< যেরেমিয়া 46 >

1 জাতি সমূহৰ বিষয়ে যিৰিমিয়া ভাববাদীৰ ওচৰলৈ অহা যিহোৱাৰ বাক্য।
کلام خداوند درباره امت‌ها که به ارمیانازل شد؛۱
2 মিচৰৰ বিষয়। যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্ব কালৰ চতুৰ্থ বছৰত বাবিলৰ ৰজা নবূখদনেচৰে পৰাজয় কৰা ফৰাৎ নদীৰ পাৰৰ কৰ্কমীচত থকা মিচৰীয়া ৰজা ফৰৌণ নখোৰ সৈন্য-সামন্তৰ বিষয়:
درباره مصر و لشکر فرعون نکو که نزد نهر فرات در کرکمیش بودند ونبوکدرصر پادشاه بابل ایشان را در سال چهارم یهویاقیم بن یوشیا پادشاه یهودا شکست داد:۲
3 তোমালোকে ঢাল আৰু ফৰ যুগুত কৰা আৰু যুদ্ধ কৰিবৰ বাবে ওচৰ চাপা।
«مجن و سپر را حاضر کنید و برای جنگ نزدیک آیید.۳
4 হে অশ্বাৰোহীসকল, ঘোঁৰাবোৰ সজোঁৱা, ঘোঁৰাত উঠা আৰু শিৰোৰক্ষক টুপী পিন্ধি, আগলৈ গৈ থিয় হোৱা, বৰচা জকমকোওৱা, কৱচ পিন্ধা।
‌ای سواران اسبان را بیارایید و سوار شویدو با خودهای خود بایستید. نیزه‌ها را صیقل دهیدو زره‌ها را بپوشید.۴
5 মই কিয় এনেকুৱা দেখিছোঁ? তেওঁলোক ব্যাকুল হৈছে, পাছ হুঁহকি গৈছে; তেওঁলোকৰ বীৰসকল বিহ্বল হৈ বেগাই পলাইছে আৰু পাছলৈ নাচায়; যিহোৱাই কৈছে, চাৰিওফালে ত্ৰাস।
خداوند می‌گوید: چرا ایشان را می‌بینم که هراسان شده، به عقب برمی گردند وشجاعان ایشان خرد شده، بالکل منهزم می‌شوندو به عقب نمی نگرند، زیرا که خوف از هر طرف می‌باشد.۵
6 বেগী লোক পলাই যাব নোৱাৰে, বীৰ সাৰিব নোৱাৰে; উত্তৰফালে ফৰাৎ নদীৰ পাৰত তেওঁলোকে উজুটি খাই পৰিছে।
تیزروان فرار نکنند و زورآوران رهایی نیابند. بطرف شمال به کنار نهر فرات می‌لغزند ومی افتند.۶
7 যাৰ জল সমূহে নৈবোৰৰ দৰে আস্ফালন কৰিছে, নীল নদীৰ দৰে বাঢ়ি অহা সৌ জন কোন?
