< প্রবচন 27 >

1 কাইলৈৰ বিষয়ে অহংকাৰ নকৰিবা; কাৰণ দিনটোত কি হ’ব, সেই বিষয়ে তুমি নাজানা।
Ne bahaj se z naslednjim dnem; kajti ne veš, kakšen dan se lahko rodi.
2 আনলোকে তোমাৰ প্ৰশংসা কৰক, কিন্তু তোমাৰ নিজৰ মুখে নকৰক; অচিনাকী লোকে কৰক, কিন্তু তোমাৰ নিজৰ ওঁঠে নকৰক।
Naj te hvali drug človek in ne tvoja lastna usta, tujec in ne tvoje lastne ustnice.
3 গধুৰ শিল, আৰু বালিৰ ওজনৰ গুৰুত্ব বিবেচনা কৰা; কিন্তু অজ্ঞানী লোকৰ উত্তেজনা এই দুয়োটাতকৈ গধুৰ।
Kamen je težak in pesek ima težo, toda bedakov bes je težji kakor oba skupaj.
4 ক্ৰোধ নিষ্ঠুৰ, আৰু খং বানপানীৰ দৰে; কিন্তু ঈৰ্ষাৰ আগত কোনে থিয় হ’ব পাৰে?
Bes je krut in jeza je nezaslišana, toda kdo je zmožen obstati pred zavistjo?
5 লুকুৱাই ৰখা প্ৰেমতকৈ, প্ৰকাশিত অনুযোগ ভাল।
Odprto oštevanje je boljše kakor skrita ljubezen.
6 বন্ধুৰ দ্বাৰা বিশ্বাসঘাত হয়; কিন্তু এজন শত্রুৱে বহুতো চুমা খাব পাৰে।
Zveste so rane od prijatelja, toda poljubi sovražnika so varljivi.
7 তৃপ্ত হোৱা জনে মৌ চাককো ঘিণ কৰে; কিন্তু ক্ষুধাতুৰ লোকৰ বাবে সকলো তিতা বস্তুও মিঠা।
Siti duši se satovje gabi, toda lačni duši je vsaka grenka stvar sladka.
8 নিজৰ বাহৰ পৰা ভ্ৰমি ফুৰা চৰাই যেনে, নিজৰ থকা ঠাইৰ পৰা পথভ্ৰষ্ট হোৱা মানুহ তেনে।
Kakor ptica, ki se oddaljuje od svojega gnezda, tako je človek, ki se oddaljuje od svojega kraja.
9 সুগন্ধ দ্রব্য আৰু ধূপে যেনেকৈ হৃদয় আনন্দিত কৰে, কিন্তু বন্ধুৰ পৰামৰ্শতকৈ তেওঁৰ আন্তৰিকতা শ্রেষ্ঠ।
Mazilo in dišava razveseljujeta srce, tako počne sladkost človekovega prijatelja s srčnim nasvetom.
10 ১০ তোমাৰ বন্ধু আৰু তোমাৰ বন্ধুৰ পিতৃক পৰিত্যাগ নকৰিবা, আৰু তোমাৰ বিপদৰ দিনত ভায়েকৰ ঘৰলৈ নাযাবা। দূৰত থকা ভায়েকতকৈ ওচৰত থকা চুবুৰীয়াই ভাল।
Svojega lastnega prijatelja in prijatelja svojega očeta ne zapusti niti na dan svoje katastrofe ne pojdi v hišo svojega brata, kajti boljši je sosed, ki je blizu, kakor brat daleč proč.
11 ১১ হে মোৰ পুত্র, জ্ঞানৱান হোৱা, আৰু মোৰ হৃদয়ক আনন্দিত কৰা। তাৰ পাছত মই বিদ্রূপ কৰা সকলক উত্তৰ দিম।
Moj sin, bodi moder in razveseli moje srce, da lahko odgovorim tistemu, ki me graja.
12 ১২ দূৰদৰ্শী লোকে বিপদ দেখি নিজকে লুকুৱায়; কিন্তু অশিক্ষিত লোকে আগুৱাই যায় আৰু ইয়াৰ বাবে ক্ষতিপূৰণ কৰিবলগীয়া হয়।
Razsoden človek sluti zlo in se skrije, toda naivneži gredo dalje in so kaznovani.
13 ১৩ যি জনে অচিনাকী লোকৰ জামিন হয়, তেওঁৰ বস্ত্ৰ লোৱা; আৰু অচিনাকী লোকৰ বাবে নিৰাপত্তা স্বৰূপে ধন লোৱা।
Vzemi obleko tistega, ki je pôrok za tujca in vzemi njegovo jamstvo za tujo žensko.
