned back and confounded.
5 তেওঁলোক বতাহৰ সন্মুখত উৰুৱাই নিয়া তুঁহৰ নিচিনা হওঁক; যিহোৱাৰ দূতে তেওঁলোকক খেদি যাওঁক।
Let them be as chaff before the wind, The LORD's angel driving them on.
6 তেওঁলোকৰ পথ অন্ধকাৰ আৰু পিছল হওঁক। যিহোৱাৰ দূতে তেওঁলোকৰ পাছে পাছে খেদি যাওঁক।
Let their way be dark and slippery, The LORD's angel pursuing them.
7 কিয়নো তেওঁলোকে অকাৰণে মোৰ কাৰণে গাতত গুপুতে জাল পাতিলে; বিনা কাৰণতে মোৰ প্ৰাণ নাশৰ অৰ্থে গাত খান্দিলে।
For without cause they have hidden their net in a pit for me. Without cause they have dug a pit for my soul.
8 হঠাত তেওঁলোকৰ ওপৰলৈ বিনাশ আহঁক; তেওঁলোকে গোপনে পতা নিজৰ জালত নিজেই ধৰা পৰক; সেই বিনাশত তেওঁলোক পতিত হওঁক।
Let destruction come on him unawares. Let his net that he has hidden catch himself. Let him fall into that destruction.
9 তাতে মোৰ প্ৰাণ যিহোৱাত উল্লাসিত হব, তেওঁৰ পৰিত্ৰাণত আনন্দিত হব।
My soul shall be joyful in the LORD. It shall rejoice in his salvation.
10 ১০ মোৰ সকলো অস্থিয়ে কব, “হে যিহোৱা, তোমাৰ তুল্য কোন আছে?” তুমিয়েই দুর্বলীক তেওঁতকৈ বলৱান জনৰ পৰা, দুখী-দৰিদ্রক তেওঁলোকৰ লুন্ঠণকাৰীৰ পৰা উদ্ধাৰ কৰা।
All my bones shall say, "LORD, who is like you, who delivers the poor from him who is too strong for him; yes, the poor and the needy from him who robs him?"
11 ১১ অত্যাচাৰী বিদ্বেষপৰায়ণ মিছা সাক্ষীবোৰ উঠিছে; মই যি কথা নাজানো, তেওঁলোকে মোক সেই বিষয়ে সোধে।
Unrighteous witnesses rise up. They ask me about things that I do not know about.
12 ১২ তেওঁলোকে উপকাৰৰ সলনি মোৰ অপকাৰ কৰে; তাতে মোৰ প্ৰাণ অনাথ হয়।
They reward me evil for good, to the bereaving of my soul.
13 ১৩ কিন্তু মই হলে, তেওঁলোক নৰিয়া পৰা সময়ত চট কাপোৰ পিন্ধিছিলোঁ, লঘোনেৰে নিজৰ প্ৰাণক দুখ দিছিলোঁ; মোৰ প্ৰাৰ্থনা মোৰ বুকুলৈকে উলটি আহিছিল, মই উত্তৰ নাপালোঁ।
But as for me, when they were sick, my clothing was sackcloth. I afflicted my soul with fasting; and my prayer returned into my own bosom.
14 ১৪ মোৰ নিজ ভাই বা নিজ বন্ধুৰ দৰেই তেওঁলোকৰ কাৰণে মই শোক প্রকাশ কৰিলোঁ; মই মাতৃহাৰাৰ দৰে শোকার্ত হৈ মূৰ তল কৰি ফুৰিলোঁ।
I behaved myself as though it had been my friend or my brother. I bowed down mourning, as one who mourns his mother.
15 ১৫ কিন্তু মই যেতিয়া উজুটি খালো, তেতিয়া তেওঁলোক আনন্দিত হৈ একগোট হ’ল; তেওঁলোক মোৰ বিৰুদ্ধে একগোট হ’ল; মোৰ অজ্ঞাতে সেই অত্যাচাৰীবোৰে মোক চূর্ণ কৰিলে, ক্ষান্ত হৈ নাথাকিল।
But in my adversity, they rejoiced, and gathered themselves together. The attackers gathered themselves together against me, and I did not know it. They tore at me, and did not cease.
16 ১৬ তেওঁলোকে ভক্তিহীনভাৱে মোক বিদ্ৰূপ কৰিলে; তেওঁলোকে মোলৈ দাঁত কৰচে।
When I tripped, they mocked me relentlessly; they gnashed their teeth at me.
