< আদিপুস্তক 49 >

1 পাছত যাকোবে তেওঁৰ পুত্ৰসকলক মাতি আনিলে আৰু ক’লে, “তোমালোক গোট খোৱা; আগলৈ তোমালোকৰ যি যি ঘটিব, সেই বিষয়ে মই তোমালোকক জনাওঁ।
Призва же Иаков сыны своя и рече им: соберитеся, да возвещу вам, что срящет вас в последния дни:
2 হে যাকোবৰ পুত্ৰসকল, গোট খোৱা আৰু শুনা; তোমালোকৰ পিতৃ ইস্ৰায়েলৰ বাক্য শ্ৰৱণ কৰা।
соберитеся и послушайте мене, сынове Иаковли, послушайте Израиля, послушайте отца вашего.
3 হে ৰূবেণ, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল, আৰু মোৰ শক্তিৰ প্ৰথম ফল; তুমি মৰ্যদাত লক্ষণীয় আৰু পৰাক্ৰমত লক্ষণীয়।
Рувим, первенец мой, ты крепость моя и начало чад моих: жесток терпети и жесток упорник:
4 তুমি উতলা পানীৰ নিচিনা হোৱা বাবে তোমাৰ প্ৰাধান্যতা নাথাকিব; কিয়নো তুমি নিজ পিতৃৰ শোৱা বিচনালৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা। সি মোৰ শয্যালৈ উঠি গৈছিল।
досадил еси яко вода, да не воскипиши: возшел бо еси на ложе отца твоего, тогда осквернил еси постелю, идеже возшел еси.
5 চিমিয়োন আৰু লেবী দুয়ো ভাই, সিহঁতৰ তৰোৱাল হিংস্ৰতাৰ অস্ত্ৰ।
Симеон и Левий братия совершиста обиду от воли своея:
6 মই নিজে সিহঁতৰ সভালৈ নাহিম; মোৰ হৃদয়ৰ বহু সন্মানৰ বাবে, মই সিহঁতৰ সমাজত যোগ নহম। কিয়নো সিহঁতে ক্ৰোধত নৰ-হত্যা কৰে, আৰু আনন্দ কৰি ষাঁড় গৰুবোৰ বধ কৰে।
в совет их да не приидет душа моя, и к собранию их да не прилепятся внутренняя моя: яко во гневе своем избиста человеки, и в похоти своей пререзаста жилы юнца:
7 সিহঁতৰ খং অভিশপ্ত হওক, সেয়ে প্ৰচণ্ড, প্ৰকোপ আৰু নিষ্ঠুৰ মই যাকোবৰ মাজত সিহঁতক ভাগ কৰিম; আৰু ইস্ৰায়েলৰ মাজত সিহঁতক ছিন্ন-ভিন্ন কৰিম।
проклята ярость их, яко упорна, и гнев их, яко ожесточися: разделю их во Иакове и разсею их во Израили.
8 হে যিহূদা, তোমাক হ’লে, নিজৰ ভাইসকলে প্ৰশংসা কৰিব; তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙিত ধৰিব; তোমাৰ পিতৃৰ সন্তান সকলে তোমাৰ আগত প্ৰণিপাত কৰিব।
Иудо, тебе похвалят братия твоя, руце твои на плещу враг твоих: поклонятся тебе сынове отца твоего:
9 যিহূদা যুবা সিংহ; হে মোৰ বোপা, তুমি পশু ছিৰি পেলোৱাৰ পৰা উঠি আহিলা। সি সিংহৰ দৰে পৰি শুইছে, এনে কি, শক্তিশালী সিংহৰ দৰে শুইছে; কোনে তাক জগাব?
скимен львов Иуда: от леторасли, сыне мой, возшел еси: возлег уснул еси яко лев и яко скимен: кто возбудит его?
10 ১০ চীলো নহালৈকে যিহূদাৰ পৰা ৰাজদণ্ড নাযাব, আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰদণ্ড নুগুচিব; লোক সমূহ সেই জনাৰ আজ্ঞাধীন হ’ব।
Не оскудеет князь от Иуды и вождь от чресл его, дондеже приидут отложеная Ему, и Той чаяние языков:
11 ১১ সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ, আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি, নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত, নিজ কাপোৰ দ্ৰাক্ষাদুটিৰ তেজৰূপ ৰসত ধুইছে।
привязуяй к лозе жребя свое и к винничию жребца осляте своего, исперет вином одежду свою и кровию гроздия одеяние свое:
12 ১২ তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা, তাৰ দাঁত গাখীৰেৰে বগা।
радостотворны очи его паче вина, и белы зубы его паче млека.
