< হোসেয়া 7 >

1 যেতিয়া মই ইস্ৰায়েলক সুস্থ কৰিব বিচাৰো, তেতিয়া ইফ্ৰয়িমৰ পাপৰ লগতে চমৰিয়াৰ দুষ্টতাৰ কার্যবোৰ প্ৰকাশ পায়; তেওঁলোকে ছলনা কৰে, ঘৰৰ ভিতৰত চোৰ সোমায় আৰু বাহিৰত ডকাইতবোৰে লুট-পাট কৰে।
When I would heal Israel, then the iniquity of Ephraim is uncovered, also the wickedness of Samaria; for they commit falsehood, and the thief enters in, and the gang of robbers ravages outside.
2 কিন্তু তেওঁলোকে নিজৰ মনত বিবেচনা কৰি নাচায় যে, তেওঁলোকৰ সকলো দুষ্টতা মই মনত ৰাখোঁ। এতিয়া তেওঁলোকৰ পাপ কার্যবোৰে তেওঁলোকক সম্পূর্ণকৈ আগুৰি ৰাখিছে; মোৰ চকুৰ সন্মুখত সেইবোৰ সকলো সময়তে আছে।
They do not consider in their hearts that I remember all their wickedness. Now their own deeds have engulfed them. They are before my face.
3 তেওঁলোকে দুষ্টতাৰে সৈতে তেওঁলোকৰ ৰজাক আৰু মিছা কথাৰে সৈতে প্ৰধান লোকসকলক আনন্দিত কৰে।
They make the king glad with their wickedness, and the princes with their lies.
4 তেওঁলোক সকলোৱেই ব্যভিচাৰী; তেওঁলোক পিঠা প্রস্তুত কৰোঁতাৰ তপত তন্দুৰৰ নিচিনা; পিঠা প্রস্তুত কৰোঁতাজনে আটাগুড়ি খচাৰ পৰা আৰম্ভ কৰি পিঠা ফুলি উঠালৈকে তন্দুৰৰ জুই লৰচৰ কৰাৰ প্রয়োজন নহয়।
They are all adulterers. They are burning like an oven that the baker stops stirring, from the kneading of the dough, until it is leavened.
5 আমাৰ ৰজাৰ উৎসৱৰ দিনা প্রধান লোকসকল দ্ৰাক্ষাৰসৰ ৰাগীত অসুস্থ হৈছিল; নিন্দকসকলৰ সৈতে তেওঁ নিজৰ হাত আগবঢ়াইছিল।
On the day of our king, the princes made themselves sick with the heat of wine. He joined his hand with mockers.
6 কিয়নো এক তন্দুৰৰ দৰে প্রজ্বলিত হৃদয়েৰে সৈতে, তেওঁলোকে নিজৰ ভিতৰতে ছলনাৰ পৰিকল্পনা কৰে; ওৰে ৰাতি তেওঁলোকৰ খং ধূমায়িত হৈ থাকে; ৰাতিপুৱা সেই খং এক জ্বলন্ত অগ্নিশিখাৰ দৰে প্রখৰতাৰে জ্বলি উঠে।
For they have made ready their heart like an oven, while they lie in wait. Their baker sleeps all the night. In the morning it burns as a flaming fire.
7 তেওঁলোক সকলোৱেই এটা তন্দুৰৰ দৰেই তপত; তেওঁলোকৰ শাসনকৰ্ত্তাসকলক তেওঁলোকে গ্ৰাস কৰে; তেওঁলোকৰ সকলো ৰজা পতিত হ’ল; তেওঁলোকৰ কোনেও সহায়ৰ বাবে মোক নামাতে।
They are all hot as an oven, and devour their judges. All their kings have fallen. There is no one among them who calls to me.
8 ইফ্ৰয়িম অন্যান্য জাতিবোৰৰ লগত মিলি গৈছে; ইফ্ৰয়িম এফালে পুৰি যোৱা এনে এক পিঠা যাক লুটিয়াই দিয়া হোৱা নাই।
Ephraim, he mixes himself among the nations. Ephraim is a pancake not turned over.
