< ইব্ৰী 9 >

1 সেই প্ৰথম ব্যৱস্থাত এই জগতত সেৱা উপাসনা কৰিবলৈ নানা বিধান দিয়া হৈছিল আৰু উপাসনাৰ বাবে এটি বিশেষ মহা-পবিত্ৰ স্থান আছিল৷
ειχεν μεν ουν και η πρωτη δικαιωματα λατρειας το τε αγιον κοσμικον
2 সেই অনুসাৰে এটা তম্বু নির্ম্মাণ কৰা হৈছিল আৰু তাৰ ভিতৰত এটা কোঠালি যুগুত কৰিছিল৷ সেই তম্বুৰ প্ৰথম অংশক ‘অতি পবিত্ৰ স্থান’ বোলা হয়, তাতে দীপাধাৰ, মেজ আৰু ঈশ্বৰলৈ উৎসৰ্গ কৰা বিশেষ পিঠা থাকে।
σκηνη γαρ κατεσκευασθη η πρωτη εν η η τε λυχνια και η τραπεζα και η προθεσις των αρτων ητις λεγεται αγια
3 আৰু দ্বিতীয় আঁৰ-কাপোৰৰ পাছফালে আন এটা অংশ আছিল, সেই অংশক ‘মহা-পবিত্ৰ স্থান’ বোলা হৈছিল৷
μετα δε το δευτερον καταπετασμα σκηνη η λεγομενη αγια αγιων
4 এই অংশত ধুপ জ্বলোৱাৰ কাৰণে সোণৰ বেদি অাৰু ব্যৱস্থাৰ নিয়ম-চন্দুক আছিল; ইয়াৰ চাৰিওফালে সোণৰ পতা মৰা আছিল আৰু তাৰ ভিতৰত আছিল মান্না থকা সোণৰ ঘট, হাৰোণৰ লাখুটি আৰু বিধান থকা দুখন শিলৰ ফলি।
χρυσουν εχουσα θυμιατηριον και την κιβωτον της διαθηκης περικεκαλυμμενην παντοθεν χρυσιω εν η σταμνος χρυση εχουσα το μαννα και η ραβδος ααρων η βλαστησασα και αι πλακες της διαθηκης
5 সেই চন্দুকৰ ওপৰত প্ৰতাপৰ দুটা সোণৰ কৰূব আছিল, সিহঁতৰ পাখিবোৰে সেই চন্দুকৰ ঢাকনিৰ ওপৰত ছাঁ দি ৰাখিছিল৷ এই সকলোৰ বিষয়ে আমি এতিয়া ভাঙি পাতি ক’বলৈ নোৱাৰিম।
υπερανω δε αυτης χερουβιμ δοξης κατασκιαζοντα το ιλαστηριον περι ων ουκ εστιν νυν λεγειν κατα μερος
6 এইদৰে সেইবোৰ নিৰ্ম্মিত হোৱাত পুৰোহিত সকলে উপাসনাৰ কাৰ্য সিদ্ধ কৰিবলৈ প্ৰথম কোঁঠালিত সদায় সোমায়;
τουτων δε ουτως κατεσκευασμενων εις μεν την πρωτην σκηνην δια παντος εισιασιν οι ιερεις τας λατρειας επιτελουντες
7 কিন্তু দ্বিতীয়টোত হ’লে, কেৱল মহা-পুৰোহিতে অকলে বছেৰেকত এবাৰ সোমায়; তেওঁ নিজৰ পাপৰ কাৰণে আৰু মানুহবোৰে নাজানি কৰা পাপৰ কাৰণে উৎসৰ্গ কৰা পশুৰ তেজ নোলোৱাকৈ নোসোমায়।
εις δε την δευτεραν απαξ του ενιαυτου μονος ο αρχιερευς ου χωρις αιματος ο προσφερει υπερ εαυτου και των του λαου αγνοηματων
