< মথি 11 >

1 যীচুৱে তেওঁৰ বাৰ জন শিষ্যক এইদৰে আদেশ দি শেষ কৰিলে। তাৰ পাছত তেওঁ নগৰে নগৰে শিক্ষা দিবৰ বাবে আৰু প্রচাৰ কৰিবৰ কাৰণে সেই ঠাইৰ পৰা গুচি গ’ল।
و چون عیسی این وصیت را با دوازده شاگرد خود به اتمام رسانید، از آنجا روانه شد تا در شهرهای ایشان تعلیم دهد و موعظه نماید.۱
2 যোহনে বন্দীশালৰ পৰা যেতিয়া খ্ৰীষ্টৰ কৰ্মৰ কথা শুনিলে, তেতিয়া নিজৰ শিষ্য সকলৰ দ্বাৰাই যীচুক সুধি পঠালে,
و چون یحیی در زندان، اعمال مسیح راشنید، دو نفر از شاگردان خود را فرستاده،۲
3 ক’লে “আহিব লগা জন আপুনিয়ে হয়নে, নে আমি অন্য কোনোবা এজনলৈ অপেক্ষা কৰিম?”
بدو گفت: «آیا آن آینده تویی یا منتظر دیگری باشیم؟»۳
4 যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “যোৱা, তোমালোকে যি শুনিছা আৰু দেখিছা, সেই বিষয়ৰ সম্বাদ যোহনক দিয়াগৈ।
عیسی در جواب ایشان گفت: «بروید ویحیی را از آنچه شنیده و دیده‌اید، اطلاع دهید۴
5 অন্ধই দৃষ্টিশক্তি পাইছে, খোৰাই খোজ কাঢ়িছে, কুষ্ঠ ৰোগীক শুচি কৰা হৈছে, কলাই পুণৰ শুনিছে, মৃত সকলক জীৱনলৈ পুণৰুত্থিত কৰা হৈছে, দৰিদ্ৰ সকলৰ আগত শুভবাৰ্তা ঘোষণা কৰা হৈছে।
که کوران بینا می‌گردند و لنگان به رفتار می‌آیندو ابرصان طاهر و کران شنوا و مردگان زنده می‌شوند و فقیران بشارت می‌شنوند؛۵
6 ধন্য সেই লোক, যি জনে মোক লৈ কোনো বাধা নাপায়।”
وخوشابحال کسی‌که در من نلغزد.»۶
7 যোহনৰ শিষ্য সকল যেতিয়া উলটি গ’ল, সেই সময়ত যীচুৱে যোহনৰ বিষয়ে লোক সকলৰ আগত এই কথা কবলৈ ধৰিলে, “আপোনালোকে কি চাবৰ বাবে মৰুপ্ৰান্তলৈ গৈছিল- বতাহে লৰোৱা এক নল-খাগৰি?
و چون ایشان می‌رفتند، عیسی با آن جماعت درباره یحیی آغاز سخن کرد که «بجهت دیدن چه چیز بیرون شدید؟ آیا نی را که از باد درجنبش است؟۷
8 তেনেহলে কি চাবলৈ ওলাই গৈছিল- মিহি কাপোৰ পিন্ধা মানুহ নে? বাস্তৱিকতে, যি সকলে মিহি কাপোৰ পিন্ধে, তেওঁলোক ৰজাৰ ভৱনতহে থাকে।
بلکه بجهت دیدن چه چیز بیرون شدید؟ آیا مردی را که لباس فاخر در بر دارد؟ اینک آنانی که رخت فاخر می‌پوشند در خانه های پادشاهان می‌باشند.۸
9 তেনেহলে কি চাবলৈ ওলাই গৈছিল - এজন ভাববাদীক নে? হয়, মই আপোনালোকক কওঁ, ‘তেওঁ ভাৱবাদীতকৈয়ো মহান।
لیکن بجهت دیدن چه چیزبیرون رفتید؟ آیا نبی را؟ بلی به شما می‌گویم ازنبی افضلی را!۹
10 ১০ এই জন তেৱেঁই, যি জনৰ বিষয়ে শাস্ত্রত লিখা আছে, ‘চোৱা, মই তোমাৰ আগত মোৰ বার্তাবাহকক পঠাম, তেওঁ তোমাৰ আগত তোমাৰ পথ প্রস্তুত কৰিব।’
زیرا همان است آنکه درباره اومکتوب است: “اینک من رسول خود را پیش روی تو می‌فرستم تا راه تو را پیش روی تو مهیا سازد.”۱۰
