< যোহন 12 >

1 নিস্তাৰ-পৰ্বৰ ছয় দিনৰ আগতে যীচু বৈথনিয়া গাওঁলৈ আহিল, সেই ঠাইত লাজাৰে বাস কৰিছিল৷ এই জন লাজাৰকে যীচুৱে মৃত্যুৰ পৰা তুলিছিল।
Potem je Jezus, šest dni pred pasho, prišel v Betanijo, kjer je bil Lazar, ki je bil mrtev, ki ga je obudil od mrtvih.
2 সেই ঠাইতে তেওঁলোকে যীচুৰ কাৰণে ৰাতিৰ আহাৰ যুগুত কৰিলে। মাৰ্থাই খোৱা আহাৰ বাঢ়ি দিছিল, যীচুৰ লগত যি সকলে ভোজনত বহিছিল তেওঁলোকৰ মাজতে লাজাৰো আছিল।
Tam so mu pripravili večerjo in Marta je stregla, toda Lazar je bil eden izmed teh, ki je z njim sedel za mizo.
3 তেতিয়া মৰিয়মে বহুমুল্য বিশুদ্ধ জটামাংসীৰ সুগন্ধি তেল আনি যীচুৰ চৰণত ঘঁহিলে আৰু নিজৰ চুলিৰে যীচুৰ চৰণ মচি সেই তেল সানি দিলে; তেতিয়া সেই তেলৰ সু-গন্ধই গোটেই ঘৰ জুৰিলে।
Tedaj je Marija vzela funt zelo dragocenega mazila iz narde in mazilila Jezusova stopala in s svojimi lasmi obrisala njegova stopala, in hiša je bila napolnjena z vonjem mazila.
4 তেতিয়া তেওঁৰ শিষ্য সকলৰ মাজৰ যি জনে তেওঁক শত্ৰুৰ হাতত শোধাই দিব, সেই ঈষ্কৰিয়োতীয়া যিহূদাই মৰিয়মৰ এই কার্যক বিৰোধ কৰিলে আৰু ক’লে,
Potem reče eden izmed njegovih učencev, Juda Iškarijot, Simonov sin, ki naj bi ga izdal:
5 “আমি এই তেল তিনি শ আধলিত বিক্ৰী কৰি, দৰিদ্ৰ সকলৰ মাজত কিয় দান নকৰিলোঁ?”
»Zakaj ni bilo to mazilo prodano za tristo denarjev in dano revnim?«
6 তেওঁ যে দৰিদ্ৰ সকললৈ চিন্তা কৰি এই কথা কৈছিল, এনে নহয়, কিন্তু তেওঁ চোৰ; তেওঁৰ হাতত ধনৰ জোলোঙা আছিল, সেই কাৰণে তাৰ ভিতৰত যি দিয়া যায়, তাকে তেওঁ চোৰ কৰে, এই কাৰণতে তেওঁ এনে কথা কৈছিল।
To je rekel, ne, ker bi skrbel za revne, temveč zato, ker je bil tat in je imel mošnjo ter nosil, kar je bilo dano vanjo.
7 তেতিয়া যীচুৱে ক’লে, “তেওঁক অকলে থাকিবলৈ দিয়া! মোক মৈদামত থোৱা দিনৰ কাৰণে তেওঁক এই সুগন্ধি ৰাখিবলৈ দিয়া হৈছিল৷
Potem je Jezus rekel: »Pusti jo pri miru. To je zadržala za dan mojega pokopa.
8 কিয়নো দৰিদ্ৰ সকল তোমালোকৰ লগত সদায় থাকিব; কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।”
Kajti revne imate vedno s seboj, mene pa nimate vedno.«
9 ইহুদী সকলৰ বহুতে গম পালে যে, যীচু বৈথনিয়াতে আছে। তেতিয়া তেওঁলোক তালৈ আহিল, কিন্তু যীচুক চাবৰ কাৰণে যে আহিল এনে নহয়, যি জন লাজাৰক মৃত লোকৰ মাজৰ পৰা যীচুৱে তুলিছিল, সেই জন লাজাৰক চাবলৈহে তেওঁলোক আহিল।
Veliko ljudi izmed Judov je torej vedelo, da je bil tam. Niso pa prišli samo zaradi Jezusa, temveč, da bi lahko videli tudi Lazarja, ki ga je obudil od mrtvih.
