< সামসঙ্গীত 145 >

1 হে মোৰ ঈশ্বৰ, হে মোৰ ৰজা, মই তোমাৰ গৌৰৱ কীৰ্ত্তন কৰিম; যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ ধন্যবাদ কৰিম।
A Psalm of praise. Of David. I will extol thee, my God, O King, and I will bless thy name for ever and ever.
2 মই প্ৰতিদিনে তোমাৰ ধন্যবাদ কৰিম, আৰু যুগে যুগে অনন্ত কাললৈকে তোমাৰ নামৰ প্রশংসা কৰিম।
Every day will I bless thee, and I will praise thy name for ever and ever.
3 যিহোৱা মহান, আৰু অতি প্ৰশংসাৰ যোগ্য; তেওঁৰ মহিমা অগম্য।
Great is Jehovah, and exceedingly to be praised; and his greatness is unsearchable.
4 এক বংশৰ লোকে পাছৰ বংশৰ লোকৰ ওচৰত তোমাৰ কাৰ্যবোৰৰ শলাগ ল’ব, তোমাৰ মহৎ কাৰ্যবোৰ প্ৰকাশ কৰিব।
One generation shall laud thy works to another, and shall declare thy mighty acts.
5 মই তোমাৰ মহিমাৰ গৌৰৱযুক্ত প্ৰতাপ আৰু তোমাৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে ধ্যান কৰিম।
I will speak of the glorious splendour of thy majesty, and of thy wondrous works.
6 লোকসকলে তোমাৰ ভয়ানক পৰাক্রমী কাৰ্যবোৰৰ কথা ক’ব; আৰু মই তোমাৰ মহত্বৰ কথা ঘোষণা কৰিম।
And they shall tell of the might of thy terrible acts; and thy great deeds will I declare.
7 তেওঁলোকে তোমাৰ প্রচুৰ মঙ্গলভাৱৰ যশস্যা প্রচাৰ কৰিব, তোমাৰ ধাৰ্মিকতাৰ বিষয়ে উচ্চস্বৰে গান কৰিব।
They shall abundantly utter the memory of thy great goodness, and shall sing aloud of thy righteousness.
8 যিহোৱা কৃপাময় আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
Jehovah is gracious and merciful; slow to anger, and of great loving-kindness.
9 যিহোৱা সকলোৰে বাবে মঙ্গলময়; তেওঁৰ কৰুণা তেওঁৰ সৃষ্ট সকলো বস্তুৰ ওপৰত আছে।
Jehovah is good to all; and his tender mercies are over all his works.
10 ১০ হে যিহোৱা, তোমাৰ সমুদায় সৃষ্টিয়ে তোমাৰ ধন্যবাদ কৰিব; তোমাৰ ভক্তসকলে তোমাৰ ধন্যবাদ কৰিব।
All thy works shall praise thee, Jehovah, and thy saints shall bless thee.
11 ১১ তেওঁলোকে তোমাৰ ৰাজ্যৰ গৌৰৱ বর্ণনা কৰিব আৰু তোমাৰ মহৎ কাৰ্যবোৰৰ বিষয়ে ক’ব,
They shall tell of the glory of thy kingdom, and speak of thy power;
12 ১২ যাতে সকলো মানুহে তোমাৰ পৰাক্রমী কার্য আৰু তোমাৰ ৰাজ্যৰ গৌৰৱপূর্ণ কথাবোৰ জানিব পাৰে।
To make known to the children of men his mighty acts, and the glorious splendour of his kingdom.
13 ১৩ তোমাৰ ৰাজ্য অনন্তকলীয়া ৰাজ্য; তোমাৰ ৰাজশাসন সৰ্ব্বপুৰুষলৈকে স্থায়ী।
Thy kingdom is a kingdom of all ages, and thy dominion is throughout all generations.
14 ১৪ যিহোৱাই পৰি যাব খোজা সকলক ধৰি ৰাখে; অৱনত সকলক তেওঁ তুলি ধৰে।
Jehovah upholdeth all that fall, and raiseth up all that are bowed down.
15 ১৫ সকলোৰে চকুৱে আশাৰে তোমালৈ অপেক্ষা কৰি থাকে; তুমিয়েই তেওঁলোকক উচিত সময়ত আহাৰ দিয়া;
The eyes of all wait upon thee; and thou givest them their food in its season.
16 ১৬ তুমি তোমাৰ হাত মেলা আৰু সকলো জীৱকুলৰ বাঞ্ছা পূৰ্ণ কৰি কৰা।
Thou openest thy hand, and satisfiest the desire of every living thing.
17 ১৭ যিহোৱা তেওঁৰ সকলো পথতে ধাৰ্মিক আৰু সমুদায় কাৰ্যতে দয়াৱান।
Jehovah is righteous in all his ways, and kind in all his works.
18 ১৮ যিসকলে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলো লোকৰে ওচৰ।
Jehovah is nigh unto all that call upon him, unto all that call upon him in truth.
19 ১৯ যিসকলে তেওঁক ভয় কৰে, তেওঁ সেই সকলো লোকৰ মনৰ ইচ্ছা পূর্ণ কৰে। তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনি তেওঁলোকক ৰক্ষা কৰে।
He fulfilleth the desire of them that fear him; he heareth their cry, and saveth them.
20 ২০ যিসকলে যিহোৱাক প্ৰেম কৰে, তেওঁ তেওঁলোক সকলোকে ৰক্ষা কৰে, কিন্তু সকলো দুষ্ট লোকক হ’লে তেওঁ বিনষ্ট কৰিব।
Jehovah keepeth all that love him, and all the wicked will he destroy.
21 ২১ মোৰ মুখে যিহোৱাৰ প্ৰশংসা প্ৰচাৰ কৰিব; সকলো প্ৰাণীয়ে যুগে যুগে অনন্তকাললৈকে তেওঁৰ পবিত্ৰ নামৰ ধন্যবাদ কৰিব।
My mouth shall speak the praise of Jehovah; and let all flesh bless his holy name for ever and ever.

< সামসঙ্গীত 145 >