< বিচারকচরিত 20 >

1 পাছত ইস্ৰায়েলৰ সন্তানসকল একত্রিত হ’ল আৰু তেওঁলোকৰ দানৰ পৰা বেৰ-চেবা পর্যন্ত, আনকি গিলিয়দ চহৰৰ পৰাও আহিছিল। তেওঁলোকে মিস্পাত যিহোৱাৰ সন্মুখত গোট খালে।
Ndipo Aisraeli onse kuyambira ku dziko la Dani mpaka ku Beeriseba ndiponso ku dziko la Giliyadi ananyamuka ngati munthu mmodzi nakasonkhana pamaso pa Yehova ku Mizipa.
2 লোকসকলৰ নেতা অৰ্থাৎ ইস্ৰায়েলৰ আটাই ফৈদবোৰৰ মুখ্যসকল ঈশ্বৰৰ প্ৰজাসকলৰ সেই সমাজত উপস্থিত হ’ল; তাত চাৰি লাখ তৰোৱাল ধৰা পদাতিক লোক আছিল। তেওঁলোক যুদ্ধ কৰিবলৈ সাজু হৈ আছিল।
Atsogoleri a anthu onse ndi a mafuko onse Aisraeli anali nawo pa msonkhano wa anthu a Mulungu. Onse pamodzi analipo asilikali oyenda pansi 400,000 atanyamula malupanga.
3 ইস্ৰায়েলৰ সন্তানসকল মিস্পাত একত্রিত হোৱা কথা শুনি সকলোৱে তাত একত্রিত হ’ল। পাছত ইস্ৰায়েলৰ সন্তানসকলে সুধিলে, “কোৱাচোন এই দুষ্কৰ্ম কেনেকৈ হ’ল?”
Anthu a fuko la Benjamini anali atamva kuti Aisraeli apita ku Mizipa. Tsono Aisraeli anati, “Tiwuzeni, zinthu zoyipa izi zinachitika bwanji.”
4 সেই হত হোৱা মহিলাজনীৰ গিৰীয়েক লেবীয়া পুৰুষ জনে উত্তৰ দি ক’লে, “মই আৰু মোৰ উপপত্নী ৰাতি থাকিবৰ কাৰণে বিন্যামীনৰ অধিকাৰত থকা গিবিয়াত সোমাইছিলোঁ।
Choncho Mlevi uja, mwamuna wa mkazi wophedwa uja anayankha nati, “Ine ndinapita ku Gibeya mʼdziko la Benjamini pamodzi ndi mzikazi wanga kuti tikagone kumeneko.
5 তাতেই গিবিয়াৰ পৰিয়ালবোৰে মোৰ বিৰুদ্ধে আহি ৰাতি মোক ঘৰৰ চাৰিওফালে বেৰি ধৰিলে; সিহঁতে মোক বধ কৰিবলৈ চেষ্টা কৰিছিল আৰু সিহঁতে মোৰ উপপত্নীক বলাৎকাৰ কৰাত তাই মৰিল।
Usiku anthu a ku Gibeya anandiwukira, nazinga nyumba munali ine. Ankafuna kundipha ndipo anagona ndi mzikazi wanga momukakamiza mpaka anafa.
6 পাছত মই মোৰ উপপত্নীক ধৰি ডোখৰ ডোখৰ কৰি ইস্ৰায়েলৰ অধিকাৰত থকা দেশৰ সকলো ফালে পঠিয়ালোঁ; কিয়নো সিহঁতে ইস্ৰায়েলৰ মাজত কু-কৰ্ম আৰু অজ্ঞানতাৰ কাৰ্য কৰিলে।
Ine ndinatenga mzikazi wangayo ndi kumudula nthulinthuli ndikuzitumiza kwa fuko lililonse la Aisraeli. Anthu amenewa, zedi achita chinthu chonyansa kwambiri mʼdziko lino la Israeli.
7 এতেকে হে ইস্ৰায়েলৰ সন্তানসকল, এতিয়া তোমালোক সকলোৱেই নিজৰ নিজৰ মতামত কি কোৱা।”
Ndi zimenezotu inu Aisraeli nonse; yankhulaponi mawu ndi kupereka maganizo anu.”
