< যোশুয়া 10 >

1 এইদৰে যিৰূচালেমৰ ৰজা আদোনীচেদকে যেতিয়া শুনিলে যে, যিহোচূৱাই যেনেকৈ যিৰীহো আৰু তাৰ ৰজালৈ কৰিছিল তেনেকৈ অয়ক আটক কৰি তাক নিঃশেষে বিনষ্ট কৰিলে, আৰু তেওঁ শুনিবলৈ পালে যে, গিবিয়োনীয়াসকলে ইস্ৰায়েলী লোকসকলৰ সৈতে সন্ধি স্থাপন কৰি তেওঁলোকৰ মাজত থকা হ’ল৷
A gdy Adonisedek, król Jerozolimy, usłyszał, że Jozue zdobył Aj i zburzył je – bo jak uczynił z Jerychem i jego królem, tak uczynił z Aj i jego królem – i że mieszkańcy Gibeonu zawarli pokój z Izraelem i mieszkają wśród nich;
2 তেতিয়া যিৰূচালেমৰ সন্তান সকলে অতিশয় ভয় পালে, কিয়নো গিবিয়োন ৰাজধানীৰ নিচিনা এখন ডাঙৰ নগৰ, অয়তকৈয়ো ডাঙৰ আৰু তাৰ লোকসকল বীৰ পুৰুষ আছিল৷
Bardzo się przestraszył, ponieważ Gibeon był wielkim miastem, jak jedno z miast królewskich, i ponieważ [był] większy niż Aj, a wszyscy jego mężczyźni byli waleczni.
3 এই হেতুকে যিৰূচালেমৰ ৰজা আদোনীচেদকে হিব্ৰোণৰ ৰজা হোহমৰ, যৰ্মূতৰ ৰজা পিৰামৰ, লাখীচৰ ৰজা যাফীয়াৰ আৰু ইগ্লোনৰ ৰজা দবীৰৰ ওচৰলৈ মানুহ পঠিয়াই এই কথা ক’লে,
Adonisedek, król Jerozolimy, posłał więc wezwanie do Hohama, króla Hebronu, do Pirama, króla Jarmutu, do Jafii, króla Lakisz, i do Debira, króla Eglonu:
4 “আহাঁ, মোৰ ওচৰলৈ আহাঁ আৰু মোক সহায় কৰা৷ আমি গিবিয়োনীয়া সকলক আঘাত কৰোঁগৈ, কিয়নো তেওঁলোকে যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰে সৈতে সন্ধি পাতিলে।”
Przyjdźcie do mnie i pomóżcie mi, abyśmy zwalczyli Gibeonitów, ponieważ zawarli pokój z Jozuem i synami Izraela.
5 তাতে যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজা, ইমোৰীয়াসকলৰ এই পাঁচজন ৰজাই গোট খাই নিজ নিজ সৈন্য সকলক গিবিয়োনলৈ লগত লৈ গ’ল, আৰু তাৰ সন্মুখত ছাউনি পাতি তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
Zebrało się więc i wyruszyło pięciu królów amoryckich: król Jerozolimy, król Hebronu, król Jarmutu, król Lakisz, król Eglonu, oni sami i całe ich wojska, rozbili obóz naprzeciwko Gibeonu i uderzyli na niego.
6 তেতিয়া গিবিয়োনৰ লোকসকলে গিলগলৰ চাউনিলৈ আৰু যিহোচূৱাৰ ওচৰলৈ মানুহ পঠিয়াই ক’লে যে, “আপুনি আপোনাৰ এই বন্দীসকলৰ পৰা হাত নোকোঁচাব৷ আমাৰ ওচৰলৈ বেগাই আহি আমাক ৰক্ষা কৰক৷ আমাক আহি সহায় কৰক, কিয়নো পৰ্ব্বত-নিবাসী ইমোৰীয়াসকলৰ সকলো ৰজাই আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খালে।”
Wtedy mieszkańcy Gibeonu posłali prośbę do Jozuego i do obozu w Gilgal: Nie cofaj swej ręki od swych sług. Przybądź do nas szybko, wybaw nas i pomóż nam, gdyż zebrali się przeciwko nam wszyscy królowie amoryccy, którzy mieszkają w górach.