10 ১০ সেয়েহে প্ৰধান পুৰোহিত সকলে লাজাৰক বধ কৰিবলৈ চক্ৰান্ত কৰিব ধৰিলে;
Toda visoki duhovniki so se posvetovali, da bi mogli usmrtiti tudi Lazarja,
11 ১১ কিয়নো সেই কাৰণে বহুতো ইহুদী লোকে যীচুত বিশ্বাস কৰিছিল।
zato ker je zaradi tega razloga mnogo izmed Judov odšlo proč in verovalo v Jezusa.
12 ১২ পাছদিনা নিস্তাৰপৰ্বলৈ অহা লোক সকলে শুনিবলৈ পালে যে, যীচু যিৰূচালেমলৈ আহিছে ৷
Naslednji dan je mnogo ljudi, ki so prišli na praznik, ko so slišali, da je v Jeruzalem prihajal Jezus,
13 ১৩ তেতিয়া তেওঁলোকে খেজুৰ পাত হাতত লৈ তেওঁক আগ বঢ়াবলৈ নগৰলৈ গল আৰু চিঞৰি-চিঞৰি ক’লে, “হোচানা! হোচানা! যি জন প্ৰভুৰ নামেৰে আহিছে, ঈশ্বৰে তেওঁক আশীর্বাদ কৰক৷ ইস্ৰায়েলৰ ৰজাক ঈশ্বৰে আশীর্বাদ কৰক।”
vzelo mladike palmovih dreves in mu odšlo naproti, da ga srečajo ter klicali: »Hozana: ›Blagoslovljen je Izraelov Kralj, ki prihaja v Gospodovem imenu.‹«
14 ১৪ তেতিয়া যীচুৱে এটা গাধ পোৱালি দেখা পালে আৰু তেওঁ তাৰ ওপৰত বহিল, যেনেকৈ শাস্ত্ৰত লিখা আছে
In Jezus, ko je našel mladega osla, je sédel nanj, kakor je pisano:
15 ১৫ “তোমালোকে ভয় নকৰিবা, হে চিয়োন জীয়ৰী; চোৱা তোমালোকৰ ৰজা আহিছে, তেওঁ গাধ পোৱালিৰ ওপৰত উঠি আহিছে৷”
»Ne boj se, hči sionska, glej, tvoj Kralj prihaja, sedeč na osličjem žrebetu.«
16 ১৬ এই সকলো বিষয় তেওঁৰ শিষ্য সকলে প্ৰথমতে বুজি পোৱা নাছিল; কিন্তু যেতিয়া যীচু মহিমাম্বিত হৈ উত্তোলিত হ’ল, তেতিয়া তেওঁলোকৰ মনত পৰিল যে, শাস্ত্ৰত এই বিষয়ে লিখা আছিল আৰু তেওঁলোকে তেওঁৰ কাৰণে এনে কৰ্ম কৰিছিল।
Teh stvari njegovi učenci sprva niso razumeli, toda ko je bil Jezus poveličan, potem so se spomnili, da so bile te stvari pisane o njem in da so mu te stvari storili.
17 ১৭ যেতিয়া যীচুৱে লাজাৰক মৈদামৰ পৰা উঠি আহিবলৈ কৈছিল আৰু তেওঁক মৃত লোকৰ মাজৰ পৰা জীৱিত কৰি তুলিছিল, সেই সময়ত যি সকল লোক তেওঁৰ লগত আছিল, তেওঁলোকে এই বিষয়ে আন লোকৰ আগত সাক্ষ্য দিবলৈ ধৰিলে।
Množica torej, ki je bila z njim, ko je Lazarja poklical iz njegovega groba in ga obudil od mrtvih, je pričevala.
18 ১৮ এই কাৰণে লোক সকলে তেওঁক দেখা কৰিবলৈ আহিল, কিয়নো তেওঁলোকে শুনিছিল যে, এই আচৰিত কার্যবোৰ তেওঁ কৰিছে।
Zaradi tega razloga ga je množica tudi srečala, ker so slišali, da je storil ta čudež.
