< যেরেমিয়া 14 >

1 অনাবৃষ্টিৰ বিষয়ে যিৰিমিয়ালৈ অহা এয়েই যিহোৱাৰ বাক্য।
Az Úrnak szava, a mit Jeremiásnak szólott a szárazság felől:
2 “যিহূদাক শোক কৰিবলৈ দিয়া; আৰু তাৰ বৰদুৱাৰ কেইখনে বিলাপ কৰ’ক। তেওঁলোকে ক’লা কাপোৰ পিন্ধি মাটিত বহিছে; আৰু যিৰূচালেমৰ চিঞঁৰ ওপৰলৈ উঠিছে।
Gyászol Júda, és kapui roskadoznak; szomorkodnak a földön, és Jeruzsálem kiáltása felszáll.
3 তেওঁলোকৰ বৰ লোকসকলে নিজ নিজ অধীনৰ দাসবোৰক পানীৰ বাবে পঠাইছে। তেওঁলোকে জলাধাৰবোৰৰ ওচৰলৈ গৈ পানী নাপাই শুদা পাত্ৰ লৈ উলটি আহিছে; তেওঁলোকে লাজ পাই মুখ বিবৰ্ণ কৰিছে, আৰু তেওঁলোকৰ মূৰ ঢাকিছে।
Fejedelmeik is kiküldik gyermekeiket vízért: elmennek a kútakig, nem találnak vizet; visszatérnek üres edényekkel; szégyenkeznek és pironkodnak, és befedik fejöket.
4 দেশত বৃষ্টি নোহোৱাত মাটি টান হ’ল, কাৰণ খেতিয়কসকলে লাজ পাই নিজ নিজ মূৰ ঢাকি ৰাখিছে।
A föld miatt, a mely retteg, mert nem esett eső a földön, szégyenkeznek a szántóvetők, és befedik fejöket.
5 এনে কি, ঘাঁহ নোহোৱাতে হৰিণীয়েও পথাৰত পোৱালি জগাই এৰি থৈ গৈছে।
Még a szarvas-üsző is megellik a mezőn, és ott hagyja fiát, mert nincsen fű.
6 আৰু বনৰীয়া গাধবোৰে গছশূন্য পৰ্ব্বতত থিয় হৈ শিয়ালৰ দৰে বায়ুৰ কাৰণে হেঁপাই-ফোঁপাই ফুৰিছে। তৃণ নথকাত তেওঁলোকৰ চকু ক্ষীণাই গৈছে।”
A vadszamarak pedig a sziklához állanak, levegő után kapkodnak, mint a tengeri szörnyek, szemeik eltikkadnak, mert nincs fű.
7 হে যিহোৱা, যদিও আমাৰ অপৰাধবোৰে আমাৰ অহিতে সাক্ষ্য দিছে, তথাপি তুমি নিজ নামলৈ চাই কাৰ্য কৰা। কিয়নো আমাৰ বিপথগমন অনেক; আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Ha bűneink ellenünk tanúskodnak: cselekedjél Uram a te nevedért, mert temérdek a mi törvényszegésünk; vétkeztünk ellened!
8 হে ইস্ৰায়েলৰ আশাভুমি, তাৰ সঙ্কটৰ কালৰ ত্ৰাণকৰ্ত্তা, তুমি কিয় দেশত প্ৰবাস কৰা লোকৰ দৰে, আৰু ৰাতি থকা পথিকৰ নিচিনা?
Izráel reménysége, megszabadítója a nyomorúság idején! Miért vagy e földön úgy, mint valami jövevény és mint valami utas, a ki éjjeli szállásra tér be?
9 তুমি কিয় তধা লগা মানুহৰ দৰে, আৰু ত্ৰাণ কৰিবলৈ সমৰ্থ নথকা বীৰৰ নিচিনা? তথাপি হে যিহোৱা, তুমি আমাৰ মাজত আছা! আৰু আমি তোমাৰ নামেৰে প্ৰখ্যাত। আমাক ত্যাগ নকৰিবা।
Miért vagy olyan, mint a megriasztott férfi; mint a vitéz, a ki nem tud segíteni? Hiszen te közöttünk vagy, Uram, és mi a te nevedről neveztetünk; ne hagyj el minket!
