< নেহেমিয়া 7 >

1 দেৱালবোৰ যেতিয়া সাজি সমাপ্ত কৰা হৈছিল। তেতিয়া মই দুৱাৰবোৰ যথাস্থানত খুউৱাইছিলোঁ আৰু দুৱৰী, গায়ক, আৰু লেবীয়াসকলক নিযুক্ত কৰা হৈছিল,
Pripetilo se je torej, ko je bilo obzidje zgrajeno in sem postavil vrata in so bili določeni vratarji, pevci in Lévijevci,
2 মই মোৰ ভাই হনানীক, হননিয়াৰ সৈতে যিৰূচালেমৰ দ্বায়ীত্ব দিছিলোঁ, যদিও তেওঁ এজন বিশ্বাসী আৰু ঈশ্বৰলৈ বহুলোকতকৈ অধিক ভয়কাৰী আছিল, কিন্তু তেওঁ দুৰ্গৰ দ্বায়ীত্ব বহন কৰিব পৰা নাছিল।
da sem dal svojemu bratu Hananíju in Hananjáju, vladarju palače, zadolžitev nad Jeruzalemom, kajti ta je bil zvest mož in bolj kot mnogi se je bal Boga.
3 মই তেওঁলোকক ক’লোঁ, “যেতিয়ালৈকে টান ৰ’দ নহয়, তেতিয়ালৈকে যিৰূচালেমৰ দুৱাৰবোৰ মেলিব নালাগে। দুৱৰী সকলে পৰ দি থকাৰ সময়ত আপোনালোকে দুৱাৰবোৰ বন্ধ কৰিব, আৰু ডাং বোৰ দিব পাৰিব। আপোনালোকে যিৰূচালেমত নিবাস কৰা লোক সকলক প্রহৰীৰ বাবে নিযুক্ত কৰিব, কিছুমানে তেওঁলোকৰ প্রহৰী স্থানত, আৰু কিছুমানে নিজৰ ঘৰৰ সন্মুখত পহৰা দিব।”
Rekel sem jima: »Naj velika vrata Jeruzalema ne bodo odprta, dokler ne bo sonce vroče. Medtem ko stojijo poleg, naj vrata zaprejo in jih zapahnejo. Določite straže izmed prebivalcev Jeruzalema, vsakogar na svojo stražo in vsakdo naj bo nasproti svoji hiši.«
4 এই নগৰ বহল আৰু ডাঙৰ আছিল, কিন্তু তাৰ ভিতৰত লোক কম আছিল, আৰু এতিয়াও ঘৰবোৰ পুনৰ নিৰ্ম্মাণ কৰা হোৱা নাছিল।
Torej mesto je bilo prostrano in veliko. Toda ljudstva v njem je bilo malo in hiše niso bile zgrajene.
5 প্ৰধান লোক সকলক, কৰ্মচাৰী সকলক আৰু লোক সকলক বংশাৱলীত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে একগোট কৰিবলৈ মোৰ ঈশ্ৱৰে মোৰ হৃদয়ত কথা ক’লে। মই বাবিলৰ পৰা প্ৰথমে অহা লোকসকলৰ এখন বংশাৱলী-পত্ৰ পালোঁ, আৰু তলত উল্লেখিত এই সকলো বিচাৰি পালোঁ।
Moj Bog je na moje srce položil, da zberem skupaj plemiče, vladarje in ljudstvo, da bi bili lahko prešteti po rodovniku. Našel sem seznam rodovnika izmed tistih, ki so prišli najprej gor in v njem našel zapisano:
6 “প্রদেশৰ এই লোক সকল, যি সকলক বাবিলৰ ৰজা নবূখদনেচৰে বন্দি কৰি লৈ গৈছিল, আৰু বন্দিত্ৱত ৰাখিছিল। তেওঁলোক বন্দিত্ৱৰ পৰা মুকলি হৈ যিৰূচালেম আৰু যিহূদাৰ নিজৰ নিজৰ নগৰলৈ উভটি আহিছিল।
›To so otroci province, ki je šla gor iz ujetništva, od tistih, ki so bili odvedeni, ki jih je odvedel babilonski kralj Nebukadnezar in so ponovno prišli v Jeruzalem in v Judejo, vsak v svoje mesto,
7 তেওঁলোক জৰুব্বাবিল, যেচুৱা, নহিমিয়া, অজৰিয়া, ৰয়মিয়া, নহমানী, মৰ্দখয়, বিলচন, মিস্পৰৎ, বিগবয়, নহুম, আৰু বানা, এওঁলোকৰ লগত আহিল। উল্লেখিত ইস্ৰায়েল লোকৰ পুৰুষ সকলৰ সংখ্যা তলত অন্তৰ্ভুক্ত আছে।
ki so prišli z Zerubabélom, Ješúom, Nehemijem, Azarjájem, Raamjájem, Nahamánijem, Mordohajem, Bilšánom, Mispéretom, Bigvájem, Nehumom in Baanájem. Število, pravim, izmed mož Izraelovega ljudstva je bilo tole:
8 পৰিয়োচৰ বংশধৰ দুই হাজাৰ এশ বাসত্তৰ জন।
Paróševih otrok dva tisoč sto dvainsedemdeset.
