< বিলাপ-গাথা 5 >

1 হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা। দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।
Ka tuna, ya Ubangiji, abin da ya faru da mu; duba, ka ga kunyar da muka sha.
2 আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল; আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গ’ল।
An ba wa baƙi gādonmu, gidajenmu kuma aka ba bare.
3 আমি অনাথ আৰু পিতৃহীন হলোঁ, আমাৰ মাতৃসকল বিধৱা যেন হ’ল।
Mun zama marayu marasa ubanni, uwayenmu kamar gwauraye.
4 আমাৰ পানী আমি ধন দি পান কৰোঁ আৰু আমাৰ খৰি আমি দাম দি কিনো।
Dole mu sayi ruwan da muke sha; sai mun biya mu sami itace.
5 আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে। আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।
Masu fafararmu sun kusa kama mu; mun gaji kuma ba dama mu huta.
6 আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো, আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।
Mun miƙa kanmu ga Masar da Assuriya don mu sami isashen abinci.
7 আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।
Kakanninmu sun yi zunubi kuma ba sa nan yanzu, mu ne aka bari muna shan hukuncinsu.
8 আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।
Bayi suna mulki a kanmu, kuma ba wanda zai’yantar da mu daga hannuwansu.
9 আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্যৰ তৰোৱালৰ কাৰণে,
Muna samun burodi a bakin rayukanmu domin takobin da yake a jeji.
10 ১০ দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
Fatar jikinmu ta yi zafi kamar murhu, muna jin zazzaɓi domin yunwa.
11 ১১ শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
An yi wa mata fyaɗe a cikin Sihiyona, da kuma budurwai a cikin garuruwan Yahuda.
12 ১২ প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল, বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল।
An rataye’ya’yan sarakuna da hannuwansu; ba a ba wa dattawa girma.
13 ১৩ ডেকাসকলে জাঁত-শিল বলে, আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
Samari suna faman yin niƙa; yara kuma suna fama da ƙyar da nauyin kayan itace.
14 ১৪ বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে, ডেকাসকলে গানবাদ্য এৰিলে।
Dattawan sun bar ƙofar birnin, samari sun daina rera waƙa.
15 ১৫ আমাৰ মনৰ উল্লাস গ’ল; আমাৰ নাচবাগ গুচি শোক হ’ল।
Farin ciki ya rabu da zuciyarmu; rayuwarmu ta zama makoki.
16 ১৬ আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
Rawani ya fāɗi daga kanmu. Kaiton mu gama mun yi zunubi!
17 ১৭ এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,
Domin wannan zuciyarmu ta yi sanyi; domin waɗannan abubuwa idanunmu sun dushe
18 ১৮ কিয়নো চিয়োন পৰ্ব্বতক ধংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।
gama Tudun Sihiyona ya zama kufai, sai diloli ke yawo a wurin.
19 ১৯ হে যিহোৱা, তুমি চিৰকাললৈকে আছা, তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
Ya Ubangiji, kai ne mai iko har abada; kursiyinka ya dawwama cikin dukan zamani.
20 ২০ তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
Don mene ne kake mantawa da mu koyaushe? Me ya sa ka yashe mu da jimawa?
21 ২১ হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
Ka sāke jawo mu gare ka, ya Ubangiji, don mu komo; ka sabunta kwanakinmu su zama kamar yadda suke a dā
22 ২২ যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই, আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!
sai dai in ka ƙi mu gaba ɗaya kana fushi da mu fiye da yadda za a iya aunawa.

< বিলাপ-গাথা 5 >