8 তাতে সকলো মানুহে একগোটহৈ ক’লে, “আমি কোনেও নিজ নিজ তম্বুলৈ নাযাওঁ, নিজ নিজ ঘৰলৈ উলটি নাযাওঁ;
Anthu onse anayimirira ngati munthu mmodzi nanena kuti, “Palibe mmodzi wa ife amene apite ku nyumba kwake. Palibe amene abwerere ku nyumba kwake.
9 কিন্তু এতিয়া আমি গিবিয়া চহৰৰ প্ৰতি কি কৰিম, তাকেই ভাবিছো, চিঠি খেলৰ দ্বাৰাই বুজি পাম যে ঈশ্বৰে তাৰ বিৰুদ্ধে কি কৰিব।
Koma tsopano chimene ife tichite ndi dziko la Gibeya ndi ichi: Tidzapita kukamenyana nawo potsatira zimene maere anene.
10 ১০ আমি বিন্যামীনৰ গিবিয়ালৈ গৈ ইস্ৰায়েলৰ মাজত কৰা আটাই অজ্ঞানতাৰ কাৰ্য অনুসাৰে যেন সিহঁতক প্ৰতিফল দিব পাৰোঁ, ইয়াৰ অর্থে তেওঁলোকে খোৱা বস্তু আনিবলৈ ইস্ৰায়েলৰ ফৈদসকলৰ মাজৰ পৰা এশ লোকলৈ দহজনক আৰু হাজাৰ লোকলৈ এশ জনক আৰু দহ হাজাৰ লোকলৈ এক হাজাৰলোকক আমি লওঁ।”
Mʼmafuko onse a Aisraeli tidzasankha anthu khumi pa anthu 100 aliwonse: ndiye kuti anthu 100 pa anthu 1,000 aliwonse kapena anthu 1,000 pa anthu 10,000 aliwonse. Anthu amenewa adzasonkhanitsa zakudya za ankhondo, ndipo ankhondowo adzapita kukalipsira anthu a ku Geba mʼdziko la Benjamini chifukwa chochita chinthu chonyansa chotere mʼdziko la Israeli.”
11 ১১ এইদৰে ইস্ৰায়েলৰ সৈন্যসকলে একগোট হ’ল আৰু সেই নগৰখনৰ বিপক্ষে এক উদ্দেশ্যেৰেই গোট খালে।
Choncho anthu a ku Israeli anasonkhana pamodzi nagwirizana chimodzi, kukalimbana ndi mzindawo.
12 ১২ ইস্ৰায়েলৰ সকলো ফৈদে বিন্যামীন ফৈদৰ সকলো ফালে মানুহ পঠিয়াই এই কথা ক’লে, “তোমালোকৰ মাজত এয়া কি দুষ্কৰ্ম হৈ আছে।
Mafuko a Israeli anatumiza anthu kwa fuko lonse la Benjamini kukafunsa kuti, “Kodi zoyipa zachitika pakati panuzi ndi zotani?
13 ১৩ এই কাৰণে তোমালোকে এই গিবিয়ানিবাসী পাষণ্ডবোৰক শোধাই দিয়া; আমি সিহঁতক বধ কৰি ইস্ৰায়েলৰ পৰা দুষ্টতা দূৰ কৰোঁ।” কিন্তু বিন্যামীনৰ সন্তানসকলে নিজ ভাই ইস্ৰায়েলৰ সন্তানসকলৰ কথা শুনিব নুখুজিলে,
Tsono tikuti mutipatse anthu achabechabe a ku Gibeya kuti tiwaphe kuti tichotse chinthu choyipachi mʼdziko la Israeli.” Koma fuko la Benjamini silinafune kumvera zimene ananena Aisraeli anzawo.
14 ১৪ বৰং ইস্ৰায়েলৰ সন্তানসকলৰ লগত যুদ্ধৰ অৰ্থে ওলাই বিন্যামীনৰ সন্তানসকলে নগৰৰ পৰা আহি গিবিয়াত গোট খালে।
Mʼmalo mwake, Abenjaminiwo anatuluka mʼmizinda yawo ku Gibeya kukamenyana ndi Aisraeli.