9 চফটিয়াৰ বংশধৰ তিনিশ বাসত্তৰ জন।
Šefatjájevih otrok tristo dvainsedemdeset.
10 ১০ আৰহৰ বংশধৰ ছশ বাৱন্ন জন।
Aráhovih otrok šeststo dvainpetdeset.
11 ১১ যেচুৱা আৰু যোৱাবৰ বংশধৰ আৰু পহৎ-মোৱাবৰ বংশধৰসকল দুই হাজাৰ আঠশ ওঠৰ জন।
Pahat Moábovih otrok, od otrok Ješúa in Joába, dva tisoč osemsto in osemnajst.
12 ১২ এলমৰ বংশধৰসকল এক হাজাৰ দুশ চৌৱন্ন জন।
Elámovih otrok tisoč dvesto štiriinpetdeset.
13 ১৩ জত্তুৰ বংশধৰসকল আঠশ পঞ্চলিশ জন।
Zatújevih otrok osemsto petinštirideset.
14 ১৪ জক্কয়ৰ বংশধৰসকল সাতশ ষাঠি জন।
Zakájevih otrok sedemsto šestdeset.
15 ১৫ বিন্নুইৰ বংশধৰসকল ছশ আঠচল্লিশ জন।
Binújevih otrok šeststo oseminštirideset.
16 ১৬ বেবয়ৰ বংশধৰসকল ছশ আঠাইশ জন।
Bebájevih otrok šeststo osemindvajset.
17 ১৭ অজগদৰ বংশধৰসকল দুই হাজাৰ তিনিশ বাইশ জন।
Azgádovih otrok dva tisoč tristo dvaindvajset.
18 ১৮ অদোনীকামৰ বংশধৰসকল ছশ সাতষষ্ঠি জন।
Adonikámovih otrok šeststo sedeminšestdeset.
19 ১৯ বিগবয়ৰ বংশধৰসকল দুই হাজাৰ সাতষষ্ঠি জন।
Bigvájevih otrok dva tisoč sedeminšestdeset.
20 ২০ আদীনৰ বংশধৰসকল ছশ পচপন্ন জন।
Adínovih otrok šeststo petinpetdeset.
21 ২১ হিষ্কিয়াৰ আটেৰৰ বংশধৰসকল আঠানব্বৈ জন।
Atêrjevih otrok, od Ezekíja, osemindevetdeset.
22 ২২ হাচুমৰ বংশধৰসকল তিনি শ আঠাইশ জন।
Hašúmovih otrok tristo osemindvajset.
23 ২৩ বেচয়ৰ বংশধৰসকল তিনি শ চৌবিশ জন।
Becájevih otrok tristo štiriindvajset.
24 ২৪ হাৰীফৰ বংশধৰসকল এশ বাৰ জন।
Harífovih otrok sto dvanajst.
25 ২৫ গিবিয়োনৰ বংশধৰসকল পঞ্চানব্বই জন।
Gibeónovih otrok petindevetdeset.
26 ২৬ বৈৎলেহেম আৰু নটোফাৰ পৰা অহা লোক এশ আঠাশী জন।
Mož iz Betlehema in Netófe sto oseminosemdeset.
27 ২৭ অনাথোতৰ পৰা অহা লোক এশ আঠাইশ জন।
Mož iz Anatóta sto osemindvajset.
