< ইসাইয়া 42 >

1 সৌৱা চোৱা, মোৰ দাস, মই তেওঁক ধৰি ৰাখিছোঁ; মোৰ মনোনীত লোকত, মোৰ আত্মাই সন্তুষ্ট হৈছে; মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ; তেওঁ দেশবাসীসকলৰ মাজত ন্যায় বিচাৰ কৰিব।
"Look, my servant, whom I uphold, my chosen one in whom my soul delights. I have put my Spirit on him, and he will bring justice to the nations.
2 তেওঁ নাকান্দিব অথবা নিচিঞঁৰিব, আৰু নিজৰ মাত পথত শুনাকৈ নক’ব।
He will not shout, nor raise his voice, nor cause it to be heard in the street.
3 তেওঁ থেতেলা নল নাভাঙিব, ধোঁৱাই থকা শলিতাও নুনুমাব; কিন্তু তেওঁ সত্যতাৰে ন্যায় বিচাৰ কৰিব।
He won't break a bruised reed. And he won't extinguish a dimly burning wick. He will faithfully bring justice.
4 তেওঁ পৃথিবীত ন্যায় বিচাৰ স্থাপন নকৰালৈকে দুৰ্ব্বল কি নিৰুৎসাহ নহ’ব; আৰু দ্বীপবোৰে তেওঁৰ বিধানৰ বাবে অপেক্ষা কৰিব।
He will not grow dim or be crushed, until he has established justice on the earth, and in his name the coastlands will hope."
5 যিজনাই আকাশ মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেইজনাই পৃথিৱী আৰু তাত উৎপন্ন হোৱা সকলোকে দলিচা পৰাৰ দৰে পাৰিলে, আৰু জীৱন দিলে; যি জনাই লোকসকলক নিশ্বাস দিলে জীয়াই থকা সকলক প্রাণ দিলে, সেই ঈশ্বৰ যিহোৱা কোৱা কথা এই,
Thus says God, YHWH, he who created the heavens and stretched them out, he who spread out the earth and that which comes out of it, he who gives breath to its people and spirit to those who walk in it.
6 মই তোমাক ধাৰ্মিকতালৈ মাতিলো, আৰু তোমাৰ হাত ধৰি ৰাখিম, মই লোকসকলৰ নিয়ম স্থাপকৰূপে, দেশবাসীসকলৰ দ্বীপ্তি স্বৰূপে তোমাক নিযুক্ত কৰিম।
"I, YHWH, have called you in righteousness, and will hold your hand, and will keep you, and make you a covenant for the people, as a light for the nations;
7 অন্ধ লোকসকলৰ চকু মুকলি কৰিবলৈ, বন্দীশালৰ পৰা বন্দীসকলক মুক্ত কৰিবলৈ, আৰু কাৰাগাৰৰ অন্ধকাৰত বহি থকা সকলক তাৰ পৰা আনিবলৈ।
to open the blind eyes, to bring the prisoners out of the dungeon, and those who sit in darkness out of the prison.
8 মই যিহোৱা, এয়ে মোৰ নাম; আৰু মই মোৰ গৌৰৱ আনক, বা মোৰ প্ৰশংসা কটা মুৰ্ত্তিবোৰক নিদিওঁ।
"I am YHWH. That is my name. I will not give my glory to another, nor my praise to engraved images.
9 চোৱা, আগৰ কথা ফলিয়ালে এতিয়া নতুন বিষয় মই প্ৰকাশ কৰোঁ; সেইবোৰ সিদ্ধ নহওঁতেই সেইবোৰৰ বিষয়ে মই তোমালোকক কওঁ।”
Look, the former things have happened, and I declare new things. I tell you about them before they come up."
10 ১০ হে সমুদ্ৰৰ ভিতৰত থকাসকল আৰু তাত থকা সকলোবোৰ, হে দ্বীপবোৰ আৰু তাৰ নিবাসীসকল তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা, আৰু পৃথিৱীৰ সীমাৰ পৰা তেওঁৰ প্ৰশংসাৰ গান কৰা।
Sing to YHWH a new song, and his praise from the remotest parts of the earth, you who go down to the sea, and all that is in it, the islands and their inhabitants.
11 ১১ মৰুভূমি আৰু তাৰ নগৰবোৰে কান্দক, কেদৰে বসতি কৰা গাওঁবোৰে উচ্চধ্বনি কৰক; চেলা-নিবাসীসকল গান কৰক, পৰ্ব্বতৰ টিঙৰ পৰা জয় ধ্বনি কৰক।
Let the desert and its cities cry out, with the villages that Kedar inhabits. Let the inhabitants of Sela sing. Let them shout from the top of the mountains.
12 ১২ তেওঁলোকে যিহোৱাৰ গৌৰৱ স্বীকাৰ কৰক, আৰু দ্বীপবোৰৰ মাজত তেওঁৰ প্ৰশংসা কৰক।
Let them give glory to YHWH, and declare his praise in the islands.
13 ১৩ যিহোৱা বীৰৰ দৰে ওলাই আহিব; তেওঁ যুদ্ধাৰুৰ দৰে নিজৰ উৎসাহ বঢ়াব; তেওঁ জয় ধ্বনি কৰিব, এনে কি, মহা ধ্বনি কৰিব; তেওঁ শত্রুবোৰৰ বিৰুদ্ধে পৰাক্রমী কাৰ্য প্রদৰ্শন কৰিব।
YHWH will go out like a mighty man. He will stir up zeal like a man of war. He will raise a war cry. Yes, he will shout aloud. He will triumph over his enemies.
