< গণনা পুস্তক 17 >

1 যিহোৱাই মোচিক ক’লে। তেওঁ ক’লে,
And the LORD spoke to Moses, saying,
2 “তুমি ইস্ৰায়েলৰ সন্তানসকলক কথা কোৱা। তেওঁলোকৰ পিতৃ-বংশৰ অধ্যক্ষসকলৰ পৰা এক এক পিতৃ-বংশৰ কাৰণে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি লোৱা আৰু প্ৰত্যেকৰ লাখুটিত তেওঁৰ নাম লিখা।
Speak to the children of Israel, and take of every one of them a rod according to the house of their fathers, of all their princes according to the house of their fathers twelve rods: write you every man’s name on his rod.
3 আৰু লেবীৰ লাখুটিত হাৰোণৰ নাম লিখা। কিয়নো তেওঁলোকৰ প্ৰত্যেক পিতৃ-বংশৰ মুখ্যলোকৰ বাবে এডালকৈ লাখুটি হ’ব।
And you shall write Aaron’s name on the rod of Levi: for one rod shall be for the head of the house of their fathers.
4 আৰু সাক্ষাৎ কৰা তম্বুত যি ঠাইত মই তোমালোকেৰে সৈতে সাক্ষাৎ হওঁ, সেই ঠাইতে সাক্ষ্য-ফলিৰ চন্দুকৰ আগত সেই সকলোকে থবা।
And you shall lay them up in the tabernacle of the congregation before the testimony, where I will meet with you.
5 পাছত মোৰ মনোনীত লোকৰ লাখুটিত কলি ধৰিব। তাতে ইস্ৰায়েলৰ সন্তান সকলে তোমালোকৰ বিৰুদ্ধে বকা বকনি মোৰ ওচৰৰ পৰা মই দূৰ কৰিম।”
And it shall come to pass, that the man’s rod, whom I shall choose, shall blossom: and I will make to cease from me the murmurings of the children of Israel, whereby they murmur against you.
6 পাছত মোচিয়ে ইস্ৰায়েলৰ সন্তানসকলক এই কথাবোৰ ক’লে। তেওঁলোকৰ অধ্যক্ষসকলৰ প্ৰতিজনে নিজ নিজ পিতৃ-বংশৰ বাবে এডালকৈ লাখুটি, এইদৰে বাৰডাল লাখুটি তেওঁক দিলে। আৰু হাৰোণৰ লাখুটি তেওঁলোকৰ লাখুটিবোৰৰ মাজত আছিল।
And Moses spoke to the children of Israel, and every one of their princes gave him a rod apiece, for each prince one, according to their fathers’ houses, even twelve rods: and the rod of Aaron was among their rods.
7 তাতে মোচিয়ে সেই সকলো লাখুটি লৈ, সাক্ষ্য-ফলি থকা তম্বুত যিহোৱাৰ আগত হ’ল।
And Moses laid up the rods before the LORD in the tabernacle of witness.
8 আৰু পাছদিনা মোচিয়ে সাক্ষ্য-ফলি থকা তম্বুত সোমাই দেখিলে, যে, লেবী বংশৰ নিমিত্তে লোৱা হাৰোণৰ লাখুটিত কুঁহি ওলাই কলি ধৰি ফুলিল, আৰু বাদামৰ পকা গুটি লাগিল।
And it came to pass, that on the morrow Moses went into the tabernacle of witness; and, behold, the rod of Aaron for the house of Levi was budded, and brought forth buds, and bloomed blossoms, and yielded almonds.
9 তেতিয়া মোচিয়ে যিহোৱাৰ সন্মূখৰ পৰা সেই সকলো লাখুটি উলিয়াই ইস্ৰায়েলৰ সন্তানসকলৰ আগলৈ আনিলে, আৰু তেওঁবিলাক প্ৰতিজনে চাই চাই নিজ নিজ লাখুটি ললে।
And Moses brought out all the rods from before the LORD to all the children of Israel: and they looked, and took every man his rod.
10 ১০ পাছে যিহোৱাই মোচিক কলে, এই বিদ্ৰোহ আচৰণ কৰা সন্তান সকলৰ বিৰুদ্ধে চিন থাকিবৰ কাৰণে তুমি হাৰোণৰ লাখুটিডাল পুনৰায় সাক্ষ্য-ফলিৰ চম্দুকৰ আগত ৰাখা; তাতে, তেওঁলোক নমৰিবৰ বাবে, মোৰ বিৰুদ্ধে হোৱা তেওঁলোকৰ বকনি নাইকিয়া কৰিবা।
And the LORD said to Moses, Bring Aaron’s rod again before the testimony, to be kept for a token against the rebels; and you shall quite take away their murmurings from me, that they die not.
11 ১১ তেতিয়া মোচিয়ে সেইদৰেই কৰিলে; যিহোৱাই আজ্ঞা দিয়াৰ দৰেই তেওঁ কাৰ্য কৰিলে।
And Moses did so: as the LORD commanded him, so did he.
12 ১২ পাছে ইস্ৰায়েলৰ সন্তান সকলে মোচিক কলে, চাওঁক, আমি মৰিলোঁ, আমি বিনষ্ট হলোঁ, আমি সকলোৱেই বিনষ্ট হলোঁ।
And the children of Israel spoke to Moses, saying, Behold, we die, we perish, we all perish.
13 ১৩ যি কোনো লোক ওচৰ চাপে, যি কোনো লোক যিহোৱাৰ আবাসৰ ওচৰ চাপে, তেৱেঁই মৰা পৰে, আমি সকলোৱেই মৰা পৰিম নেকি?
Whoever comes any thing near to the tabernacle of the LORD shall die: shall we be consumed with dying?

< গণনা পুস্তক 17 >