28 ২৮ বৈৎআজমাবতৰ লোকসকল বিয়াল্লিশ জন।
Mož iz Bet Azmáveta dvainštirideset.
29 ২৯ কিৰিয়ৎ-যিয়াৰীম কফীৰা, আৰু বেৰোতৰ লোকসকল সাতশ তিয়াল্লিশ জন।
Mož iz Kirját Jearíma, Kefíre in Beeróta sedemsto triinštirideset.
30 ৩০ ৰামা আৰু গেবাৰ লোকসকল ছশ একৈশ জন।
Mož iz Rame in Gebe šeststo enaindvajset.
31 ৩১ মিকমচৰ লোকসকল এশ বাইশ জন।
Mož iz Mihmása sto dvaindvajset.
32 ৩২ বৈৎএল আৰু অয়ৰ লোকসকল এশ তেইশ জন।
Mož iz Betela in Aja sto triindvajset.
33 ৩৩ অন্য নবোতৰ লোকসকল বাৱন্ন জন।
Mož iz drugega Nebója dvainpetdeset.
34 ৩৪ অন্য এলমৰ লোকসকল এক হাজাৰ দুশ চৌৱন্ন জন।
Otrok iz drugega Eláma tisoč dvesto štiriinpetdeset.
35 ৩৫ হাৰীমৰ লোকসকল তিনি শ বিশ জন।
Harímovih otrok tristo dvajset.
36 ৩৬ যিৰীহোৰ লোকসকল তিনি শ পঞ্চল্লিশ জন।
Jerihovih otrok tristo petinštirideset.
37 ৩৭ লোদ, হাদীদ, আৰু ওনোৰ লোকসকল সাত শ একৈশ জন।
Otrok iz Loda, Hadída in Onója sedemsto enaindvajset.
38 ৩৮ চনাৱাৰ লোকসকল তিনি হাজাৰ ন শ ত্ৰিশ জন।
Otrok iz Senaája tri tisoč devetsto trideset.
39 ৩৯ পুৰোহিতসকল: যিদয়াৰ বংশধৰসকল (যেচুৱাৰ ঘৰৰ) ন শ তেসত্তৰ জন।
Duhovniki: Jedajájevih otrok iz Ješúove hiše devetsto triinsedemdeset.
40 ৪০ ইম্মেৰৰ বংশধৰসকল এক হাজাৰ বাৱন্ন জন।
Imêrjevih otrok tisoč dvainpetdeset.
41 ৪১ পচহুৰৰ বংশধৰসকল এক হাজাৰ দুশ সাতচল্লিশ জন।
Pašhúrjevih otrok tisoč dvesto sedeminštirideset.
42 ৪২ হাৰীমৰ বংশধৰসকল এক হাজাৰ সোঁতৰ জন।
Harímovih otrok tisoč sedemnajst.
43 ৪৩ লেবীয়াসকল: হোদবাৰ বংশধৰ কদ্মীয়েল, আৰু কদমীয়েলৰ যেচুৱাৰ বংশধৰসকল চৌসত্তৰ জন।
Lévijevci: Ješúovih otrok, od Kadmiéla in Hodavjájevih otrok štiriinsedemdeset.
44 ৪৪ গায়কসকল: আচফৰ বংশধৰসকল এশ আঠচল্লিশ জন।
Pevci: Asáfovih otrok sto oseminštirideset.
45 ৪৫ চল্লুম, আটেৰ, টল্মোন, অক্কুব, হটীটা, চোবয়ৰ বংশধৰৰ দুৱৰীসকল এশ আঠত্রিশ জন।
Vratarji: Šalúmovih otrok, Atêrjevih otrok, Talmónovih otrok, Akúbovih otrok, Hatitájevih otrok in Šobájevih otrok sto osemintrideset.
