< লেবীয় পুস্তক 18 >

1 পাছত যিহোৱাই মোচিক ক’লে,
locutusque est Dominus ad Mosen dicens
2 “তুমি ইস্ৰায়েলৰ সন্তান সকলক এই কথা কোৱা, ‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
loquere filiis Israhel et dices ad eos ego Dominus Deus vester
3 তোমালোকে যেতিয়া মিচৰ দেশত বাস কৰিছিলা, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা। মই তোমালোকক যি কনান দেশলৈ লৈ আহিম, সেই দেশৰ ৰীতি-নীতিৰ দৰে আচৰণ নকৰিবা আৰু তেওঁলোকৰ বিধি অনুসাৰেও নচলিবা।
iuxta consuetudinem terrae Aegypti in qua habitastis non facietis et iuxta morem regionis Chanaan ad quam ego introducturus sum vos non agetis nec in legitimis eorum ambulabitis
4 তোমালোকে মোৰ শাসন প্ৰণালী মতে কাৰ্য কৰিবা আৰু মোৰ বিধিবোৰ পালন কৰিবা, আৰু সেইদৰে আচৰণ কৰিবা; কিয়নো মই তোমালোকৰ ঈশ্বৰ যিহোৱা।
facietis iudicia mea et praecepta servabitis et ambulabitis in eis ego Dominus Deus vester
5 এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰাণালীবোৰ সকলোকে পালন কৰিবা। কোনো এজন লোকে যদি সেইবোৰ পালন কৰে, তেনেহলে তেওঁ তাৰ দ্বাৰাই জীয়াই থাকিব। মই যিহোৱা।
custodite leges meas atque iudicia quae faciens homo vivet in eis ego Dominus
6 তোমালোকে কোনেও উলঙ্গতা অনাবৃত কৰিবলৈ, নিজ বংশ পৰিয়ালৰ কাৰো ওচৰলৈ নাযাবা; মই যিহোৱা।
omnis homo ad proximam sanguinis sui non accedet ut revelet turpitudinem eius ego Dominus
7 তুমি নিজ পিতৃক, তোমাৰ মাতৃৰ উলঙ্গতাৰেই অনাবৃত নকৰিবা; তেওঁ তোমাৰ মাতৃ; তেওঁক লজ্জিত নকৰিবা।
turpitudinem patris et turpitudinem matris tuae non discoperies mater tua est non revelabis turpitudinem eius
8 তোমাৰ পিতৃৰ ভাৰ্য্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেইদৰে তোমাৰ পিতৃক লজ্জিত নকৰিবা।
turpitudinem uxoris patris tui non discoperies turpitudo enim patris tui est
9 তোমাৰ বাই, ভনী, তোমাৰ পিতৃৰ জীয়েক বা তোমাৰ মাতৃৰ জীয়েক, ঘৰত জন্মাই হওঁক বা আন ঠাইতে জন্মা হওঁক, তেওঁলোকৰ উলঙ্গতা অনাবৃত নকৰিবা।
turpitudinem sororis tuae ex patre sive ex matre quae domi vel foris genita est non revelabis
10 ১০ তোমাৰ পো-নাতিয়েৰ বা জী-নাতিয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তেওঁলোকৰ উলঙ্গতা তোমাৰ নিজৰেই উলঙ্গতা।
turpitudinem filiae filii tui vel neptis ex filia non revelabis quia turpitudo tua est
11 ১১ তোমাৰ পিতৃৰ ঔৰসত জন্মা তোমাৰ পিতৃৰ ভাৰ্য্যাৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ ভনী।
turpitudinem filiae uxoris patris tui quam peperit patri tuo et est soror tua non revelabis
12 ১২ তোমাৰ পিতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তাই তোমাৰ পিতৃৰ ওচৰ সম্বন্ধীয়া।
turpitudinem sororis patris tui non discoperies quia caro est patris tui
13 ১৩ তোমাৰ মাতৃৰ বায়েক বা ভনীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ মাতৃৰ ওচৰ সম্বন্ধীয়া।
turpitudinem sororis matris tuae non revelabis eo quod caro sit matris tuae
14 ১৪ তোমাৰ পিতৃৰ ককায়েক বা ভায়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; তুমি তেওঁৰ ভাৰ্য্যাৰ ওচৰলৈ নাযাবা; তাই তোমাৰ বৰমা, বা খুৰী।
turpitudinem patrui tui non revelabis nec accedes ad uxorem eius quae tibi adfinitate coniungitur
15 ১৫ তোমাৰ বোৱাৰীয়েৰ উলঙ্গতা অনাবৃত নকৰিবা; কিয়নো তাই তোমাৰ পো’ৰ ভাৰ্য্যা। তাইৰ উলঙ্গতা অনাবৃত নকৰিবা।
turpitudinem nurus tuae non revelabis quia uxor filii tui est nec discoperies ignominiam eius
16 ১৬ তোমাৰ ককায়েৰা বা ভায়েৰাৰ ভাৰ্যাৰ উলঙ্গতা অনাবৃত নকৰিবা; সেয়ে তোমাৰ ককায়েৰা বা ভায়েৰাৰ উলঙ্গতা।
turpitudinem uxoris fratris tui non revelabis quia turpitudo fratris tui est
