< সামসঙ্গীত 131 >

1 হে যিহোৱা, মোৰ মন গর্বিত নহয়, মোৰ দৃষ্টিও উচ্চ নহয়, নিজৰ কাৰণে মোৰ কোনো মহান আশা নাই, নাইবা মোৰ পক্ষে অসম্ভৱ আশ্চর্য বিষয়বোৰ লৈয়ো মই চিন্তিত নহও।
[A Song of Ascents. By David.] LORD, my heart isn't haughty, nor my eyes lofty; nor do I concern myself with great matters, or things too wonderful for me.
2 কিন্তু মই মোৰ প্রাণক সুস্থিৰ আৰু শান্ত কৰি ৰাখিলোঁ, যেনেকৈ পিয়াহ এৰা শিশুটি মাকৰ ওচৰত শান্ত হৈ থাকে; মোৰ ভিতৰত থকা প্রাণটো পিয়াহ এৰা শিশুটিৰ দৰে মোৰ লগতে আছে।
Surely I have stilled and quieted my soul, like a weaned child with his mother, like a weaned child is my soul within me.
3 হে ইস্ৰায়েল, যিহোৱাত আশা ৰাখা, এতিয়াৰ পৰা অনন্ত কাললৈকে।
Israel, hope in the LORD, from this time forth and forevermore.

< সামসঙ্গীত 131 >