< ইসাইয়া 50 >

1 যিহোৱাই এই কথা কৈছে, “মই যি পত্ৰৰ দ্বাৰাই তোমালোকৰ মাতৃক ত্যাগ কৰিলোঁ, তোমালোকৰ মাতৃৰ সেই ত্যাগপত্ৰ ক’ত? আৰু মোৰ মহাজনসকলৰ কোনজনলৈ তোমালোকক বেচিলোঁ? চোৱা, তোমালোকৰ অপৰাধৰ বাবেহে তোমালোকক বেচা হ’ল, আৰু তোমালোকৰ বিদ্রোহৰ কাৰণেহে তোমালোকৰ মাতৃক পঠিয়াই দিয়া হ’ল।
Tako govori Gospod: »Kje je ločitveni list vaše matere, ki sem jo odslovil? Ali kateri izmed mojih upnikov je ta, h kateremu sem vas prodal? Glejte, zaradi svojih krivičnosti ste se sami prodali in zaradi vaših prestopkov je vaša mati odslovljena.
2 তাত কোনো এজন নাছিল তথাপি মই কিয় আহিছিলো? কোনো এজনে উত্তৰ দিয়া নাছিল তথাপি মই কিয় মাতিছিলোঁ? তোমালোকক মুক্ত কৰিবলৈ মোৰ হাত ইমান চুটি নে? তোমালোকক উদ্ধাৰ কৰিবলৈ মোৰ কোনো শক্তি নাই নে? চোৱা, মোৰ ধমকিতেই মই সমুদ্ৰ শুকুৱাও; মই নদীবোৰক মৰুভূমি কৰোঁ; পানীৰ অভাৱত তাত থকা মাছবোৰ মৰিব আৰু গেলিব।
Zakaj ni bilo človeka, ko sem prišel? Ko sem klical ni bilo nobenega, da odgovori? Mar je moja roka precej skrajšana, da ne more odkupiti? Mar nimam moči, da osvobodim? Glejte, ob svoji graji posušim morje, reke naredim za divjino. Njihove ribe zaudarjajo, ker tam ni vode in poginjajo zaradi žeje.
3 মই আন্ধাৰেৰে আকাশ আচ্ছাদিত কৰোঁ, আৰু চট কাপোৰেৰে ইয়াক ঢাকি ধৰোঁ।
Jaz obláčim nebo s črnino in vrečevino delam [za] njihovo pokrivalo.
4 মই যেন ক্লান্ত জনক বহন কৰিব পৰা বাক্য ক’ব পাৰোঁ, সেয়ে শিক্ষা দিয়া সকলৰ এজন বুলি, প্রভু যিহোৱাই মোক কথা কোৱা জিভা দিলে। তেওঁ প্ৰতিটো পুৱাতেই মোক সজাগ কৰে, এনে কি, শিক্ষা লাভ কৰা সকলৰ দৰে তেওঁ মোৰ কাণ সজাগ কৰে।
Gospod Bog mi je dal jezik učenega, da bi vedel kako ob pravem času govoriti besedo tistemu, ki je izmučen. Zbuja [me] jutro za jutrom, on zbuja moje uho, da slišim kakor učeni.
5 প্ৰভু যিহোৱাই মোৰ কাণ মুকলি কৰিলে; আৰু মই বিদ্ৰোহী নাছিলোঁ, বা মই পিছফালেও ঘুৰা নাছিলোঁ।
Gospod Bog mi je odprl moje uho in nisem bil uporen, niti se nisem odvrnil nazaj.
6 প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ, আৰু মোৰ ডাঢ়ি উঘালোঁতাবিলাকলৈ মোৰ গাল পাতি দিলোঁ, অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই।
Svoj hrbet sem dal tistim, ki so me udarjali in svoja lica tistim, ki so mi pulili brado. Svojega obraza nisem skril pred sramoto in pljuvanjem.
7 কাৰণ প্ৰভু যিহোৱাই মোক সহায় কৰিব; সেই বাবে মই অপমানিত নহম; সেয়ে মই মোৰ মুখ চকমকি পাথৰৰ দৰে কৰিলোঁ; কাৰণ মই জানো যে মই লাজ নাপাম।
Kajti Gospod Bog mi bo pomagal, zato ne bom zbegan. Zato sem svoj obraz naravnal kakor kremen in vem, da ne bom osramočen.
8 যি জনে মোক ন্যায্য বুলি প্রমান কৰিলে যিহোৱা মোৰ ওচৰত আছে; কোনে মোৰ বিৰোধিতা কৰিব? আহাঁ আমি থিয় হওঁ আৰু ইজনে সিজনৰ সন্মুখীন হ’ও। মোক দোষাৰোপ কৰা জন কোন? তেওঁক মোৰ ওচৰলৈ আহিব দিয়া।
Blizu je ta, ki me opravičuje. Kdo se bo spoprijel z menoj? Stopiva skupaj. Kdo je moj nasprotnik? Naj pride bliže k meni.
9 চোৱা, প্ৰভু যিহোৱাই মোক সহায় কৰিব; কোনে মোক দোষী কৰিব? চোৱা, তেওঁলোক সকলোৱেই কাপোৰৰ দৰে ক্ষয় হ’ব; পোকে তেওঁলোকক খাই পেলাব।
Glej, Gospod Bog mi bo pomagal; kdo je tisti, ki me bo obsojal? Glej, vsi se bodo postarali kakor obleka, molj jih bo požrl.
10 ১০ তোমালোকৰ মাজৰ কোনে যিহোৱাক ভয় কৰা? তেওঁৰ দাসৰ বাক্য কোনে পালন কৰা? কোনে পোহৰ নোহোৱাকৈ ঘোৰ আন্ধাৰত খোজ কাঢ়া? তেওঁ যিহোৱাৰ নামত ভাৰসা কৰক, আৰু তেওঁৰ ঈশ্বৰত নিৰ্ভৰ কৰক।
Kdo je med vami, ki se boji Gospoda, ki uboga glas svojega služabnika, ki hodi v temi in nima svetlobe? Naj zaupa v Gospodovo ime in se naslanja na svojega Boga.
11 ১১ চোৱা, তোমালোক যিসকলোৱে জুই জ্বলোৱা, আৰু যি জনে নিজকে টর্চলাইটেৰে সজ্জিত কৰা: তোমালোকে নিজৰ জুইৰ পোহৰত আৰু তোমালোকে জ্বলোৱা সেই অগ্নিশিখাৰ পোহৰত খোজ কাঢ়া। যিহোৱাই কৈছে ‘মোৰ হাতৰ পৰা’ ‘এই সকলো তোমালোকলৈ ঘতিব: কষ্টৰ ঠাইত তোমালোকে শয়ন কৰিবা।’
Glejte, vsi vi, ki prižigate ogenj, ki se naokrog obdajate z iskrami. Hodite v svetlobi svojega ognja in v iskrah, ki ste jih vžgali. To boste imeli od moje roke; ulegli se boste v bridkosti.

< ইসাইয়া 50 >