7 তেতিয়া যিহোচূৱাই সকলো যুদ্ধাৰু আৰু বলৱান বীৰপুৰুষ সকলক লগত লৈ, গিলগলৰ পৰা যাত্ৰা কৰিলে।
Wyruszył więc Jozue z Gilgal, on i wszyscy wojownicy z nim, i wszyscy dzielni wojownicy.
8 যিহোৱাই যিহোচূৱাক ক’লে, “তুমি তেওঁলোকলৈ ভয় নকৰিবা; কিয়নো মই তেওঁলোকক তোমাৰ হাতত দিলোঁ; তেওঁলোকৰ কোনেও তোমাৰ আক্ৰমণক ক্ষান্ত কৰিব নোৱাৰিব।”
I PAN powiedział do Jozuego: Nie bój się ich, gdyż oddałem ich w twoje ręce i żaden z nich nie ostoi się przed tobą.
9 যিহোচূৱাই গিলগলৰ পৰা ওৰে-ৰাতি খোজকাঢ়ি গৈ অকস্মাতে তেওঁলোকৰ ওচৰত ওলাল৷
Jozue uderzył więc na nich znienacka – całą noc ciągnął z Gilgal.
10 ১০ তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সাক্ষাতে তেওঁলোকক ব্যাকুল কৰাত ইস্ৰায়েলে গিবিয়োনত মহা-পৰাক্রমেৰে তেওঁলোকক সংহাৰ কৰিলে আৰু বৈৎ-হোৰোণলৈ উঠি যোৱা বাটেদি তেওঁলোকক খেদি নি, অজেকা আৰু মক্কেদালৈকে আঘাত কৰিলে।
I PAN rozgromił ich przed Izraelem, który zadał im wielką klęskę w Gibeonie, i ścigał ich drogą wznoszącą się do Bet-Choron, i bił ich aż do Azeki i Makkedy.
11 ১১ ইস্ৰায়েলৰ সন্মুখৰ পৰা পলাই যোৱা সময়ত তেওঁলোকে যেতিয়া বৈৎ-হোৰোণৰ পৰা নামি যোৱা বাটত আছিল, তেতিয়া যিহোৱাই আকাশৰ পৰা ডাঙৰ ডাঙৰ শিল বৰষালে আৰু তাতে তেওঁলোকৰ মৃত্যু হ’ল৷ ইস্ৰায়েলৰ সন্তান সকলে যিমান মানুহ তৰোৱালেৰে বধ কৰিছিল, তাতকৈয়ো অধিক লোক শিলাবৃষ্টিত মৰিল।
A gdy uciekali przed Izraelem i zbiegali do Bet-Choron, PAN zrzucał na nich z nieba wielkie kamienie aż do Azeki, i umarli. Więcej ich zginęło od kamieni gradowych niż tych, których synowie Izraela zabili mieczem.
12 ১২ তেতিয়া যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলক ইমোৰীয়া সকলৰ ওপৰত জয়ী হ’বলৈ দিলে৷ সেইদিনা যিহোচূৱাই ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাক ক’লে, “হে সূৰ্য, তুমি গিবিয়োনৰ ওপৰত স্থিৰ হোৱা, আৰু হে চন্দ্ৰ, তুমি অয়ালোনৰ উপত্যকাৰ ওপৰত স্থিৰ হোৱা৷”
Tego dnia, kiedy PAN oddał Amorytów w ręce synów Izraela, Jozue powiedział do PANA na oczach Izraela: Słońce, zatrzymaj się nad Gibeonem, a ty, księżycu, w dolinie Ajjalonu!
13 ১৩ সূৰ্য স্থগিত হ’ব আৰু চন্দ্ৰও ৰৈ থাকিব, যেতিয়ালৈকে সন্তান সকলে নিজৰ শত্ৰুবোৰক প্ৰতিশোধ নলয়৷ এই কথা জানো যাচেৰ পুস্তকত লিখা নাই? এইদৰে সূৰ্য আকাশৰ মাজ ঠাইত থিৰে থাকি, প্ৰায় সম্পূৰ্ণ এক দিন মাৰ যাবলৈ লৰচৰ নকৰিলে৷
I zatrzymało się słońce, i księżyc stanął, aż zemścił się lud na swych wrogach. Czy nie jest to napisane w księdze Jaszara? Zatrzymało się więc słońce pośrodku nieba i nie śpieszyło się zachodzić niemal [przez] cały dzień.