13 ১৩ জবূলূনে সমুদ্ৰৰ তীৰত বসতি কৰিব; সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ’ব; আৰু চীদোনলৈকে তাৰ সীমা হ’ব।
Завулон при мори вселится, и той на пристанищи кораблей, и прострется даже до Сидона.
14 ১৪ ইচাখৰ বলৱান গাধ; সি দুটা গঁৰালৰ মাজত শোৱে।
Иссахар доброе возжела, почивая посреде пределов,
15 ১৫ সি জিৰণিক ভাল দেখি, আৰু দেশক সুন্দৰ দেখি, ভাৰ ব’বলৈ নিজৰ কান্ধ পাতি দিলে আৰু কৰি দিবলগীয়া কামৰ ভাৰ লৈ দাস হ’ল।
и видев покой, яко добр, и землю, яко тучна, подложи рамы свои на труд, и бысть муж земледелец.
16 ১৬ দান ইস্ৰায়েলৰ এক ফৈদ হ’ল; তেওঁ নিজ লোকসকলৰ সোধ-বিচাৰ কৰিব।
Дан судити имать люди своя, яко и едино племя во Израили,
17 ১৭ দান পথৰ দাঁতিত থকা সাপ, সি পথৰ দাঁতিত থকা বিষাক্ত সাপ, যিয়ে ঘোঁৰাৰ ঠেঙত দংশিব পাৰে, য’ত অশ্বাৰোহী জন পাছফালে পৰিব।
и да будет Дан змий на пути, седяй на распутии, угрызая пяту конску:
18 ১৮ হে যিহোৱা, মই তোমাৰ পৰিত্ৰাণলৈ অপেক্ষা কৰি আছোঁ।
и падет конник вспять, спасения ждый Господня.
19 ১৯ গাদ - অশ্বাৰোহীয়ে তেওঁক হ’লে আক্ৰমণ কৰিব; কিন্তু সি সিহঁতৰ পাছফালে আক্ৰমণ কৰিব।
Гад, искушение искусит его: он же искусит того при ногах.
20 ২০ আচেৰৰ মাজৰ পৰা নিজৰ উত্তম আহাৰ জন্মিব; সি ৰজাই খাব পৰা সুখাদ্য আহাৰ যোগাব।
Асир, тучен его хлеб, и той даст пищу князем.
21 ২১ নপ্তালী মুকলি হোৱা হৰিণ; সি মনোহৰ কথা কয়।
Неффалим стебль распущающаяся, издаяй во отрасли доброту.
22 ২২ যোচেফ ফলৱান গছৰ ডাল; ভুমুকৰ ওচৰত থকা লাগনী গছৰ ডাল; তাৰ ডালবোৰ গড়ৰ ওপৰলৈকে জুৰি যায়।
Сын возращен Иосиф, сын возращен мой ревностный, сын мой юнейший, ко мне обратися:
23 ২৩ ধনুৰ্দ্ধৰসকলে তাক বৰকৈ ক্লেশ দিলে, আৰু তালৈ কঢ়িয়াই আনি তাক তাড়না কৰিলে;
на негоже советующе укоряху и наляцаху нань господие стреляний,
24 ২৪ কিন্তু তেওঁৰ অৱশিষ্ট ধনু অতল হৈ থাকিল, আৰু তেওঁৰ হাত দক্ষতাপূৰ্ণ কিয়নো যাকোবৰ একমাত্র পৰাক্ৰমী জনাৰ হাতৰ দ্বাৰাই, কিয়নো তেওঁৰ নাম মেৰ-ছাগৰ ৰখীয়া, ইস্ৰায়েলৰ শিলা।
и сотрошася с крепостию луки их, и разслабеша жилы мышцей рук их, рукою сильнаго Иакова: оттуду укрепися Израиль от Бога отца твоего,
25 ২৫ কিয়নো তোমাৰ পিতৃ ঈশ্বৰ, তেৱেঁ তোমাক সহায় কৰিব, কিয়নো সৰ্ব্বশক্তিমান ঈশ্বৰ জনাই আশীৰ্ব্বাদ কৰিব, তেওঁ ওপৰত থকা আকাশৰ আশীৰ্ব্বাদৰ সৈতে তলত থকা অগাধ জল, স্তন আৰু গৰ্ভৰ আশীৰ্ব্বাদেৰে, তোমাক আশীৰ্ব্বাদ কৰিব।
и поможе тебе Бог мой, и благослови тя благословением небесным свыше и благословением земли и имущия вся: благословения ради сосцев и ложесн,
26 ২৬ মোৰ পূর্বপুৰুষসকলৰ আশীৰ্ব্বাদতকৈ তোমাৰ নিজ পিতৃৰ আশীৰ্ব্বাদ ফলদায়ক হ’ল, আৰু চিৰকালীয়া পৰ্ব্বতৰ সীমালৈকে বিয়পি গ’ল। সেয়ে যোচেফৰ মূৰত থকিব; ভায়েক- ককায়েকসকলৰ পৰা পৃথকে থকা জনৰ মূৰৰ তালুত থাকিব।
благословения отца твоего и матере твоея: преодоле паче благословения гор пребывающих и благословения холмов вечных: будут на главе Иосифове и на версе (главы) братий, имиже обладаше.