19 ১৯ তাতে ফৰীচী সকলে ইজনে সিজনৰ মাজত কোৱা-কুই কৰি ক’লে, “তোমালোকে দেখিলা, আমাৰ সকলো চেষ্টা ব্যর্থ হল৷ চোৱা, গোটেই জগত খনে তেওঁৰ পাছত গ’ল।”
Farizeji so torej med seboj govorili: » [Ali] ne zaznate, kako ničesar ne prevladate? Glejte, svet je odšel za njim.«
20 ২০ সেই সময়ত নিস্তাৰ পর্ব উপলক্ষে উপাসনা কৰিবৰ বাবে লোক সকল যিৰূচালেমলৈ আহিছিল, তেওঁলোকৰ মাজত কেইজনমান গ্ৰীক মানুহ আছিল।
In med njimi so bili neki Grki, ki so ob prazniku prišli gor oboževat.
21 ২১ তেওঁলোকে গালীল দেশৰ বৈৎ-চৈদা গাওঁৰ পৰা ফিলিপৰ ওচৰলৈ আহি অনুৰোধ কৰি ক’লে, “হে মহাশয়, আমি যীচুক চাবলৈ ইচ্ছা কৰোঁ।”
Isti so torej prišli k Filipu, ki je bil iz Betsajde v Galileji in ga prosili, rekoč: »Gospod, mi bi videli Jezusa.«
22 ২২ ফিলিপে আহি আন্দ্ৰিয়ক এই কথা ক’লে; তেতিয়া আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীচুক জনালে।
Filip prihaja ter pove Andreju in prav tako Andrej ter Filip povesta Jezusu.
23 ২৩ যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “মানুহৰ পুত্ৰ মহিমান্বিত হ’বৰ সময় হৈছে।
In Jezus jima je odgovoril, rekoč: »Ura je prišla, da naj bi bil Sin človekov poveličan.
24 ২৪ মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি মৰি নাযায়, তাতে সি অকল এটা গুটি হৈয়েই থাকে; কিন্তু যদি মৰে, তেনেহলে তাত অনেক গুটি ধৰে।
Resnično, resnično, povem vam: ›Razen če pšenično zrno ne pade na tla in ne umre, ostaja sámo; toda če umre, obrodi mnogo sadu.‹
25 ২৫ যি কোনোৱে নিজৰ জীৱনক প্ৰেম কৰে, তেওঁ তাক হেৰুৱাই আৰু যি কোনোৱে এই জগতত নিজৰ জীৱনক প্ৰেম নকৰে, তেওঁ অনন্ত জীৱনলৈ তাক ৰক্ষা কৰে। (aiōnios g166)
Kdor ima rad svoje življenje, ga bo izgubil; kdor pa svoje življenje na tem svetu sovraži, ga bo ohranil za večno življenje. (aiōnios g166)
26 ২৬ কোনোৱে যদি মোৰ পৰিচৰ্যা কৰিব খোজে, তেনেহলে তেওঁ মোৰ পাছে পাছে আহক; তাতে মই যি ঠাইত থাকোঁ, মোৰ সেৱক জনো সেই ঠাইতে থাকিব; কোনোৱে যদি মোৰ সেৱা কৰে, তেনেহলে মোৰ পিতৃয়ে তেওঁক সমাদৰ কৰিব।
Če katerikoli človek služi meni, naj mi sledi; in kjer sem jaz, tam bo tudi moj služabnik. Če katerikoli človek služi meni, ga bo moj Oče počastil.
27 ২৭ এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক’ম? হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকে ক’ম নে? কিন্তু এই কাৰণেহে মই এই সময়লৈ আহিলোঁ।
Sedaj je moja duša vznemirjena in kaj naj rečem? ›Oče, reši me pred to uro.‹ Toda zaradi tega razloga sem prišel v to uro.
28 ২৮ হে পিতৃ, তোমাৰ নাম মহিমাম্বিত কৰা৷” তেতিয়া স্বৰ্গৰ পৰা এটা বাণী আহিল আৰু ক’লে, “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম”।
›Oče, proslavi svoje ime.‹« Tedaj je tja prišel glas iz nebes, rekoč: »Proslavil sem ga in ponovno ga bom proslavil.«
29 ২৯ তেতিয়া তাতে লোক সকল থিয় হৈ আছিল আৰু তেওঁলোকে ইয়াক মেঘ-গর্জন বুলি কলে; কিছুমানে কলে, “স্বর্গৰ দূতে তেওঁৰ সৈতে কথা ক’লে।”
Množica torej, ki je stala poleg in to slišala, je rekla, da je zagrmelo; drugi so rekli: »Angel mu je govoril.«
30 ৩০ যীচুৱে উত্তৰ দি ক’লে, “মোৰ কাৰণে এই বাণী হোৱা নাই, তোমালোকৰ কাৰণেহে এই বাণী হ’ল।
Jezus je odgovoril in rekel: »Ta glas ni prišel zaradi mene, temveč zaradi vas.