46 ৪৬ মন্দিৰৰ দাসবোৰ: চীহা, হচুফা, টব্বায়োৎ,
Netinimci: Cihájevi otroci, Hasufájevi otroci, Tabaótovi otroci,
47 ৪৭ কেৰোচ, চীয়া, পাদোন,
Kerósovi otroci, Siájevi otroci, Padónovi otroci,
48 ৪৮ লবানা, হগাবা, চলম্য়,
Lebanájevi otroci, Hagabájevi otroci, Salmájevi otroci,
49 ৪৯ হানন, গিদ্দেল, গহৰ,
Hanánovi otroci, Gidélovi otroci, Gaharjevi otroci,
50 ৫০ ৰায়া, ৰচীন, নকোদা,
Reajájevi otroci, Recínovi otroci, Nekodájevi otroci,
51 ৫১ গজ্জম, উজ্জা, পাচেহ,
Gazámovi otroci, Uzájevi otroci, Paséahovi otroci,
52 ৫২ বেচয়, মিয়ূনীম, নফূচীম,
Besájevi otroci, Meunimovi otroci, Nefiséjevi otroci,
53 ৫৩ বকবুক, হকুফা, হৰ্হূৰ,
Bakbúkovi otroci, Hakufájevi otroci, Harhúrjevi otroci,
54 ৫৪ বচলীৎ, মহীদা, হৰ্চা,
Baclitovi otroci, Mehidájevi otroci, Haršájevi otroci,
55 ৫৫ বৰ্কোচ, চীচৰা, তেমহ,
Barkósovi otroci, Siserájevi otroci, Temahovi otroci,
56 ৫৬ নচীহ, আৰু হটীফাৰ বংশধৰসকল।
Necíahovi otroci in Hatifájevi otroci.
57 ৫৭ চলোমনৰ দাসৰ বংশধৰসকল: চোটয়, চোফেৰৎ, পৰীদা,
Otroci Salomonovih služabnikov: Sotájevi otroci, Soféretovi otroci, Peridájevi otroci,
58 ৫৮ যালা, দৰ্কোণ, গিদ্দেল,
Jaalájevi otroci, Darkónovi otroci, Gidélovi otroci,
59 ৫৯ চফটিয়া, হত্তীল, পোখৰৎ-হচবয়িম, আমোনৰ বংশধৰসকল।
Šefatjájevi otroci, Hatílovi otroci, Pohêret Cebájimovi otroci in Amónovi otroci.
60 ৬০ সকলো মন্দিৰৰ দাস আৰু চলোমনৰ দাসবোৰৰ বংশধৰসকল সৰ্ব্বমুঠ তিনি শ বিৰানব্বৈই জন আছিল।
Vseh Netinimcev in otrok Salomonovih služabnikov, je bilo tristo dvaindevetdeset.
61 ৬১ এওঁলোক তেল-মেলহ, তেল-হৰ্চা, কৰূব, অদ্দোন, আৰু ইম্মেৰৰ পৰা অহা লোক; কিন্তু তেওঁলোকে আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ পৰিয়াল সকলে ইস্ৰায়েলৰ পৰা অহা বংশধৰ বুলি প্ৰমাণ দিব নোৱাৰিলে।
In ti so bili tisti, ki so tudi odšli gor iz Tel Melaha, Tel Hareše, Kerúba, Adóna in Imêrja. Toda niso mogli pokazati hiše svojega očeta niti svojega semena, če so bili iz Izraela.
62 ৬২ দলায়াৰ, টোবিয়াৰ, আৰু নকোদাৰ বংশধৰসকল ছশ বিয়াল্লিশ জন।
Delajájevih otrok, Tobijevih otrok, Nekodájevih otrok šeststo dvainštirideset.
63 ৬৩ পুৰোহিতসকলৰ: হবয়া, হক্কোচ, আৰু বৰ্জ্জিল্লয়ৰ বংশধৰসকল, বাৰ্জ্জিলয়ে গিলিয়দীয়া বাৰ্জিল্লয়ৰ জীয়েক এজনীক বিয়া কৰিছিল আৰু তেওঁক তেওঁলোক নামেৰেই মতা হৈছিল।
Izmed duhovnikov: Habajájevi otroci, Kocovi otroci in otroci Barzilája, ki je vzel eno izmed hčera Gileádca Barzilája za ženo in je bil imenovan po njihovem imenu.
64 ৬৪ বংশাৱলীত নাম লিখা লোকসকলৰ মাজত এওঁলোকে নিজৰ নিজৰ নাম বিচাৰি নাপালে, সেয়ে তেওঁলোকক অশুচি বুলি গণ্য কৰি, পুৰোহিত বাবৰ পৰা আঁতৰোৱা হ’ল।
Ti so iskali svoj seznam med tistimi, ki so bili prešteti po rodovniku, toda ta ni bil najden. Zato so bili kakor onesnaženi, odstranjeni od duhovništva.