27 ২৭ বিন্যামীন পশু ছিৰি পেলাব পৰা ৰাংকুকুৰ। ৰাতিপুৱা সি মৃগ ভক্ষণ কৰিব; সন্ধিয়া পৰত লুটদ্ৰব্য ভগাই দিব।”
Вениамин волк хищник, рано яст еще и на вечер дает пищу.
28 ২৮ এই সকলেই হ’ল ইস্ৰায়েলৰ বাৰ ফৈদ; আৰু তেওঁলোকৰ পিতৃয়ে আশীৰ্ব্বাদ কৰি তেওঁলোকক কোৱা কথাও এয়ে। তেওঁলোকৰ প্ৰতিজনকে এইদৰে তেওঁ বিশেষ বিশেষ আশীৰ্ব্বাদেৰে আশীৰ্ব্বাদ কৰিলে।
Вси сии сынове Иаковли дванадесять: и сия глагола им отец их, и благослови их: коегождо по благословению его благослови их,
29 ২৯ পাছত তেওঁ তেওঁলোকক আজ্ঞা কৰি ক’লে, “মই মোৰ নিজ লোকসকলৰ ওচৰলৈ যাম। হিত্তীয়া ইফ্রোণৰ পথাৰত যি গুহা আছে, তাতে মোৰ ওপৰ-পিতৃসকলৰ সৈতে মোক মৈদাম দিবা।
и рече им: аз прилагаюся к людем моим: погребите мя со отцы моими в пещере, яже есть в селе Ефрона Хеттеанина,
30 ৩০ সেই গুহা কনান দেশত মম্ৰিৰ ওচৰৰ মকপেলাৰ পথাৰত আছে, অব্ৰাহামে মৈদাম দিবৰ বাবে সেই গুহা হিত্তীয়া ইফ্রোণৰ পৰা পথাৰে সৈতে কিনি লৈছিল।
в пещере Сугубей, яже прямо Мамврии в земли Ханаани, юже стяжа Авраам пещеру у Ефрона Хеттеанина в стяжание гроба.
31 ৩১ সেই ঠাইতে অব্ৰাহাম আৰু তেওঁৰ ভাৰ্যা চাৰাক মৈদাম দিয়া হ’ল; সেই ঠাইতে ইচহাক আৰু তেওঁৰ ভাৰ্যা ৰিবেকাকো মৈদাম দিয়া হ’ল, আৰু সেই ঠাইতে মইও লেয়াক মৈদাম দিলোঁ।
Тамо погребоша Авраама и Сарру жену его, тамо погребоша Исаака и Ревекку жену его, тамо погребоша Лию,
32 ৩২ সেই পথাৰ আৰু গুহা হেতৰ সন্তান সকলৰ পৰা কিনা হৈছিল।”
в стяжании села и пещеры, яже есть в нем у сынов Хеттеовых.
33 ৩৩ এইদৰে যাকোবে তেওঁৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ পাছত, ভৰি দুখন শয্যাৰ ওপৰত কোঁচ খুৱাই ল’লে আৰু শেষ নিশ্বাস ত্যাগ কৰিলে। পাছত তেওঁৰ লোকসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
И преста Иаков завещая сыном своим, и возложив Иаков нозе свои на одр умре, и приложися к людем своим.

< আদিপুস্তক 49 >