31 ৩১ এতিয়া এই জগতৰ সোধ-বিচাৰ হৈছে; এতিয়া এই জগতৰ অধিকাৰীক বাহিৰ কৰা হ’ব;
Sedaj je sodba tega sveta. Sedaj bo princ tega sveta izgnan ven.
32 ৩২ আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ’লে, সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।”
In jaz, če bom povzdignjen z zemlje, bom k sebi pritegnil vse ljudi.«
33 ৩৩ তেওঁৰ মৃত্যু কেনে ধৰণে হব, সেই বিষয়ে বুজাবলৈ তেওঁ এই কথা ক’লে।
To je rekel, ker je naznanil, kakšne smrti naj bi umrl.
34 ৩৪ তাতে লোক সকলে তেওঁক উত্তৰ দি কলে, “আমি বিধান-শাস্ত্ৰত শুনিছোঁ, খ্ৰীষ্ট চিৰকাল থাকিব; তেনেহলে এনে কথা আপুনি কেনেকৈ কৈছে যে, ‘মানুহৰ পুত্ৰ উত্তোলিত হব? মানুহৰ পুত্ৰ নো কোন’?” (aiōn g165)
Množica mu je odgovorila: »Iz postave smo slišali, da Kristus ostaja večno; in kako praviš ti: ›Sin človekov mora biti dvignjen?‹ Kdo je ta Sin človekov?« (aiōn g165)
35 ৩৫ তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “তোমালোকৰ মাজত এতিয়াও অলপ কাল পোহৰ আছে। যেতিয়ালৈকে পোহৰ আছে, আগবাঢ়ি থাকা; যাতে আন্ধাৰে তোমালোকক পাছ নেপেলাই। যি জন আন্ধাৰত ফুৰে, তেওঁ ক’লৈ যায় সেই বিষয়ে নাজানে।
Potem jim je Jezus rekel: »Še malo časa je z vami svetloba. Hodíte, dokler imate svetlobo, da ne bi nad vas prišla tema, kajti kdor hodi v temi, ne ve, kam gre.
36 ৩৬ যেতিয়ালৈ পোহৰ আছে, তেতিয়ালৈকে পোহৰৰ ওপৰত বিশ্বাস ৰাখা; যাতে তোমালোক পোহৰৰ সন্তান হোৱা।” যীচুৱে এই সকলো কথা কৈ তেওঁলোকৰ ওচৰৰ পৰা গৈ নিজক লুকুৱালে।
Dokler imate svetlobo, verujte v svetlobo, da boste lahko otroci svetlobe.« Te besede je govoril Jezus in odšel ter se skril pred njimi.
37 ৩৭ সেই কথা সিদ্ধ হ’বলৈ, তেওঁ তেওঁলোকৰ আগত বহুত আচৰিত কৰ্ম কৰিলে, কিন্তু তেওঁলোকে তেওঁত বিশ্বাস নকৰিলে;
Toda čeprav je pred njimi storil toliko čudežev, kljub temu niso verovali vanj,
38 ৩৮ যাতে যিচয়া ভাববাদীৰ সেই কথাষাৰ যেন সম্পূর্ণ হয়, কিয়নো তেওঁ কৈছিল, “হে প্ৰভু, আমি কোৱা সংবাদ কোনে বিশ্বাস কৰিলে? আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ’ব?”
da se je lahko izpolnila beseda preroka Izaija, ki je govoril: ›Gospod, kdo je veroval našemu poročilu in komu se je razodel Gospodov laket?‹
39 ৩৯ কাৰণ এই বিষয়ে তেওঁলোকে বিশ্বাস নকৰিলে, যিচয়াই আকৌ তেওঁলোকক কৈছিল,
Torej niso mogli verovati, zato ker je ta Izaija ponovno rekel:
40 ৪০ “তেওঁ তেওঁলোকৰ চকু অন্ধ কৰিলে আৰু তেওঁলোকৰ অন্তৰ কঠোৰ কৰিলে, নহ’লে তেওঁলোকে নিজ চকুৰে দেখিলেহেঁতেন আৰু হৃদয়েৰে নিজকে বুজিলেহেঁতেন আৰু ঘুৰিলেহেঁতেন আৰু মই তেওঁলোকক সুস্থ কৰিলোঁহেতেন।”
›Oslepel je njihove oči in zakrknil njihovo srce, da ne bi mogli videti s svojimi očmi niti razumeti s svojim srcem in ne bi bili spreobrnjeni in bi jih jaz ne ozdravil.‹
41 ৪১ এইদৰে যিচয়াই এই বিষয়ে ক’লে, কাৰণ যীচুৰ গৌৰৱ তেওঁ দেখিছিল আৰু সেয়েহে তেওঁ কৈছিল।
Te besede je izrekel Izaija, ko je videl njegovo slavo in govoril o njem.