8 ইয়াতে পবিত্ৰ আত্মাই জনাইছে যে যিমান দিন এই প্ৰথম উপাসনাৰ তম্বু থাকিব সিমান দিনলৈ সেই মহা-পবিত্ৰ স্থানত সোমোৱা প্ৰৱেশৰ পথ খোলা নহব।
τουτο δηλουντος του πνευματος του αγιου μηπω πεφανερωσθαι την των αγιων οδον ετι της πρωτης σκηνης εχουσης στασιν
9 ই আজিৰ কাৰণে এটা দৃষ্টান্ত স্বৰূপ; উৎসৰ্গিত বলি আৰু উপহাৰে উপাসনাকাৰীৰ বিবেকক সর্ম্পূণ ৰূপে নিখুঁত কৰিব পৰা নাই৷
ητις παραβολη εις τον καιρον τον ενεστηκοτα καθ ον δωρα τε και θυσιαι προσφερονται μη δυναμεναι κατα συνειδησιν τελειωσαι τον λατρευοντα
10 ১০ এইবোৰ কেৱল আহাৰ, পানীয় আৰু নানা বিধ বাহ্যিক শুচিতাৰ স্নান; এই সকলো নতুন আদেশ নহালৈকে মাংসিক ধর্ম-বিধি মাত্ৰ৷
μονον επι βρωμασιν και πομασιν και διαφοροις βαπτισμοις και δικαιωμασιν σαρκος μεχρι καιρου διορθωσεως επικειμενα
11 ১১ ভৱিষ্যত মঙ্গলৰ মহা-পুৰোহিত স্বৰূপে খ্ৰীষ্ট আহিল, তেওঁ অধিক মহত্ত্ব আৰু অধিক সিদ্ধতাৰ পবিত্ৰ তম্বুৱেদি আহিল, এই তম্বু মানুহৰ হাতেৰে বনোৱা নহয়, এই জগতৰ কোনো বস্তুৱেদিও নহয়৷
χριστος δε παραγενομενος αρχιερευς των μελλοντων αγαθων δια της μειζονος και τελειοτερας σκηνης ου χειροποιητου τουτ εστιν ου ταυτης της κτισεως
12 ১২ ছাগলীৰ আৰু দামুৰিৰ তেজৰ গুণে নহয়, কিন্তু তেওঁ নিজৰ তেজৰ গুণে খ্ৰীষ্ট একেবাৰতে সকলোৰে কাৰণে অতি পবিত্ৰ স্থানত সোমাই আমাৰ বাবে অনন্তকাল স্থায়ী মুক্তি উপাৰ্জ্জন কৰিলে। (aiōnios g166)
ουδε δι αιματος τραγων και μοσχων δια δε του ιδιου αιματος εισηλθεν εφαπαξ εις τα αγια αιωνιαν λυτρωσιν ευραμενος (aiōnios g166)
13 ১৩ ছাগ বা ভতৰাৰ তেজ আৰু চেঁউৰীৰ ভস্ম, এই সকলো অশুচি মানুহৰ ওপৰত চতিয়াই তেওঁলোকৰ শৰীৰৰ শুচিতাৰ কাৰণে পবিত্ৰ কৰে৷
ει γαρ το αιμα ταυρων και τραγων και σποδος δαμαλεως ραντιζουσα τους κεκοινωμενους αγιαζει προς την της σαρκος καθαροτητα
14 ১৪ তেনেহলে যি জনে অনন্ত আত্মাৰে ঈশ্বৰৰ উদ্দেশ্যে নিৰ্দোষী বলি স্বৰূপে নিজকে উ‌‌ৎসৰ্গ কৰিলে, সেই খ্ৰীষ্টৰ তেজে আমাৰ বিবেকক মৃত কর্মৰ পৰা কিমান অধিক গুণে শুচি কৰিব! যাতে আমি জীৱনময় ঈশ্বৰৰ সেৱা কৰিব পাৰোঁ৷ (aiōnios g166)