14 ১৪ মই বহু সময়ৰ বাবে নিজম দি থাকিলোঁ, এতিয়াও মই মোখ বন্ধ কৰিম, কিন্তু এতিয়া মই প্ৰসৱ কৰা তিৰোতাৰ দৰে চিঞৰিম, একেবাৰে নেথাম আৰু ঘনকৈ উশাহ ল’ম।
"I have been silent a long time. I have been quiet and restrained myself. Now I will cry out like a travailing woman. I will both gasp and pant.
15 ১৫ মই পৰ্ব্বত আৰু পাহাৰবোৰ ধ্বংস কৰিম, আৰু সেই বোৰৰ ওপৰত থকা সকলো গছ গছনি শুকুৱাম; আৰু মই নৈ বোৰ দ্বীপত পৰিনত কৰিম, আৰু জলাশয়বোৰ শুকুৱাম।
I will destroy mountains and hills, and dry up all their herbs. I will make the rivers islands, and will dry up the pools.
16 ১৬ মই অন্ধসকলক তেওঁলোকে নজনা বাটেদি লৈ যাম, তেওঁলোকে নজনা পথেদি তেওঁলোকক লৈ যাম; মই তেওঁলোকৰ আগত আন্ধাৰক পোহৰ কৰিম, আৰু বেঁকাবেঁকি ঠাই পোন কৰিম। এইবোৰ কাৰ্য মই কৰিম; আৰু সেইবোৰ মই পৰিত্যাগ নকৰিম।
I will bring the blind by a way that they do not know. I will lead them in paths that they do not know. I will make darkness light before them, and crooked places straight. I will do these things, and I will not forsake them.
17 ১৭ যিসকলে কটা প্ৰতিমাবোৰত বিশ্বাস কৰে, আৰু যিসকলে সাঁচত ঢলা মুৰ্ত্তিবোৰক কয়, “তোমালোক আমাৰ ঈশ্বৰ,” সেই আটাইলোক সকলে বিমুখ হৈ সম্পূৰ্ণকৈ লাজ্জিত হ’ব।
"Those who trust in engraved images, who tell molten images, 'You are our gods' will be turned back. They will be utterly disappointed.
18 ১৮ হে কলাসকল শুনা; হে অন্ধসকল চকু মেলা তাতে দেখা পাবা।
"Hear, you deaf, and look, you blind, that you may see.
19 ১৯ কিন্তু মোৰ দাসৰ দৰে অন্ধ কোন? আৰু মই পঠোৱা দূতৰ দৰে কলা কোন? মোৰে সৈতে শান্তিৰে থকা লোকৰ দৰে অন্ধ কোন? যিহোৱাৰ দাসৰ দৰে অন্ধ কোন?
Who is blind, but my servant? Or who is as deaf as my messenger whom I send? Who is as blind as he who is at peace, and as blind as YHWH's servant?
20 ২০ তুমি অনেক বিষয় দেখিছা, কিন্তু হৃদয়ঙ্গম নকৰা; কাণ মুকলি আছে, কিন্তু তেওঁ নুশুনে।
You see many things, but do not observe. His ears are open, but he doesn't listen.
21 ২১ যিহোৱাই নিজৰ ধাৰ্মিকতালৈ চাই, ব্যৱস্থাক মহৎ আৰু আদৰণীয় কৰিবলৈ সন্তুষ্ট হ’ল।
It pleased YHWH, for his righteousness' sake, to magnify the law, and make it honorable.
22 ২২ কিন্তু এই লোকসকল ডকাইত আৰু লুট কৰি নিয়া লোক, তেওঁলোক সকলোৱেই গাতত ধৰা পৰিল, আৰু বন্দীশালত বন্দী কৰা হ’ল; তেওঁলোকক লুট কৰা হ’ল, কিন্তু তেওঁলোকক কোনেও উদ্ধাৰ কৰিব নোৱাৰে; আৰু কোনেও নকয় “ওভোটাই দিয়া” বুলি।
But this is a robbed and plundered people. All of them are snared in holes, and they are hidden in prisons. They have become a prey, and no one delivers; and a spoil, and no one says, 'Restore them.'
23 ২৩ তোমাৰ মাজত কোনে এই কথা শুনিব? আৰু কোনে শুনি ভবিষ্যত কালৰ বাবে শুনিব?
Who is there among you who will give ear to this? Who will listen and hear for the time to come?
24 ২৪ কোনে যাকোবক লোট আৰু কোনে ইস্ৰায়েলক ডকাইতৰ হাতত সমৰ্পণ কৰিলে? যি জনাৰ বিৰুদ্ধে আমি পাপ কৰিলোঁ, আৰু যিজনাৰ পথত লোকসকলে চলিবলৈ অমান্তি হ’ল, আৰু যিজনাৰ ব্যৱস্থালৈ লোকসকলে কাণ নিদিলে, সেই যিহোৱাই নহয় নে?
Who gave Jacob as plunder, and Israel to the robbers? Did not YHWH, he against whom we have sinned? For they would not walk in his ways, and they disobeyed his law.
25 ২৫ সেই বাবে তেওঁ তাৰ ওপৰত নিজৰ ক্ৰোধাগ্নি আৰু যুদ্ধৰ প্ৰচণ্ডতা বৰষালে; তাতে সেয়ে চাৰিওফালে জ্বলি উঠিল, তথাপিও তেওঁলোকে উপলব্ধি নকৰিলে; সেয়ে তেওঁলোকক পুৰিলে, তথাপি তেওঁলোকে হৃদেয়েৰে গ্রহণ নকৰিলে।
Therefore he poured the fierceness of his anger on him, and the strength of battle; and it set him on fire all around, but he did not know; and it burned him, but he did not take it to heart."

< ইসাইয়া 42 >