این کیست که مانند رود نیل سیلان کرده است و آبهای او مثل نهرهایش متلاطم می‌گردد؟۷
8 মিচৰৰ নীল নদীৰ দৰে বাঢ়ি আহিছে, আৰু তাৰ জল সমূহে নদীবোৰৰ দৰে আস্ফালন কৰিছে। আৰু সি কৈছে, ‘মই বাঢ়ি পৃথিৱী তল নিয়াম, নগৰ আৰু তাৰ নিবাসীসকলক নষ্ট কৰিম।’
مصر مانند رود نیل سیلان کرده است و آبهایش مثل نهرها متلاطم گشته، می‌گوید: من سیلان کرده، زمین را خواهم پوشانید و شهر وساکنانش را هلاک خواهم ساخت.۸
9 হে ঘোঁৰাবিলাক, উঠি যোৱা, হে ৰথবিলাক, বাতুলৰ নিচিনাকৈ লৰি যোৱা: বীৰসকল ঢালধাৰী কুচ আৰু পূট আৰু ধনুৰ্দ্ধৰ ও ধনুত জোঁৰ দিয়া লুদীয়া লোকসকল বাহিৰ ওলাওঁক।
‌ای اسبان، برآیید و‌ای ارابه‌ها تند بروید و شجاعان بیرون بروند. ای اهل حبش و فوت که سپرداران هستیدو‌ای لودیان که کمان را می‌گیرید و آن رامی کشید.۹
10 ১০ কিয়নো এই দিন বাহিনীসকলৰ প্ৰভু যিহোৱাৰ দিন, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিবলৈ শত্ৰুৰ প্ৰতিকাৰ সধা দিন; তৰোৱালে গ্ৰাস কৰি হেপাহ পলোৱাৰ আৰু তেওঁলোকৰ তেজ পান কৰি পৰিতৃপ্ত হ’ব; কিয়নো উত্তৰ দেশত ফৰাৎ নদীৰ পাৰত বাহিনীসকলৰ প্ৰভু যিহোৱাৰ এক যজ্ঞ হৈছে।
زیرا که آن روز روز انتقام خداوندیهوه صبایوت می‌باشد که از دشمنان خود انتقام بگیرد. پس شمشیر هلاک کرده، سیر می‌شود و ازخون ایشان مست می‌گردد. زیرا خداوند یهوه صبایوت در زمین شمال نزد نهر فرات ذبحی دارد.۱۰
11 ১১ হে কুমাৰী মিচৰ জীয়াৰী, তুমি গিলিয়দলৈ উঠি গৈ সুস্থজনক গছৰ ৰস লোৱা। তুমি বৃথা অনেক ঔষধ ব্যৱহাৰ কৰিছা, তোমাৰ কোনো সুস্থতা নাই।
‌ای باکره دختر مصر به جلعاد برآی وبلسان بگیر. درمانهای زیاد را عبث به‌کار می‌بری. برای تو علاج نیست.۱۱
12 ১২ জাতিবোৰে তোমাৰ অপমানৰ কথা শুনিছে, আৰু তোমাৰ চিঞৰৰ শব্দেৰে পৃথিৱী পৰিপূৰ্ণ হৈছে, কিয়নো বীৰে বীৰত খুন্দা খাই দুয়ো একেলগে পতিত হ’ল।
امت‌ها رسوایی تو رامی شنوند و جهان از ناله تو پر شده است زیرا که شجاع بر شجاع می‌لغزد و هر دوی ایشان با هم می‌افتند.»۱۲
13 ১৩ বাবিলৰ ৰজা নবূখদনেচৰে আহি মিচৰ দেশ পৰাজয় কৰিবৰ বিষয়ে যিৰিমিয়া ভাববাদীক কোৱা যিহোৱাৰ বাক্য:
کلامی که خداوند درباره آمدن نبوکدرصرپادشاه بابل و مغلوب ساختن زمین مصر به ارمیانبی گفت:۱۳
14 ১৪ “তোমালোকে মিচৰত প্ৰচাৰ কৰা, মিগদোলত ঘোষণা কৰা, নোফ আৰু তহ্পন্হেচত ঘোষণা কৰা। তোমালোকে কোৱা, “তুমি আগলৈ গৈ থিয় হোৱা, নিজকে যুগুত কৰা; কিয়নো তৰোৱালে তোমাৰ চাৰিওফালে গ্ৰাস কৰিছে।”