11 ১১ মই আপোনালোকক সঁচাকৈয়ে কওঁ, মহিলাৰ গর্ভত যিমান মানুহৰ জন্ম হৈছে, তেওঁলোকৰ মাজত বাপ্তাইজক যোহনতকৈ মহান কোনো নাই; কিন্তু স্বৰ্গৰাজ্যত আটাইতকৈ গুৰুত্বহীন সৰু ব্যক্তিও যোহনতকৈ মহান।
هرآینه به شما می‌گویم که از اولاد زنان، بزرگتری از یحیی تعمید‌دهنده برنخاست، لیکن کوچکتر در ملکوت آسمان از وی بزرگ تر است.۱۱
12 ১২ বাপ্তাইজক যোহনৰ দিনৰ পৰা এতিয়ালৈকে স্বৰ্গৰাজ্য ভীষণভাৱে আক্ৰান্ত হৈছে আৰু বলৱান লোকে বলেৰে তাক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিছে।
و از ایام یحیی تعمید‌دهنده تا الان، ملکوت آسمان محبور می‌شود و جباران آن را به زورمی ربایند.۱۲
13 ১৩ যোহনৰ সময়লৈকে সকলো ভাববাদীয়ে আৰু বিধান-শাস্ত্ৰই ভাবোক্তি প্ৰকাশ কৰিছে।
زیرا جمیع انبیا و تورات تا یحیی اخبار می‌نمودند.۱۳
14 ১৪ অাপোনালোকে যদি এই কথা গ্ৰহণ কৰিব খোজে, তেনেহলে আহিব লগা যি এলিয়া, এই যোহনেই সেই জন।
و اگر خواهید قبول کنید، همان است الیاس که باید بیاید.۱۴
15 ১৫ যি জনৰ শুনিবলৈ কাণ আছে, তেওঁ শুনক।
هر‌که گوش شنوا دارد بشنود.۱۵
16 ১৬ এই যুগৰ লোক সকলক কাৰ লগত তুলনা কৰিম? এওঁলোক এনেকুৱা ল’ৰা-ছোৱালীৰ নিচিনা, যি সকলে বজাৰত বহি সঙ্গী সকলক মাতি কয়;
لیکن این طایفه را به چه چیزتشبیه نمایم؟ اطفالی را مانند که در کوچه هانشسته، رفیقان خویش را صدا زده،۱۶
17 ১৭ ‘আমি তোমালোকৰ কাৰণে বাঁহী বজালো, তোমালোকে নানাচিলা; আমি শোকৰ গান গালো, তোমালোকে বিলাপ নকৰিলা।’
می‌گویند: “برای شما نی نواختیم، رقص نکردید؛ نوحه گری کردیم، سینه نزدید.”۱۷
18 ১৮ যোহনে আহি ভোজন গ্রহণ বা দ্রাক্ষাৰস পান একো নকৰাৰ কাৰণে লোকে কয়, ‘তেওঁক ভূতে পাইছে’।
زیرا که یحیی آمد، نه می‌خورد و نه می‌آشامید، می‌گویند دیو دارد.۱۸
19 ১৯ মানুহৰ পুত্ৰই আহি ভোজন-পান কৰিলে কাৰণে লোকে কয়, ‘এই চোৱা, এই জন এজন খকুৱা আৰু মদাহী মানুহ; কৰ সংগ্রহকাৰী আৰু পাপীবোৰৰ বন্ধু! কিন্তু জ্ঞান যে সত্য, নিজৰ কৰ্মৰ দ্বাৰাই প্ৰমাণিত হয়।’”
پسر انسان آمد که می‌خورد و می‌نوشد، می‌گویند اینک مردی پرخور و میگسار و دوست باجگیران و گناهکاران است. لیکن حکمت ازفرزندان خود تصدیق کرده شده است.”» وعده آرامش درون۱۹
20 ২০ যীচুৱে যিবোৰ নগৰত বেচি ভাগ পৰাক্রম কাৰ্য কৰিছিল, সেইবোৰ ঠাইৰ নিবাসী সকলক তেওঁ গৰিহণা দিলে, কাৰণ তেওঁলোকে মন-পালটন নকৰিলে।
آنگاه شروع به ملامت نمود بر آن شهرهایی که اکثر از معجزات وی در آنها ظاهرشد زیرا که توبه نکرده بودند:۲۰
21 ২১ “হায় কোৰাচীন! হায় বৈৎ-চৈদা! কিয়নো তোমালোকৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কাৰ্য যদি তুৰ আৰু চীদোন নগৰত কৰিলোঁ হয়, তেনেহলে বহু দিনৰ আগেয়ে তাৰ নিবাসী সকলে চট পিন্ধিলেহেঁতেন আৰু ছাইত বহি মন-পালটন কৰিলেহেঁতেন।