9 বিদেশীসকলে তেওঁৰ শক্তি দুর্বল কৰিলে, কিন্তু তেওঁ তাক বুজি পোৱা নাই; তেওঁৰ মূৰৰ চুলিবোৰ ঠায়ে ঠায়ে পকিছে, কিন্তু তেওঁ তাক লক্ষ্য কৰা নাই।
Strangers have devoured his strength, and he doesn't realize it. Indeed, gray hairs are here and there on him, and he doesn't realize it.
10 ১০ ইস্ৰায়েলৰ অহঙ্কাৰেই তেওঁৰ বিৰুদ্ধে সাক্ষ্য দিছে; এই সকলোবোৰৰ উপৰিও, তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰলৈ তেওঁলোক উলটি নাহিল বা তেওঁক নিবিচাৰিলেও।
The pride of Israel testifies to his face; yet they haven't returned to the LORD their God, nor sought him, for all this.
11 ১১ ইফ্ৰয়িম যেন এটা অজলা কপৌ হ’ল, একেবাৰে বুদ্ধিহীন; তেওঁলোকে এবাৰ মিচৰক মাতে, পুনৰ অচুৰীয়াৰ ওচৰলৈ যায়।
"Ephraim is like an easily deceived dove, without understanding. They call to Egypt. They go to Assyria.
12 ১২ কিন্তু তেওঁলোক যেতিয়া যাব, মই তেতিয়া তেওঁলোকৰ ওপৰত মোৰ জাল পেলাম; আকাশৰ চৰাইবোৰৰ নিচিনাকৈ মই তেওঁলোকক তললৈ নমাই আনিম; তেওঁলোকৰ মণ্ডলীৰ ওচৰত যেনেকৈ কোৱা হৈছিল, সেইদৰেই মই তেওঁলোকক শাস্তি দিম।
When they go, I will spread my net on them. I will bring them down like the birds of the sky. I will chastise them, as their congregation has heard.
13 ১৩ তেওঁলোকৰ সন্তাপ হ’ব! কাৰণ তেওঁলোক মোৰ ওচৰৰ পৰা বিপথে গ’ল! তেওঁলোকৰ বিনাশ হ’ব! তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্রোহ কৰিলে; মই তেওঁলোকক মুক্ত কৰিবলৈ বিচাৰিলো, কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে মিছা কথা ক’লে।
Woe to them. For they have wandered from me. Destruction to them. For they have trespassed against me. Though I would redeem them, yet they have spoken lies against me.
14 ১৪ তেওঁলোকে নিজৰ বিচনাৰ ওপৰত বিলাপ কৰিলে, কিন্তু অন্তৰৰ পৰা মোৰ ওচৰত তেওঁলোকে কাতৰোক্তি নকৰিলে। শস্য আৰু নতুন দ্ৰাক্ষাৰস পাবৰ কাৰণে তেওঁলোক একগোট হয় আৰু মোৰ অহিতে বিদ্ৰোহ কৰে।
They haven't cried to me with their heart, but they wail on their beds. They cut themselves for grain and new wine. They turn away from me.
15 ১৫ যদিও মই তেওঁলোকক শিক্ষা দিলোঁ আৰু তেওঁলোকৰ বাহু শক্তিশালী কৰিলোঁ, কিন্তু তেওঁলোকে এতিয়া মোৰেই বিৰুদ্ধে কুকল্পনা কৰিছে।
Though I have taught and strengthened their arms, yet they plot evil against me.
16 ১৬ তেওঁলোকে ঘূৰিছে, কিন্তু সৰ্ব্বোপৰি ঈশ্বৰ মোলৈ ঘূৰা নাই; তেওঁলোক এক ত্রুটিপূর্ণ ধনুৰ নিচিনা হ’ল; তেওঁলোকৰ নেতাসকল নিজৰ জিভাৰ দাম্ভিকপূর্ণ কথাৰ কাৰণে তৰোৱালৰ দ্বাৰাই পতিত হ’ব। এইদৰে ইস্রায়েলীয়াসকল মিচৰ দেশত হাঁহিয়াতৰ পাত্র হ’ব।
They return, but not to the Most High. They are like a faulty bow. Their leaders will fall by the sword for the rage of their tongue. This will be their derision in the land of Egypt.

< হোসেয়া 7 >