< সামসঙ্গীত 3 >

1 হে যিহোৱা চোৱা, মোৰ শত্রুৰ সংখ্যা কিমান বাঢ়িছে! মোৰ বিৰুদ্ধে অনেকেই উঠিছে!
Gospod, kako so se okrepili ti, ki me vznemirjajo! Številni so tisti, ki se vzdigujejo zoper mene.
2 অনেকে মোক কৈছে, “ঈশ্বৰে তোমাক সহায় নকৰে।” (চেলা)
Mnogo jih je, ki pravijo o moji duši: »Zanj ni pomoči pri Bogu.« (Sela)
3 কিন্তু, হে যিহোৱা, তুমিয়েই মোৰ চাৰিওফালে ঢাল হৈ আছা; তুমিয়েই মোৰ গৌৰৱ; তুমি মোৰ মূৰ উর্দ্ধত ৰাখিছা।
Toda ti, oh Gospod, si zame ščit, moja slava in tisti, ki mi dviguje mojo glavo.
4 মই চিঞঁৰি চিঞঁৰি যিহোৱাক মাতো; তাতে তেওঁ মোক তেওঁৰ পবিত্ৰ পৰ্ব্বতৰ পৰা উত্তৰ দিয়ে। (চেলা)
S svojim glasom sem jokal h Gospodu in slišal me je iz svoje svete gore. (Sela)
5 মই শুই পৰিলো আৰু টোপনি গলোঁ; পুনৰ সাৰ পালোঁ; কিয়নো যিহোৱাই মোক ৰক্ষা কৰে।
Zleknil sem se in spal, prebudil sem se, kajti Gospod me je podpiral.
6 মোৰ বিৰুদ্ধে মোৰ চাৰিওফালে হাজাৰ হাজাৰ লোক সজ্জিত হৈ আছে, কিন্তু মই তেওঁলোকলৈ ভয় নকৰোঁ।
Ne bom se bal deset tisočev ljudi, ki so se okrog in okrog usmerili zoper mene.
7 হে যিহোৱা উঠি আহাঁ! হে মোৰ ঈশ্বৰ, মোক উদ্ধাৰ কৰা; তুমি মোৰ শত্রুবোৰৰ গালত আঘাত কৰা; দুষ্টবোৰৰ দাঁত ভাঁঙি পেলোৱা।
Vstani, oh Gospod, reši me, oh moj Bog. Kajti vse moje sovražnike si udaril po čeljusti, razbil si zobe brezbožnih.
8 পৰিত্ৰাণ যিহোৱাতে আছে; তোমাৰ লোকসকলৰ ওপৰত তোমাৰ আশীৰ্ব্বাদ নামি আহঁক। (চেলা)
Rešitev duše pripada Gospodu. Nad tvojim ljudstvom je tvoj blagoslov. (Sela)

< সামসঙ্গীত 3 >