< মথি 18 >

1 সেই সময়ত শিষ্য সকলে যীচুৰ ওচৰলৈ আহি সুধিলে, “প্ৰভু, স্বৰ্গৰাজ্যত শ্ৰেষ্ঠ কোন?”
A lokacin nan sai almajirai suka zo wurin Yesu suka yi tambaya suka ce, “Wane ne mafi girma a mulkin sama?”
2 তেতিয়া যীচুৱে এটি শিশুক ওচৰলৈ মাতি আনি তেওঁলোকৰ মাজত থিয় কৰাই কলে,
Sai ya kira ƙaramin yaro ya sa shi yă tsaya a tsakiyarsu.
3 “মই তোমালোকক সঁচাকৈ কওঁ, যদি তোমালোকে মন পৰিৱর্তন কৰি শিশু সকলৰ দৰে হব নোৱাৰা, তেনেহলে কোনোমতেই স্বৰ্গৰাজ্যত প্ৰৱেশ কৰিব নোৱাৰিবা৷
Sai ya ce, “Gaskiya nake gaya muku, in ba kun canja kuka zama kamar ƙananan yara ba, labudda, ba za ku shiga mulkin sama ba.
4 এতেকে যি কোনোৱে এই শিশুটিৰ দৰে নিজকে নম্ৰ কৰে, তেৱেঁই স্বৰ্গৰাজ্যত সর্ব্বশ্ৰেষ্ঠ৷
Saboda haka, duk wanda ya ƙasƙantar da kansa kamar wannan yaro, shi ne mafi girma a mulkin sama.
5 আকৌ যি কোনোৱে এনে এটি শিশুক মোৰ নামেৰে গ্ৰহণ কৰে, তেওঁ মোকেই গ্ৰহণ কৰে।
Duk kuma wanda ya karɓi ƙaramin yaro kamar wannan a cikin sunana ya karɓe ni ne.
6 মোক বিশ্বাস কৰা এই নম্ৰ সকলৰ মাজৰ কোনোবা এজনক যদি কোনোৱে পাপৰ পথত লৈ যায়, তেনেহলে তেওঁক ডিঙিত এটা ডাঙৰ জাঁত বান্ধি বৰং সমুদ্ৰৰ গভীৰ পানীত ডুবাই দিয়াই তেওঁৰ পক্ষে ভাল হব।
“Amma duk wanda ya sa ɗaya daga cikin ƙananan nan da suka gaskata da ni ya yi zunubi, zai fiye masa a rataya babban dutsen niƙa a wuyarsa, a kuma nutsar da shi a zurfin teku.
7 হায়! বিঘিনিৰ সময়ৰ কাৰণে এই জগত; কিয়নো বিঘিনিৰ সময় অৱশ্যেই আহিব৷ কিন্তু যি মানুহৰ দ্বাৰাই বিঘিনি হয়, তেওঁৰ সন্তাপ হ’ব৷
Kaiton duniya saboda abubuwan da suke sa mutane su yi zunubi! Dole irin waɗannan abubuwa su zo, sai dai kaiton mutumin da ya zama sanadin kawo su!
8 তোমালোকক পাপলৈ নিয়াৰ কাৰণ যদি তোমালোকৰ হাত বা ভৰি হয়, তেনেহলে তাক কাটি দূৰলৈ দলিয়াই পেলোৱা; দুই হাত বা দুই ভৰি লৈ অনন্ত জুইত পেলোৱা হোৱাতকৈ, কোঙা বা খোৰা হৈ জীৱনত প্ৰৱেশ কৰাই তোমালোকৰ পক্ষে ভাল। (aiōnios g166)
In hannunka ko ƙafarka yana sa ka zunubi, yanke shi ka yar. Zai fiye maka ka shiga rai da hannu ko ƙafa ɗaya da hannuwa biyu ko ƙafafu biyu da a jefar da kai cikin madawwamiyar wuta da hannuwa biyu ko ƙafafu biyu. (aiōnios g166)
9 তোমালোকৰ চকুৱে যদি তোমালোকক পাপৰ পথলৈ নিয়ে, তেনেহলে তাকো কাঢ়ি তোমালোকৰ পৰা দূৰলৈ দলিয়াই পেলোৱা; দুই চকু লৈ অনন্ত অগ্নিময় নৰকত পেলোৱা হোৱাতকৈ, বৰং কণা হৈ জীৱনত সোমোৱাই তোমালোকৰ পক্ষে ভাল। (Geenna g1067)
In kuma idonka yana sa ka zunubi, ƙwaƙule shi ka yar. Zai fiye maka ka shiga rai da ido ɗaya, da ka shiga jahannama ta wuta da idanunka biyu. (Geenna g1067)
10 ১০ সেয়ে সাৱধানে চলিবা; তোমালোকে এই সৰু সকলৰ মাজৰ এজনকো হেয়জ্ঞান নকৰিবা; কিয়নো মই তোমালোকক কওঁ, স্ৱৰ্গত তেওঁলোকৰ দূত সকলে মোৰ স্বৰ্গীয় পিতৃৰ মুখ সদায় যেন দেখা পায়।
“Ku lura, kada ku rena ɗaya daga cikin waɗannan ƙanana. Gama ina faɗa muku mala’ikunsu a sama kullum suna duban fuskar Ubana da yake cikin sama.