17 ১৭ হে প্ৰভু, তুমি কিমান কাললৈ চাই থাকিবা? তেওঁলোকৰ ধ্বংস কার্যৰ পৰা মোক উদ্ধাৰ কৰা; সিংহবোৰৰ পৰা মোৰ জীৱন ৰক্ষা কৰা।
LORD, how long will you look on? Rescue my soul from their destruction, my precious life from the lions.
18 ১৮ মই মহা-সমাজত তোমাৰ ধন্যবাদ কৰিম; অসংখ্য লোকৰ মাজত তোমাৰ গুণ-প্ৰশংসা কৰিম।
I will give you thanks in the great assembly. I will praise you among many people.
19 ১৯ মোৰ বিশ্বাসঘাটক শত্রুবোৰক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা; অকাৰণে যিসকলে মোক ঘৃণা কৰে, মোৰ বিৰুদ্ধে চকু টিপিয়াবলৈ নিদিবা।
Do not let those who are my enemies wrongfully rejoice over me; neither let those who hate me without a cause and wink their eyes.
20 ২০ কিয়নো তেওঁলোকে শান্তিজনক কথা নকয়, কিন্তু দেশত শান্তভাৱে বাস কৰা লোকসকলৰ বিৰুদ্ধে তেওঁলোকে ছলনাভৰা কথা কল্পনা কৰে।
For they do not speak peace, but they devise deceitful words against those who are quiet in the land.
21 ২১ মোৰ বিৰুদ্ধে তেওঁলোকে নিজ মুখ বহলকৈ মেলি কয়, “অহঃ অহঃ আমি নিজ চকুৰেই দেখিছোঁ।”
Yes, they opened their mouth wide against me. They said, "Aha. Aha. Our eye has seen it."
22 ২২ হে যিহোৱা তুমি এই সকলো দেখিছা, নিমাতে নাথাকিবা; হে প্ৰভু, তুমি মোৰ পৰা আঁতৰ নহবা!
You have seen it, LORD. Do not keep silent. LORD, do not be far from me.
23 ২৩ হে মোৰ ঈশ্বৰ যিহোৱা, জাগি উঠা, মোৰ পক্ষে সাৰ পোৱা; মোৰ কাৰণেই সাৰ পোৱা।
Wake up. Rise up to defend me, my God. My Lord, contend for me.
24 ২৪ হে মোৰ ঈশ্বৰ যিহোৱা, তোমাৰ ধাৰ্মিকতা অনুসাৰে মোৰ বিচাৰ কৰা; তেওঁলোকক মোৰ ওপৰত আনন্দ কৰিবলৈ নিদিবা।
Vindicate me, LORD my God, according to your righteousness. Do not let them gloat over me.
25 ২৫ তেওঁলোকক মনত এই কথা কবলৈ নিদিবা, “অহঃ, আমাৰ অন্তৰে যি বিচাৰিছে, সেয়ে হৈছে।” তেওঁলোকক কবলৈ নিদিবা, “আমি তেওঁক সম্পূর্ণ ধ্বংস কৰিলোঁ।”
Do not let them say in their heart, "Aha. Aha. Our desire." Do not let them say, "We have swallowed him up."
26 ২৬ মোৰ সঙ্কটত যিসকল আনন্দিত হয়, তেওঁলোক সকলোৱেই লজ্জিত হৈ বিহ্বল হওঁক; যিসকলে মোৰ বিৰুদ্ধে নিজকে তুলি ধৰে, লাজ আৰু অপমান তেওঁলোকৰ বস্ত্ৰ হওঁক।
Let them be put to shame and confounded together who rejoice at my calamity. Let them be clothed with shame and dishonor who magnify themselves against me.
27 ২৭ যিসকলে মোৰ ধাৰ্মিকতাত সন্তোষ পায়, তেওঁলোকে আনন্দ ধ্বনি কৰি উল্লাসিত হওঁক; তেওঁলোকে সদায় কওঁক, “যিহোৱা মহান; যিহোৱাই নিজ দাসৰ মঙ্গলত আনন্দ পায়।”
Let them shout for joy and be glad, who favor my righteous cause. And let them say continually, "The LORD be magnified, who delights in the peace of his servant."
28 ২৮ তাতে মোৰ জিভাই তোমাৰ ধার্মিকতাৰ কথা কব; ওৰে দিন তোমাৰ প্ৰশংসা কৰিব।
My tongue shall talk about your righteousness and about your praise all day long.

< সামসঙ্গীত 35 >