14 ১৪ ইয়াৰ পূৰ্বতে কি পৰৱর্তী কালতো এইদৰে যিহোৱাই মনুষ্যৰ বাক্যলৈ কাণ পতা এনে এটা পুনৰ নহ’ল; কিয়নো সেইদিনা যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
I nie było podobnego dnia, w którym PAN wysłuchał głosu człowieka, ani przedtem, ani potem. PAN bowiem walczył za Izraela.
15 ১৫ যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত ল’লে আৰু গিলগলৰ ছাউনিলৈ উলটি আহিল।
Potem Jozue wrócił wraz z całym Izraelem do obozu w Gilgal.
16 ১৬ আৰু সেই পাঁচজন ৰজা পলাই গৈ, মক্কেদাৰ গুহাত লুকাই থাকিল।
A tych pięciu królów uciekło i skryło się w jaskini w Makkedzie.
17 ১৭ পাছত কোনো লোকে যিহোচূৱাক বাতৰি দি ক’লে, “সেই পাঁচজন ৰজাক মক্কেদাৰ গুহাত লুকাই থকা দেখা গৈছে!”
I doniesiono o tym Jozuemu: Znaleziono pięciu królów, którzy się ukryli w jaskini w Makkedzie.
18 ১৮ তেতিয়া যিহোচূৱাই ক’লে, “তোমালোকে সেই গুহাৰ মুখত কেতবোৰ ডাঙৰ শিল বগৰাই দি, তেওঁলোকক পহৰা দিবলৈ তাৰ ওচৰত মানুহ ৰাখাগৈ৷
I Jozue powiedział: Zatoczcie wielkie kamienie do wejścia jaskini i postawcie przy niej ludzi, aby ich strzegli.
19 ১৯ কিন্তু তোমালোকে পলম নকৰিবা৷ শত্ৰুবোৰৰ পাছে পাছে খেদি গৈ তেওঁলোকৰ লোকসকলক পাছফালৰ পৰা সংহাৰ কৰা৷ তেওঁলোকক নিজ নিজ নগৰত সোমাবলৈ নিদিবা; কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে।”
Wy zaś nie zatrzymujcie się, ścigajcie waszych wrogów i uderzcie na nich od tyłu. Nie pozwólcie im uciec do swoich miast. PAN bowiem, wasz Bóg, oddał ich w wasze ręce.
20 ২০ পাছত যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলে যেতিয়া মহা-পৰাক্ৰমেৰে তেওঁলোকক নিঃশেষে সংহাৰ কৰিলে আৰু তেওঁলোকৰ অৱশিষ্ট লোক সমূহ গড়েৰে আবৃত নগৰবোৰত গৈ যেতিয়া সোমাল,
A gdy Jozue i synowie Izraela zadali im wielką klęskę, wytracając ich doszczętnie, wtedy ci, którzy pozostali przy życiu, uciekli do warownych miast.
21 ২১ তেতিয়া সকলো লোক মক্কেদাৰ চাউনিত থকা যিহোচূৱাৰ ওচৰলৈ শান্তিৰে উলটি আহিল আৰু ইস্ৰায়েলৰ সন্তান সকলৰ মাজৰ কোনোৱে কাৰো বিৰুদ্ধে একো কবলৈ সাহস নকৰিলে।
Wtedy cały lud wrócił bezpiecznie do obozu, do Jozuego w Makkedzie. Nikt nie odważył się nawet ust otworzyć przeciw synom Izraela.
22 ২২ পাছত যিহোচূৱাই আজ্ঞা কৰিলে, “বোলে, তোমালোকে সেই গুহাৰ মুখ মুকলি কৰি, তাত লুকাই থকা সেই পাঁচজন ৰজাক উলিয়াই মোৰ ওচৰলৈ লৈ আহাঁ।”
Potem Jozue powiedział: Otwórzcie wejście do jaskini i wyprowadźcie do mnie tych pięciu królów z jaskini.
23 ২৩ পাছত তেওঁলোকে তেওঁ কোৱাৰ দৰেই কৰিলে৷ তেওঁলোকে এই পাঁচজন ৰজাক অর্থাৎ যিৰূচালেমৰ ৰজা, হিব্ৰোণৰ ৰজা, যৰ্মূতৰ ৰজা, লাখীচৰ ৰজা আৰু ইগ্লোনৰ ৰজাক সেই গুহাৰ পৰা উলিয়াই আনিলে আৰু তেওঁৰ ওচৰলৈ লৈ আহিল।
I uczynili tak, i wyprowadzili do niego tych pięciu królów z jaskini: króla Jerozolimy, króla Hebronu, króla Jarmutu, króla Lakisz i króla Eglonu.