11 ১১ কাৰণ যি হেৰাল, তাক বিচাৰি ৰক্ষা কৰিবলৈ মানুহৰ পুত্ৰ আহিল।
12 ১২ তোমালোকে কি ভাবা? যদি কোনো এজন মানুহৰ এশটা মেৰ আছে অাৰু তাৰ মাজৰ পৰা যদি এটা ভুল পথে গৈ হেৰাই যায়, তেতিয়া তেওঁ জানো নিৰানব্বৈটা মেষক পাহাৰৰ দাঁতিত এৰি থৈ হেৰোৱা মেষটোক বিচাৰি নাযাব?
“Me kuka gani? In wani yana da tumaki ɗari, sai ɗaya daga cikinsu ta ɓace, ba sai yă bar tasa’in da taran a kan tuddai yă je neman guda ɗayan da ta ɓace ba?
13 ১৩ আৰু যদি হেৰোৱাটোক কেনেবাকৈ পায়, তেনেহলে মই তোমালোকক সঁচাকৈ কওঁ যে, ভুল পথে নোযোৱা সেই নিৰানব্বৈটা মেষতকৈ, যিটো হেৰাই গৈছিল সেই মেষটোক ঘূৰাই পোৱাত তেওঁ অধিক আনন্দ কৰিব।
In kuwa ya same ta, ina gaya muku gaskiya, zai yi murna saboda ɗayan fiye da tasa’in da taran da ba su ɓace ba.
14 ১৪ এইদৰে এই সৰু সকলৰ মাজৰ এটিও নষ্ট হোৱাটো স্বৰ্গত থকা তোমালোকৰ পিতৃয়ে ইচ্ছা নকৰে।
Haka ma Ubanku da yake cikin sama ba ya so ko ɗaya daga cikin ƙananan nan yă ɓace.
15 ১৫ কিন্তু তোমাৰ ভায়েৰাই যদি তোমাৰ বিৰুদ্ধে পাপ কৰে, তেনেহলে তেওঁ অকলে থাকোতেই ওচৰলৈ গৈ তেওঁৰ দোষ দেখুৱাই দিয়া। তেওঁ যদি তোমাৰ কথা শুনে, তেনেহলে তুমি তোমাৰ ভায়েৰাক ঘূৰাই পালা।
“In ɗan’uwanka ya yi maka laifi, ka je ka nuna masa laifinsa, tsakaninku biyu kaɗai. In ya saurare ka, ka maido da ɗan’uwanka ke nan.
16 ১৬ কিন্তু যদি নুশুনে, তেনেহলে দুই এজন ভাইক তোমাৰ লগত লৈ যোৱা, যাতে দুই বা তিনি জন সাক্ষীৰ কথাত প্ৰত্যেকটো বিষয় সত্য বুলি প্ৰমাণিত হয়।
Amma in bai saurare ka ba, ka je tare da mutum ɗaya ko biyu, domin ‘a tabbatar da kowace magana a bakin shaidu biyu ko uku.’
17 ১৭ যদি তেওঁ তেওঁলোকৰ কথাও নুশুনে, তেনেহলে মণ্ডলীক জনাবা; মণ্ডলীৰ কথাও যদি নুশুনে, তেনেহলে তেওঁ তোমাৰ ওচৰত অনা-ইহুদী আৰু কৰ সংগ্ৰহকাৰী সকলৰ দৰে হওক।
In kuwa ya ƙi yă saurare su, sai ka gaya wa ikkilisiya; in kuma ya ƙi yă saurari ikkilisiya ma, ka yi da shi kamar marar sanin Allah ko mai karɓar haraji.
