< লেবীয় পুস্তক 2 >

1 যেতিয়া কোনো লোক এজনে যিহোৱাৰ উদ্দেশ্যে ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰে, তেতিয়া তেওঁৰ উপহাৰ মিহি আটাগুড়ি হ’ব; আৰু তেওঁ তাত তেল ঢালি তাৰ ওপৰত ধূপ-ধূনা দিব।
人素祭の禮物をヱホバに供ふる時は麥粉をもてその禮物となしその上に油をそそぎ又その上に乳香を加へ
2 তেতিয়া তেওঁৰ সেই উপহাৰ তেওঁ হাৰোণৰ পুত্ৰ পুৰোহিত সকলৰ ওচৰলৈ আনিব; পাছত পুৰোহিতসকলৰ এজনে তাৰ পৰা এমুঠি মিহি আটাগুড়ি, এচলু তেল, আৰু আটাইখিনি ধূপ-ধূনা লৈ, তাৰ স্মৰণাৰ্থক অংশ বুলি তাক বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
これをアロンの子等なる祭司等の許に携へゆくべし斯てまた祭司はその麥粉と油一握をその一切の乳香とともに取り之を記念の分となして壇の上に燒べし是すなはち火祭にしてヱホバに馨しき香たるなり
3 সেই ভক্ষ্য নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ কাৰণে হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।
素祭の餘はアロンとその子等に歸すべし是はヱホバに献る火祭の一にして至聖物たるなり
4 যেতিয়া তুমি তন্দুৰত তাও দিয়া ভক্ষ্য নৈবেদ্য উপহাৰস্বৰূপে উৎসৰ্গ কৰিবা, তেতিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা খমিৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, বা তেল ঢলা খমিৰ নিদিয়া কেইটামান পাতল চকলীয়া পিঠা দিব লাগিব।
汝もし爐に燒たる物をもて素祭の禮物となさんとせば麥粉に油を和て作れる無酵菓子および油を抹たる無酵煎餅を用ふべし
5 আৰু যদি তাৱাত তাও দিয়া ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে খমীৰ নিদিয়া তেল মিহলোৱা মিহি আটাগুড়িৰে কৰা পিঠা হ’ব।
汝の素祭とする禮物もし鍋に燒たる物ならば麥粉に油を和て酵いれずに作れる者を用ふべし
6 তুমি তাক ডোখৰ-ডোখৰ কৰি, তাৰ ওপৰত তেল ঢালিবা; সেয়ে ভক্ষ্য নৈবেদ্য।
汝これを細に割てその上に油をそそぐべし是を素祭となす
7 আৰু যদি কেৰাহীত ভজা ভক্ষ্য নৈবেদ্য তোমাৰ উপহাৰ হয়, তেন্তে তেলত ভাজি মিহি আটাগুড়িৰে কৰিব লাগিব।
汝の素祭とする禮物もし釜に煮たる物ならば麥粉と油をもて作れる者を用ふべし
8 এইবোৰ নিয়মৰ কোনো নিয়মৰে যুগুত কৰা ভক্ষ্য নৈবেদ্য তুমি যিহোৱাৰ উদ্দেশ্যে আনিবা; আৰু তাক পুৰোহিতক দিয়া হব। তেতিয়া তেওঁ তাক বেদীৰ ওচৰলৈ আনিব।
汝これ等の物をもて作れる素祭の物をヱホバに携へいたるべし是を祭司に授さば祭司はこれを壇にたづさへ往き
9 পুৰোহিত জনে সেই নৈবেদ্যৰ স্মৰণাৰ্থক অংশ লৈ বেদীত দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে সুঘ্ৰাণ দিয়া অগ্নিকৃত উপহাৰ।
その素祭の中より記念の分をとりて壇の上に焚べし是すなはち火祭にしてヱホバに馨しき香たるなり
10 ১০ আৰু সেই নৈবেদ্যৰ বাকীখিনি হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ হ’ব; যিহোৱাৰ অগ্নিকৃত উপহাৰবোৰৰ মাজত সেয়ে অতি পবিত্ৰ।
素祭の餘はアロンとその子等に皈すべし是はヱホバにささぐる火祭の一にして至聖物たるなり
11 ১১ তোমালোকে যিহোৱাৰ উদ্দেশ্যে যি কোনো ভক্ষ্য নৈবেদ্য উৎসৰ্গ কৰিবা, তাক খমীৰেৰে যুগুত কৰা হ’ব নালাগে; কিয়নো খমীৰ বা মৌ ইয়াৰে একোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে তোমালোকে দগ্ধ নকৰিবা।
凡そ汝等がヱホバにたづさへいたる素祭は都て酵いれて作るべからず汝等はヱホバに献る火祭の中に酵または蜜を入て焚べからず
12 ১২ তোমালোকে প্ৰথম ফলৰ উপহাৰ বুলি তাক যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব পাৰা; কিন্তু সুঘ্ৰাণৰ অৰ্থে বেদীৰ ওপৰত তাক তোলা নাযাব।
但し初熟の禮物をそなふる時には汝等これをヱホバにそなふべし然ど馨しき香のためにこれを壇にそなふる事はなすべからず
13 ১৩ আৰু তুমি নিজ ভক্ষ্য নৈবেদ্যৰ প্ৰত্যেক উপহাৰত লোণ সানিবা; তুমি নিজ ভক্ষ্য নৈবেদ্যত, নিজ ঈশ্বৰৰ নিয়মটিৰ চিন যি লোণ, তাক দিবলৈ ক্রুটি নকৰিবা; তোমাৰ সকলো উপহাৰবোৰ লোণে সৈতে উৎসৰ্গ কৰিবা।
汝素祭を献るには凡て鹽をもて之に味くべし汝の神の契約の鹽を汝の素祭に缺こと勿れ汝禮物をなすには都て鹽をそなふべし
14 ১৪ তুমি যদি যিহোৱাৰ উদ্দেশ্যে শস্যৰ প্ৰথম ফলৰ নৈবেদ্য স্বৰূপে জুইত পোৰা থোক, অৰ্থাৎ মোহাৰি উলিওৱা শস্যৰ নতুন গুটি উৎসৰ্গ কৰিবা।
汝初穂の素祭をヱホバにそなへんとせば穂を火にやきて殼をさりたる者をもて汝の初穂の禮物にそなふべし
15 ১৫ তাৰ পাছত তুমি তাৰ ওপৰত তেল আৰু ধূপ-ধূনা দিবা; সেয়ে ভক্ষ্য নৈবেদ্য।
汝また油をその上にほどこし乳香をその上に加ふべし是を素祭となす
16 ১৬ পাছত পুৰোহিতে তাৰ স্মৰণাৰ্থক অংশ বুলি কিছু মোহৰা শস্য, কিছু তেল আৰু আটাইখিনি ধূপ-ধূনা দগ্ধ কৰিব; সেয়ে যিহোৱাৰ উদ্দেশ্যে অগ্নিতকৃত উপহাৰ।
祭司はその殻を去たる穀物の中および油の中よりその記念の分を取りその一切の乳香とともにこれを焚べし是すなはちヱホバにささぐる火祭なり

< লেবীয় পুস্তক 2 >