10 ১০ যিহোৱাই এই জাতিৰ বিষয়ে এই কথা কৈছে: “তেওঁলোকে সিমানকৈ ভ্ৰমণ কৰিবলৈ ভাল পায়, তেওঁলোকে নিজ নিজ ভৰি নাৰাখিলে।” এই কাৰণে যিহোৱাই তেওঁলোকক গ্ৰহণ নকৰে। তেওঁ এতিয়া তেওঁলোকৰ অপৰাধ সোঁৱৰণ কৰিব আৰু তেওঁলোকৰ পাপবোৰৰ কাৰণে তেওঁলোকক দণ্ড দিব।
Ezt mondja az Úr e népnek: Úgy szerettek ide-oda futkározni, lábaikat meg nem tartóztatták! Azért az Úr nem kedvelte őket. Most megemlékezik az ő bűnökről, és vétkeikért megfenyíti őket.
11 ১১ যিহোৱাই মোক আৰু ক’লে, তুমি এই জাতিৰ মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা নকৰিবা।
És mondá nékem az Úr: Ne könyörögj e népért, az ő javára.
12 ১২ তেওঁলোকে লঘোন দিলেও মই তেওঁলোকৰ কাতৰোক্তি নুশুনিম আৰু তেওঁলোকে হোম ও নৈবেদ্য উৎসৰ্গ কৰিলেও তেওঁলোকক গ্ৰহণ নকৰিম; কিন্তু তৰোৱাল, আকাল, আৰু মহামাৰীৰ দ্বাৰাই মই তেওঁলোকক সংহাৰ কৰিম।”
Mikor bőjtölnek, én meg nem hallgatom kiáltozásukat, és ha égőáldozatot vagy ételáldozatot készítenek, nem lesznek kedvesek előttem; sőt fegyverrel, éhséggel és döghalállal irtom ki őket.
13 ১৩ তেতিয়া মই ক’লোঁ, “হায় হায়, প্ৰভু যিহোৱা! চোৱা! ভাববাদীসকলে তেওঁলোকক কয়, “তোমালোকে তৰোৱাল নেদেখিবা; বা তোমালোকলৈ আকাৰ নঘটিব, কিন্তু মই এই ঠাইত তোমালোকক প্ৰকৃত শান্তি দিম’।”
És mondék: Ah, Uram Isten! Hiszen a próféták mondják vala nékik: Fegyvert nem láttok, éhség sem lesz rajtatok, sőt állandó békességet adok néktek ezen a helyen.
14 ১৪ তেতিয়া যিহোৱাই মোক ক’লে, ‘সেই ভাববাদীবোৰে মিছাকৈয়ে মোৰ নাম কৰি ভাববাণী প্ৰচাৰ কৰে। মই তেওঁলোকক পঠোৱা, কি কোনো আজ্ঞা দিয়া নাই, নাইবা তেওঁলোকক কোনো কথা কোৱা নাই। তেওঁলোকক তোমালোকৰ আগত মিছা দৰ্শন, মঙ্গল চোৱা কথা, অসাৰ কথা, আৰু নিজ নিজ মনৰ প্ৰবঞ্চনামূলক ভাববাণী প্ৰচাৰ কৰে।
És monda az Úr nékem: Hazugságot prófétálnak a próféták az én nevemben; nem küldtem őket, nem parancsoltam nékik, nem is beszéltem velök; hazug látomást, varázslást, hiábavalóságot és szívbeli csalárdságot jövendölnek néktek.
15 ১৫ এই হেতুকে “যি ভাববাদীবোৰক মই পঠোৱা নাই, তথাপি তৰোৱাল আৰু আকাল এই দেশত নহব বুলি কৈ তেওঁলোকে মোৰ নামেৰে ভাববাণী প্ৰচাৰ কৰে: সেই ভাববাদীসকলৰ বিষয়ে যিহোৱাই এই কথা কৈছে, তৰোৱাল আৰু আকালৰ দ্বাৰাই সেই ভাববাদীসকলক সংহাৰ কৰা যাব।
Azért ezt mondja az Úr a próféták felől, a kik az én nevemben prófétálnak, holott én nem küldtem őket és mégis azt mondják: fegyver és éhség nem lesz e földön: Fegyver és éhség miatt vesznek el azok a próféták!