17 ১৭ কোনো মহিলা আৰু তাইৰ জীয়েকৰ উলঙ্গতা অনাবৃত নকৰিবা; উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ পো-নাতিয়েক বা জী-নাতিয়েকক বিয়া নকৰিবা। তেওঁলোক ওচৰ সম্বন্ধীয়া; এইয়ে লম্পটতা।
turpitudinem uxoris tuae et filiae eius non revelabis filiam filii eius et filiam filiae illius non sumes ut reveles ignominiam eius quia caro illius sunt et talis coitus incestus est
18 ১৮ নিজ তিৰোতাৰ সতিনী খটাবলৈ তাই জীয়াই থকা কালত, উলঙ্গতা অনাবৃত কৰিবৰ অৰ্থে তাইৰ লগত বায়েক বা ভনীয়েকক বিয়া নকৰিবা।
sororem uxoris tuae in pelicatum illius non accipies nec revelabis turpitudinem eius adhuc illa vivente
19 ১৯ আৰু কোনো মহিলাৰ মাহেকীয়া অশৌচেৰে অশুচি হৈ থকা সময়ত, তাইৰ উলঙ্গতা অনাবৃত কৰিবলৈ তাইৰ ওচৰলৈ নাযাবা।
ad mulierem quae patitur menstrua non accedes nec revelabis foeditatem eius
20 ২০ আৰু তুমি নিজকে অশুচি কৰিবলৈ ওচৰ-চুবুৰিয়াৰ ভাৰ্য্যাৰ লগত সহবাস নকৰিবা।
cum uxore proximi tui non coibis nec seminis commixtione maculaberis
21 ২১ তোমাৰ সন্তানৰ কাকো মোলক দেৱতাৰ উদ্দেশ্যে অগ্নিৰ মাজেদি গমণ কৰাই, তোমাৰ ঈশ্বৰৰ নাম অপবিত্ৰ নকৰিবা; মই যিহোৱা।
de semine tuo non dabis ut consecretur idolo Moloch nec pollues nomen Dei tui ego Dominus
22 ২২ তুমি মহিলাৰ লগত শয়ন কৰাৰ দৰে পুৰুষে সৈতে শয়ন নকৰিবা। সেয়ে ঘিণলগীয়া কৰ্ম।
cum masculo non commisceberis coitu femineo quia abominatio est
23 ২৩ আৰু তুমি নিজকে অশুচি কৰিবলৈ, কোনো জন্তুত পতিত নহ’বা; আৰু কোনো মহিলাই নিজৰে সৈতে সংসৰ্গ কৰিবলৈ, কোনো জন্তুৰ আগত থিয় নহ’ব, সেয়ে স্বভাৱৰ বিৰুদ্ধে কৰা কাৰ্য।
cum omni pecore non coibis nec maculaberis cum eo mulier non subcumbet iumento nec miscebitur ei quia scelus est
24 ২৪ তোমালোকে এই কার্যবোৰৰ ভিতৰৰ কোনো কাৰ্যৰ দ্বাৰাই নিজকে অশুচি নকৰিবা; কিয়নো যি যি জাতিক মই তোমালোকৰ সন্মুখৰ পৰা খেদিম, তেওঁলোক এই সকলো কৰ্মৰ দ্বাৰাই অশুচি হ’ল।
ne polluamini in omnibus his quibus contaminatae sunt universae gentes quas ego eiciam ante conspectum vestrum
25 ২৫ আৰু সেই দেশখনো অশুচি হ’ল; এই হেতুকে মই তাৰ অপৰাধৰ ফল তাক ভোগ কৰালো আৰু সেই দেশে নিজ নিবাসীসকলক বতিয়াই পেলালে।
et quibus polluta est terra cuius ego scelera visitabo ut evomat habitatores suos
26 ২৬ এই হেতুকে তোমালোকে মোৰ বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবা, আৰু স্বদেশীয় বা তোমালোকৰ মাজত প্ৰবাস কৰা বিদেশীয়েই হওঁক, তোমালোকে সেই সকলো ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য নকৰিবা।
custodite legitima mea atque iudicia et non faciat ex omnibus abominationibus istis tam indigena quam colonus qui peregrinatur apud vos
27 ২৭ কিয়নো তোমালোকৰ পূৰ্বে থকা লোকসকলে এই সকলো ঘিণলগীয়া কৰ্ম কৰাত সেই দেশ অশুচি হ’ল।
omnes enim execrationes istas fecerunt accolae terrae qui fuerunt ante vos et polluerunt eam
28 ২৮ কিয়নো সাৱধান, তোমালোকে সেই দেশ অশুচি কৰিলে, তোমালোকৰ পূৰ্বে থকা সেই জাতিক বতিয়াই পেলোৱাৰ নিচিনাকৈ, সেই দেশে তোমালোককো বতিয়াই পেলাব।
cavete ergo ne et vos similiter evomat cum paria feceritis sicut evomuit gentem quae fuit ante vos
29 ২৯ কিয়নো যি যি লোকে এইবোৰ ঘিণলগীয়া কাৰ্যৰ মাজৰ কোনো কাৰ্য কৰিব, ঘিণলগীয়া কাৰ্য কৰা সেই সকলোকে নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
omnis anima quae fecerit de abominationibus his quippiam peribit de medio populi sui
30 ৩০ এই হেতুকে তোমালোকৰ পূৰ্বে প্ৰচলিত হোৱা ঘিণলগীয়া ৰীতি-নীতিবোৰৰ মাজৰ একোকে তোমালোকে যেন নকৰা, আৰু তাৰ দ্বাৰাই নিজকে যেন অশুচি নকৰা, এই কাৰণে মোৰ আজ্ঞা পালন কৰিবা; মই তোমালোকৰ ঈশ্বৰ যিহোৱা’।”
custodite mandata mea nolite facere quae fecerunt hii qui fuerunt ante vos et ne polluamini in eis ego Dominus Deus vester

< লেবীয় পুস্তক 18 >