< আদিপুস্তক 48 >

1 এইবোৰ ঘটনা ঘটি যোৱাৰ পাছত কোনো এজনে আহি যোচেফক ক’লে, “চোৱা, তোমাৰ পিতৃ নৰিয়াত পৰিছে।” সেয়ে তেওঁ তেওঁৰ দুজন পুত্ৰ, মনচি আৰু ইফ্ৰয়িমক লগত লৈ পিতৃৰ ওচৰলৈ গ’ল।
And it came about after these things that someone said to Joseph, "Look, your father is sick." And taking with him his two sons, Manasseh and Ephraim, he went to Jacob.
2 যেতিয়া যোচেফ গৈ পালে, তেতিয়া কোনো এজনে আহি যাকোবক ক’লে, “চাওক, আপোনাৰ পুত্ৰ যোচেফে আপোনাক চাবলৈ ওচৰলৈ আহিছে।” তেতিয়া ইস্ৰায়েলে বল পালে আৰু শয্যাত উঠি বহিল।
And someone reported to Jacob, and said, "Look, your son Joseph has come to you." Then Israel strengthened himself and sat up in the bed.
3 তেতিয়া যাকোবে যোচেফক ক’লে, “সৰ্ব্বশক্তিমান ঈশ্বৰে কনান দেশৰ লুজত মোক দৰ্শন দিলে,
And Jacob said to Joseph, "El Shaddai appeared to me at Luz in the land of Canaan and blessed me,
4 আৰু তেওঁ মোক আশীৰ্ব্বাদ কৰি ক’লে, ‘চোৱা মই তোমাক বহুবংশ কৰিম আৰু অতিশয়ৰূপে বৃদ্ধি কৰিম। মই তোমাৰ পৰাই জাতি সমূহ উৎপন্ন কৰিম আৰু চিৰকাল অধিকাৰ কৰিবৰ অৰ্থে মই তোমাৰ ভাবী-বংশক এই দেশ দিম।
and said to me, 'Look, I will make you fruitful and multiply you, and I will make of you a company of peoples, and will give this land to your descendants after you as an everlasting possession.'
5 মই মিচৰত তোমাৰ ওচৰলৈ অহাৰ আগতে তোমাৰ যি দুজন পুত্ৰ মিচৰ দেশত জন্মিছে, তেওঁলোকো মোৰেই। ৰূবেণ আৰু চিমিয়োনৰ দৰে ইফ্ৰয়িম আৰু মনচি মোৰেই হ’ব।
And now your two sons, who were born to you in the land of Egypt before I came to you into Egypt, are mine; Ephraim and Manasseh will be mine, as Reuben and Simeon are.
6 তেওঁলোকৰ পাছত তোমাৰ যি সন্তান জন্ম হ’ব, সেই সন্তান সকল হ’লে তোমাৰ হ’ব। সেই দুজন ভায়েক-ককায়েকৰ নাম অনুসাৰেই তেওঁলোকৰ অধিকাৰত তেওঁলোক প্ৰখ্যাত হ’ব।
And your offspring born to you after them will be yours. But in their inheritance they are to be called after the names of their brothers.
7 কিন্তু মোৰ হ’লে, যেতিয়া মই পদ্দনৰ পৰা আহি আছিলোঁ, তেতিয়া ইফ্ৰাথ পাবলৈ কিছু সময় থাকোতেই কনান দেশৰ বাটত ৰাহেল মৰিল। মই বাটত আহি থাকোতেই ইফ্ৰাথ তেওঁক মৈদাম দিলোঁ।”
But as for me, when I came from Paddan Aram, Rachel died, in my sorrow, in the land of Canaan on the journey, when there was still some distance to go to Ephrath. And I buried her there on the way to Ephrath (that is, Bethlehem)."
8 পাছত ইস্ৰায়েলে যেতিয়া যোচেফৰ পুত্ৰ দুজনক দেখিলে, তেতিয়া তেওঁ সুধিলে, “এওঁলোক কোন?”