18 ১৮ মই তোমালোকক সঁচাকৈয়ে কওঁ, তোমালোকে পৃথিৱীত যিহকে বান্ধিবা, সেয়ে স্বৰ্গতো বন্ধ কৰা হ’ব আৰু পৃথিৱীত যিহকে মুকলি কৰিবা, সেয়ে স্ৱৰ্গতো মুকলি কৰা হব।
“Gaskiya nake gaya muku, duk abin da kuka daure a duniya, za a daure a sama, duk kuma abin da kuka kunce a duniya, za a kunce shi a sama.
19 ১৯ পুনৰায় মই তোমালোকক কওঁ, পৃথিৱীত তোমালোকৰ দুজনৰ যদি প্ৰাৰ্থনীয় কোনো বিষয়ত এক মন হয়, তেনেহলে স্বৰ্গত থকা মোৰ পিতৃৰ দ্বাৰাই তেওঁলোকলৈ সেই বিষয় সিদ্ধ কৰা হ’ব
“Har wa yau, ina gaya muku cewa in mutum biyu a cikinku a duniya suka yarda su roƙi wani abu, Ubana da yake cikin sama zai yi muku.
20 ২০ কিয়নো যি ঠাইত দুই বা তিনি জন মোৰ নামেৰে গোট খায়, সেই ঠাইত ময়ো তেওঁলোকৰ মাজত থাকোঁ।”
Gama inda mutum biyu ko uku suka taru cikin sunana, a can ma ina tare da su.”
21 ২১ তেতিয়া পিতৰে যীচুৰ ওচৰলৈ আহি তেওঁক ক’লে, “হে প্ৰভু, মোৰ ভায়ে মোৰ অহিতে কিমান বাৰ পাপ কৰিলে মই তেওঁক ক্ষমা কৰিম? সাত বাৰলৈকে নে?”
Sai Bitrus ya zo wurin Yesu ya yi masa tambaya ya ce, “Ubangiji, sau nawa zan yafe wa ɗan’uwana sa’ad da ya yi mini zunubi? Har sau bakwai?”
22 ২২ যীচুৱে তেওঁক ক’লে, “সাত বাৰলৈকে বুলি মই তোমাক নকওঁ; কিন্তু সাত সত্তৰ গুণ বাৰ বুলিহে কওঁ।
Yesu amsa ya ce, “Ina gaya maka, ba sau bakwai ba, amma sau saba’in da bakwai.
23 ২৩ স্বর্গৰাজ্যক এনেদৰে তুলনা দিয়া হয়; যেনেকৈ, এজন ৰজাই নিজৰ দাস সকলৰ ওচৰত হিচাব বিচাৰিলে৷
“Saboda haka, mulkin sama yana kama da wani sarki wanda ya so yă yi ƙididdigar dukiyarsa da take a hannun bayinsa.
24 ২৪ যেতিয়া তেওঁ হিচাব লবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁৰ আগলৈ এনে এজন দাসক অনা হ’ল যি জনৰ ৰজাৰ ওচৰত দহ হাজাৰ ৰূপৰঋণ আছিল।
Da ya fara ƙididdigar, sai aka kawo masa wani wanda yake bin bashin talenti dubu goma.
25 ২৫ কিন্তু পৰিশোধ কৰিবলৈও তেওঁৰ ক্ষমতা নাছিল৷ তেতিয়া ৰজা জনে এই আদেশ দিলে যে, সেই লোক জনৰ সৈতে তেওঁৰ স্ত্ৰী, ল’ৰা-ছোৱালী আৰু তেওঁৰ সৰ্ব্বস্ব বিক্ৰী কৰি যেন ঋণ পৰিশোধ কৰা হয়।
Da yake bai iya biya ba, sai maigida ya umarta a sayar da shi da matarsa da yaransa da kuma duk abin da yake da shi, a biya bashin.