16 ১৬ আৰু তেওঁলোকে যি জাতিৰ আগত ভাববাণী প্ৰচাৰ কৰে, আকাল আৰু তৰোৱালৰ কাৰণে যিৰূচালেমৰ আলিত তেওঁলোকক পেলাই দিয়া যাব, আৰু তেওঁলোকক, তেওঁলোকৰ স্ত্রীসকলক, লৰা-ছোৱাৰীসকলক মৈদাম দিওঁতা কোনো নহ’ব, কিয়নো মই তেওঁলোকৰ দুষ্টতাৰ ফল তেওঁলোকৰ ওপৰত ঢালি দিম।
A nép pedig, a melynek ők prófétálnak, ott hever majd Jeruzsálem utczáin az éhség és a fegyver miatt, és nem lesz, a ki eltemesse őket, őket és feleségeiket, fiaikat és leányaikat; így zúdítom rájok gonoszságukat!
17 ১৭ তুমি তেওঁলোকক এই কথা কোৱা, দিনে-ৰাতিয়ে মোৰ চকুৰ পৰা ধাৰেৰে পানী বৈ থাকক, নাথামক। কিয়নো মোৰ জাতিস্বৰূপা কুমাৰী জীয়াৰী মহা-আঘাতত, আৰু অত্যন্ত কষ্টদায়ক প্ৰহাৰত ভগ্ন হ’ল।
Azért e szavakat mondjad nékik: Szemeim könyeket hullatnak éjjel és nappal, és nem szünnek meg; mert nagy rontással rontatott meg a szűz, az én népemnek leánya, igen fájdalmas vereséggel.
18 ১৮ মই যদি ওলাই পথাৰলৈ যাওঁ, তেতিয়া তাত তৰোৱালেৰে হত হোৱা লোক দেখোঁ, আৰু যদি নগৰত সোমাওঁ, আৰু তাতো আকালত পীড়িত হোৱা মানুহ দেখোঁ; কিয়নো ভাববাদী আৰু পুৰোহিত দুয়ো দেশত ভ্ৰমি ফুৰে, একো নাজানে।
Ha kimegyek a mezőre, hát ímé fegyver által levágottak; ha bemegyek a városba, hát ímé éhség miatt elepedtek vannak ott! Bizony próféta is, pap is olyan földre költöznek, a melyet nem ismernek!
19 ১৯ তুমি যিহূদাক নিচেইকৈ অগ্ৰাহ্য কৰিলা নে? তোমাৰ মনে চিয়োনক ঘিণ কৰিলে নে? তুমি আমাক সুস্থ হ’ব নোৱাৰাকৈ কিয় প্ৰহাৰ কৰিলা? আমি শান্তিলৈ বাট চালোঁ, কিন্তু কোনো মঙ্গল নাহিল, আৰু সুস্থ হবৰ সময়লৈ বাট চালোঁ, কিন্তু চোৱা, কেৱল ত্ৰাসহে।
Egészen elvetetted-é Júdát, avagy a Siont útálja-é lelked? miért vertél úgy meg, hogy semmi orvosságunk se legyen? Békességet vártunk, de nincs semmi jó; és gyógyulásnak idejét, de ímé, itt van a rettegés!
20 ২০ হে যিহোৱা, আমাৰ দুষ্টতা, আৰু আমাৰ পিতৃসকলৰ অপৰাধ আমি স্বীকাৰ কৰোঁ, কিয়নো আমি তোমাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
Ismerjük Uram a mi gonoszságainkat, atyáink bűnét; bizony vétkeztünk ellened!
21 ২১ তুমি নিজ নামলৈ চাই আমাক ঘিণ নকৰিবা! নিজ গৌৰৱযুক্ত সিংহাসন অপমানিত নকৰিবা। সোঁৱৰণ কৰা, আমাৰ সৈতে স্থাপন কৰা তোমাৰ নিয়মটি নাভাঙিবা।
Ne vesd meg a te nevedért; ne gyalázd meg a te dicsőségednek székét! Emlékezzél; ne rontsd meg a te velünk való szövetségedet!
22 ২২ জাতিবোৰৰ অসাৰ দেৱতাবোৰৰ মাজত বৃষ্টি দিব পৰা এনে কোন আছে? বা আকাশে জানো নিজ জল বৰ্ষাব পাৰে? হে আমাৰ ঈশ্বৰ যিহোৱা, তুমিয়েই জানো এই জনা নোহোৱা? এই হেতুকে আমি তোমালৈ বাট চাই থাকিম; কিয়নো তুমিয়েই এই সকলো কৰিলা।
Vannak-é a pogányok bálványai között, a kik esőt adhatnak? És ad-é záporokat az ég? Avagy nem te vagy-é a mi Urunk Istenünk, és nem benned kell-é bíznunk, hiszen te cselekedted mindezt!

< যেরেমিয়া 14 >