Then Israel saw Joseph's sons, and said, "Who are these?"
9 তাতে যোচেফে তেওঁৰ পিতৃক ক’লে, “ঈশ্বৰে এই ঠাইত মোক দিয়া, এওঁলোক মোৰ পুত্ৰ।” তেতিয়া ইস্ৰায়েলে তেওঁক ক’লে, “তেওঁলোকক মোৰ ওচৰলৈ লৈ আহা, মই তেওঁলোকক আশীৰ্ব্বাদ দিওঁ।”
And Joseph said to his father, "They are my sons, whom God has given me here." And he said, "Please bring them to me, so that I can bless them."
10 ১০ বৃদ্ধ হৈ অহাৰ কাৰণে ইস্ৰায়েলৰ চকু দুৰ্ব্বল হৈ পৰিছিল, সেয়ে তেওঁ ভালদৰে দেখা পোৱা নাছিল। পাছত যোচেফে তেওঁলোকক তেওঁৰ ওচৰলৈ লৈ আহিল, তেতিয়া তেওঁ তেওঁলোকক চুমা খালে, আৰু সাবট মাৰি ধৰিলে।
Now the eyes of Israel were failing because of his age, so that he couldn't see. Then he brought them near to him, and he kissed them and embraced them.
11 ১১ ইস্ৰায়েলে যোচেফক ক’লে, “মই ভাবিছিলোঁ তোমাৰ মুখকেই দেখিবলৈ নাপাম; কিন্তু চোৱা, ঈশ্বৰে মোক তোমাৰ সন্তানকো দেখুৱালে।”
And Israel said to Joseph, "I did not expect to see your face, but look, God has let me see your offspring as well."
12 ১২ তেতিয়া যোচেফে ইস্ৰায়েলৰ আঠু দুটাৰ মাজৰ পৰা তেওঁলোকক উলিয়াই আনিলে, আৰু মাটিত মুখ লগাই প্ৰণিপাত কৰিলে।
Then Joseph brought them out from between his knees, and he bowed himself with his face to the ground.
13 ১৩ যোচেফে তেওঁলোক দুয়োকো ইস্ৰায়েলৰ ওচৰলৈ আনিলে। ইফ্ৰয়িমক তেওঁৰ সোঁ হাতেৰে ধৰি ইস্ৰায়েলৰ বাওঁহাতলৈ, আৰু মনচিক তেওঁৰ বাওঁ হাতেৰে ধৰি ইস্ৰায়েলৰ সোঁহাতলৈ লৈ আহিল।
And Joseph took them both, Ephraim in his right hand toward Israel's left hand, and Manasseh in his left hand toward Israel's right hand, and brought them near to him.
14 ১৪ কিন্তু ইস্ৰায়েলে তেওঁৰ সোঁ হাত মেলি ইফ্ৰয়িম সৰুটোৰ মুৰত, আৰু বাওঁ হাত মনচিৰ মুৰত দিলে; তেওঁ বুজিবাজি হাত দিলে; কিয়নো মনচি জেষ্ঠ পুত্ৰ।
And Israel stretched out his right hand and placed it on Ephraim's head, who was the younger, and his left hand on Manasseh's head, crossing his hands, although Manasseh was the firstborn.
15 ১৫ পাছত তেওঁ যোচেফক আশীৰ্ব্বাদ কৰি ক’লে, “যি ঈশ্বৰৰ সাক্ষাতে মোৰ ওপৰপিতৃ অব্ৰাহাম আৰু ইচহাক চলিছিল, যি ঈশ্বৰে পূৰ্বৰে পৰা আজিলৈকে মোক প্ৰতিপালন কৰি আহিছে,
Then he blessed Joseph, and said, "The God before whom my fathers Abraham and Isaac walked, the God who has been my shepherd all my life to this day,
16 ১৬ যি দূতে সকলো আপদৰ পৰা মোক মুক্ত কৰিলে, তেৱেঁই এই ল’ৰাহঁতক আশীৰ্ব্বাদ কৰক। মোৰ নাম আৰু মোৰ ওপৰ-পিতৃ অব্ৰাহাম আৰু ইচহাকৰ নাম এওঁলোকৰ দ্বাৰাই প্ৰখ্যাত হওক। এওঁলোক বাঢ়ি বাঢ়ি পৃথিবীৰ মাজত বহুবংশ হওক।”
the Angel who has redeemed me from all evil, bless the boys. And may my name be carried on in them, and the names of my fathers Abraham and Isaac. And may they grow into a multitude upon the earth."