«وای بر تو‌ای خورزین! وای بر تو‌ای بیت صیدا! زیرا اگرمعجزاتی که در شما ظاهر گشت، در صور وصیدون ظاهر می‌شد، هرآینه مدتی در پلاس وخاکستر توبه می‌نمودند.۲۱
22 ২২ কিন্তু মই আপোনালোকক কওঁ, সোধ-বিচাৰৰ দিনা আপোনালোকতকৈ তুৰ আৰু চীদোনৰদশা সহিব পৰা হ’ব।
لیکن به شما می‌گویم که در روز جزا حالت صور و صیدون از شماسهلتر خواهد بود.۲۲
23 ২৩ তুমি, কফৰনাহূম! তুমি ভাৱা নেকি যে তোমাক স্বৰ্গলৈ তোলা হ’ব? কেতিয়াও নহয়, তোমাক মৃতলোকলৈ, অৰ্থাৎ নৰকলৈহে অনা হ’ব। কিয়নো তোমাৰ মাজত যিবোৰ পৰাক্ৰম কাৰ্য কৰা হ’ল, সেইবোৰ কৰ্ম যদি চদোমত কৰা হ’লহেতেন, তেনেহলে চদোম আজিও থাকিলেহেতেন। (Hadēs g86)
و تو‌ای کفرناحوم که تا به فلک سرافراشته‌ای، به جهنم سرنگون خواهی شد زیرا هرگاه معجزاتی که در تو پدید آمد درسدوم ظاهر می‌شد، هرآینه تا امروز باقی می‌ماند. (Hadēs g86)۲۳
24 ২৪ কিন্তু মই তোমালোকক কওঁ, সোধ-বিচাৰৰ দিনা তোমালোকতকৈ চদোম নগৰৰ দশা সহিবৰ বাবে অধিক সহজ হ’ব।”
لیکن به شما می‌گویم که در روز جزاحالت زمین سدوم از تو سهل تر خواهد بود.»۲۴
25 ২৫ সেই সময়ত যীচুৱে মাত লগাই ক’লে, “হে পিতৃ, তুমি স্বৰ্গ আৰু পৃথিৱীৰ প্ৰভু, মই তোমাৰ প্রশংসা কৰোঁ, কাৰণ তুমি জ্ঞানী আৰু বুদ্ধিমন্ত লোকৰ পৰা এইবোৰ কথা গুপুতে ৰাখিছা, কিন্তু শিশু সকলৰ দৰে সৰল লোক সকলৰ আগত প্ৰকাশ কৰিলা।
در آن وقت، عیسی توجه نموده، گفت: «ای پدر، مالک آسمان و زمین، تو را ستایش می‌کنم که این امور را از دانایان و خردمندان پنهان داشتی و به کودکان مکشوف فرمودی!۲۵
26 ২৬ হয় পিতৃ, ‘এইদৰে তোমাৰ দৃষ্টিত ই সন্তোষজনক হৈছে।’
بلی‌ای پدر، زیرا که همچنین منظور نظر تو بود.۲۶
27 ২৭ কিয়নো মোৰ পিতৃয়ে সকলোকে মোৰ হাতত সমৰ্পন কৰিছে; পিতৃৰ বাহিৰে পুত্রক কোনেও নাজানে: পুত্ৰৰ বাহিৰে পিতৃক কোনেও নাজানে। পুত্ৰই যি জনৰ আগত পিতৃক প্ৰকাশ কৰিবলৈ ইচ্ছা কৰে, তেৱেঁই তেওঁক জানে।
پدر همه‌چیز را به من سپرده است و کسی پسر را نمی شناسد بجز پدر و نه پدر را هیچ‌کس می‌شناسد غیر از پسر و کسی‌که پسر بخواهد بدومکشوف سازد.۲۷
28 ২৮ হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোক সকল, মোৰ ওচৰলৈ আহা; মই তোমালোকক জিৰণি দিম।
بیاید نزد من‌ای تمام زحمتکشان و گرانباران و من شما را آرامی خواهم بخشید.۲۸
29 ২৯ মই নম্ৰ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
یوغ مرا بر خود گیرید و از من تعلیم یابید زیرا که حلیم و افتاده‌دل می‌باشم و درنفوس خود آرامی خواهید یافت؛۲۹
30 ৩০ কিয়নো মোৰ যুৱঁলি বৈ নিয়া সহজ আৰু মোৰ বোজাও লঘু।”
زیرا یوغ من خفیف است و بار من سبک.»۳۰

< মথি 11 >