24 ২৪ এইদৰে সেই ৰজা কেইজনক তেওঁৰ ওচৰলৈ লৈ অহাৰ পাছত যিহোচূৱাই ইস্ৰায়েলৰ পুৰুষসকলক মাতি আনিলে আৰু তেওঁৰ লগত নিজৰ লগত যোৱা সেনাপতি সকলক আজ্ঞা কৰিলে, “বোলে, তোমালোকে ওচৰলৈ আহি এই ৰজাসকলৰ ডিঙিত ভৰি দিয়া।” এই হেতুকে তেওঁলোকে ওচৰলৈ আহি তেওঁলোকৰ ডিঙিত ভৰি দিলে।
A gdy wyprowadzili tych królów do Jozuego, Jozue zwołał wszystkich mężczyzn Izraela i powiedział do dowódców wojowników, którzy mu towarzyszyli: Zbliżcie się i postawcie swoje nogi na karkach tych królów. Zbliżyli się więc i postawili swoje nogi na ich karkach.
25 ২৫ তেতিয়া যিহোচূৱাই তেওঁলোকক ক’লে, “তোমালোকে ভয় নকৰিবা আৰু ব্যাকুল নহ’বা। তোমালোক বলৱান আৰু সাহসিয়াল হোৱা। কিয়নো তোমালোকে যি যি শত্ৰু সকলৰ সৈতে যুদ্ধ কৰিবা, সেই সকলো শত্ৰুকে যিহোৱাই এইদৰে কৰিব।”
Wtedy Jozue powiedział do nich: Nie bójcie się ani nie lękajcie, wzmocnijcie się i bądźcie mężni. Tak bowiem uczyni PAN wszystkim waszym wrogom, z którymi będziecie walczyć.
26 ২৬ তেতিয়া যিহোচূৱাই সেই পাঁচজন ৰজাক আঘাত কৰি বধ কৰিলে আৰু পাঁচডাল কাঠত ওলমাই হ’ল৷ এইদৰে তেওঁলোক সন্ধ্যালৈকে কাঠত ওলমি থাকিল।
Potem Jozue uderzył ich, zabił i powiesił na pięciu drzewach. I wisieli na drzewach aż do wieczora.
27 ২৭ পাছত সূৰ্য মাৰ যোৱা সময়ত, লোকসকলে যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকক কাঠৰ ওপৰৰ পৰা নমাই আনিলে, আৰু তেওঁলোকে লুকাই থকা গুহাতে তেওঁলোকক নি পেলাই দিলে। তাৰ পাছত সেই গুহাৰ মুখত ডাঙৰ ডাঙৰ শিল দি হ’ল; সেই ৰজা কেইজন আজিলৈকে সেই ঠাইতে আছে।
A gdy zaszło słońce, Jozue rozkazał, aby zdjęto ich z drzew i wrzucono do jaskini, w której się ukrywali, a wejście [do] jaskini zawalono wielkimi kamieniami, [które są tam] aż do dziś.
28 ২৮ এইদৰে যিহোচূৱাই সেই দিনাই মক্কেদা দখল কৰি ল’লে আৰু তৰোৱালৰ ধাৰেৰে সেই ঠাইৰ ৰজা আদি কৰি সকলোকে আঘাত কৰি সকলো মানুহক নিঃশেষে বিনষ্ট কৰিলে আৰু কাকো অৱশিষ্ট নাৰাখিলে৷ তেওঁ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, মক্কেদাৰ ৰজালৈকো তেনে কৰিলে।
Tego samego dnia Jozue zdobył Makkedę i pobił ją ostrzem miecza; zabił też jej króla oraz wszelką duszę, która tam była. Nikogo nie pozostawił przy życiu i uczynił z królem Makkedy tak, jak uczynił z królem Jerycha.
29 ২৯ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ মক্কেদাৰ পৰা লিব্‌নালৈ গ’ল, আৰু লিব্‌নাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
Potem Jozue wraz z całym Izraelem wyruszył z Makkedy do Libny i walczył przeciw Libnie.