ποσω μαλλον το αιμα του χριστου ος δια πνευματος αιωνιου εαυτον προσηνεγκεν αμωμον τω θεω καθαριει την συνειδησιν υμων απο νεκρων εργων εις το λατρευειν θεω ζωντι (aiōnios g166)
15 ১৫ ঈশ্বৰে যি সকলক আমন্ত্ৰণ কৰি অনন্ত কালৰ অধিকাৰ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল, তেওঁলোকে যেন তাক পায়, সেই কাৰণে খ্ৰীষ্টে নতুন নিয়মৰ মধ্যস্থ হ’ল৷ তেওঁলোক সেইবোৰৰ অধিকাৰী হ’ব, কাৰণ প্ৰথম বিধান চলি থকাৰ সময়ত তেওঁলোকে যি পাপ কৰিলে, সেই পাপৰ পৰা তেওঁলোকক মুক্তি দিবলৈ খ্ৰীষ্টই আপোন প্ৰাণ দিলে৷ (aiōnios g166)
και δια τουτο διαθηκης καινης μεσιτης εστιν οπως θανατου γενομενου εις απολυτρωσιν των επι τη πρωτη διαθηκη παραβασεων την επαγγελιαν λαβωσιν οι κεκλημενοι της αιωνιου κληρονομιας (aiōnios g166)
16 ১৬ কোনোবাই নিয়ম-পত্ৰ কৰি গ’লে, যি জনে নিয়ম কৰিছে তেওঁৰ মৃত্যুৰ প্ৰমাণ পোৱা আৱশ্যক।
οπου γαρ διαθηκη θανατον αναγκη φερεσθαι του διαθεμενου
17 ১৭ মৃত্যু ঘটিলেহে নিয়ম-পত্ৰ কাৰ্যকৰী হয়; কাৰণ নিয়ম কৰা জন জীয়াই থাকে মানে সেই নিয়ম-পত্ৰ কাৰ্যকৰী নহয়৷
διαθηκη γαρ επι νεκροις βεβαια επει μηποτε ισχυει οτε ζη ο διαθεμενος
18 ১৮ ঠিক সেইদৰে সেই প্ৰথম বিধান তেজৰ বিনে স্থাপন নহ’ল।
οθεν ουδ η πρωτη χωρις αιματος εγκεκαινισται
19 ১৯ সকলো লোকৰ ওচৰত বিধানৰ প্ৰতিটো আদেশ ঘোষণা কৰাৰ পাছত মোচিয়ে দামুৰি আৰু ছাগৰ তেজ লৈ তাৰ লগত পানী মিহলাই উজ্বল ৰঙা বৰণীয়া মেষৰ নোম আৰু এচোব বনেৰে সৈতে বিধান পুস্তক আৰু সকলো মানুহৰ ওপৰত চতিয়াই দিছিল৷
λαληθεισης γαρ πασης εντολης κατα νομον υπο μωυσεως παντι τω λαω λαβων το αιμα των μοσχων και τραγων μετα υδατος και εριου κοκκινου και υσσωπου αυτο τε το βιβλιον και παντα τον λαον ερραντισεν
20 ২০ তেতিয়া তেওঁ কৈছিল “ঈশ্বৰে তোমালোকৰ উদ্দেশ্যে দিয়া যি বিধানৰ আজ্ঞা, এয়ে সেই নিয়মৰ তেজ।”
λεγων τουτο το αιμα της διαθηκης ης ενετειλατο προς υμας ο θεος
21 ২১ উপাসনা তম্বু আৰু উপাসনাৰ কামত ব্যৱহৃত সকলো পাত্ৰৰ ওপৰত মোচিয়ে সেইদৰে তেজ ছটিয়াই দিছিল৷
και την σκηνην δε και παντα τα σκευη της λειτουργιας τω αιματι ομοιως ερραντισεν