65 ৬৫ আৰু দেশাধ্যক্ষই তেওঁলোকক ক’লে যে, উৰীম আৰু তুম্মীমৰ পুৰোহিতৰ সৈতে যেতিয়ালৈকে তেওঁলোক থিয় নহয়, তেতিয়ালৈকে পুৰোহিতে ভগোৱা উৎসৰ্গিত আহাৰ তেওঁলোকক খাবলৈ অনুমতি দিয়া নহঁওক।
Tirsata jim je rekel, da naj ne jedo od najsvetejših stvari, dokler tam ne vstane duhovnik z urimom in tumimom.
66 ৬৬ সমাজত সমবেত হোৱা লোকসকল সৰ্ব্বমুঠ বিয়াল্লিশ হাজাৰ তিনি শ ষাঠি জন আছিল।
Celotne skupnosti skupaj je bilo dvainštirideset tisoč tristo šestdeset,
67 ৬৭ তাৰ উপৰিও তেওঁলোকৰ সাত হাজাৰ তিনি শ সাতত্ৰিশ জন দাস-দাসী আছিল। তেওঁলোকৰ দুশ পঞ্চল্লিশ জন গায়ক আৰু গায়িকা আছিল।
poleg njihovih slug in njihovih dekel, od katerih jih je bilo tam sedem tisoč tristo sedemintrideset. Imeli so dvesto petinštirideset pevcev in pevk.
68 ৬৮ তেওঁলোকৰ সাত শ ছয়ত্ৰিশটা ঘোঁৰা, দুশ পঞ্চল্লিশটা খচ্ছৰ,
Njihovih konj sedemsto šestintrideset, njihovih mul dvesto petinštirideset,
69 ৬৯ চাৰিশ পঁয়ত্ৰিশটা উট, আৰু ছয় হাজাৰ সাত শ বিশটা গাধ আছিল।
njihovih kamel štiristo petintrideset in šest tisoč sedemsto dvajset oslov.
70 ৭০ পূৰ্বপুৰুষৰ পৰিয়ালৰ মূখ্য লোক সকলৰ মাজৰ কিছুমানে সেই কামৰ বাবে দান দিলে। দেশাধ্যক্ষই ভঁৰালত এক হাজাৰ সোণৰ মূদ্রা, পঞ্চাশটা চৰিয়া, আৰু পুৰোহিতৰ বাবে পাঁচ শ ত্ৰিশ খন বস্ত্ৰ দিলে।
Nekateri izmed vodij očetov so darovali k delu. Tirsata je dal v zaklad tisoč darejkov zlata, petdeset umivalnikov in petsto trideset duhovniških oblačil.
71 ৭১ পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ কিছুমানে কামৰ বাবে ভঁৰালত বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ দুশ ৰূপ মূদ্রা দিলে।
Nekateri izmed vodij očetov so dali v zaklad za delo dvajset tisoč darejkov zlata in dva tisoč dvesto funtov srebra.
72 ৭২ অৱশিষ্ট লোকসকলে বিশ হাজাৰ সোণৰ মূদ্রা আৰু দুই হাজাৰ ৰূপৰ মূদ্রা, আৰু পুৰোহিতৰ বাবে সাতষষ্ঠি খন বস্ত্ৰ দিলে।
Tega, kar je dalo ostalo ljudstvo, je bilo dvajset tisoč darejkov zlata, dva tisoč funtov srebra in sedeminšestdeset duhovniških oblačil.
73 ৭৩ পুৰোহিত, লেবীয়া, দুৱৰী, গায়ক, আৰু কিছু সংখ্যক লোকে, মন্দিৰৰ দাস, আৰু সকলো ইস্ৰায়েল লোকে নিজৰ নিজৰ নগৰত বাস কৰিলে। সপ্তম মাহত ইস্রায়েলৰ লোকসকলে নিজৰ নিজৰ নগৰত সংস্থাপন কৰিলে।
Tako so duhovniki, Lévijevci, vratarji, pevci, nekateri izmed ljudstva, Netinimci in ves Izrael prebivali v svojih mestih. Ko je prišel sedmi mesec, so bili Izraelovi otroci v svojih mestih.‹

< নেহেমিয়া 7 >