30 ৩০ তাতে যিহোৱাই লিব্‌নাৰ লগতে তাৰ ৰজাক ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই তাত থকা প্ৰত্যেক জীৱন্ত প্ৰাণী আৰু তাৰ ভিতৰত থকা সকলো মানুহক আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ তেওঁ তাৰ মাজত কোনো প্ৰাণীক জীৱিত নাৰাখিলে৷ যিৰীহোৰ ৰজালৈ যেনে কৰিছিল, তাৰ ৰজালৈকো তেওঁ তেনে কৰিলে।
A PAN także i ją oraz jej króla oddał w ręce Izraela, i pobił ją ostrzem miecza, i wszelką duszę, która w niej była. Nikogo w niej nie pozostawił przy życiu i uczynił z jej królem tak, jak uczynił z królem Jerycha.
31 ৩১ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ লিব্‌নাৰ পৰা লাখীচলৈ গ’ল৷ তেওঁ তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
Potem Jozue wraz z całym Izraelem wyruszył z Libny do Lakisz, obległ je i walczył przeciw niemu.
32 ৩২ তেতিয়া যিহোৱাই লাখীচকো ইস্ৰায়েলৰ হাতত দিলে৷ যিহোচূৱাই দ্বিতীয় দিনা সেই ঠাই দখল কৰি ল’লে৷ লিব্‌নালৈ যেনেকুৱা কৰিছিল, লাখীচলৈও তেওঁ তেনেকুৱাই কৰিলে। তাৰ পাছত সেই ঠাই আৰু তাৰ মাজত থকা সকলো জীৱিত প্ৰাণীক তৰোৱালেৰে আঘাত কৰিলে।
I PAN oddał Lakisz w ręce Izraela, i zdobył je na drugi dzień, i pobili je ostrzem miecza, a także wszelką duszę, która w nim była, tak samo jak uczynił w Libnie.
33 ৩৩ তেতিয়া গেজৰৰ ৰজা হোৰমে লাখীচক সহায় কৰিবলৈ আহিছিল৷ যিহোচূৱাই তাত থকা এজনো প্ৰাণী নিঃশেষ নোহোৱালৈকে, তেওঁক আৰু তেওঁৰ সৈন্যসকলক আঘাত কৰিলে।
Wtedy Horam, król Gezer, przybył na ratunek Lakisz, ale Jozue pobił go i jego lud, tak że nikogo w nim nie pozostawił przy życiu.
34 ৩৪ তেতিয়া যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, লাখীচৰ পৰা ইগ্লোনলৈ গ’ল৷ তেওঁলোকে তাৰ কাষতে ছাউনি পাতি তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷
Potem Jozue wraz z całym Izraelem wyruszył z Lakisz do Eglonu; oblegli go i walczyli przeciwko niemu;
35 ৩৫ সেই একে দিনাই তেওঁলোকে সেই ঠাই দখল কৰি ল’লে৷ যেনেকৈ লাখীচলৈ কৰিছিল, তেনেকৈ যিহোচূৱাই তৰোৱালেৰে প্ৰত্যেক জীৱিত প্ৰাণীক আঘাত কৰি নিঃশেষ কৰিলে৷
I zdobyli go tego samego dnia, i pobili go ostrzem miecza. Wszelką duszę, która w nim była, zabił tego samego dnia, tak samo jak uczynił w Lakisz.
36 ৩৬ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোকক লগত লৈ, ইগ্লোনৰ পৰা হিব্ৰোণলৈ যাত্ৰা কৰিলে, আৰু সেই ঠাইৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
Potem Jozue wraz z całym Izraelem wyruszył z Eglonu do Hebronu i walczyli przeciwko niemu;
37 ৩৭ তেওঁলোকে সেই ঠাই দখল কৰি ল’লে, আৰু তাত থকা প্ৰতি জন লোকৰ লগতে তাৰ ৰজাতাৰ ৰজা আৰু চাৰিওফালে থকা সৰু সৰু নগৰবোৰত সোমাই আক্ৰমণ কৰি তৰোৱালেৰে আঘাত কৰিলে৷ যিহোচূৱাই ইগ্লোনৰ প্ৰতি কৰাৰ দৰেই, তাতো তেওঁলোকে কাকো জীৱিত নাৰাখি প্ৰত্যেক জীৱন্ত প্ৰাণীক বধ কৰিলে৷ তাক আৰু তাৰ ৰজাক, তাৰ সৰু সৰু নগৰবোৰ আৰু তাৰ ভিতৰত থকা সকলো মানুহক তৰোৱালেৰে আঘাত কৰিলে। সেইদৰে কাকো অৱশিষ্ট নাৰাখি তাৰ ভিতৰত থকা সকলোকে সম্পূর্ণৰূপে সংহাৰ কৰিলে।
I zdobyli go, i pobili ostrzem miecza wraz z jego królem, wszystkie jego miasta, a także wszelką duszę, która w nim była. Nikogo nie pozostawił przy życiu, tak samo jak uczynił w Eglonie. Wytracił go oraz wszelką duszę, która w nim [była].