«به مصر خبر دهید و به مجدل اعلام نمایید و به نوف و تحفنحیس اطلاع دهید. بگویید برپا شوید و خویشتن را آماده سازید زیراکه شمشیر مجاورانت را هلاک کرده است.۱۴
15 ১৫ তোমাৰ বলৱান জনক কেলেই পেলোৱা হ’ল? তেওঁ থিয় হৈ নাথাকিল; কিয়নো যিহোৱাই তেওঁক পেলালে।
زورآورانت چرا به زیر افکنده می‌شوند ونمی توانند ایستاد؟ زیرا خداوند ایشان را پراکنده ساخته است.۱۵
16 ১৬ তেওঁ অনেকক উজুটি খুৱালে, এনেকি তেওঁলোকে পৰস্পৰে পৰা-পৰি হ’ল; আৰু তেওঁলোকে ক’লে, “উঠা আমি এই সংহাৰক তৰোৱালৰ মুখৰ পৰা নিজ জাতিৰ ওচৰলৈ আৰু আমাৰ জন্মৰ দেশলৈ উলটি যাওঁহঁক।”
بسیاری را لغزانیده است و ایشان بر یکدیگر می‌افتند، و می‌گویند: برخیزید و ازشمشیر بران نزد قوم خود و به زمین مولد خویش برگردیم.۱۶
17 ১৭ তেওঁলোকে তাত চিঞৰি ক’লে, “মিচৰৰ ৰজা ফৰৌণৰ সৰ্ব্বনাশ হ’ল; তেওঁ উপযুক্ত সময় বৃথা নষ্ট কৰিলে।”
در آنجا فرعون، پادشاه مصر را هالک می‌نامند و فرصت را از دست داده است.۱۷
18 ১৮ বাহিনীসকলৰ যিহোৱা নামেৰে প্ৰখ্যাত ৰজাই কৈছে, “মোৰ জীৱনৰ শপত,” “পৰ্ব্বতবোৰৰ মাজত পর্ব্বত তাবোৰ যেনে, আৰু সমূদ্ৰ পাৰত থকা কৰ্মিল যেনে, নিশ্চয়ে তেওঁ তেনে হৈ আহিব।”
پادشاه که نام او یهوه صبایوت می‌باشد می گوید به حیات خودم قسم که او مثل تابور، درمیان کوهها و مانند کرمل، نزد دریا خواهد آمد.۱۸
19 ১৯ হে মিচৰ নিবাসিনী জীয়াৰী, বন্দী অৱস্থালৈ যাবৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু লোৱা; কিয়নো নোফ উচ্ছন্ন ঠাই হ’ব, দগ্ধ আৰু নিবাসীশূণ্য হ’ব।
‌ای دختر مصر که در (امنیت ) ساکن هستی، اسباب جلای وطن را برای خود مهیا ساز زیرا که نوف ویران و سوخته و غیرمسکون گردیده است.۱۹
20 ২০ মিচৰ অতি সুন্দৰী চেঁউৰী গৰু; কিন্তু উত্তৰ দিশৰ পৰা এটা ডাঁহ আহিল, পালেহি।
مصر گوساله بسیار نیکو منظر است اما هلاکت از طرف شمال می‌آید و می‌آید.۲۰
21 ২১ তাইৰ মাজত থকা তাইৰ বেচ খোৱাবোৰ হৃষ্টপুষ্ট দামুৰিৰ সদৃশ; কিয়নো তেওঁলোকো বিমুখ হৈ গৈছে। একেবাৰে পলাইছে, থিয়কেই নিদিলে; কাৰণ তেওঁলোকৰ আপদৰ দিন, তেওঁলোকৰ দণ্ডৰ সময় তেওঁলোকৰ ওচৰত উপস্থিত।
سپاهیان به مزد گرفته او در میانش مثل گوساله های پرواری می‌باشند. زیرا که ایشان نیز روتافته، با هم فرارمی کنند و نمی ایستند. چونکه روز هلاکت ایشان و وقت عقوبت ایشان بر ایشان رسیده است.۲۱
22 ২২ পলাই যাওঁতে, তাই যোৱা শব্দ সাপ যোৱা শব্দৰ দৰে হ’ব; কিয়নো শত্ৰুৱে সসৈন্যে যাত্ৰা কৰি, কাঠকটীয়াৰ দৰে কুঠাৰেৰে তাইক আক্ৰমণ কৰিব।
آوازه آن مثل مار می‌رود زیرا که آنها با قوت می‌خرامند و با تبرها مثل چوب بران بر اومی آیند.۲۲