42 ৪২ তথাপি শাসনকৰ্তা সকলৰ মাজৰ অনেকে যীচুত বিশ্বাস কৰিলে; কিন্তু তেওঁলোকক নাম-ঘৰৰ পৰা নিষিদ্ধ কৰাৰ ভয়তে ফৰীচী সকলৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰিলে;
Vendar so tudi med visokimi vladarji mnogi verovali vanj, toda zaradi farizejev ga niso priznali, da ne bi bili izločeni iz sinagoge,
43 ৪৩ কিয়নো তেওঁলোকে ঈশ্বৰৰ পৰা পোৱা প্ৰশংসা তকৈ মানুহৰ পৰা পোৱা প্ৰশংসাক বেছি প্ৰেম কৰিছিল।
kajti bolj so ljubili hvalo ljudi kakor Božjo hvalo.
44 ৪৪ যীচুৱে অতি উচ্চস্বৰে ক’লে, “যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ মোক নহয়, কিন্তু মোক পঠাৱা জনকহে বিশ্বাস কৰে।
Jezus je zaklical in rekel: »Kdor veruje vame, ne veruje vame, temveč v tistega, ki me je poslal.
45 ৪৫ আৰু যি কোনোৱে মোক দেখে, তেওঁ মোক পঠোৱা জনকেই দেখে।
In kdor vidi mene, vidi tistega, ki me je poslal.
46 ৪৬ মই এই জগতলৈ পোহৰ হৈ আহিছোঁ, গতিকে যি কোনোৱে মোক বিশ্বাস কৰে, তেওঁ যেন আন্ধাৰত নাথাকে।
Prišel sem, svetloba na svet, da kdorkoli veruje vame, ne bi ostal v temi.
47 ৪৭ কোনোৱে মোৰ কথা শুনিও যদি পালন নকৰে, তথাপি মই তেওঁৰ সোধ-বিচাৰ নকৰোঁ; কিয়নো মই জগতৰ সোধ-বিচাৰ কৰিবলৈ অহা নাই; কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ।
In če katerikoli človek sliši moje besede in ne veruje, ga ne sodim jaz, kajti nisem prišel, da svet sodim, temveč da svet rešim.
48 ৪৮ যি কোনোৱে মোক অগ্ৰাহ্য কৰে, আৰু মোৰ কথাও গ্ৰহণ নকৰে, তেওঁৰ সোধ-বিচাৰ কৰোঁতা এজন আছে, আৰু মই যি বার্তা দিছোঁ শেষৰ দিনা সেই বার্তাই তেওঁৰ সোধ-বিচাৰ কৰিব।
Kdor zavrača mene in ne sprejema mojih besed, ima nekoga, ki ga sodi. Beseda, ki sem jo govoril, ta ista ga bo sodila na poslednji dan.
49 ৪৯ কিয়নো মই নিজৰ পৰা এই কথা কোৱা নাই; কিন্তু মোক পঠোৱা পিতৃয়ে মই কি কব লাগে, আৰু কেনেদৰে কব লাগিব, এই বিষয়ে মোক আজ্ঞা কৰিলে।
Kajti nisem govoril sam od sebe, temveč Oče, ki me je poslal, mi je dal zapoved, kaj naj rečem in kaj naj govorim.
50 ৫০ মই জানো যে, তেওঁৰ আজ্ঞাত অনন্ত জীৱন আছে; এই হেতুকে মই যি যি কথা কওঁ, পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।” (aiōnios g166)
In jaz vem, da je njegova zapoved večno življenje. Karkoli torej govorim, govorim tako, celó kakor mi je rekel Oče.« (aiōnios g166)

< যোহন 12 >