15 ১৫ বিন্যামীন বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়ানিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।
Tsiku limenelo Abenjamini anasonkhanitsa kuchokera ku mizinda yawo ankhondo 26,000 amalupanga awo, osawerengera anthu ena 700 a ku Gibeya amene anasankhidwa.
16 ১৬ ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।
Mwa onsewa panali ankhondo 70 amanzere amene aliyense anali wodziwa kulasa ngakhale tsitsi limodzi ndi mwala osaphonya.
17 ১৭ বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।
Aisraeli, kupatula fuko la Benjamini, anasonkhanitsa anthu 400,000 a malupanga, onse odziwa bwino nkhondo.
18 ১৮ পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”
Ndipo Aisraeli ananyamuka kupita ku Beteli kukafunsira kwa Mulungu. Iwo anati, “Ndani mwa ife amene angayambe kukamenyana ndi fuko la Benjamini?” Yehova anayankha kuti, “Fuko la Yuda ndilo liyambe.”
19 ১৯ পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে।
Mmawa mwake Israeli ananyamuka nakamanga msasa moyangʼanana ndi Gibeya.
20 ২০ আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে;
Aisraeli anapita kukachita nkhondo ndi fuko la Benjamini ndipo anandandalika ankhondo awo moyangʼanana ndi Gibeya.
21 ২১ তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে।
A fuko la Benjamini anatuluka ku Gibeya ndipo tsiku limenelo anapha Aisraeli 22,000 ku nkhondoko.
22 ২২ পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।
Koma ankhondo a Israeli analimbikitsananso mtima ndipo anasonkhanitsanso kachiwiri ankhondo awo pa malo pamene anawandandalika poyamba paja.
23 ২৩ ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”
Aisraeli anapita kukalira pamaso pa Yehova mpaka madzulo. Iwo anafunsa Yehova kuti, “Kodi tipitenso kukamenyana ndi a fuko la Benjamini abale athu?” Yehova anayankha kuti, “Pitani mukalimbane nawo.”
24 ২৪ এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।
Ndipo Aisraeli anayandikiranso pafupi ndi fuko la Benjamini tsiku lachiwiri lake kuti amenyane nawo.
25 ২৫ বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলী সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।
Pa tsiku lachiwiri lomwelo Abenjamini anatulukanso mu mzinda wa Gibeya ndipo anaphanso ankhondo 18,000. Onse amene anawaphawo anali odziwa kugwiritsa ntchito bwino malupanga.
26 ২৬ তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।
Tsono Aisraeli onse, gulu lonse la ankhondo, anapita ku Beteli kukalira pamaso pa Yehova. Anakhala pansi nasala zakudya tsiku lonse mpaka madzulo. Anapereka nsembe zopsereza ndi nsembe zachiyanjano pamaso pa Yehova.
27 ২৭ ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল,
Bokosi la Chipangano cha Yehova linali kumeneko.
28 ২৮ আৰু সেই কালত হাৰোণৰ নাতিয়েক ইলিয়াজৰৰ পুত্ৰ পীনহচে তাৰ আগত পৰিচৰ্যা কৰি আছিল। তাতে তেওঁলোকে ক’লে “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ আকৌ যাম নে, বা ক্ষান্ত হম?” তাতে যিহোৱাই ক’লে, “আক্রমণ কৰা, কিয়নো কাইলৈ মই তোমালোকৰ হাতত সিহঁতক শোধাই দিম।”
Finehasi mwana wa Eliezara mwana wa Aaroni ndiye ankatumikira nthawi imeneyo. Tsono Aisraeli anafunsa Yehova kuti, “Kodi tipitenso kukachita nkhondo ndi mʼbale athu Abenjamini, kapena ayi?” Yehova anayankha kuti, “Pitaninso chifukwa mawa ndidzawapereka mʼmanja mwanu.”
29 ২৯ পাছত ইস্ৰায়েলৰ সন্তানসকলে চাৰিওফালে গোপন ঠাইত গিবিয়াৰ বিৰুদ্ধে মানুহ লুকুৱাই ৰাখিলে।
Choncho Aisraeli anayika anthu obisalira mozungulira Gibeya.