26 ২৬ তেতিয়া সেই দাসে মাটিত পৰি ৰজাৰ ভৰিত ধৰি ক’লে, ‘হে প্ৰভু, ধৈর্য ধৰক, মই আপোনাৰ আটাইখিনি ঋণ পৰিশোধ কৰিম।’
“Bawan ya durƙusa a gabansa. Ya yi roƙo ya ce, ‘Ka yi mini haƙuri, zan biya ka ƙaf.’
27 ২৭ তেতিয়া সেই ৰজা জনে মৰম কৰি সেই দাসক এৰি দিলে আৰু তাৰ ঋণও ক্ষমা কৰি দিলে।
Maigidan bawan ya ji tausayinsa, ya yafe masa bashin, ya kuma sake shi.
28 ২৮ পাছত সেই দাসে বাহিৰলৈ গৈ তেওঁৰ এজন সহকর্মীক দেখা পালে৷ তাৰ ওচৰত সেই সহকর্মী জনৰ প্ৰায় এশ মুদ্ৰাঋণ আছিল৷ দাস জনে সেই সহকৰ্মী জনৰ ডিঙি চেপি ক’লে, ‘তই যি মুদ্ৰা ধাৰে লৈছিলি, সেই মুদ্ৰা এতিয়া পৰিশোধ কৰ’।
“Amma da wannan bawa ya fita, sai ya gamu da wani abokin bautarsa wanda yake binsa bashin dinari ɗari. Sai ya cafke shi, ya shaƙe shi a wuya yana cewa, ‘Biya ni abin da nake binka!’
29 ২৯ তেতিয়া তাৰ সহকৰ্মী জনে মাটিত পৰি কাকুতি-মিনতি কৰি ক’লে, ‘ধৈর্য ধৰছোন, মই তোৰ সকলো ধাৰ পৰিশোধ কৰিম’।
“Wannan abokin bautarsa ya durƙusa ya roƙe shi, ‘Ka yi mini haƙuri, zan biya ka.’
30 ৩০ কিন্তু তেওঁ সন্মত নহ’ল৷ বৰং পৰিশোধ নকৰা পর্যন্ত তেওঁক বন্দীশালত বন্দী কৰি থলে।
“Amma ya ƙi. A maimako, sai ya je ya sa aka jefa shi a kurkuku, har yă biya bashin.
31 ৩১ তেতিয়া তেওঁৰ সহদাসবোৰে এই ঘটনা দেখি অতিশয় দুঃখিত হ’ল৷ সিহঁতে ৰজাৰ ওচৰলৈ গৈ যি যি ঘটিল, সেই সকলো বিষয় তেওঁক জনালে।
Sa’ad da sauran bayin suka ga abin da ya faru, abin ya ɓata musu rai ƙwarai, sai suka tafi suka faɗa wa maigidansu dukan abin da ya faru.
32 ৩২ তেতিয়া ৰজাই সেই দাসক মাতি কলে, ‘দুষ্ট দাস! তই মোক কাকুতি-মিনতি কৰাত মই তোৰ সকলো ধাৰ ক্ষমা কৰিলোঁ
“Sai maigidan ya kira wannan bawa. Ya ce, ‘Kai mugun bawa, na yafe duk bashin da nake binka domin ka roƙe ni.
33 ৩৩ তেনেহলে মই যেনেকৈ তোক দয়া কৰিছিলোঁ, তয়ো তেনেকৈ তোৰ সহদাসক দয়া কৰা উচিত নাছিল নে’?
Ashe, bai kamata kai ma ka ji tausayin abokin bautarka yadda na yi maka ba?’
34 ৩৪ তেতিয়া ৰজাৰ খং উঠিল আৰু দিবলগীয়া আটাইখিনি ঋণ পৰিশোধ নকৰা পর্যন্ত দাস জনক যাতনাকাৰীৰ হাতত শোধাই দিলে।
Cikin fushi, maigidan ya miƙa shi ga ma’aikatan kurkuku su gwada masa azaba, har yă biya dukan bashin da ake binsa.
35 ৩৫ ঠিক সেইদৰে তোমালোক প্ৰতিজনে যদি তোমালোকৰ ভাইক অন্তৰেৰে সৈতে ক্ষমা নকৰা, তেনেহলে মোৰ স্বৰ্গীয় পিতৃয়েও তোমালোকক এইদৰে কৰিব।”
“Haka Ubana da yake cikin sama zai yi da kowannenku, in ba ku yafe wa’yan’uwanku daga zuciyarku ba.”

< মথি 18 >