23 ২৩ যিহোৱাই কৈছে, যদিও তাইৰ কাঠনি অগম্য, তথাপি তেওঁলোকে তাক কাটি পেলাব; কিয়নো তেওঁলোক অর্থাৎ শত্রুসকল ফৰিঙৰ জাকতকৈয়ো অধিক আৰু অসংখ্য।
خداوند می‌گوید که جنگل او را قطع خواهند نمود اگر‌چه لایحصی می‌باشد. زیرا که ایشان از ملخها زیاده و از حد شماره افزونند.۲۳
24 ২৪ মিচৰ জীয়াৰী লজ্জিত হ’ব; তাইক উত্তৰ-দেশীয়সকলৰ হাতত সমৰ্পণ কৰা হ’ব।”
دختر مصر خجل شده، به‌دست قوم شمالی تسلیم گردیده است.۲۴
25 ২৫ ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই নোত থকা আমোনক, ফৰৌণক, মিচৰক আৰু তাৰ দেৱতাবোৰক আৰু তাৰ ৰজাসকলক, এনে কি ফৰৌণ আৰু তেওঁক ভাৰসা কৰা সকলোকে দণ্ড দিম।
یهوه صبایوت خدای اسرائیل می‌گوید: اینک من بر آمون نو و فرعون ومصر و خدایانش و پادشاهانش یعنی بر فرعون وآنانی که بر وی توکل دارند، عقوبت خواهم رسانید.۲۵
26 ২৬ আৰু তেওঁলোকৰ প্ৰাণ বিচাৰি ফুৰাসকলৰ হাতত, বাবিলৰ ৰজা নবূখদনেচৰৰ আৰু তেওঁৰ প্ৰধান মন্ত্ৰীসকলৰ হাতত মই তেওঁলোকক সমপৰ্ণ কৰিম; তথাপি যিহোৱাই কৈছে, পাছত সেই দেশ আগৰ কালৰ দৰে বসতিস্থান হ’ব।
و خداوند می‌گوید که ایشان را به‌دست آنانی که قصد جان ایشان دارند، یعنی به‌دست نبوکدرصر پادشاه بابل و به‌دست بندگانش تسلیم خواهم کرد و بعد از آن، مثل ایام سابق مسکون خواهد شد.۲۶
27 ২৭ “কিন্তু হে মোৰ দাস যাকোব, ভয় নকৰিবা, হে ইস্ৰায়েল ব্যাকুল নহ’বা; কিয়নো চোৱা, মই দূৰৰ পৰা তোমাক, আৰু বন্দী অৱস্থাত থকা দেশৰ পৰা তোমাৰ বংশক নিস্তাৰ কৰিম; তাতে যাকোব ঘূৰি আহি নিৰ্ভয় আৰু নিশ্চিত হৈ থাকিব, কোনেও তেওঁক ভয় নেদেখুৱাব।
اما تو‌ای بنده من یعقوب مترس و‌ای اسرائیل هراسان مشو زیرا اینک من تو را از جای دور و ذریت تو را از زمین اسیری ایشان نجات خواهم داد و یعقوب برگشته، درامنیت و استراحت خواهد بود و کسی او را نخواهد ترسانید.۲۷
28 ২৮ যিহোৱাই কৈছে, হে মোৰ দাস যাকোব, ভয় নকৰিবা; কিয়নো মই তোমাৰ লগত আছোঁ; কাৰণ, মই যি জাতিৰ মাজলৈ তোমাক খেদিলোঁ, সেই সকলো জাতিক মই নিঃশেষে সংহাৰ কৰিলেও, তোমাক নিঃশেষে সংহাৰ নকৰিম; কিন্তু তোমাক সুবিচাৰেৰে শাস্তি দিম, তোমাক কোনোমতেই দণ্ড নিদিয়াকৈ নেৰোঁ”’।”
و خداوند می‌گوید: ای بنده من یعقوب مترس زیرا که من با تو هستم و اگر‌چه تمام امت‌ها را که تو را در میان آنها پراکنده ساخته‌ام بالکل هلاک سازم لیکن تو را بالکل هلاک نخواهم ساخت. بلکه تو را به انصاف تادیب خواهم نمود و تو را هرگز بی‌سزا نخواهم گذاشت.»۲۸

< যেরেমিয়া 46 >