14 ১৪ যি কোনোৱে ৰাতিপুৱাতে উচ্চস্বৰে নিজৰ চুবুৰীয়াক আশীৰ্ব্বাদ কৰে, সেই আশীৰ্ব্বাদ শাও ৰূপেহে গণ্য হয়।
Kdor z močnim glasom blagoslavlja svojega prijatelja, vzdigujoč ga zgodaj zjutraj, se mu bo to štelo [v] prekletstvo.
15 ১৫ এজনী দ্বন্দুৰী ভাৰ্যা বৰষুণৰ দিনত টোপ টোপকৈ পানী পৰাৰ দৰে হয়।
Nenehno kapljanje na zelo deževen dan in prepirljiva ženska sta si podobna.
16 ১৬ তেওঁক দমন কৰা মানে বতাহক দমন কৰা, আৰু তোমাৰ সোঁ হাতত তেল ধৰাৰ দৰে হয়।
Kdorkoli jo skriva, skriva veter in mazilo svoje desnice, ki izdaja samo sebe.
17 ১৭ যেনেকৈ লোহাই লোহাক চোকা কৰে, তেনেকৈ এজন মানুহে নিজৰ বন্ধুৰ মুখ উজ্জ্বল কৰে।
Železo ostri železo; tako človek ostri obličje svojega prijatelja.
18 ১৮ যি জনে ডিমৰু গছক যত্ন কৰে, সেই জনে তাৰ ফল খাবলৈ পায়; আৰু যি জনে নিজৰ মালিকক সুৰক্ষা দিয়ে, তেওঁ সন্মান পায়।
Kdorkoli varuje figovo drevo, bo jedel njegov sad, tako bo spoštovan, kdor čaka na svojega gospodarja.
19 ১৯ পানীত যেনেকৈ মানুহৰ মুখৰ প্ৰতিবিম্ব দেখা যায়, তেনেকৈ মানুহৰ হৃদয়ে মানুহৰ প্ৰতিবিম্ব দেখুৱাই।
Kakor v vodi obraz odzdravlja obrazu, tako srce človeka k človeku.
20 ২০ চিয়োল আৰু আবদ্দোন যেনেকৈ কেতিয়াও সন্তুষ্ট নহয়, তেনেকৈ মানুহৰ চকুও কেতিয়াও সন্তুষ্ট নহয়। (Sheol h7585)
Pekel in uničenje nikdar nista polna, tako človekove oči nikoli niso nasičene. (Sheol h7585)
21 ২১ ৰূপৰ বাবে ৰূপ গলোৱা পাত্ৰ, আৰু সোণৰ বাবে অগ্নিশাল; আৰু এজন মানুহক প্ৰশংসাৰ দ্বাৰাই পৰীক্ষা কৰা হয়।
Kakor je talilni lonec za srebro in talilna peč za zlato, tak je človek do svoje hvale.
22 ২২ যদিও তুমি অজ্ঞানীক ঘেঁহু ধানৰ সৈতে খুন্দা, তথাপিও তেওঁৰ অজ্ঞানতা দূৰ নহ’ব।
Čeprav bi bedaka s tolkačem stolkel v stopi med pšenico, vendarle njegova nespametnost ne bo odšla od njega.
23 ২৩ তোমাৰ পশু জাকৰ অৱস্থাৰ বুজলৈ তুমি নিশ্চিত হোৱা, আৰু তোমাৰ পশুৰ জাকৰ বিষয়ে চিন্তাকৰা,
Bodi marljiv, da spoznaš stanje svojih tropov in dobro glej k svojim čredam.
24 ২৪ কিয়নো ধন-সম্পত্তি চিৰস্থায়ী নহয়। আৰু কিৰীটিও জানো পুৰুষানুক্ৰমে থাকে?
Kajti bogastva niso na veke in mar se krona prenaša vsakemu rodu?
25 ২৫ ঘাঁহ শুকাই গৈ পুনৰ নতুন ঘাঁহ গজে, আৰু পৰ্ব্বতত পশুৰ বাবে আহাৰ থাকে।
Seno je odneseno, prikaže se nežna trava in gorska zelišča se zberejo.
26 ২৬ মেৰ-ছাগবোৰে তোমাৰ বস্ত্রৰ যোগান ধৰিব, আৰু ছাগলীবোৰে তোমাৰ পথাৰৰ মূল্যৰ যোগান ধৰিব।
Jagnjeta so za tvoje oblačilo in kozli so nagrada polja.
27 ২৭ তোমাৰ আৰু তোমাৰ পৰিয়ালৰ আহাৰৰ বাবে আৰু তোমাৰ দাসীসকলৰ প্ৰতিপালনৰ বাবে ছাগলীবোৰে গাখীৰ দিব।
Imel boš dovolj kozjega mleka za svojo hrano, za hrano svoje družine in za vzdrževanje svojih dekel.

< প্রবচন 27 >