< সামসঙ্গীত 29 >

1 হে ঈশ্বৰৰ সন্তান সকল, তোমালোকে যিহোৱাৰ গৌৰৱ কীৰ্ত্তন কৰা, যিহোৱাৰ গৌৰৱ আৰু পৰাক্ৰম কীৰ্ত্তন কৰা,
Dajajte Gospodu, oh vi mogočni, dajajte Gospodu slavo in moč.
2 যিহোৱাৰ নামৰ গৌৰৱ কীৰ্ত্তন কৰা; পবিত্ৰ সমাৰোহত যিহোৱাৰ আৰাধনা কৰা।
Dajajte Gospodu slavo, primerno njegovemu imenu, obožujte Gospoda v lepoti svetosti.
3 জল সমূহৰ ওপৰত যিহোৱাৰ স্বৰ শুনা যায়; গৌৰৱান্বিত ঈশ্বৰে বজ্ৰধ্বনিৰে গর্জন কৰে, যিহোৱা মহাজল সমূহৰ ওপৰত বিদ্যমান।
Glas Gospodov je nad vodami. Bog slave grmi. Gospod je nad mnogimi vodami.
4 যিহোৱাৰ স্বৰ ক্ষমতাপূর্ণ; যিহোৱাৰ স্বৰ মহিমাৰে পৰিপূৰ্ণ।
Glas Gospodov je močan, glas Gospodov je poln veličanstva.
5 যিহোৱাৰ স্বৰে এৰচ গছবোৰ ভাঙে; যিহোৱাই লিবানোনৰ এৰচ গছবোৰ ভাঙি পেলায়।
Glas Gospodov lomi cedre, da, Gospod lomi libanonske cedre.
6 তেওঁ লিবানোনৰ পর্বতমালাক দামুৰিৰ দৰে ডেও দি নচুৱায়; চিৰিয়োনক নচুৱায় যুবা বন্য ষাঁড়ৰ দৰে।
Dela jih tudi, da poskakujejo kakor tele, Libanon in Sirjón kakor mlad samorog.
7 যিহোৱাৰ স্বৰে বিজুলীৰ চমক সৃষ্টি কৰে।
Glas Gospodov razdeljuje plamene ognja.
8 যিহোৱাৰ স্বৰে মৰুপ্রান্তৰ কঁপাই তোলে; কাদেচৰ মৰুপ্রান্তৰ যিহোৱাই কঁপাই তোলে।
Glas Gospodov trese divjino, Gospod trese kadéško divjino.
9 যিহোৱাৰ স্বৰত হৰিণীবোৰে পোৱালি দিয়ে, ডাল-পাতবোৰ পৰি গৈ বনক নগ্ন কৰে, কিন্তু তেওঁৰ মন্দিৰত সকলোৱে কয়, “গৌৰৱ!”
Glas Gospodov dela košutam, da povržejo in odkriva gozdove. V njegovem templju vsakdo govori o njegovi slavi.
10 ১০ যিহোৱা জলপ্লাৱনত সিংহাসনত অধিষ্ঠিত আছিল, যিহোৱা চিৰকাললৈকে ৰজা স্বৰূপে সিংহাসনত অধিষ্ঠিত হৈ আছে।
Gospod sedi na potopu, da, Gospod sedi, Kralj na veke.
11 ১১ যিহোৱাই তেওঁৰ লোকসকলক শক্তিদান কৰক! যিহোৱাই তেওঁৰ লোকসকলক শান্তি দি আশীৰ্ব্বাদ কৰক!
Gospod bo dal svojemu ljudstvu moč, Gospod bo svoje ljudstvo blagoslovil z mirom.

< সামসঙ্গীত 29 >