< যোব 35 >

1 পাছত ইলীহুৱে আৰু উত্তৰ কৰি কলে,
וַיַּ֥עַן אֱלִיה֗וּ וַיֹּאמַֽר׃
2 “মোৰ কি উপকাৰ? বা মই পাপ কৰা লাভতকৈ মোৰ কি অধিক লাভ?
הֲ֭זֹאת חָשַׁ֣בְתָּ לְמִשְׁפָּ֑ט אָ֝מַ֗רְתָּ צִדְקִ֥י מֵאֵֽל׃
3 এই বুলি যে তুমি কৈছা, ইয়াক তুমি ন্যায় বুলি ভাবিছা নে? বা ঈশ্বৰৰ ধাৰ্মিকতাকৈ মোৰ ধাৰ্মিকতা অধিক, এই বুলি কৈছানে?
כִּֽי־תֹ֭אמַר מַה־יִּסְכָּן־לָ֑ךְ מָֽה־אֹ֝עִ֗יל מֵֽחַטָּאתִֽי׃
4 মই তোমাক আৰু তোমাৰ লগৰ তোমাৰ বন্ধুবিলাককো উত্তৰ দিওঁ,
אֲ֭נִי אֲשִֽׁיבְךָ֣ מִלִּ֑ין וְֽאֶת־רֵעֶ֥יךָ עִמָּֽךְ׃
5 তুমি চকু তুলি আকাশৰ ফাললৈ চোৱা, তোমাতকৈ ওখত থকা গগণ-মণ্ডললৈ নিৰীক্ষণ কৰা।
הַבֵּ֣ט שָׁמַ֣יִם וּרְאֵ֑ה וְשׁ֥וּר שְׁ֝חָקִ֗ים גָּבְה֥וּ מִמֶּֽךָּ׃
6 তুমি পাপ কৰিলে, তেওঁৰ কি হানি কৰিব পাৰা? আৰু তোমাৰ অপৰাধ অধিক হলে তুমি তেওঁ কি কৰিবা?
אִם־חָ֭טָאתָ מַה־תִּפְעָל־בֹּ֑ו וְרַבּ֥וּ פְ֝שָׁעֶ֗יךָ מַה־תַּעֲשֶׂה־לֹּֽו׃
7 তুমি ধাৰ্মিক হলে, তেওঁক কি দিব পাৰা? বা তেওঁ তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?
אִם־צָ֭דַקְתָּ מַה־תִּתֶּן־לֹ֑ו אֹ֥ו מַה־מִיָּדְךָ֥ יִקָּֽח׃
8 তোমাৰ দুষ্টতাই তোমাৰ নিচিনা মানুহৰহে হানি কৰিব পাৰে, আৰু তোমাৰ ধাৰ্মিকতা মনুষ্য সন্তানৰহে উপকাৰী হব পাৰে।
לְאִישׁ־כָּמֹ֥וךָ רִשְׁעֶ֑ךָ וּלְבֶן־אָ֝דָ֗ם צִדְקָתֶֽךָ׃
9 অধিক উপদ্ৰৱ পোৱাত লোকবিলাকে কাতৰোক্তি কৰে, আৰু বলৱান বিলাকৰ বাহুৰ কাৰণে উপকাৰ পাবলৈ চিঞঁৰে।
מֵ֭רֹב עֲשׁוּקִ֣ים יַזְעִ֑יקוּ יְשַׁוְּע֖וּ מִזְּרֹ֣ועַ רַבִּֽים׃
10 ১০ যি জনাই ৰাতি গীত গোৱাই,
וְֽלֹא־אָמַ֗ר אַ֭יֵּה אֱלֹ֣והַּ עֹשָׂ֑י נֹתֵ֖ן זְמִרֹ֣ות בַּלָּֽיְלָה׃
11 ১১ যি জনাই পৃথিবীৰ পশুবোৰতকৈ আমাক বেছিকৈ শিক্ষা দিছে, আৰু যি জনাই আমাক আকাশৰ চৰাই-চিৰিকটিতকৈ বেছি জ্ঞানী কৰিছে মোৰ সেই সৃষ্টিকৰ্ত্তা ঈশ্বৰ ক’ত? এই বুলি সিবিলাকৰ কোনেও নকয়।
מַ֭לְּפֵנוּ מִבַּהֲמֹ֣ות אָ֑רֶץ וּמֵעֹ֖וף הַשָּׁמַ֣יִם יְחַכְּמֵֽנוּ׃
12 ১২ তেতিয়া সিবিলাকে দুষ্টবোৰৰ অহঙ্কাৰৰ কাৰণে কাতৰোক্তি কৰে, কিন্তু তেওঁ উত্তৰ নিদিয়ে।
שָׁ֣ם יִ֭צְעֲקוּ וְלֹ֣א יַעֲנֶ֑ה מִ֝פְּנֵ֗י גְּאֹ֣ון רָעִֽים׃
13 ১৩ বাস্তৱিক ঈশ্বৰে অসাৰ কথা নুশুনে, আৰু সৰ্ব্বশক্তিমান জনাই তাক নাচাবও।
אַךְ־שָׁ֭וְא לֹא־יִשְׁמַ֥ע ׀ אֵ֑ל וְ֝שַׁדַּ֗י לֹ֣א יְשׁוּרֶֽנָּה׃
14 ১৪ তেন্তে তুমি তেওঁক নেদেখো বুলি কলে, তেওঁ জানো শুনিব, তোমাৰ গোচৰ তেওঁৰ আগত আছে, তুমি তেওঁলৈ বাট চাই থাকিবা।
אַ֣ף כִּֽי־תֹ֖אמַר לֹ֣א תְשׁוּרֶ֑נּוּ דִּ֥ין לְ֝פָנָ֗יו וּתְחֹ֥ולֵֽל לֹֽו׃
15 ১৫ কিন্তু তেওঁ তেওঁৰ কোপত শাস্তি নিদিয়ে, আৰু তেওঁ অপৰাধলৈ বৰকৈ মন নিদিয়ে;
וְעַתָּ֗ה כִּי־אַ֭יִן פָּקַ֣ד אַפֹּ֑ו וְלֹֽא־יָדַ֖ע בַּפַּ֣שׁ מְאֹֽד׃
16 ১৬ এই নিমিত্তে ইয়োবে অসাৰ কথা কবলৈ মুখ মেলিছে, অনেক জ্ঞানশূন্য কথা কৈছে।
וְ֭אִיֹּוב הֶ֣בֶל יִפְצֶה־פִּ֑יהוּ בִּבְלִי־דַ֝֗עַת מִלִּ֥ין יַכְבִּֽר׃ פ

< যোব 35 >