17 ১৭ পাছত যোচেফে তেওঁৰ বাপেকৰ সোঁ হাত ইফ্ৰয়িমৰ মূৰত দেখি অসন্তোষ পালে; তাতে তেওঁ ইফ্ৰয়িমৰ মূৰৰ পৰা মনচি মূৰত দিবলৈ, বাপেকৰ হাত দাঙি বাপেকক ক’লে,
When Joseph saw that his father placed his right hand on the head of Ephraim, it displeased him, and he grasped his father's hand to move it from Ephraim's head to Manasseh's head.
18 ১৮ “এনে নহয় পিতৃ; কিয়নো এওঁহে জ্যেষ্ঠ; এওঁৰেই মূৰত আপোনাৰ সোঁ হাত দিয়ক।”
And Joseph said to his father, "Not so, my father, for this one is the firstborn. Put your right hand on his head."
19 ১৯ কিন্তু এই কথাত তেওঁৰ পিতৃ অমান্তি হ’ল আৰু ক’লে, “মোৰ পুত্ৰ মই জানো; মই জানিছোঁ। তেৱোঁ এক জাতি হ’ব আৰু এৱোঁ মহান হ’ব, তথাপিও ইয়াৰ সৰু ভায়েক হ’লে, ইয়াতকৈয়ো মহান হ’ব, আৰু তেওঁৰ বংশই জাতি সমূহৰ মাজত বৃদ্ধি হৈ যাব।”
But his father refused, and said, "I know, my son, I know. He also will become a people, and he also will be great. However, his younger brother will be greater than he, and his descendants will become a multitude of nations."
20 ২০ তেওঁলোকক সেইদিনাই তেওঁ আশীৰ্ব্বাদ কৰিলে আৰু ক’লে, “ইস্ৰায়েলৰ লোকসকলে আশীৰ্ব্বাদ কৰাৰ সময়ত তোমালোকৰ নাম ধৰি ক’ব, ‘ঈশ্বৰে তোমাক ইফ্ৰয়িম আৰু মনচিৰ নিচিনা কৰক’।” এইদৰে তেওঁ মনচিতকৈ ইফ্ৰয়িমক অগ্ৰগণ্য কৰিলে।
So he blessed them that day, saying, "By you Israel will pronounce blessing, saying, 'God make you as Ephraim and as Manasseh.'" Thus he put Ephraim before Manasseh.
21 ২১ পাছত ইস্ৰায়েলে যোচেফক ক’লে, “চোৱা, মই এতিয়া প্ৰায় মৰিবলৈ ওলোৱাৰ নিচিনা; কিন্তু ঈশ্বৰ তোমালোকৰ সঙ্গী হ’ব, আৰু তোমালোকক পুনৰায় তোমালোকৰ ওপৰ-পিতৃসকলৰ দেশলৈ লৈ যাব।
Then Israel said to Joseph, "Look, I am about to die, but God will be with you, and God will bring you back from this land to the land of your fathers.
22 ২২ তোমাক মই তোমাৰ ভাই-ককাইসকলতকৈ অধিক দিলোঁ, মোৰ নিজ তৰোৱাল আৰু ধনুৰে ইমোৰীয়াসকলৰ পৰা যি পাহাৰ লৈছিলোঁ, সেয়া মই তোমাক বেচিকৈ দিছোঁ।”
Moreover, I give to you one portion more than your brothers, which I took out of the hand of the Amorites with my sword and with my bow."

< আদিপুস্তক 48 >