30 ৩০ পাছত তৃতীয় দিনা ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনৰ সৈন্যসকলৰ বিৰুদ্ধে উঠি গৈ আগৰ দৰে গিবিয়াৰ বিৰুদ্ধে সৈন্যৰ বেহু পাতিলে।
Tsiku lachitatu anapita kukamenyana ndi Benjamini ndipo anayika ankhondo mʼmalo mwawo kuti amenyane ndi Gibeya monga anachitira poyamba.
31 ৩১ তেতিয়া বিন্যামীনৰ সন্তানসকলে গিবিয়াৰ পৰা ওলাই আহি ইস্রায়েলীসকলৰ বিৰুদ্ধে যুজ কৰিবলৈ আহিল আৰু তেওঁলোকক ওচৰৰ পৰা দূৰলৈ লৈ যোৱা হ’ল। আৰু তেওঁলোকে আগৰ দৰে লোকসকলৰ মাজত প্ৰহাৰ কৰি বৈৎএললৈ যোৱা আৰু পথাৰৰ মাজেদি গিবিয়ালৈ যোৱা এই দুই ৰাজ বাটত ইস্ৰায়েলৰ মাজৰ ত্ৰিশজন মান লোকক বধ কৰিলে।
Abenjamini anatuluka kukamenyana nawo anthuwo ndipo anapita kutali ndi mzindawo. Iwo anayamba kupha Aisraeli monga poyamba paja, kotero kuti anapha anthu pafupifupi makumi atatu. Mitembo ya ena inali mu misewu yayikulu yopita ku Beteli ndi ku Gibeya, ndipo ina inali kwina poyera.
32 ৩২ তেতিয়া বিন্যামীনৰ সন্তানসকলে ক’লে, “তেওঁলোক পৰাজিতহৈ যিমান সোনকালে পাৰে তাৰ পৰা পলাই গ’ল।” কিন্তু ইস্ৰায়েলৰ সৈন্যসকলে ক’লে, “আহাঁ আমি দৌৰি গৈ তেওঁলোকক নগৰৰ পৰা ধৰি ৰাজবাটলৈ লৈ আহোঁ।”
Abenjamini ankanena kuti, “Tikuwagonjetsa monga poyamba.” Koma Aisraeli ankanena kuti, “Tiyeni tithawe kuti apite ku msewu chapatali ndi mzinda wawo.”
33 ৩৩ এই কাৰণে ইস্ৰায়েলৰ সৈন্যসকলে নিজ নিজ ঠাইৰ পৰা ওলাই গৈ বালতামৰত সৈন্যৰ বেহু পাতিলে; আৰু ইয়াৰ ভিতৰতে ইস্ৰায়েলৰ লুকাই থকা সৈন্যসকলে গোপণ ঠাইৰ পৰা দৌৰি ওলাই আহি মাৰেই গিবিয়া আক্রমণ কৰিলে।
Choncho Aisraeli onse anachoka mʼmalo mwawo ndi kukandanda ku Baala-Tamara, ndipo Aisraeli obisalira aja anatuluka mʼmalo awo kummawa kwa Geba.
34 ৩৪ তেওঁলোক গিবিয়ালৈ ওলাই আহিল আৰু গোটেই ইস্ৰায়েলৰ মাজত মনোনীত হোৱা দহ হাজাৰ লোকৰ ঘোৰ যুদ্ধ হ’ল; কিন্তু বিন্যামীনৰ লোকসকলে নাজানিলে যে, শেষত দুর্যোগ ঘটি তেওঁলোকৰ কি হ’ব।
Aisraeli osankhidwa 10,000 ndiwo anabwera kudzalimbana ndi mzinda wa Gibeya. Nkhondoyo inafika poyipa kwambiri mwakuti Abenjamini samadziwa kuti zoopsa zili pafupi kuwagwera.
35 ৩৫ যিদিনা যিহোৱাই ইস্ৰায়েলৰ সৈন্যসকলক ব্যৱহাৰ কৰি বিন্যামীনৰ সৈন্যসকলক পৰাজিত কৰিলে, সেইদিনা ইস্ৰায়েলৰ সন্তানসকলে বিন্যামীনৰ পঁচিশ হাজাৰ সৈন্যক বধ কৰিলে। এই লোকসকল তৰোৱাল ধৰাত পাকৈত প্রশিক্ষণ প্রাপ্ত সৈনিক আছিল।
Tsono Yehova anagonjetsa Abenjamini pamaso pa Israeli motero kuti Aisraeli anapha ankhondo a Abenjamini 25,100 tsiku limenelo.