38 ৩৮ পাছত যিহোচূৱাই ইস্ৰায়েলৰ সৈন্য সকলক লগত লৈ, দবীৰলৈ ঘূৰি আহিল আৰু তাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
Stamtąd Jozue wraz z całym Izraelem wrócił do Debiru i walczył przeciwko niemu.
39 ৩৯ তেওঁ সেই ঠাই আৰু সেই ঠাইৰ ৰজাক আৰু তাৰ সৰু সৰু নগৰবোৰ দখল কৰি ল’লে৷ তেওঁলোকে তেওঁলোকক আৰু তাত থকা সকলো জীৱন্ত প্ৰাণীক সম্পূর্ণৰূপে তৰোৱালেৰে সংহাৰ কৰিলে৷ যিহোচূৱাই কোনো এটা প্ৰাণীকে সেই ঠাইত অৱশিষ্ট নাৰাখিলে, যেনেকৈ হিব্ৰোণলৈ আৰু লিব্‌না ও তাৰ ৰজালৈ কৰিছিল, তেনেকৈ ইয়ালৈকো তেওঁ কৰিলে।
I zdobył go, jego króla i wszystkie jego miasta; pobili go ostrzem miecza i wytracili wszystkie dusze, które w nim były. Nikogo nie pozostawił przy życiu; jak uczynił z Hebronem, tak uczynił z Debirem i jego królem, i jak [przedtem] uczynił z Libną i jej królem.
40 ৪০ এইদৰে যিহোচূৱাই পৰ্ব্বতীয়া অঞ্চল, দক্ষিণ অঞ্চল, নিম্ন ভূমি আৰু উপপৰ্ব্বতৰ অঞ্চলসমূহৰ এই সকলো দেশ জয় কৰিলে৷ সেই অঞ্চলবোৰৰ সকলো ৰজাক আৰু প্ৰত্যেক জীৱক অৱশিষ্ট নৰখাকৈ বধ কৰিলে। তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা অনুসাৰে সকলো জীৱন্ত প্ৰাণীক নিঃশেষে বিনষ্ট কৰিলে।
W ten sposób Jozue pobił całą ziemię górną i południową, i polną, i podgórną oraz wszystkich ich królów. Nikogo nie pozostawił przy życiu, ale wytracił wszystkie dusze, tak jak mu rozkazał PAN, Bóg Izraela.
41 ৪১ এইদৰে যিহোচূৱাই কাদেচ-বৰ্ণেয়াৰ পৰা গাজা আৰু গিবিয়োনলৈকে, গোচনৰ সকলো দেশ তৰোৱালেৰে আঘাত কৰি জয় কৰিলে।
I Jozue pobił ich od Kadesz-Barnea aż do Gazy oraz całą ziemię Goszen aż do Gibeonu.
42 ৪২ যিহোচূৱাই এই সকলো ৰজাক আৰু তেওঁলোকৰ দেশবোৰ একে সময়তে দখল কৰি ল’লে, কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই ইস্ৰায়েলৰ পক্ষে যুদ্ধ কৰিছিল।
A wszystkich tych królów oraz ich ziemie Jozue zdobył za jednym razem, gdyż PAN, Bóg Izraela, walczył za Izraela.
43 ৪৩ তাৰ পাছত যিহোচূৱাই সকলো ইস্ৰায়েলী লোককে লগত লৈ গিলগলৰ ছাউনিলৈ উলটি আহিল।
Potem Jozue wrócił wraz z całym Izraelem do obozu w Gilgal.

< যোশুয়া 10 >