22 ২২ বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে শুচি কৰা হয়; তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়।
και σχεδον εν αιματι παντα καθαριζεται κατα τον νομον και χωρις αιματεκχυσιας ου γινεται αφεσις
23 ২৩ এতেকে যি স্বৰ্গীয় বিষয়ৰ নকল মাত্ৰ, সেইবোৰ এই উপায়েৰে শুচি কৰা হোৱা আৱশ্যক; কিন্তু আচল যি স্বৰ্গীয় বিষয়, সেয়ে ইয়াতকৈ শ্ৰেষ্ঠ বলিদানৰ দ্বাৰাই শুচি কৰা হোৱা আৱশ্যক।
αναγκη ουν τα μεν υποδειγματα των εν τοις ουρανοις τουτοις καθαριζεσθαι αυτα δε τα επουρανια κρειττοσιν θυσιαις παρα ταυτας
24 ২৪ কিয়নো প্ৰকৃতিৰ প্ৰতিৰূপ মাত্ৰ যি হাতে কৰা পবিত্ৰ স্থান, সেয়া সত্যৰ নকলহে মাত্র। খ্ৰীষ্ট সেই ঠাইত নোসোমাল; কিন্তু সম্প্ৰতি আমাৰ কাৰণে তেওঁ ঈশ্বৰৰ সাক্ষাতে উপস্থিত হ’বলৈ স্বৰ্গতহে সোমাল।
ου γαρ εις χειροποιητα αγια εισηλθεν ο χριστος αντιτυπα των αληθινων αλλ εις αυτον τον ουρανον νυν εμφανισθηναι τω προσωπω του θεου υπερ ημων
25 ২৫ কিন্তু মহা-পুৰোহিতে যেনেকৈ পৰৰ তেজ লৈ বছৰে বছেৰে পবিত্ৰ স্থানত সোমায়, তেনেকৈ তেওঁ বাৰে বাৰে নিজকে উ‌‌ৎসৰ্গ কৰিবলৈ যে সোমাল, এনে নহয়;
ουδ ινα πολλακις προσφερη εαυτον ωσπερ ο αρχιερευς εισερχεται εις τα αγια κατ ενιαυτον εν αιματι αλλοτριω
26 ২৬ সেয়ে হোৱা হলে জগত স্থাপনৰে পৰা তেওঁ অনেকবাৰ দুখভোগ কৰিব লাগিলহেঁতেন; কিন্তু এতিয়া তেওঁ আত্ম-বলিদানৰ দ্বাৰাই পাপ নাশৰ অৰ্থে যুগবোৰৰ শেষত এবাৰ মাথোন প্ৰকাশিত হ’ল। (aiōn g165)
επει εδει αυτον πολλακις παθειν απο καταβολης κοσμου νυν δε απαξ επι συντελεια των αιωνων εις αθετησιν αμαρτιας δια της θυσιας αυτου πεφανερωται (aiōn g165)
27 ২৭ আৰু যেনেকৈ এবাৰ মাথোন মৰিবলৈ আৰু তাৰ পাছত সোধ-বিচাৰ মানুহৰ কাৰণে নিৰূপিত আছে,
και καθ οσον αποκειται τοις ανθρωποις απαξ αποθανειν μετα δε τουτο κρισις
28 ২৮ তেনেকৈ খ্ৰীষ্টও অনেকৰ পাপৰ ভাৰ ববৰ কাৰণে এবাৰ উৎসৃ্ষ্ট হ’লত; দ্বিতীয় বাৰ বিনাপাপে তেওঁলৈ অপেক্ষা কৰি থকা সকলক তেওঁ পৰিত্রাণৰ অৰ্থে দৰ্শন দিব।
ουτως και ο χριστος απαξ προσενεχθεις εις το πολλων ανενεγκειν αμαρτιας εκ δευτερου χωρις αμαρτιας οφθησεται τοις αυτον απεκδεχομενοις εις σωτηριαν

< ইব্ৰী 9 >