36 ৩৬ এইবাৰ বিন্যামীনে দেখা পালে যে, তেওঁৰ সৈন্যসকল পৰাজিত হ’ল আৰু ইস্ৰায়েলৰ লোকসকলো বিন্যামীনৰ পৰা পিছুৱাই গৈছিল; তেওঁলোক পিছুৱাই যোৱাৰ কাৰণ আছিল, তেওঁলোকে হঠাৎ গিবিয়াৰ বিৰুদ্ধে আক্রমণ কৰাৰ কৌশল। এইদৰে গিবিয়াৰ ওচৰৰ এটুকুৰা ঠাইত তেওঁলোক লুকাই থাকিল।
Choncho Abenjamini anaona kuti agonjetsedwa. Paja Aisraeli anathawa fuko la Benjamini chifukwa ankadalira anthu amene anawayika kuti abisalire mzinda wa Gibeya.
37 ৩৭ পাছত সেই লুকাই থকা লোকসকলে গিবিয়া নগৰত জপিয়াই পৰিল আৰু গিবিয়া আক্ৰমণ কৰি তৰোৱালৰ ধাৰেৰে প্রত্যেককে সংহাৰ কৰিলে।
Tsono anthu amene anabisala aja anachita changu kuwuthira nkhondo mzinda wa Gibeyawo. Ndipo anapha anthu onse a mu mzindawo ndi lupanga.
38 ৩৮ সেই লুকাই থকা সৈন্যসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে এটা সংকেত বা চিন স্থিৰ কৰিছিল যে, যেতিয়া নগৰৰ পৰা মেঘ-স্তম্ভৰ দৰে বৰকৈ ধোঁৱা উৎপন্ন হ’ব, তেতিয়া সেই সংকেত চাই আটাইয়ে নগৰৰ বাহিৰলৈ ওলাই আহিব।
Chizindikiro chimene Aisraeli anapangana ndi anthu obisalira aja chinali chakuti obisalira aja akangofukiza utsi wambiri ngati mtambo mu mzindamo,
39 ৩৯ এতেকে ইস্ৰায়েলৰ সৈন্যসকলে ঘূৰি যুদ্ধ কৰিবলৈ ধৰিলে, বিন্যামীনে তেওঁলোকৰ মাজত প্ৰহাৰ কৰি প্ৰায় ত্ৰিশজন মানুহক বধ কৰিলে; কিয়নো সিহঁতে কৈছিল, “প্ৰথম যুদ্ধৰ নিচিনাকৈ ইহঁত আমাৰ আগত নিশ্চয়কৈ পৰাজিত হ’ব।”
ndiye kuti Aisraeli enawo abwerere ku nkhondo. Pa nthawiyo nʼkuti Abenjamini atayamba kale kumenya Aisraeliwo kwambiri ndi kupha pafupifupi anthu makumi atatu. Ndipo iwo ankanena kuti, “Ndithu tawapha monga poyamba paja.”
40 ৪০ কিন্তু যেতিয়া নগৰৰ পৰা স্তম্ভৰ আকৃতিৰে ধোঁৱা উঠিবলৈ ধৰিলে, তেতিয়া বিন্যামীন ফৈদৰ লোকসকলে পাছলৈ চাই দেখিলে যে, গোটেই নগৰ ধোঁৱাময় হৈ আকাশলৈ উঠি গৈছে।
Koma pamene utsi wa chizindikiro uja unayamba kukwera tolotolo mmwamba kuchoka mu mzindamo, Abenjamini anayangʼana mʼmbuyo ndipo anangoona utsi mu mzinda onse uli tolotolo kukwera mmwamba.
41 ৪১ তেতিয়া ইস্ৰায়েলৰ সৈন্যসকলেও তেওঁলোকৰ ফালে মুখ ঘূৰালে, ইয়াকে দেখি বিন্যামীনৰ লোকসকল অতিশয় আতংকিত হ’ল, তেওঁলোকে দেখিলে যে তেওঁলোকলৈ দুর্যোগ নামি আহিছে।
Kenaka Aisraeli anabwerera ndipo Abenjamini anachita mantha, chifukwa anaona kuti zoopsa zili pafupi kuwagwera.
42 ৪২ সেয়ে তেওঁলোকে ইস্ৰায়েলৰ সৈন্যসকলৰ সন্মুখেৰে নগৈ অৰণ্যৰ বাটেদি যাবৰ বাবে পিঠি দি উভতি গ’ল; কিন্তু তেওঁলোকক যুদ্ধই পাছ নেৰিলে। তেওঁলোকক নগৰৰ পৰা ওলাই অহা ইস্রায়েলৰ সৈন্যসকলে বাটৰ মাজতে বধ কৰিলে।
Choncho anathawa pamaso pa Aisraeli kudzera njira ya ku chipululu, koma nkhondo inawapeza. Ndipo anaphedwa kumeneko ndi Aisraeli amene anachokera mu mzindamo.
43 ৪৩ তেওঁলোকে বিন্যামীনীয়াহঁতক চাৰিওফালে বেৰি ধৰি নোহালৈ খেদি নিলে, তেওঁলোকক জিৰণি লবলৈ নিদি গিবিয়াৰ পূব ফালে থকা সূৰ্য উদয়ৰ দিশত তেওঁলোকক বধ কৰিলে।
Anawazungulira Abenjaminiwo, nawathamangitsa ndi kuwagonjetseratu osawachitira chifundo mpaka ku dera la kummawa kwa Gibeya.
44 ৪৪ তাতে বিন্যামীনীয়াহঁতৰ ওঠৰ হাজাৰ সাহসী ও শক্তিশালী সৈন্য নিহত হ’ল।
Abenjamini 18,000 olimba mtima anaphedwa.
45 ৪৫ পাছত অৱশিষ্ট লোকসকল অৰণ্যৰ ফালে ৰিম্মোনৰ শিললৈ পলাবলৈ ধৰাত, সিহঁতৰ অৱশিষ্ট লোকৰ মাজত আন পাঁচ হাজাৰ লোকক তেওঁলোকে ৰাজ আলিত বধ কৰিলে; আৰু সিহঁতৰ পাছে পাছে গিদোমলৈকে খেদি গৈ, সিহঁতৰ পুনৰ দুই হাজাৰ লোকক বধ কৰিলে।
Koma ena anatembenuka nathawira ku chipululu ku thanthwe la Rimoni. Mwa iwowa Aisraeli anapha Abenjamini 5,000 mʼmisewu yayikulu. Anawapitikitsabe Abenjaminiwo mpaka kufika ku Gidomu ndi kuphanso ena 2,000.
46 ৪৬ এইদৰে সেইদিনা বিন্যামীনীয়হঁতৰ মাজৰ সৰ্ব্বমুঠ তৰোৱাললৈ যুদ্ধ কৰা পঁচিশ হাজাৰ সৈন্য নিহত হ’ল, তেওঁলোক সকলোৱেই যুদ্ধত বীৰ পুৰুষ আছিল।
Pa tsiku limenelo Abenjamini olimba mtima okhala ndi malupanga okwana 25,000 anafa.
47 ৪৭ কিন্তু ছশ লোকে ঘূৰি অৰণ্যৰ ৰিম্মোন শিললৈ পলাই গ’ল আৰু সেই ৰিম্মোন শিলত চাৰি মাহ থাকিল।
Koma anthu 700 anabwerera ndi kuthawira ku chipululu ku thanthwe la Rimoni kumene anakhalako miyezi inayi.
48 ৪৮ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ লোকসকলৰ ওচৰলৈ পুনৰায় ঘূৰি আহি নগৰত থকা আটাই মানুহ আৰু পশু আদি যি যি পালে, সেই সকলোকে তৰোৱালৰ ধাৰেৰে আঘাত কৰিলে; আৰু যিমান নগৰ পোৱা গ’ল, সেই সকলোকে জুই দি পুৰি ভষ্ম কৰিলে।
Aisraeli anabwerera kukamenyana ndi Abenjamini otsala ndi kuwapha ndi lupanga kuphatikizapo ziweto ndi zonse anali nazo. Ndipo anayatsa moto mizinda yonse anayipeza.

< বিচারকচরিত 20 >